< اول قرنتیان 1 >

پولس به اراده خدا رسول خوانده شده عیسی مسیح و سوستانیس برادر، ۱ 1
ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্ৰীষ্ট যীচুৰ আমন্ত্রিত পাঁচনি পৌল আৰু আমাৰ ভাই চোন্থিনিৰ পৰা এই পত্র।
به کلیسای خدا که در قرنتس است، ازمقدسین در مسیح عیسی که برای تقدس خوانده شده‌اند، با همه کسانی که در هرجا نام خداوند ماعیسی مسیح را می‌خوانند که (خداوند) ما و(خداوند) ایشان است. ۲ 2
এই পত্র কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী; খ্রীষ্ট যীচুৱে পবিত্র কৰি যি সকলক পবিত্র লোক হবলৈ আমন্ত্রণ কৰিলে, তেওঁলোকৰ আৰু সকলো ঠাইতে যি সকল লোকে আমাৰ অর্থাৎ তেওঁলোকৰ আৰু আমাৰো প্ৰভু খ্রীষ্ট যীচুৰ নামত প্রার্থনা কৰে, সেই সকলোৰে সমীপলৈ।
فیض و سلامتی ازجانب پدر ما خدا و عیسی مسیح خداوند بر شماباد. ۳ 3
আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
خدای خود را پیوسته شکر می‌کنم درباره شما برای آن فیض خدا که در مسیح عیسی به شما عطا شده است، ۴ 4
খ্রীষ্ট যীচুত ঈশ্বৰে যি অনুগ্রহ আপোনালোকক দান কৰিলে, তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ।
زیرا شما از هرچیز دروی دولتمند شده‌اید، در هر کلام و در هرمعرفت. ۵ 5
আপোনালোক খ্রীষ্ট যীচুত সকলো বিষয়ত সকলো ধৰণৰ বক্তৃতা দিয়াৰ ক্ষমতাৰে আৰু জ্ঞানত উপচি পৰিছে।
چنانکه شهادت مسیح در شما استوارگردید، ۶ 6
তেওঁ আপোনালোকক উপচাই দিছে আৰু এইদৰেই আপোনালোকৰ মাজত খ্রীষ্ট সম্পর্কীয় সাক্ষ্য সত্যৰূপে প্রমাণিত হৈ আছে।
بحدی که در هیچ بخشش ناقص نیستیدو منتظر مکاشفه خداوند ما عیسی مسیح می‌باشید. ۷ 7
সেই কাৰণে আপোনালোকৰ আত্মিক বৰৰ কোনো অভাৱ নাই আৰু আমাৰ প্রভু যীচু খ্রীষ্ট প্রকাশিত হোৱা দিনলৈ আপোনালোকে আগ্রহেৰে অপেক্ষা কৰি আছে।
که او نیز شما را تا آخر استوار خواهدفرمود تا در روز خداوند ما عیسی مسیح بی‌ملامت باشید. ۸ 8
তেওঁ আপোনালোকক শেষলৈকে বলৱন্ত কৰিব, যাতে আমাৰ প্রভু যীচু খ্রীষ্টৰ সেইদিন পর্যন্ত আপোনালোক নিৰ্দোষী, পবিত্ৰ হৈ থাকিব।
امین است خدایی که شما را به شراکت پسر خود عیسی مسیح خداوند ماخوانده است. ۹ 9
ঈশ্বৰ বিশ্বাসী; তেৱেঁই আপোনালোকক তেওঁৰ পুত্র, আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে।
لکن‌ای برادران از شما استدعا دارم به نام خداوند ما عیسی مسیح که همه یک سخن گوییدو شقاق در میان شما نباشد، بلکه در یک فکر ویک رای کامل شوید. ۱۰ 10
১০কিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়।
زیرا که‌ای برادران من، از اهل خانه خلوئی درباره شما خبر به من رسیدکه نزاعها در میان شما پیدا شده است. ۱۱ 11
১১মোৰ ভাই-ভনী সকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, আপোনালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে।
غرض اینکه هریکی از شما می‌گوید که من از پولس هستم، و من از اپلس، و من از کیفا، و من از مسیح. ۱۲ 12
১২এতিয়া মই এই কথা কবলৈ বিচাৰিছোঁ যে, আপোনালোক প্রতিজনে কয় “মই পৌলৰ দলৰ” অথবা “মই আপল্লোৰ দলৰ” নাইবা “মই কৈফাৰ” বা “মই খ্রীষ্টৰ দলৰ।”
آیا مسیح منقسم شد؟ یا پولس در راه شمامصلوب گردید؟ یا به نام پولس تعمید یافتید؟ ۱۳ 13
১৩তেনেহলে খ্রীষ্টক ভাগ কৰা হৈছে নেকি? পৌলক জানো আপোনালোকৰ কাৰণে ক্রুচত দিয়া হৈছিল? আপোনালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিল?
خدا را شکر می‌کنم که هیچ‌یکی از شما راتعمید ندادم جز کرسپس و قایوس، ۱۴ 14
১৪মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ যে ক্ৰীষ্প আৰু গায়ৰ বাহিৰে আপোনালোকৰ আন কোনো এজনকো মই বাপ্তিস্ম দিয়া নাই।
که مباداکسی گوید که به نام خود تعمید دادم. ۱۵ 15
১৫গতিকে কোনেও কব নোৱাৰিব যে আপোনালোকে মোৰ নামেৰে বাপ্তিস্ম লৈছে।
وخاندان استیفان را نیز تعمید دادم و دیگر یادندارم که کسی را تعمید داده باشم. ۱۶ 16
১৬অৱশ্যে হয়, স্তিফানাৰ পৰিবাৰৰ লোক সকলকো মই বাপ্তিস্ম দিছোঁ। এওঁলোকৰ বাহিৰে আন কোনো এজনক বাপ্তিস্ম দিছোঁ বুলি মোৰ মনত নপৰে।
زیرا که مسیح مرا فرستاد، نه تا تعمید دهم بلکه تا بشارت رسانم، نه به حکمت کلام مبادا صلیب مسیح باطل شود. ۱۷ 17
১৭কিয়নো খ্রীষ্টই মোক বাপ্তিস্ম দিবৰ কাৰণে নহয়, কিন্তু শুভবার্তা প্রচাৰ কৰিবৰ কাৰণেহে পঠাইছে। খ্রীষ্টৰ ক্ৰুচৰ পৰাক্রম যেন বিফল নহয়, সেয়ে তেওঁ মোক এই শুভবার্তা মানুহৰ জ্ঞানেৰেও প্রচাৰ কৰিবলৈ পঠোৱা নাই।
زیرا ذکر صلیب برای هالکان حماقت است، لکن نزد ما که ناجیان هستیم قوت خداست. ۱۸ 18
১৮বিনাশৰ পথত চলা লোক সকললৈ ক্ৰুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্ৰাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ।
زیرا مکتوب است: «حکمت حکما را باطل سازم و فهم فهیمان را نابود گردانم.» ۱۹ 19
১৯কাৰণ এইদৰে লিখা আছে: “মই জ্ঞানী সকলৰ জ্ঞান নষ্ট কৰিম; মই বুদ্ধিমান সকলৰ বুদ্ধি ব্যর্থ কৰিম”
کجا است حکیم؟ کجا کاتب؟ کجا مباحث این دنیا؟ مگرخدا حکمت جهان را جهالت نگردانیده است؟ (aiōn g165) ۲۰ 20
২০কিন্তু জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই? (aiōn g165)
زیرا که چون برحسب حکمت خدا، جهان ازحکمت خود به معرفت خدا نرسید، خدا بدین رضا داد که بوسیله جهالت موعظه، ایمانداران رانجات‌بخشد. ۲۱ 21
২১সেয়ে ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জনিলে যে জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে, তেতিয়া প্রচাৰৰ মূর্খতাৰ দ্বাৰাই যি সকলে বিশ্বাস কৰে, সেই সকলক উদ্ধাৰ কৰাত ঈশ্বৰ সন্তুষ্ট হ’ল।
چونکه یهود آیتی می‌خواهند ویونانیان طالب حکمت هستند. ۲۲ 22
২২ইহুদী সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে আৰু গ্রীক সকলে প্রজ্ঞাৰ অন্বেষণ কৰে।
لکن ما به مسیح مصلوب وعظ می‌کنیم که یهود را لغزش و امت هارا جهالت است. ۲۳ 23
২৩কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ। ইহুদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতাস্বৰূপ।
لکن دعوت‌شدگان را خواه یهود و خواه یونانی مسیح قوت خدا و حکمت خدا است. ۲۴ 24
২৪কিন্তু ইহুদী লোকেই হওক বা গ্রীক লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, আমি তেওঁলোকৰ ওচৰত খ্রীষ্টক ঈশ্বৰৰ শক্তি আৰু জ্ঞানস্বৰূপে প্রচাৰ কৰোঁ।
زیرا که جهالت خدا از انسان حکیمتر است و ناتوانی خدا از مردم، تواناتر. ۲۵ 25
২৫কাৰণ ঈশ্বৰৰ যি মূর্খতা, সেয়া মানুহৰ জ্ঞানতকৈ অধিক জ্ঞানসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা, সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী।
زیرا‌ای برادران دعوت خود را ملاحظه نمایید که بسیاری بحسب جسم حکیم نیستند وبسیاری توانا نی و بسیاری شریف نی. ۲۶ 26
২৬ভাই-ভনী সকল, ঈশ্বৰে যে আপোনালোকক আহ্বান কৰিছে, সেই বিষয়ে অলপ ভাৱি চাওক। মানুহৰ বিচাৰত আপোনালোক বহুতেই জ্ঞানী আছিল, এনে নহয়; ক্ষমতাসম্পন্ন ব্যক্তিও যে আছিল, এনে নহয় নাইবা অনেকে যে অভিজাত বংশত জন্মিছিল, তেনেও নহয়।
بلکه خدا جهال جهان را برگزید تا حکما را رسوا سازدو خدا ناتوانان عالم را برگزید تا توانایان را رسواسازد، ۲۷ 27
২৭কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে।
و خسیسان دنیا و محقران را خدابرگزید، بلکه نیستیها را تا هستیها را باطل گرداند. ۲۸ 28
২৮জগতত যি তুচ্ছ আৰু ঘৃণিত, যাৰ কোনো মূল্যই নাই, সেই সকলক ঈশ্বৰে মনোনীত কৰিলে যাতে জগতৰ মূল্যৱান সকলক তেওঁ মূল্যহীন কৰিব পাৰে।
تا هیچ بشری در حضور او فخر نکند. ۲۹ 29
২৯ঈশ্বৰে এই কাম কৰিলে যাতে কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে।
لکن از او شما هستید در عیسی مسیح که از جانب خدابرای شما حکمت شده است و عدالت قدوسیت و فدا. ۳۰ 30
৩০কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি।
تا چنانکه مکتوب است هر‌که فخر کنددر خداوند فخر نماید. ۳۱ 31
৩১সেয়েহে শাস্ত্রত লিখা আছে, “যি জনে গর্ব কৰে, তেওঁ প্রভুতেই গর্ব কৰক।”

< اول قرنتیان 1 >