< زکریا 3 >

و یهوشع رئیس کهنه را به من نشان داد که به حضور فرشته خداوند ایستاده بود و شیطان به‌دست راست وی ایستاده، تا با اومخاصمه نماید. ۱ 1
তেতিয়া যিহোৱাই দূতজনাৰ আগত প্ৰধান পুৰোহিত যিহোচূৱাক থিয় হৈ থকা দেখুৱালে আৰু তেওঁৰ অহিতে শত্ৰুতা দেখুৱাবৰ কাৰণে তেওঁৰ সোঁহাতে চয়তানক থিয় হৈ থকা যেন তেওঁ মোক দেখুৱালে।
و خداوند به شیطان گفت: «ای شیطان خداوند تو را نهیب نماید! خداوند که اورشلیم را برگزیده است تو را نهیب نماید. آیااین نیم سوزی نیست که از میان آتش ربوده شده است؟» ۲ 2
তেতিয়া যিহোৱাৰ দূতে চয়তানক ক’লে, “হে চয়তান, যিহোৱাই তোমাক ধমকি দিয়ক; যিজনে যিৰূচালেমক মনোনীত কৰিলে, তেওঁ তোমাক ধমকি দিয়ক! এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয় নে?”
و یهوشع به لباس پلید ملبس بود و به حضور فرشته ایستاده بود. ۳ 3
সেই সময়ত যিহোচূৱাই মলিন বস্ত্ৰ পিন্ধি দূতজনৰ আগত থিয় হৈ আছিল,
و آنانی را که به حضور وی ایستاده بودند خطاب کرده، گفت: «لباس پلید را از برش بیرون کنید.» و او را گفت: «ببین عصیانت را از تو بیرون کردم و لباس فاخر به تو پوشانیدم.» ۴ 4
সেইবাবে দূতে ক’লে আৰু তেওঁৰ আগত থিয় হৈ থকাসকলক ক’লে, “এওঁৰ গাৰ পৰা মলিন বস্ত্ৰ সোলোকাই পেলোৱা।” তেতিয়া তেওঁ যিহোচূৱাক ক’লে, “চোৱা! মই তোমাৰ অপৰাধ তোমাৰ পৰা আতৰালোঁ, আৰু মই তোমাক উত্তম বস্ত্ৰ পিন্ধাম।”
و من گفتم که عمامه طاهر برسرش بگذارند. پس عمامه طاهر بر سرش گذاردند و او را به لباس پوشانیدند و فرشته خداوند ایستاده بود. ۵ 5
মই কলোঁ, “তেওঁৰ মূৰত তোমালোকে এটা পাগুৰি পিন্ধাই দিয়া!” এইদৰে যিহোৱাৰ দূত যেতিয়া তেওঁলোকৰ ওচৰত থিয় হৈ আছিল, তেতিয়া তেওঁলোকে যিহোচূৱাৰ মুৰত এটা শুচি পাগুৰি পিন্ধাই দিলে, আৰু তেওঁক বস্ত্ৰ পিন্ধালে।
و فرشته خداوند یهوشع را اعلام نموده، گفت: ۶ 6
তাৰ পাছত যিহোৱাৰ দূতজনাই যিহোচূৱাক শ্রদ্ধাৰে আজ্ঞা কৰি ক’লে,
«یهوه صبایوت چنین می‌فرماید: اگر به طریق های من سلوک نمایی و ودیعت مرا نگاه داری تو نیز خانه مرا داوری خواهی نمود وصحن های مرا محافظت خواهی کرد و تو را درمیان آنانی که نزد من می‌ایستند بار خواهم داد. ۷ 7
“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তুমি যদি মোৰ পথত চলা, আৰু মোৰ আজ্ঞাবোৰ যদি পালন কৰা, তেনেহ’লে তুমি মোৰ গৃহটিৰ কাৰ্য চলাবা আৰু মোৰ চোতালখন ৰাখিবা; কাৰণ মোৰ আগত থিয় হৈ থকা এই লোকসকলৰ মাজত, মই তোমাক অহা যোৱা কৰিবলৈ অধিকাৰ দিম।
پس‌ای یهوشع رئیس کهنه بشنو تو و رفقایت که به حضور تو می‌نشینند، زیرا که ایشان مردان علامت هستند. (بشنوید) زیرا که اینک من بنده خود شاخه را خواهم آورد. ۸ 8
হে প্ৰধান পুৰোহিত যিহোচূৱা, শুনা, তুমি আৰু তোমাৰ আগত বহি থকা লগৰীয়াসকল শুনা! কিয়নো তেওঁলোকেই চিনস্বৰূপ লোক, কাৰণ চোৱা, মই মোৰ দাসৰ এটি গজালি উৎপন্ন কৰিম।
و همانا آن سنگی که به حضور یهوشع می‌گذارم، بر یک سنگ هفت چشم می‌باشد. اینک یهوه صبایوت می‌گوید که من نقش آن را رقم خواهم کرد و عصیان این زمین را در یک روز رفع خواهم نمود. ۹ 9
এতিয়া যিহোচূৱাৰ আগত মই স্থাপন কৰা শিলটোলৈ চোৱা। এইটো শিলৰ ওপৰতেই সাতোটা চকু ৰখা হৈছে’, বাহিনীসকলৰ যিহোৱাই কৈছে, ‘চোৱা, মই তাৰ উপযুক্ত শিলালিপি খোদিত কৰিম, ‘আৰু এই দেশৰ পাপসমূহ একেদিনাই মচি পেলাম’।
و یهوه صبایوت می‌گوید که هر کدام از شما همسایه خود را زیر مو و زیر انجیر خویش دعوت خواهید نمود.» ۱۰ 10
১০বাহিনীসকলৰ যিহোৱাই কৈছে, ‘সেইদিনা প্ৰতিজনে নিজৰ ওচৰ-চুবুৰীয়াক নিজ নিজ দ্ৰাক্ষালতাৰ ডালৰ ওচৰলৈ আৰু ডিমৰু গছজোপাৰ তললৈ নিমন্ত্ৰণ কৰিবা।

< زکریا 3 >