< دوم پادشاهان 8 >

و الیشع به زنی که پسرش را زنده کرده بود، خطاب کرده، گفت: «تو و خاندانت برخاسته، بروید و در جایی که می‌توانی ساکن شوی، ساکن شو، زیرا خداوند قحطی خوانده است و هم بر زمین هفت سال واقع خواهد شد.» ۱ 1
যি গৰাকী মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, এদিন তেওঁ সেই মহিলাক ক’লে, “তুমি তোমাৰ পৰিয়ালেৰে সৈতে আন যি ঠাইতে পাৰা সেই ঠাইলৈকে গৈ কিছুকাল থাকা, কিয়নো যিহোৱাই এই দেশত আকাল পঠাই দিব আৰু সেয়ে সাত বছৰ ধৰি থাকিব।”
و آن زن برخاسته، موافق کلام مرد خدا، عمل نمود و با خاندان خود رفته، در زمین فلسطینیان هفت سال ماوا گزید. ۲ 2
মহিলাগৰাকীয়ে ঈশ্বৰৰ লোকৰ কথা অনুসাৰেই কার্য কৰিলে। তাই নিজৰ পৰিয়ালেৰে সৈতে গৈ সাত বছৰ পলেষ্টীয়াসকলৰ দেশত বাস কৰিলে।
و واقع شد بعد از انقضای هفت سال که آن زن از زمین فلسطینیان مراجعت کرده، بیرون آمد تا نزد پادشاه برای خانه و زمین خود استغاثه نماید. ۳ 3
সাত বছৰৰ শেষত মহিলাগৰাকী পলেষ্টীয়াসকলৰ দেশৰ পৰা উভটি আহি নিজৰ ঘৰ আৰু মাটি ঘূৰাই পোৱাৰ কাৰণে ৰজাৰ ওচৰত নিবেদন কৰিবলৈ গ’ল।
و پادشاه با جیحزی، خادم مرد خدا گفتگو می‌نمود و می‌گفت: «حال تمام اعمال عظیمی را که الیشع بجا آورده است، به من بگو.» ۴ 4
ৰজাই সেই সময়ত ঈশ্বৰৰ লোকৰ দাস গেহজীৰ লগত কথা পাতি আছিল। তেওঁ গেহজীক সুধি আছিল, “ইলীচাই যি যি মহৎ কামবোৰ কৰিছে, সেই সকলোকে মোক কোৱাছোন।”
و هنگامی که او برای پادشاه بیان می‌کردکه چگونه مرده‌ای را زنده نمود، اینک زنی که پسرش را زنده کرده بود، نزد پادشاه به جهت خانه و زمین خود استغاثه نمود. و جیحزی گفت: «ای آقایم پادشاه! این همان زن است و پسری که الیشع زنده کرد، این است.» ۵ 5
গেহজীয়ে যেতিয়া ৰজাক ইলীচাই কেনেকৈ মৃত শিশুটিক জীয়াই তুলিছিল, এই কথা কৈ আছিল, ঠিক সেই সময়তেই যি মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, সেই মহিলাগৰাকী ৰজাৰ ওচৰত নিজৰ ঘৰ আৰু মাটি ঘূৰাই পাবৰ কাৰণে নিবেদন কৰিবলৈ আহিল। গেহজীয়ে তেতিয়া ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এৱেঁই সেই মহিলা আৰু এই জনেই তাইৰ ল’ৰা যাক ইলীচাই পুনৰ জীৱন দিলে।”
و چون پادشاه از زن پرسید، او وی را خبر داد، پس پادشاه یکی ازخواجگان خود را برایش تعیین نموده، گفت: «تمامی مایملک او وتمامی حاصل ملک او را از روزی که زمین را ترک کرده است تا الان به او ردنما.» ۶ 6
ৰজাই তেতিয়া মহিলাগৰাকীক তাইৰ ল’ৰাটিৰ বিষয়ে সুধিলত, তাই তেওঁৰ আগত সকলো কথা ক’লে। তাতে ৰজাই মহিলাগৰাকীৰ কাৰণে এজন কৰ্মচাৰীক আদেশ দি ক’লে, “তাইৰ যি যি আছিল সকলোবোৰ ঘূৰাই দিয়া আৰু তাই দেশ এৰি যোৱাৰে পৰা এতিয়ালৈকে তাইৰ মাটিত যি যি শস্য উৎপন্ন হৈছিল, সেইবোৰো উভটাই দিয়া।”
و الیشع به دمشق رفت و بنهدد، پادشاه ارام، بیمار بود و به او خبر داده، گفتند که مرد خدااینجا آمده است. ۷ 7
তাৰ পাছত ইলীচা দম্মেচকলৈ আহিল; সেই সময়ত অৰামৰ ৰজা বিন-হদদ অসুস্থ আছিল। কোনোৱে ৰজাক ক’লে, “ঈশ্বৰৰ লোক এই ঠাইলৈ আহিছে।”
پس پادشاه به حزائیل گفت: «هدیه‌ای به‌دست خود گرفته، برای ملاقات مردخدا برو و به واسطه او از خداوند سوال نما که آیااز این مرض خود شفا خواهم یافت؟» ۸ 8
ৰজাই তেতিয়া হজায়েলক ক’লে, “তুমি হাতত এটি উপহাৰ লৈ ঈশ্বৰৰ লোকৰ সাক্ষাৎ হ’বলৈ যোৱা আৰু তেওঁৰ যোগেদি যিহোৱাৰ পৰা জানি লোৱা যে, ‘মই এই অসুখৰ পৰা সুস্থ হৈ উঠিম নে নাই’?”
و حزائیل برای ملاقات وی رفته، هدیه‌ای به‌دست خودگرفت، یعنی بار چهل شتر از تمامی نفایس دمشق. و آمده، به حضور وی ایستاد و گفت: «پسرت، بنهدد، پادشاه ارام مرا نزد تو فرستاده، می‌گوید: آیا از این مرض خود شفا خواهم یافت؟» ۹ 9
হজায়েলে তেতিয়া উপহাৰ হিচাবে দম্মেচকৰ সকলো উত্তম উত্তম বস্তুৰে চল্লিশটা উটৰ পিঠিত বোজাই কৰি ইলীচাৰ সৈতে সাক্ষাৎ হ’বলৈ গ’ল; তেওঁ আহি ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “আপোনাৰ পুত্র অৰামৰ ৰজা বিন-হদদে এই কথা সুধিবলৈ মোক আপোনাৰ ওচৰলৈ পঠাইছে, ‘মই এই অসুখৰ পৰা সুস্থ হ’ম নে’?”
و الیشع وی را گفت: «برو و او را بگو: البته شفا توانی یافت لیکن خداوند مرا اعلام نموده است که هرآینه او خواهد مرد.» ۱۰ 10
১০তেতিয়া ইলীচাই তেওঁক ক’লে, “তুমি গৈ ৰজা বিন-হদদক কোৱা যে ‘আপুনি অৱশ্যেই সুস্থ হৈ যাব;’ কিন্তু যিহোৱাই মোৰ ওচৰত প্রকাশ কৰিলে যে, তেওঁ নিশ্চয় মৰিব।”
و چشم خود را خیره ساخته، بر وی نگریست تا خجل گردید. پس مرد خدا بگریست. ۱۱ 11
১১ইয়াকে কৈ হজায়েলে লাজ নোপোৱা পর্যন্ত ইলীচাই তেওঁৰ ফালে একে-থৰে চাই থাকিল আৰু পাছত ঈশ্বৰৰ লোকে কান্দিবলৈ আৰম্ভ কৰিলে।
و حزائیل گفت: «آقایم چرا گریه می‌کند؟» او جواب داد: «چونکه ضرری را که تو به بنی‌اسرائیل خواهی رسانید، می‌دانم، قلعه های ایشان را آتش خواهی زد و جوانان ایشان را به شمشیر خواهی کشت، واطفال ایشان را خرد خواهی نمود و حامله های ایشان را شکم پاره خواهی کرد.» ۱۲ 12
১২হজায়েলে সুধিলে, “হে মোৰ প্ৰভু, আপুনি কিয় কান্দিছে?” তেওঁ উত্তৰ দিলে, “কাৰণ, তুমি ইস্ৰায়েলৰ লোকসকললৈ কি ক্ষতি কৰিবা, তাক মই জানো। তুমি তেওঁলোকৰ দুৰ্গবোৰ জুই দি পুৰিবা, তৰোৱালেৰে তেওঁলোকৰ যুবকসকলক বধ কৰিবা, তেওঁলোকৰ শিশুসকলক মাটিত আচাৰি মাৰিবা আৰু তেওঁলোকৰ গৰ্ভৱতী মহিলাবোৰৰ পেট ফালিবা।”
و حزائیل گفت: «بنده تو که سگ است، کیست که چنین عمل عظیمی بکند؟» الیشع گفت: «خداوند بر من نموده است که تو پادشاه ارام خواهی شد.» ۱۳ 13
১৩তেতিয়া হজায়েলে ক’লে, “কেৱল এটা কুকুৰৰ তুল্য আপোনাৰ এই দাসনো কোন যে, এই ভয়ানক কৰ্ম কৰিব?” ইলীচাই ক’লে, “তুমি যে অৰামৰ ৰজা হ’বা, এই কথা যিহোৱাই মোক প্রকাশ কৰিলে।”
پس از نزد الیشع روانه شده، نزد آقای خود آمد و او وی را گفت: «الیشع تو را چه گفت؟» اوجواب داد: «به من گفت که البته شفا خواهی یافت.» ۱۴ 14
১৪তাৰ পাছত হজায়েল ইলীচাৰ ওচৰৰ পৰা নিজৰ প্ৰভুৰ ওচৰলৈ ঘূৰি গ’ল। তেতিয়া ৰজা বিন-হদদে তেওঁক সুধিলে, “ইলীচাই তোমাক কি ক’লে?” তেওঁ উত্তৰ দিলে, “তেওঁ মোক ক’লে যে আপুনি অৱশ্যেই সুস্থ হ’ব।”
و در فردای آن روز، لحاف را گرفته آن را در آب فرو برد و بر رویش گسترد که مرد وحزائیل در جایش پادشاه شد. ۱۵ 15
১৫কিন্তু ঠিক পাছ দিনাই হজায়েলে এখন কম্বল পানীত জুবুৰিয়াই লৈ শ্বাসৰুদ্ধ হোৱাকৈ ৰজা বিন-হদদৰ মুখৰ ওপৰত মেলি ধৰিলে আৰু তাতে ৰজাৰ মৃত্যু হ’ল। তাৰ পাছত হজায়েল বিন-হদদৰ পদত ৰজা হ’ল।
و در سال پنجم یورام بن اخاب، پادشاه اسرائیل، وقتی که یهوشافاط هنوز پادشاه یهودابود، یهورام بن یهوشافاط، پادشاه یهودا آغازسلطنت نمود. ۱۶ 16
১৬যিহোচাফটৰ পুত্র যিহোৰাম যিহূদাৰ ৰজা আছিল। ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ পঞ্চম বছৰত যিহোৰামে যিহূদাত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে।
و چون پادشاه شد، سی و دوساله بود و هشت سال در اورشلیم پادشاهی کرد. ۱۷ 17
১৭তেওঁ যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বত্ৰিশ বছৰ আৰু তেওঁ আঠ বছৰ ধৰি যিৰূচালেমত ৰাজত্ব কৰিছিল।
و به طریق پادشاهان اسرائیل به نحوی که خاندان اخاب عمل می‌نمودند سلوک نمود، زیراکه دختر اخاب، زن او بود و آنچه در نظر خداوندناپسند بود، به عمل می‌آورد. ۱۸ 18
১৮যিহোৰাম ইস্রায়েলৰ ৰজাসকলৰ পথত চলিছিল আৰু তেওঁ আহাবৰ জীয়েকক বিবাহ কৰাৰ কাৰণে আহাবৰ বংশৰ লোকসকলে কৰাৰ দৰেই তেওঁ কু-আচৰণ কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকে কৰিছিল।
اما خداوند به‌خاطر بنده داود نخواست که یهودا را هلاک سازدچونکه وی را وعده داده بود که او را و پسرانش راهمیشه اوقات، چراغی بدهد. ۱۹ 19
১৯তথাপিও যিহোৱাই নিজৰ দাস দায়ুদৰ কথা মনত ৰাখি যিহূদা বিনষ্ট কৰিবলৈ ইচ্ছা নকৰিলে; কাৰণ তেওঁ দায়ুদক তেওঁৰ বংশধৰ দিব বুলি প্রতিজ্ঞা কৰিছিল।
و در ایام وی ادوم از زیر دست یهودا عاصی شده، پادشاهی برخود نصب کردند. ۲۰ 20
২০যিহোৰামৰ ৰাজত্বৰ সময়ত ইদোমীয়াসকলে যিহূদাৰ বশ্যতা অস্বীকাৰ কৰি বিদ্রোহ কৰিলে আৰু তেওঁলোকৰ নিজৰ কাৰণে এজন ৰজা পাতি ল’লে।
و یورام با تمامی ارابه های خود به صعیر رفتند و در شب برخاسته، ادومیان را که او را احاطه نموده بودند و سرداران ارابه‌ها راشکست داد و قوم به خیمه های خود فرار کردند. ۲۱ 21
২১তেতিয়া যিহোৰামে তেওঁৰ সকলো সেনাপতিৰ সৈতে ৰথবোৰ লৈ চায়ীৰলৈ গ’ল। ইদোমীয়াসকলে তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক ঘেৰাও কৰিলে; কিন্তু তেওঁ ৰাতিয়েই উঠি তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক বেৰি ৰখা ঘেৰাও ভাঙি ইদোমীয়াসকলক আক্রমণ কৰি ওলাই আহিল আৰু তেওঁৰ সৈন্যসকল পলাই গৈ নিজৰ ঘৰলৈ ঘূৰি গ’ল।
و ادوم از زیر دست یهودا تا امروز عاصی شده‌اند و لبنه نیز در آن وقت عاصی شد. ۲۲ 22
২২ইদোম আজিও যিহূদাৰ বিৰুদ্ধে বিদ্রোহী হৈ আছে। সেই একে সময়তে লিব্‌নায়ো বিদ্ৰোহ কৰিছিল।
و بقیه وقایع یورام و آنچه کرد، آیا در کتاب تواریخ ایام پادشاهان یهودا مکتوب نیست؟ ۲۳ 23
২৩যিহোৰামৰ অন্যান্য সকলো কার্যৰ বিৱৰণ জানো ‘যিহূদাৰ ৰজাসকলৰ ইতিহাস’ নামৰ পুস্তকখনত লিখা নাই?
و یورام باپدران خود خوابید و در شهر داود با پدران خوددفن شد. و پسرش اخزیا به‌جایش پادشاهی کرد. ۲۴ 24
২৪পাছত যিহোৰামৰ মৃত্যু হোৱাত তেওঁ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল আৰু তেওঁক দায়ুদৰ নগৰত পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল। তাৰ পাছত তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।
و در سال دوازدهم یورام بن اخاب، پادشاه اسرائیل، اخزیا ابن یهورام، پادشاه یهودا، آغاز سلطنت نمود. ۲۵ 25
২৫ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ দ্বাদশ বছৰত যিহোৰামৰ পুত্ৰ অহজিয়াই যিহূদাত ৰাজত্ব কৰিবলৈ ধৰিলে।
و اخزیا چون پادشاه شد، بیست و دو ساله بود و یک سال در اورشلیم پادشاهی کرد و اسم مادرش عتلیا، دختر عمری پادشاه اسرائیل بود. ۲۶ 26
২৬অহজিয়াই যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বাইশ বছৰ আৰু তেওঁ এবছৰ কাল যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল অথলিয়া; তেওঁ ইস্ৰায়েলৰ ৰজা অম্ৰীৰ নাতিনীয়েক।
و به طریق خاندان اخاب سلوک نموده، آنچه در نظر خداوند ناپسند بود، مثل خاندان اخاب به عمل می‌آورد زیرا که دامادخاندان اخاب بود. ۲۷ 27
২৭অহজিয়াই আহাবৰ বংশৰ লোকসকলৰ পথত চলিলে আৰু তেওঁলোকৰ দৰেই কার্য কৰি যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে; কিয়নো অহজিয়া আহাবৰ বংশৰ জোঁৱায়েক আছিল।
و با یورام بن اخاب برای مقاتله با حزائیل پادشاه ارام به راموت جلعاد رفت و ارامیان، یورام را مجروح ساختند. ۲۸ 28
২৮পাছত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ৰজা অহজিয়াই আহাবৰ পুত্ৰ ৰজা যোৰামৰ সৈতে ৰামোৎ-গিলিয়দলৈ গ’ল; তেতিয়া অৰামীয়াসকলে যোৰামক আঘাত কৰিলে।
و یورام پادشاه به یزرعیل مراجعت کرد تا از جراحتهایی که ارامیان به وی رسانیده بودند هنگامی که با حزائیل، پادشاه ارام جنگ می‌نمود، شفا یابد. و اخزیا ابن یهورام، پادشاه یهودا، به یزرئیل فرود آمد تا یورام بن اخاب را عیادت نماید چونکه مریض بود. ۲۹ 29
২৯অৰামৰ ৰজা হজায়েলৰ সৈতে ৰামাত যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে কৰা সেই আঘাতৰ পৰা সুস্থ হ’বৰ কাৰণে ৰজা যোৰাম যিজ্ৰিয়েললৈ ঘূৰি গ’ল। যিহোৰামৰ পুত্র যিহূদাৰ ৰজা অহজিয়াই আহাবৰ পুত্ৰ যোৰামে আঘাত পাই অসুস্থ হোৱা বাবে তেওঁক চাবলৈ যিজ্রিয়েললৈ নামি গ’ল।

< دوم پادشاهان 8 >