< Psalmów 140 >

1 Przedniejszemu śpiewakowi psalm Dawidowy. Wyrwij mię, Panie! od człowieka złego, od męża okrutnego strzeż mię;
হে যিহোৱা, দুষ্ট লোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা।
2 Którzy myślą złe rzeczy w sercu, a na każdy dzień zbierają się na wojnę.
তেওঁলোকে মনে মনে কু-কল্পনা কৰে আৰু প্রতিদিনে যুদ্ধলৈ উত্তেজিত কৰে।
3 Zaostrzają język swój, jako wąż; jad żmij pod wargami ich. (Sela)
তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে; তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে! (চেলা)
4 Zachowaj mię, Panie! od rąk bezbożnika; od męża okrutnego strzeż mię, którzy myślili podwrócić nogi moje.
হে যিহোৱা, দুষ্টৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা; মোৰ ভৰি যেন উজুটি খায়, তাৰ বাবে তেওঁলোকে কৌশল ৰচিলে।
5 Hardzi na mię zastawili sidło, i powrozy; rozciągnęli sieci przy ścieszce, a sidła swe zastawili na mię. (Sela)
অহঙ্কাৰীবোৰে মোলৈ গুপুতে ফান্দ প্রস্তুত কৰিলে; তেওঁলোকে জৰীবোৰ জালৰ দৰে মেলিলে; তেওঁলোকে বাটৰ কাষত মোলৈ ফান্দ পাতিলে। (চেলা)
6 Rzekłem Panu: Tyś jest Bóg mój! wysłuchajże, Panie! głos modlitw moich.
মই যিহোৱাক কলোঁ, “তুমিয়েই মোৰ ঈশ্বৰ; হে যিহোৱা, মোৰ কাকুতিৰ স্বৰলৈ কাণ পাতা।”
7 O Panie, Panie mocy zbawienia mego, który przykrywasz głowę moję w dzień bitwy!
হে যিহোৱা, মোৰ প্ৰভু, মোৰ শক্তিশালী উদ্ধাৰকর্তা; যুদ্ধৰ দিনা তুমিয়েই মোক ৰক্ষা কৰিলা।
8 Nie dawaj, Panie! bezbożnemu czego żąda; ani myśli jego złej góry nie dawaj, żeby się nie podniósł. (Sela)
হে যিহোৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা; তেওঁলোকৰ ষড়যন্ত্র সফল হবলৈ নিদিবা। (চেলা)
9 A wodza tych, którzy mię obstąpili, nieprawość warg ich niech ich okryje.
যি সকলে মূৰ উঠাই মোক বেৰি ধৰিছে, তেওঁলোকৰ ওঁঠে যি সকলো অপকাৰ কৰিলে, সেইবোৰে তেওঁলোকক ঢাকি ধৰক!
10 Niech na nich spadną węgle rozpalone; do ognia niech wrzuceni będą, i do dołów głębokich, skądby nie powstali.
১০তেওঁলোকৰ ওপৰত জলন্ত আঙঠা পৰক! তেওঁলোকক জুইত পেলোৱা হওঁক! তেওঁলোক পুনৰায় উঠিব নোৱাৰাকৈ গভীৰ গাতত পেলোৱা হওঁক!
11 Potwarca nie będzie utwierdzony na ziemi, a mąż okrutny złością ułowiony będąc upadnie.
১১নিন্দকবোৰক পৃথিৱীত থিৰে থাকিবলৈ নিদিবা; অত্যাচাৰীজনক নিপাত কৰিবলৈ দুষ্ট লোকে চিকাৰ কৰিব!
12 Wiem, że Pan uczyni sąd utrapionemu, i pomstę nędznych.
১২মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব।
13 A tak sprawiedliwi będą wysławiać imię twoje, a szczerzy będą mieszkać przed obliczem twojem.
১৩ধাৰ্মিকসকলে অৱশ্যে তোমাৰ নামৰ ধন্যবাদ কৰিব; ভক্তসকলে তোমাৰ সাক্ষাতে বসতি কৰিব।

< Psalmów 140 >