< پیدایش 17 >

و چون ابرام نود و نه ساله بود، خداوندبر ابرام ظاهر شده، گفت: «من هستم خدای قادر مطلق، پیش روی من بخرام و کامل شو، ۱ 1
অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
و عهد خویش را در میان خود و تو خواهم بست، و تو را بسیاربسیار کثیر خواهم گردانید.» ۲ 2
মোৰ আৰু তোমাৰ মাজত মই মোৰ বিধি স্থাপন কৰিম আৰু মই তোমাৰ বংশক অতিশয় ৰূপে বৃদ্ধি কৰিম।”
آنگاه ابرام به روی در‌افتاد و خدا به وی خطاب کرده، گفت: ۳ 3
তেতিয়া অব্ৰামে উবুৰি খাই মাটিত মুখ থৈ প্রণিপাত কৰিলে আৰু ঈশ্বৰে তেওঁৰে সৈতে কথা ক’বলৈ ধৰিলে।
«اما من اینک عهد من با توست و توپدر امت های بسیار خواهی بود. ۴ 4
তেওঁ ক’লে, “শুনা, তোমাৰ সৈতে স্থাপন কৰা মোৰ বিধি এই: তুমি এক বাহুল্য জাতিৰ আদিপিতৃ হ’বা।
و نام تو بعد ازاین ابرام خوانده نشود بلکه نام تو ابراهیم خواهدبود، زیرا که تو را پدر امت های بسیار گردانیدم. ۵ 5
তোমাক অব্ৰাম বুলি পুনৰ কোৱা নহ’ব, কিন্তু এতিয়াৰ পৰা তোমাৰ নাম অব্ৰাহামহে হ’ব; কিয়নো মই তোমাক আদিপিতৃ হ’বলৈ নিৰূপণ কৰিলোঁ।
و تو را بسیار بارور نمایم و امت‌ها از تو پدیدآورم و پادشاهان از تو به وجود آیند. ۶ 6
মই তোমাৰ বংশ অতিশয়ৰূপে বৃদ্ধি কৰিম। তোমাৰ পৰা মই অনেক নতুন জাতিৰ সৃষ্টি কৰিম আৰু তোমাৰ পৰা ৰজাসকলৰো জন্ম হ’ব।
و عهدخویش را در میان خود و تو، و ذریتت بعد از تو، استوار گردانم که نسلا بعد نسل عهد جاودانی باشد، تا تو را و بعد از تو ذریت تو را خدا باشم. ۷ 7
এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।
وزمین غربت تو، یعنی تمام زمین کنعان را، به تو و بعد از تو به ذریت تو به ملکیت ابدی دهم، وخدای ایشان خواهم بود.» ۸ 8
যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।”
پس خدا به ابراهیم گفت: «و اما تو عهد مرا نگاه دار، تو و بعد از توذریت تو در نسلهای ایشان. ۹ 9
পুনৰ ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমালোকৰ বাবে মোৰ এই বিধি পালন কৰিব লাগিব; তুমি আৰু তোমাৰ ভাবী-বংশই পুৰুষানুক্ৰেমে তাক পালন কৰিব লাগে।
این است عهد من که نگاه خواهید داشت، در میان من و شما و ذریت تو بعد از تو هر ذکوری از شما مختون شود، ۱۰ 10
১০তোমালোকে মানিবলগীয়া এই বিধি হৈছে - তোমালোকৰ মাজৰ প্রত্যেক পুৰুষৰ চুন্নৎ হ’ব লাগিব; এই বিধি তোমাৰ আৰু তোমাৰ বংশৰ লোকসকলে মানি চলিব লাগিব।
وگوشت قلفه خود را مختون سازید، تا نشان آن عهدی باشد که در میان من و شماست. ۱۱ 11
১১তোমালোকে নিজ নিজ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিবা আৰু সেয়ে মোৰে আৰু তোমালোকৰ মাজত স্থাপিত হোৱা নিয়মৰ চিন হ’ব।
هر پسرهشت روزه از شما مختون شود. هر ذکوری درنسلهای شما، خواه خانه زاد خواه زرخرید، ازاولاد هر اجنبی که از ذریت تو نباشد، ۱۲ 12
১২বংশানুক্রমে তোমালোকৰ প্রত্যেকজন পুত্ৰ-সন্তানৰ জন্মৰ আঠ দিনৰ দিনা এই চুন্নৎ হ’ব লাগিব; বংশৰ কোনো নহলেওঁ তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নৎ হ’ব লাগিব।
هرخانه زاد تو و هر زر خرید تو البته مختون شود تاعهد من در گوشت شما عهد جاودانی باشد. ۱۳ 13
১৩তোমাৰ ঘৰত জন্ম হোৱা পুৰুষ আৰু তুমি কিনি লোৱা সকলো পুৰুষৰে চুন্নৎ হ’বই লাগিব; এইদৰে তোমালোকৰ শৰীৰত মোৰ বিধি চিৰকালৰ এক নিয়ম হ’ব।
واما هر ذکور نامختون که گوشت قلفه او ختنه نشود، آن کس از قوم خود منقطع شود، زیرا که عهد مرا شکسته است.» ۱۴ 14
১৪যি জন পুৰুষৰ লিঙ্গগ্ৰ-চৰ্ম্ম ছেদন কৰা নহয়, এনে চুন্নৎ নোহোৱা পুৰুষক নিজ জাতিৰ মাজৰ পৰা বহিস্কাৰ কৰা হ’ব; কাৰণ তেওঁ মোৰ বিধি অমান্য কৰিলে।”
و خدا به ابراهیم گفت: «اما زوجه توسارای، نام او را سارای مخوان، بلکه نام او ساره باشد. ۱۵ 15
১৫ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ভাৰ্যা চাৰীক আৰু চাৰী বুলি নামাতিবা; কিন্তু তেওঁৰ নাম চাৰা [ৰাণী] হ’ব।
و او را برکت خواهم داد و پسری نیز ازوی به تو خواهم بخشید. او را برکت خواهم داد وامتها از وی به وجود خواهند آمد، و ملوک امتهااز وی پدید خواهند شد.» ۱۶ 16
১৬মই তেওঁক আশীৰ্ব্বাদ কৰিম আৰু তেওঁৰ পৰা তোমাক এটি পুত্ৰও দিম; মই তেওঁক আশীৰ্ব্বাদ কৰিম যাতে তেওঁ অনেক জাতি আৰু তেওঁলোকৰ ৰজাসকলৰ আদিমাতৃ হ’ব।”
آنگاه ابراهیم به روی در‌افتاده، بخندید و در دل خود گفت: «آیابرای مرد صد ساله پسری متولد شود و ساره درنود سالگی بزاید؟» ۱۷ 17
১৭এই কথা শুনি অব্ৰাহামে মাটিত উবুৰি হৈ পৰিল আৰু হাঁহি মাৰি মনতে ক’লে, “এশ বছৰীয়া বৃদ্ধই সন্তান পাবনে আৰু নব্বৈ বছৰীয়া চাৰাই জানো সন্তান প্ৰসৱ কৰিব পাৰে?”
و ابراهیم به خدا گفت: «کاش که اسماعیل در حضور تو زیست کند.» ۱۸ 18
১৮অব্ৰাহামে ঈশ্বৰক ক’লে, “ইশ্মায়েলেই যেন আপোনাৰ দৃষ্টিত জীয়াই থাকে, মোলৈ এয়ে সন্তোষজনক।”
خدا گفت: «به تحقیق زوجه ات ساره برای توپسری خواهد زایید، و او را اسحاق نام بنه، و عهدخود را با وی استوار خواهم داشت، تا با ذریت اوبعد از او عهد ابدی باشد. ۱۹ 19
১৯ঈশ্বৰে ক’লে, “নহয়, তোমাৰ ভাৰ্যা চাৰাই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম ইচহাক [হাঁহি] ৰাখিবা; মই চিৰকালৰ এক বিধিৰূপে ইচহাক আৰু তেওঁৰ ভাবী-বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম।
و اما در خصوص اسماعیل، تو را اجابت فرمودم. اینک او را برکت داده، بارور گردانم، و او را بسیار کثیر گردانم. دوازده رئیس از وی پدید آیند، و امتی عظیم ازوی بوجود آورم. ۲۰ 20
২০ইশ্মায়েলৰ বিষয়ে হ’লে মই তোমাৰ কথা শুনিলোঁ; চোৱা, মই তেওঁক আশীৰ্ব্বাদ কৰিলোঁ; তেওঁকো মই বহুবংশ কৰিম আৰু তেওঁৰ সন্তান-সন্ততি অতিশয়ৰূপে বৃদ্ধি কৰিম; তেৱোঁ বাৰজন গোষ্ঠী-নেতাৰ পিতৃ হ’ব আৰু তেওঁৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম।
لکن عهد خود را با اسحاق استوار خواهم ساخت، که ساره او را بدین وقت در سال آینده برای تو خواهد زایید.» ۲۱ 21
২১কিন্তু মোৰ নিয়মটি হ’লে অহা বছৰ এই সময়তে চাৰাই তোমালৈ যি সন্তান প্ৰসৱ কৰিব, সেই ইচহাকৰ সৈতেহে স্থাপন কৰিম।”
و چون خدا از سخن‌گفتن با وی فارغ شد، از نزد ابراهیم صعود فرمود. ۲۲ 22
২২অব্ৰাহামৰ লগত কথা কৈ শেষ কৰাৰ পাছত ঈশ্বৰ তেওঁৰ ওচৰৰ পৰা ওপৰলৈ গুছি গ’ল।
و ابراهیم پسر خود، اسماعیل وهمه خانه زادان و زرخریدان خود را، یعنی هرذکوری که در خانه ابراهیم بود، گرفته، گوشت قلفه ایشان را در همان روز ختنه کرد، چنانکه خدا به وی امر فرموده بود. ۲۳ 23
২৩তাৰ পাছত ঈশ্বৰৰ কথা অনুসাৰে অব্ৰাহামে তেওঁৰ পুতেক ইশ্মায়েলক, তেওঁৰ ঘৰত জন্ম হোৱা আৰু কিনি লোৱা দাসবোৰক অৰ্থাৎ অব্ৰাহামৰ ঘৰত যিমান পুৰুষ আছিল, তেওঁ সেই দিনাই সকলোৰে লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিলে।
و ابراهیم نود و نه ساله بود، وقتی که گوشت قلفه‌اش مختون شد. ۲۴ 24
২৪অব্ৰাহামে যেতিয়া নিজৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিছিল, সেই সময়ত তেওঁৰ বয়স আছিল নিৰানব্বৈ বছৰ আৰু
و پسرش، اسماعیل سیزده ساله بود هنگامی که گوشت قلفه‌اش مختون شد. ۲۵ 25
২৫তেওঁৰ পুত্ৰ ইশ্মায়েলৰ বয়স আছিল তেৰ বছৰ।
در همان روزابراهیم و پسرش، اسماعیل مختون گشتند. ۲۶ 26
২৬সেই একে দিনাই অব্ৰাহাম আৰু তেওঁৰ পুত্ৰ ইশ্মায়েল দুয়োৰে চুন্নৎ কৰা হ’ল।
وهمه مردان خانه‌اش، خواه خانه زاد، خواه زرخرید از اولاد اجنبی، با وی مختون شدند. ۲۷ 27
২৭তেওঁৰ লগতে ঘৰৰ আন সকলো পুৰুষৰ অর্থাৎ তেওঁৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা যি সকলক কিনি লোৱা হৈছিল, সেই সকলো পুৰুষৰে চুন্নৎ কৰা হ’ল।

< پیدایش 17 >