< Apenbaring 7 >

1 Derefter så jeg fire engler som stod på jordens fire hjørner og holdt jordens fire vinder, forat det ikke skulde blåse nogen vind over jorden eller over havet eller på noget tre.
তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এই কাৰণে পৃথিৱীৰ চাৰি বায়ু ধৰি, পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা চাৰি জন স্বৰ্গৰ দূত দেখিলোঁ।
2 Og jeg så en annen engel, som steg op fra solens opgang og hadde den levende Guds segl, og han ropte med høi røst til de fire engler som det var gitt å skade jorden og havet, og sa:
পাছত আৰু এজন দূতক, জীৱনময় ঈশ্বৰৰ ছাব লৈ, পূব দিশৰ পৰা উঠি অহা দেখিলোঁ৷ তেওঁ বৰ মাতেৰে ৰিঙিয়াই, পৃথিৱী আৰু সাগৰক অনিষ্ট কৰিবলৈ ক্ষমতা পোৱা সেই চাৰি জন দূতক ক’লে,
3 Skad ikke jorden eller havet eller trærne før vi har satt innsegl på vår Guds tjenere i deres panner!
“আমি নিজ ঈশ্বৰৰ দাস সকলৰ কপালত ছাব নামাৰোঁ মানে, তোমালোকে পৃথিৱী বা সাগৰ বা গছ-গছনিবোৰক অনিষ্ট নকৰিবা৷”
4 Og jeg hørte tallet på dem som var beseglet: hundre og fire og firti tusen beseglede av alle Israels barns stammer:
পাছত সেই ছাব মৰা সকলৰ সংখ্যা শুনিলো: ইস্ৰায়েলৰ সকলো ফৈদৰ মুঠে এক লাখ চৌৱাল্লিশ হাজাৰ ছাব মৰা হ’ল:
5 av Juda stamme tolv tusen beseglede, av Rubens stamme tolv tusen, av Gads stamme tolv tusen,
‘যিহূদা ফৈদৰ ছাব মৰা বাৰ হাজাৰ, ৰুবেনৰ ফৈদৰ মৰা বাৰ হাজাৰ, গাদৰ ফৈদৰ বাৰ হাজাৰ,
6 av Asers stamme tolv tusen, av Naftali stamme tolv tusen, av Manasse stamme tolv tusen,
আচেৰ ফৈদৰ বাৰ হাজাৰ, নপ্তালী ফৈদৰ বাৰ হাজাৰ, মনচি ফৈদৰ বাৰ হাজাৰ,
7 av Simeons stamme tolv tusen, av Levi stamme tolv tusen, av Issakars stamme tolv tusen,
চিমিয়োন ফৈদৰ বাৰ হাজাৰ, লেবী ফৈদৰ বাৰ হাজাৰ, ইচাখৰ ফৈদৰ বাৰ হাজাৰ,
8 av Sebulons stamme tolv tusen, av Josefs stamme tolv tusen, av Benjamins stamme tolv tusen beseglede.
জবূলূন ফৈদৰ বাৰ হাজাৰ, যোচেফ ফৈদৰ বাৰ হাজাৰ, বিন্যামীন ফৈদৰ ছাব মৰা বাৰ হাজাৰ’।
9 Derefter så jeg, og se, en stor skare, som ingen kunde telle, av alle ætter og stammer og folk og tunger, som stod for tronen og for Lammet, klædd i lange hvite kjortler, og med palmegrener i sine hender;
এইবোৰৰ পাছত মই চাই দেখিলোঁ যে, কোনেও গণিব নোৱোৰা এক বৰ লোক সকল, য’ত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ সেই সিংহাসন আৰু মেৰ-পোৱালি জনৰ আগত থিয় হৈ আছিল;
10 og de ropte med høi røst og sa: Frelsen tilhører vår Gud, han som sitter på tronen, og Lammet!
১০আৰু তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “পৰিত্রাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ-পোৱালিৰ।”
11 Og alle englene stod omkring tronen og om de eldste og om de fire livsvesener, og de falt ned for tronen på sitt åsyn og tilbad Gud og sa:
১১আৰু সকলো স্বৰ্গৰ দূতে সেই সিংহাসনৰ পৰিচাৰক সকলৰ আৰু চাৰি জীৱিত প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল; আৰু তেতিয়া তেওঁলোকে সিংহাসনৰ আগত সমর্পণ কৰি মাটিত মুৰ দোৱাই, ঈশ্বৰক আৰাধনা কৰিলে,
12 Amen! Velsignelsen og prisen og visdommen og takken og æren og makten og styrken tilhører vår Gud i all evighet! Amen. (aiōn g165)
১২আৰু ক’লে, “আমেন! প্ৰশংসা, মহিমা, জ্ঞান, ধন্যবাদ, সমাদৰ, পৰাক্ৰম আৰু শক্তি চিৰকাল আমাৰ ঈশ্বৰৰ প্ৰতি হওক! আমেন৷” (aiōn g165)
13 Og en av de eldste tok til orde og sa til mig: Disse som er klædd i de lange hvite kjortler, hvem er de, og hvor er de kommet fra?
১৩তেতিয়া সেই পৰিচাৰক সকলৰ এজনে মোক সুধিলে, “বগা বস্ত্ৰ পিন্ধা এওঁলোক কোন আৰু ক’ৰ পৰা আহিল?”
14 Og jeg sa til ham: Herre! du vet det. Og han sa til mig: Dette er de som kommer ut av den store trengsel, og de har tvettet sine kjortler og gjort dem hvite i Lammets blod.
১৪তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে”। তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেৰ-পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।
15 Derfor er de for Guds trone og tjener ham dag og natt i hans tempel, og han som sitter på tronen, skal reise sin bolig over dem.
১৫এই কাৰণে, এওঁলোকে ঈশ্বৰৰ সিংহাসনৰ আগত আছে, আৰু দিনে-ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে৷ আৰু সিংহাসনত বহা জনাই এওঁলোকৰ ওপৰত নিজ তম্বু তৰিব।
16 De skal ikke hungre mere, heller ikke tørste mere; solen skal heller ikke falle på dem, eller nogen hete;
১৬এওঁলোকৰ আৰু কেতিয়াও ভোক-পিয়াহ নালাগিব; এওঁলোকৰ গাত ৰ’দ বা কোনো পোৰা তাপ নপৰিব৷
17 for Lammet, som er midt for tronen, skal vokte dem og føre dem til livsens vannkilder, og Gud skal tørke bort hver tåre av deres øine.
১৭কিয়নো সিংহাসনৰ মাজত থকা মেৰ-পোৱালি জনে এওঁলোকক চৰাব, আৰু জীৱনময় জলৰ ভুমুকৰ ওচৰলৈ নিব, আৰু ঈশ্বৰে এওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব।”

< Apenbaring 7 >