< Dommernes 15 >

1 Nogen tid efter, i hvetehøstens dager, vilde Samson se til sin hustru og hadde med sig et kje, og han sa: La mig få komme inn i kammeret til min hustru! Men hennes far vilde ikke gi ham lov til å gå inn
কিছু দিনৰ পাছত ঘেঁহুধান দাবৰ সময়ত চিমচোনে এটা ছাগলী লগত লৈ নিজৰ পত্নীৰে সৈতে সাক্ষাৎ হ’বৰ বাবে গৈ ক’লে, “মই মোৰ পত্নীৰ ওচৰত যাবৰ বাবে ভিতৰ কোঠালিলৈ যাওঁ”; কিন্তু তাইৰ বাপেকে তেওঁক ভিতৰলৈ যাব নিদিলে।
2 og sa: Jeg tenkte at du hadde lagt henne for hat, og så gav jeg henne til din brudesvenn. Er ikke hennes yngre søster vakrere enn hun? Ta henne isteden.
আৰু তাইৰ বাপেকে ক’লে, “সঁচাকৈ তুমি তাইক ঘিণ কৰিলা বুলি ভাবি, মই তাইক তোমাৰ সখীয়েৰাক দিলোঁ; তাইৰ সৰু ভনীয়েক জানো তাইতকৈ সুন্দৰী নহয়? মই নিবেদন কৰোঁ, তাইৰ সলনি তায়ে তোমাৰ পত্নী হওক, তুমি তেওঁকেই লৈ যোৱা।”
3 Da sa Samson til dem: Denne gang har jeg ingen skyld på mig mot filistrene om jeg gjør dem noget ondt.
তেতিয়া চিমচোনে সিহঁতক ক’লে, “এইবাৰ মই পলেষ্টীয়াসকলক কোনো বিষয়ত আঘাত কৰিলেও তেওঁলোকৰ ওচৰত কোনেও মোক দোষী সাব্যস্ত কৰিব নোৱাৰে।”
4 Så gikk Samson avsted og fanget tre hundre rever, og han tok fakler, vendte hale mot hale og satte en fakkel mellem to og to av halene.
পাছত চিমচোনে গৈ তিনিশ শিয়াল ধৰি, নেজে নেজে জুঁটি দুডাল দুডাল নেজত এটা এটা আৰিয়া বান্ধিলে।
5 Så tendte han ild i faklene og slapp revene inn på filistrenes akrer, og han brente op både kornbånd og uskåret korn og oljehaver.
পাছত সেই আৰিয়াত জুই লগাই পলেষ্টীয়াসকলৰ থিয় হৈ থকা পকা ধাননিৰ মাজত এৰি দিলে; তাতে বন্ধা মুঠি আৰু নোদোৱা থিয় হৈ থকা ধান আৰু জিত গছৰ বাৰীবোৰ পুৰি পেলালে।
6 Da sa filistrene: Hvem har gjort dette? Folk svarte: Samson, svigersønn til timnitten, fordi han tok hans hustru og gav henne til hans brudesvenn. Så drog filistrene op og brente inne både henne og hennes far.
তেতিয়া পলেষ্টীয়াসকলে সুধিলে, “এই কাম কোনে কৰিলে?” মানুহে ক’লে, তিম্নায়ীয়াৰ জোঁৱায়েক চিমচোনে এই কাম কৰিলে, কিয়নো তেওঁৰ শহুৰেকে তেওঁৰ ঘৈনীয়েকক তেওঁৰ সখীয়েকক দিলে; তাতে ফীলিস্টীয়াসকলে আহি সেই মহিলা আৰু তাইৰ বাপেকক জুই দি পুৰিলে।
7 Da sa Samson til dem: Gjør I sådant, så vil jeg ikke hvile før jeg får hevnet mig på eder.
পাছত চিমচোনে সিহঁতক ক’লে, “এয়া তোমালোকে যি কৰি মোৰ ক্ষতি কৰিলা, এতিয়া মই তোমালোকৰ ক্ষতি কৰিম। ইয়াৰ পাছতহে তোমালোকৰ ওপৰত প্ৰতিশোধ লোৱা সমাপ্ত হ’ব।”
8 Og han slo dem både på ben og på lår, så det blev et stort mannefall; så drog han ned og gav sig til i fjellkløften ved Etam.
ইয়াকে কৈ তেওঁ নিৰ্দ্দয়ৰূপে সিহঁতক প্ৰহাৰ কৰি তেওঁলোকৰ অধিক লোকক বধ কৰিলে, পাছত তেওঁ এটম শিলৰ গুহালৈ গ’ল আৰু তাতেই বাস কৰিলে।
9 Da drog filistrene op og leiret sig i Juda, og de spredte sig utover i Leki.
সেই সময়ত পলেষ্টীয়াসকলে যিহূদালৈ গ’ল। লেহী নামৰ ঠাইত তেওঁলোকে বিশ্রাম ল’লে আৰু তেওঁলোকৰ সৈন্যসকলে সেই ঠাইত তম্বু তৰি যুদ্ধৰ বাবে যুগুত হ’ল।
10 Og Judas menn sa: Hvorfor har I draget op mot oss? De svarte: Vi har draget op for å binde Samson og gjøre mot ham som han har gjort mot oss.
১০তাতে যিহূদাৰ মানুহবোৰে সুধিলে, “তোমালোকে আমাৰ বিৰুদ্ধে কিয় যুদ্ধ কৰিবলৈ উঠি আহিলা?” সিহঁতে ক’লে, “আমি চিমচোনক বান্ধিবলৈ আহিলোঁ, সি আমালৈ যেনে কৰিলে, আমিও তাক তেনে কৰিবলৈ আহিলোঁ।”
11 Da drog tre tusen mann av Juda ned til fjellkløften ved Etam, og de sa til Samson: Vet du ikke at filistrene hersker over oss? Hvorfor har du da gjort dette mot oss? Men han sa til dem: Som de har gjort mot mig, så har jeg gjort mot dem.
১১তেতিয়া যিহূদাৰ তিনি হাজাৰ লোকে এটম শিলৰ গুহালৈ নামি গৈ চিমচোনক ক’লে, “পলেষ্টীয়াসকল যে আমাৰ শাসনকৰ্ত্তা, সেই বিষয়ে তুমি নাজানা নেকি? তেন্তে আমাৰ বিৰুদ্ধে এইটো কি কাম কৰিলা?” তাতে তেওঁ তেওঁলোকক ক’লে, “সিহঁতে মোলৈ যেনে কৰিলে, ময়ো সিহঁতলৈ তেনে কৰিলোঁ।”
12 Da sa de til ham: Vi har draget ned for å binde dig og gi dig i filistrenes hånd. Og Samson sa til dem: Sverg mig til at ikke I vil slå mig ihjel!
১২তেওঁলোকে তেওঁক ক’লে, “এতিয়া আমি পলেষ্টীয়াসকলৰ হাতত শোধাই দিবৰ অৰ্থে তোমাক বান্ধি নিবলৈ নামি আহিলোঁ।” চিমচোনে তেওঁলোকক ক’লে, “তোমালোকে মোক বধ নকৰোঁ বুলি শপত খোৱা।”
13 Da sa de til ham: Nei, vi vil bare binde dig og så gi dig i deres hånd; men drepe dig vil vi ikke. Så bandt de ham med to nye rep og førte ham op av fjellkløften.
১৩তেওঁলোকে ক’লে “নহয়, কেৱল আমি তোমাক শকতকৈ বান্ধি নি সিহঁতৰ হাতত শোধাই দিম; আমি নিশ্চয়ে তোমাক বধ নকৰোঁ।” পাছত তেওঁলোকে দুগজ নতুন ৰচীৰে তেওঁক বান্ধি সেই শিলৰ পৰা লৈ গ’ল।
14 Da han kom til Leki, sprang filistrene imot ham med gledesrop; men Herrens Ånd kom over ham, og repene om hans armer blev som brente tråder, og båndene falt smuldrede av hans hender.
১৪পাছত তেওঁ যেতিয়া লেহী পালে তেতিয়া, পলেষ্টীয়াসকলে তেওঁক পাই বৰকৈ জয় ধ্বনি কৰিলে। তেতিয়া যিহোৱাৰ আত্মা পূর্ণ শক্তিত তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁৰ বাহুত বান্ধি ৰখা ৰচীবোৰ পুৰি যোৱা শণৰ নিচিনা হ’ল আৰু তেওঁৰ হাতৰ পৰা বন্ধন খহি পৰিল।
15 Så fant han et friskt kjeveben av et asen; han rakte hånden ut og tok det og slo ihjel tusen mann med det.
১৫পাছত তেওঁ গাধৰ গালৰ এডাল কেঁচা হাড় পাই হাত মেলি সেই ডাল ল’লে, তাৰেই এক হাজাৰ লোকক বধ কৰিলে।
16 Da sa Samson: Med et asens kjeveben slo jeg én hop, ja to, med et asens kjeveben slo jeg tusen mann.
১৬তেতিয়া চিমচোনে ক’লে, “গাধৰ গালৰ হাড়ডালেৰে দ’মৰ উপৰি দ’ম কৰিলোঁ; গাধৰ গালৰ হাড়ডালেৰে এক হাজাৰ লোকক বধ কৰিলোঁ।”
17 Og da han hadde sagt dette, kastet han kjevebenet fra sig; og siden kalte de dette sted Ramat-Leki.
১৭পাছত তেওঁৰ কথা কোৱা শেষ হোৱাত, হাতৰ পৰা হাড়ডাল পেলাই দিলে; তাতে সেই ঠাইৰ নাম ৰামৎ-লেহী হ’ল।
18 Men da han var brennende tørst, ropte han til Herren og sa: Du har gitt denne store frelse ved din tjeners hånd, og så skal jeg nu dø av tørst og falle i de uomskårnes hender!
১৮পাছত তেওঁৰ বৰকৈ পিয়াহ লগাত, তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “তুমি তোমাৰ এই দাসৰ হাতেৰে এই মহা-নিস্তাৰ কৰিলা; এতিয়া মই পিয়াহত মৰি সেই অচুন্নৎহঁতৰ হাতত পৰিম।”
19 Da lot Gud den hulning som er i Leki, åpne sig, og det rant vann ut av den, og han drakk; og hans livsånd vendte tilbake, og han kviknet til; derfor blev denne kilde kalt En-Hakkore; den er i Leki den dag idag.
১৯তাতে যিহোৱাই লেহীত থকা, কুণ্ডৰ নিচিনা দ ঠাইত শিল ফালি বাট উলিওৱাত তাৰ পৰা পানী ওলাল। তেতিয়া তেওঁ জলপান কৰাৰ পাছত প্ৰাণত চেতনা পালে; এই হেতুকে তাৰ নাম অয়িন-হক্কোৰ ৰখা হ’ল; সেই জলৰ ভুমুক এতিয়ালৈকে লেহীত আছে।
20 Han var i tyve år dommer i Israel i filistrenes dager.
২০পলেষ্টীয়াসকলৰ দিনত তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।

< Dommernes 15 >