< Lukaj 15 >

1 A JAUNOPWEI o me dipan akan karoj ap kai don i pwen ron i.
সেই সময়ত কৰ সংগ্রহকৰী আৰু পাপী লোক সকলে যীচুৰ কথা শুনিবৰ বাবে আহিছিল।
2 A Parijar o jaunkawewe kan lipaned indada: Ol men et kin kompokeki me dipan akan o ian irail jakajak.
তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে গৰিহণা কৰি ক’লে, “এই লোক জনে পাপী লোক সকলক গ্ৰহণ কৰিলে আৰু তেওঁলোকৰ সৈতে ভোজন-পানো কৰে।”
3 A a kotin majani on irail karajeraj wet:
তেতিয়া তেখেত সকলক এই দৃষ্টান্ত দি তেওঁ ক’লে, “এশ মেষ থকা কোনো মানুহৰ যদি এটা হেৰায়,
4 Ij aramaj re omail me na jip epuki, a ma amen irail jalonalar me jo pan pwilikidi ir duekduemen nan wel ap raparapaki me jalonalar, lao a pan diarada i?
তেনেহলে তেওঁ সেই নিৰানব্বৈটা মেৰক হাবিৰ মাজতে এৰি হেৰুৱাটোক বিচাৰি নাযাব নে?
5 A lao diarada i, a kidan pon pop a pereperen.
আৰু যেতিয়া হেৰুৱাটোক বিচাৰি পায়, তেতিয়া আনন্দিত হয় আৰু নিজৰ কান্ধত তুলি ঘৰলৈ আনে।
6 A lao pure don deu a, a kin eker pena kompokepa kan o men imp a kan indai on irail: Komail ian ia perenda, pwe i diaradar nai jip me jalonalar.
এইদৰে যেতিয়া তেওঁ ঘৰ আহি পায়, তেতিয়া বন্ধু আৰু চুবুৰীয়া সকলক মাতি একত্ৰিত কৰি তেওঁলোকক কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো মই হেৰোৱা মেৰ-পোৱালিটো পালোঁ’।
7 I indai on komail, nan iduen peren pil pan mi nanlan pweki me dipan me ta men, me kalula, jan duekduemen me pun ap jota mau on kalula.
মই আপোনালোকক কওঁ, সেইদৰে মন-পালটন নকৰা নিৰানব্বই জন ধাৰ্মিক লোকৰ অর্থে যিমান আনন্দ, মন পালটোৱা এজন পাপীৰ অর্থে, স্বৰ্গত তাতকৈ অধিক আনন্দ হব।
8 O ij li o me na denar eijok, eu ap jalonala jan, me jo pan ijikada lamp o koke im o, o raparapaki mau, lao a pan diarada?
অথবা কোনো এজনী মহিলাৰ দহোটা আধলিৰ যদি এটা হেৰাই, তেওঁ চাকি জ্বলাই ঘৰ সাৰি তাক নোপোৱালৈকে নিবিচাৰিব নে?
9 A lao diaradar i, a kin eker pena kompokepa kan o men imp a kan indai on irail: Komail ian ia perenda, pwe i diarada ai denar o, me jalonalar.
আৰু হেৰুৱাতো বিচাৰি পালে, তেওঁ নিজৰ বন্ধু আৰু চুবুৰীয়া সকলক একলগে গোটায় কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো যি আধলিটো হেৰুৱাইছিলো সেইটো পালোঁ’।
10 Nan I indai on komail, iduen peren mi ren tounlan en Kot akan, pweki me dipan me ta men, me kalula.
১০সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।”
11 A kotin majani: Aramaj amen mia, me na ol riamen.
১১তেওঁ পুনৰ ক’লে, “কোনো এজন মানুহৰ দুজন পুতেক আছিল;
12 A me tikitik re’ra indai on jam a: Jam ai, kotiki don ia pwaij ai en jojo, me udan ai. I ari nene on ira ara dipijou kan.
১২সৰুটোৱে বাপেকক ক’লে, ‘দেউতা ধন, সম্পত্তিৰ যি ভাগ মই পাওঁ, সেই ভাগ মোক দিয়ক’। তেতিয়া তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে।
13 A murin ran akai me tikitik ren ol oko ki pena a dipijou karoj, ap jailokalan jap doo, waja a kajela mal a kapwa kan nin tiak jued.
১৩অলপ দিনৰ পাছত, সেই জন সৰু পুতেকে সকলো গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাত লম্পট আচৰণ কৰি সকলো সম্পত্তি অপব্যয় কৰিলে।
14 A lao kamuje weita a kapwa karoj, lek lapalap ap pwaida jap o, i ari dupokalar.
১৪তাতে সকলো ধন ব্যয় হোৱাত, সেই দেশত তেওঁৰ বৰ আকাল হ’ল আৰু তাতে সৰু পুতেক জনে কষ্ট পাবলৈ ধৰিলে।
15 I ap koieila dodok ren me pweledan jap o men. I ap kadarala i, pwen kamana na pwik kan.
১৫তেতিয়া তেওঁ গৈ সেই দেশৰ এজন মানুহৰ আশ্ৰয়ত কাম কৰিবলৈ ল’লে। তাতে সেই মানুহ জনে তেওঁক গাহৰি চৰাবলৈ নিজৰ পথাৰলৈ পঠিয়াই দিলে।
16 I ari inon ion, kankan wan tuka kai, me pwik kin namenam, a jota me mueid on i.
১৬তেওঁ গাহৰিয়ে খোৱা দানাৰে তৃপ্ত হবলৈ বৰ হেপাঁহ কৰিলে, কাৰণ তাতে তেওঁক কোনেও একো খাবলৈ দিয়া নাছিল।
17 A kadekadeo i lao lolekonalar, ap indada: Ladu me depa mi ren jam ai, me kan ar mana me rak, a nai pan mekila jo kan ai mana.
১৭শেষত তেওঁ চেতনা পাই ক’লে, ‘মোৰ পিতৃৰ ওচৰত বহুত চাকৰে পেত ভৰাই খাবলৈ পাই কিন্তু ইয়াত মই ভোকৰ জ্বালাত মৰিছোঁ।
18 I pan uda purela ren jam ai indai on i: Jam ai, i wiadar dip on nanlan o on komui.
১৮মই এতিয়া দেউতাৰ ঘৰলৈ গৈ এই কথা কম, স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত পাপ কৰিলোঁ;
19 I jolar waron adaneki noumui putak, komui ari wia kin ia ladu’mui men.
১৯আপোনাৰ পুত্ৰ বুলি মতাৰ যোগ্য নহওঁ; মোক আপোনাৰ এটা চাকৰৰ নিচিনাকৈ হলেও ৰাখক’।
20 I ari uda purela ren jam a. A ni a mi waja doo, jam a kilanada i, ap pokela, pitipiti don i o polodi i, metik i.
২০পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু তেওঁক চাই মৰম লগাত চুমা খালে।
21 A putak o indai on i: Jam ai, i wiadar dip on nanlan o on komui, i jolar war on adaneki noumui putak.
২১তেতিয়া পুতেকে ক’লে, ‘দেউতা স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মোক মাতিবলৈও মই এতিয়া যোগ্য নহওঁ’।
22 A jam majani on na ladu kan: Wado likau kajampwal o kalikauwia kida i, o ki on rin ni jendin pa a, o jut ni na a kan.
২২কিন্তু বাপেকে দাসবোৰক ক’লে, ‘আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে;
23 O wado kau pul wi o kamela, pwe kitail en kan o pereperen.
২৩পোহনীয়া দামুৰিটো আনি মাৰ৷ আহা, আমি ভোজন কৰি, ৰং কৰোঁহক;
24 Pwe nai putak men et melar ap mauredar, a jalonalar ap diarokadar. Irail ari perendar.
২৪কিয়নো মোৰ এই লৰা মৰি গৈছিল আৰু এতিয়া এওঁ জীৱন পাইছে। এওঁ হেৰাই গৈছিল কিন্তু এতিয়া বিচাৰি পাইছোঁ’। এনেদৰে কৈ তেওঁ আনন্দ কৰিবলৈ ধৰিলে।
25 A na putak laud mi nan jap o. Ni a pure don koren ion im o, ap ronadar kakaul o kakalek,
২৫সেই সময়ত বৰ পুতেক পথাৰত আছিল। পাছত তেওঁ আহি ঘৰৰ ওচৰ পাই, বাজনা আৰু নচাৰ শব্দ শুনিলে।
26 Ap kalelapok ren ladu men duen ar wiawia.
২৬তেতিয়া দাসবোৰৰ এটাক মাতি সুধিলে, ‘এইবোৰ নো কি হৈছে’?
27 A indan i: Ri omui ol puredo, jam omui ap kamela kau pul wi o, pwe a diaradar I memaur o kelail.
২৭তেতিয়া দাস জনে ক’লে, ‘তোমাৰ ভায়েৰা আহিল; আৰু তোমাৰ পিতৃয়ে তেওঁক সুস্থ শৰীৰে পোৱা হেতুকে, পোহনীয়া দামুৰিটো মাৰিব দিলে’।
28 A ap makara kida o jota men pedelon, jam a ap pedoi don re a poekipoeki.
২৮তেতিয়া তেওঁৰ খং উঠিল আৰু ভিতৰলৈ যাবলৈ ইচ্ছা নকৰিলে; পাছত দেউতাক ওলাই আহিল আৰু তেওঁক বিনয়েৰে বুজালে,
29 A a japen indan jam a: Kom mani, par toto me i papa komui, o i jaikenta kawela eu omui majan akan, a kom jota kotiki on ia kijin kut amen, i en kamadipeki kompoke pai kan.
২৯তেতিয়া বৰ পুত্ৰই বাপেকক উত্তৰ দি ক’লে, ‘চাওক, ইমান বছৰে মই আপোনাৰ সেৱা কৰিলোঁ, কেতিয়াও মই আপোনাৰ আজ্ঞা উলঙ্ঘন কৰা নাই; তথাপি মোৰ বন্ধু সকলৰ লগত প্ৰীতি ভোজ কৰিবলৈ এটি ছাগলী পোৱালিও আপুনি মোক দিয়া নাই।
30 A noumui putak men et lao kodo, murin a kamuje wei a dipijou ren me jued akan, komui ap ijik on i kau pul wi o.
৩০কিন্তু আপোনাৰ সৰু লৰা বেশ্যাৰ লগত সকলো ধন-সম্পত্তি খৰছ এতিয়া ঘূৰি আহিছে আৰু আপুনি সি ঘুৰি অাহোতেই তাৰ কাৰণে পোহনীয়া দামুৰিটো মাৰিলে’।
31 Jam a ap majani on i: Nai jeri, koe kin mimieta re ian jau karoj, o ai meakaroj me om.
৩১তেতিয়া বাপেকে সেই ল’ৰাক ক’লে, ‘বোপা তুমি সদায় মোৰ লগত আছা আৰু মোৰ যি যি আছে, সকলো তোমাৰেই।
32 Me mau, koe en peren o injenemau. Pwe ri om ol men et melar, ap mauredar, a jalonalar ap diarokadar.
৩২কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো আকৌ জীয়াই উঠিল; হেৰোৱা হৈয়ো পালোঁ; এই কাৰণে আমি প্ৰীতি ভোজ পাতি আনন্দ কৰিব লাগে৷’”

< Lukaj 15 >