< Wyjścia 4 >

1 Potem odpowiadając Mojżesz, rzekł: Ale oto, nie uwierzą mi, i nie usłuchają głosu mego, bo rzeką: Nie ukazał się tobie Pan.
মোচিয়ে উত্তৰ দি ক’লে, “কিন্তু তেওঁলোকে যদি মোক বিশ্বাস নকৰে, আৰু মোৰ কথাও নুশুনে; আৰু তাৰ পৰিৱৰ্ত্তে তেওঁলোকে মোক ক’ব, ‘যিহোৱাই তোমাক দৰ্শন দিয়া নাই’ তেতিয়া কি হ’ব?”
2 I rzekł mu Pan: Cóż jest w ręce twojej? i odpowiedział: Laska.
যিহোৱাই তেওঁক ক’লে, “তোমাৰ হাতত কি আছে?” মোচিয়ে ক’লে, “লাখুটি।”
3 I rzekł: Porzuć ją na ziemię; i porzucił ją na ziemię, a obróciła się w węża, i uciekał Mojżesz przed nim.
তেতিয়া যিহোৱাই ক’লে, “লাখুটি ডাল মাটিত পেলাই দিয়া।” তেতিয়া মোচিয়ে লাখুটিডাল মাটিত পেলাই দিলে, আৰু তেতিয়াই সেই লাখুটি ডাল সাপ হৈ পৰিল। মোচিয়ে তাৰ পৰা পাছ হুঁহকি গ’ল।
4 I rzekł Pan do Mojżesza: Wyciągnij rękę twoję, a ujmij go za ogon; i wyciągnął rękę swoję, i ujął go, i obrócił się w laskę w ręce jego.
তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ হাত মেলি তাৰ নেগুৰত ধৰা।” মোচিয়ে নিজৰ হাত মেলি তাক ধৰিলে, আৰু তেওঁৰ হাতত সেই সাপ ডাল পুনৰ লাখুটি হ’ল।
5 Abyć uwierzyli, iż ci się ukazał Pan, Bóg ojców ich, Bóg Abrahamów, Bóg Izaaków, i Bóg Jakóbów.
“ইয়াৰ বাবেই তেওঁলোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই যে তোমাক দৰ্শন দিলে, সেই কথা তেওঁলোকে বিশ্বাস কৰিব।”
6 I rzekł mu Pan jeszcze: Włóż teraz rękę twoję w zanadrza twoje; i włożył rękę swoję w zanadrza swoje; i wyjął ją, a oto, ręka jego była trędowata jako śnieg.
যিহোৱাই তেওঁক পুনৰ ক’লে, “তুমি তোমাৰ হাত চোলাত ভৰোৱা।” সেয়ে মোচিয়ে হাতখন নিজৰ চোলাত ভৰালে। পাছত তেওঁ যেতিয়া হাতখন বাহিৰলৈ উলিয়াই আনিলে, তেতিয়া তেওঁ দেখিলে যে, তেওঁৰ হাত কুষ্ঠ ৰোগেৰে হিমৰ নিচিনা বগা হৈছে।
7 I rzekł: Włóż znowu rękę twoję w zanadrza twe; i włożył znowu rękę swoję w zanadrza swe; a gdy ją wyjął z zanadrza swego, a oto, stała się znowu jako inne ciało jego.
যিহোৱাই ক’লে, “তোমাৰ হাত পুনৰ চোলাত ভৰোৱা।” তেতিয়া মোচিয়ে নিজৰ হাত পুনৰ চোলাত ভৰালে; আৰু যেতিয়া বাহিৰলৈ উলিয়ালে তেওঁ দেখিলে যে, তেওঁৰ শৰীৰৰ অৱশিষ্ট অংশৰ দৰেই হাতখন পুনৰ সুস্থ হ’ল।
8 I stanie się, jeźlić nie uwierzą i nie usłuchają głosu znaku pierwszego, tedy uwierzą głosowi znaku pośledniego.
যিহোৱাই ক’লে, “তেওঁলোকে যদি তোমাক বিশ্বাস নকৰে, আৰু মোৰ শক্তিৰ সেই প্ৰথম চিনকো যদি বিশ্বাস নকৰে, তেনেহ’লে তেওঁলোকে দ্বিতীয় চিনত বিশ্বাস কৰিব।
9 I stanie się, jeźli nie uwierzą ani tym dwom znakom, i nie usłuchają głosu twego, weźmiesz wody rzecznej, i wylejesz ją na ziemię; tedy się przemieni woda ona, którą weźmiesz z rzeki, a obróci się w krew na ziemi.
তেওঁলোকে যদি এই দুয়োটা চিনকো বিশ্বাস নকৰে, আৰু তোমাৰ কথাও নুশুনে, তেনেহ’লে তুমি নদীৰ পৰা অলপ পানী লৈ শুকান মাটিত ঢালিবা। তেতিয়া তুমি নদীৰ পৰা লোৱা সেই পানী শুকান মাটিত ঢালি দিওঁতে, সেই পানী তেজলৈ পৰিণত হ’ব।”
10 I rzekł Mojżesz do Pana. Proszę Panie, nie jestem ja mężem wymownym ani przedtem ani odtąd, jakoś mówił do sługi twego: bom ciężkich ust i ciężkiego języka.
১০তেতিয়া মোচিয়ে যিহোৱাক ক’লে, “হে মোৰ প্ৰভু মিনতি কৰিছোঁ, মই বাকপটু নহওঁ; ইয়াৰ পূৰ্বেও নাছিলোঁ, বা আপুনি নিজ দাসক কথা কোৱাৰ পাছতো নহওঁ। কাৰণ মোৰ মুখ আৰু জীবা গধূৰ।”
11 A Pan mu rzekł: Któż uczynił usta człowiekowi? albo kto uczynił niemego, albo głuchego, albo widzącego, albo ślepego, izaż nie Ja Pan?
১১যিহোৱাই মোচিক ক’লে, “মানুহৰ মুখ কোনে নিৰ্মাণ কৰিলে? বোবা বা কলা, নাইবা চকু থকা বা অন্ধ কোনে কৰিলে? মই যিহোৱায়ে জানো তাক নকৰোঁ?
12 Idźże teraz, a Ja będę z usty twojemi, i nauczę cię, co byś miał mówić.
১২তেনেহ’লে এতিয়া তুমি যোৱা; মই তোমাৰ মুখত থাকিম, আৰু তুমি কবলগীয়া কথা মই তোমাক শিকাম।”
13 I rzekł Mojżesz: Słuchaj Panie, poślij proszę tego, kogo posłać masz.
১৩কিন্তু মোচিয়ে ক’লে, “হে মোৰ প্ৰভু অনুগ্রহ কৰি, আপুনি যি জনক ইচ্ছা কৰে, তেনে আন কোনো এজনক পঠিয়াওক।”
14 I zapalił się gniew Pański na Mojżesza, i rzekł: Azaż nie wiem, iż Aaron, brat twój Lewita wymownym jest? a oto i ten wynijdzie przeciwko tobie, i ujrzawszy cię, uraduje się w sercu swojem.
১৪তেতিয়া মোচিলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল। তেওঁ ক’লে, “তোমাৰ লেবীয়া ককায়েৰ হাৰোণ ক’ত আছে? মই জানো, তেওঁ ভালকৈ কথা ক’ব পাৰে। অৱশ্যে তেওঁ তোমাক ল’গ পাবলৈ আহি আছে; আৰু তেওঁ আহি তোমাক যেতিয়া দেখিব, তেতিয়া তেওঁ আনন্দিত হ’ব।
15 I będziesz mówił do niego, i włożysz słowa w usta jego, a Ja będę z usty twemi, i z usty jego, i nauczę was, co byście mieli czynić.
১৫তুমি তেওঁক ক’বা, আৰু তেওঁৰ মুখে কি ক’ব লাগে সেই বাক্য দিবা। মই তোমাৰ আৰু তেওঁৰ মুখৰো সহায় হ’ম, আৰু কি কৰিব লাগে, সেই বিষয়ে তোমালোকক জনাম।
16 On będzie mówił za cię do ludu, i stanie się, że on będzie tobie za usta, a ty mu będziesz za Boga;
১৬তেওঁ লোক সকলৰ আগত তোমাৰ হৈ কথা ক’ব। তেওঁ তোমাৰ মুখস্থৰূপ হ’ব, আৰু তুমি তেওঁৰ ঈশ্বৰ স্বৰূপ হ’বা।
17 Laskę też tę weźmij w rękę twoję, którą będziesz czynił znaki.
১৭এই লাখুটিডাল তুমি নিজ হাতত লোৱা। এই লাখুটি ডালেৰেই তুমি চিনবোৰ দেখুৱাবা।”
18 Odszedł tedy Mojżesz, i wrócił się do Jetra, świekra swego, i mówił do niego: Pójdę teraz, a wrócę się do braci mojej, którzy są w Egipcie, a obaczę, sąli jeszcze żywi. A Jetro rzekł do Mojżesza: Idź w pokoju.
১৮তাৰ পাছত মোচিয়ে তেওঁৰ শহুৰেক যিথ্রোৰ ওচৰলৈ উভটি গ’ল, আৰু তেওঁক ক’লে, “মই বিনয় কৰোঁ, মিচৰত থকা মোৰ সম্পৰ্কীয় লোকসকল এতিয়ালৈকে জীয়াই আছে নে নাই, তাক চাবৰ বাবে তেওঁলোকৰ ওচৰলৈ উভটি যাবলৈ মোক দিয়ক।” যিথ্ৰোৱে মোচিক ক’লে, “শান্তিৰে যোৱা।”
19 I rzekł Pan do Mojżesza w ziemi Madyjańskiej: Idź, wróć się do Egiptu; pomarli bowiem wszyscy mężowie, którzy szukali duszy twojej.
১৯যিহোৱাই মিদিয়নত মোচিক ক’লে, “তুমি মিচৰলৈ উভটি যোৱা; কিয়নো যি সকল লোকে তোমাৰ প্ৰাণ ল’ব বিচাৰিছিল, সেই লোক সকলৰ মৃত্যু হ’ল।”
20 Wziąwszy tedy Mojżesz żonę swą, i syny swe, wsadził je na osła, i wrócił się do ziemi Egipskiej; wziął też Mojżesz laskę Bożą w rękę swą.
২০তেতিয়া মোচিয়ে নিজৰ ভাৰ্যা আৰু পুত্রক এটা গাধত উঠাই ল’লে আৰু মিচৰ দেশলৈ যাত্রা কৰিলে। মোচিয়ে ঈশ্বৰৰ সেই লাখুটি ডালো নিজৰ হাতত ল’লে।
21 I rzekł Pan do Mojżesza: Gdy pójdziesz i wrócisz się do Egiptu, patrzajże, abyś wszystkie cuda, którem Ja podał w rękę twoję, czynił przed Faraonem, a Ja zatwardzę serce jego, aby nie wypuścił lud.
২১যিহোৱাই মোচিক কৈছিল, “তুমি যেতিয়া মিচৰলৈ উভটি যাবা, তেতিয়া মই তোমাৰ হাতত যিবোৰ আচৰিত কাৰ্যৰ শক্তি দিলোঁ, সেই সকলো ফৰৌণৰ সাক্ষাতে কৰিবা। কিন্তু মই তেওঁৰ মন কঠিন কৰিম, আৰু সেয়ে তেওঁ তেতিয়া লোকসকলক এৰি নিদিব।
22 I rzeczesz do Faraona: Tak mówi Pan: Syn mój, pierworodny mój jest Izrael.
২২তুমি ফৰৌণক নিশ্চয়কৈ ক’বা, ‘যিহোৱাই এইদৰে কৈছে: ইস্ৰায়েল মোৰ পুত্ৰ, মোৰ জ্যেষ্ঠ পুত্ৰ’;
23 I rzekłem do ciebie: Wypuść syna mego, aby mi służył; a żeś go nie chciał wypuścić, oto, Ja zabiję syna twojego, pierworodnego twego.
২৩মই তোমাক কৈছিলোঁ, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ পুত্ৰক এৰি দিয়া’। কিন্তু তথাপিও তেওঁলোকক এৰি দিবলৈ তুমি অসন্মত হ’লা; সেয়ে মই তোমাৰ পুত্ৰ, তোমাৰ জ্যেষ্ঠ পুত্ৰক নিশ্চয় বধ কৰিম’।”
24 I stało się w drodze, w gospodzie, że zabieżał Pan Mojżeszowi, i chciał go zabić.
২৪তাৰ পাছত যাত্রা কৰি গৈ থাকোতে, ৰাতি হোৱাৰ বাবে তেওঁলোক এঠাইত থাকিল; তাতে যিহোৱাই মোচিক লগ পালে, আৰু বধ কৰিব খুজিলে।
25 Tedy wziąwszy Zefora krzemień ostry, obrzezała nieobrzezkę syna swego, i porzuciła przed nogi jego, i rzekła: Zaprawdę oblubieńcem krwi jesteś mi.
২৫তেতিয়া চিপ্পোৰাই এটুকুৰা চিকমিকিয়া চোকা পাথৰ ল’লে; আৰু নিজৰ পুত্ৰৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰি, মোচিৰ ভৰিত পেলাই দি ক’লে, “নিশ্চয়ে আপুনি মোৰ পক্ষে তেজৰ দ্বাৰাই পোৱা দৰা।”
26 I odszedł od niego Pan. Tedy go nazwała oblubieńcem krwi, dla obrzezania.
২৬সেয়ে যিহোৱাই তেওঁক এৰি দিলে। চিপ্পোৰাই ক’লে, “চুন্নতৰ কাৰণে আপুনি তেজৰ দ্বাৰাই পোৱা দৰা।”
27 I rzekł Pan do Aarona: Idź przeciwko Mojżeszowi na puszczą. I szedł i zaszedł mu na górze Bożej, i pocałował go.
২৭যিহোৱাই হাৰোণক কৈছিল, “তুমি মোচিৰে সৈতে সাক্ষাৎ কৰিবলৈ মৰুভূমিলৈ যোৱা।” তেতিয়া হাৰোণ গ’ল, আৰু ঈশ্বৰৰ পৰ্বতত মোচিক লগ ধৰি, তেওঁক চুমা খালে।
28 Tedy powiedział Mojżesz Aaronowi wszystkie słowa Pana, który go posłał, i wszystkie znaki, które mu rozkazał.
২৮তেতিয়া মোচিয়ে যিহোৱাই কোৱা সকলো কথা আৰু চিন দেখুৱাবৰ বাবে শক্তিৰে কাৰ্য কৰিবলৈ যিহোৱাই দিয়া আজ্ঞাৰ কথা হাৰোণক ক’লে।
29 Szedłszy tedy Mojżesz z Aaronem, zgromadzili wszystkie starsze synów Izraelskich.
২৯তাৰ পাছত মোচি আৰু হাৰোণ দুয়ো গৈ ইস্ৰায়েলী লোকসকলৰ বৃদ্ধ লোকসকলক একগোট কৰিলে।
30 I powiedział Aaron wszystkie słowa, które mówił Pan do Mojżesza, a Mojżesz czynił znaki przed oczyma ludu.
৩০যিহোৱাই মোচিক কোৱা সকলো কথা হাৰোণে তেওঁলোকক ক’লে। তেওঁ লোকসকলৰ আগত যিহোৱাৰ শক্তিৰ দ্বাৰাই চিনবোৰো দেখুৱালে।
31 I uwierzył lud, i zrozumieli, że nawiedził Pan syny Izraelskie, a iż wejżał na utrapienie ich; i schyliwszy się, pokłon uczynili.
৩১তেতিয়া লোকসকলে বিশ্বাস কৰিলে। যিহোৱাই যে ইস্ৰায়েলী লোক সকললৈ দৃষ্টি কৰিলে; আৰু তেওঁলোকৰ যাতনাবোৰ চালে, সেই কথা শুনি তেওঁলোকে মূৰ দোঁৱাই প্রণিপাত কৰি ঈশ্বৰৰ আৰাধনা কৰিলে।

< Wyjścia 4 >