< Jeremias 49 >

1 Om Ammons barn. Så sier Herren: Har Israel ingen barn, eller har han ingen arving? Hvorfor har deres konge tatt Gad til eie, og hans folk bosatt sig i dets byer?
অম্মোনৰ সন্তানসকলৰ বিষয়। যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ জানো পুত্ৰ নাই? তেওঁৰ উত্তৰাধিকাৰী জানো কোনো নাই? তেন্তে মিল্কমৰ মূর্তিৰ পূজা কৰাসকলে কিয় গাদক অধিকাৰ কৰিছে? আৰু তাৰ প্ৰজাবিলাকে কিয় গাদৰ নগৰবোৰত বাস কৰিছে?
2 Se, derfor skal dager komme, sier Herren, da jeg lar krigsskrik høre mot Rabba i Ammons land, og det skal bli til en øde grusdynge, og dets døtre skal brennes op med ild, og Israel skal ta sine eiere til eie, sier Herren.
এই নিমিত্তে, যিহোৱাই কৈছে, চোৱা, যিদিনা মই অম্মোনৰ সন্তানসকলৰ ৰব্বাৰ বিৰুদ্ধে যুদ্ধৰ ধ্বনি শুনাম, এনে দিন আহিছে; সেয়ে ভগ্নৰাশি হ’ব, আৰু তাৰ উপনগৰবোৰ জুইৰে পোৰা যাব; তেতিয়া যিহোৱাই কৈছে, ইস্ৰায়েলক অধিকাৰ কৰা-বিলাকক ইস্ৰায়েলে অধিকাৰ কৰিব।
3 Hyl, Hesbon! For Ai er ødelagt. Skrik, I Rabbas døtre, omgjord eder med sekk, jamre eder og løp omkring ved kveene! For deres konge går i fangenskap, hans prester og høvdinger alle sammen.
হে হিচবোন, হাহাকাৰ কৰা, কিয়নো অয়ক বিনষ্ট কৰা হ’ল; হে ৰব্বাৰ জীয়াৰীবিলাক, চিঞৰি কান্দা, চট পিন্ধা, বিলাপ কৰি গড়ৰ কাষে কাষে ইফালে সিফালে লৰি ফুৰা; কিয়নো মিল্কম, তাৰ পুৰোহিতবিলাক, আৰু তাৰ প্ৰধান লোক-বিলাক একেলগে বন্দী অৱস্থালৈ যাব।
4 Hvorfor roser du dig av dine daler, av din dals overflod, du frafalne datter, som setter din lit til dine skatter og sier: Hvem kan gjøre mig noget?
মোৰ ওচৰলৈ কোন আহিব পাৰে বুলি কৈ নিজ ধনত ভাৰসা কৰোঁতা হে বিপথগামিনী জীয়াৰী, তোমাৰ উপত্যকাবোৰত, তোমাৰ ৰক্তপ্ৰবাহী উপত্যকাটিত কিয় গৌৰৱ কৰিছা?
5 Se, jeg lar frykt komme over dig, sier Herren, Israels Gud, hærskarenes Gud, fra alle dem som bor rundt omkring dig, og I skal bli drevet bort, hver til sin kant, uten at nogen samler de flyktende.
বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে চোৱা, মই তোমাৰ চাৰিওফালে থকা আটাইৰে পৰা তোমালৈ ভয় উপস্থিত কৰিম; তোমালোক প্ৰতিজনক পোনে পোনে খেদাই দিয়া হ’ব আৰু পলৰীয়াক গোটাবলৈ কোনো নহ’ব।
6 Men derefter vil jeg gjøre ende på Ammons barns fangenskap, sier Herren.
কিন্তু, যিহোৱাই কৈছে, পাছত মই অম্মোনৰ সন্তানসকলৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।
7 Om Edom. Så sier Herren, hærskarenes Gud: Er det ikke mere nogen visdom i Teman? Finnes ikke lenger råd hos de forstandige? Er deres visdom uttømt?
ইদোমৰ বিষয়। বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল?
8 Fly, vend eder, skjul eder dypt nede, I Dedans innbyggere! For jeg lar Esaus ulykke komme over ham, den tid da jeg hjemsøker ham.
হে দদান-নিবাসীবিলাক, তোমালোক পলোৱা মুখ ঘূৰাই গভীৰ ঠাইত সোমাই বাস কৰা; কিয়নো মই এচৌৰ ওপৰলৈ তাৰ আপদ আৰু দণ্ড তাক দিয়াৰ সময় আনিম।
9 Om vinhøstere kommer over dig, så vil de ikke levne nogen efterhøst, om tyver kommer om natten, så vil de ødelegge til de har nok.
তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চপাওঁতাবিলাক আহিলে, সিহঁতে কিছু দ্ৰাক্ষাগুটি অৱশিষ্ট নাৰাখিব নে? ৰাতি চোৰ আহিলে, সিহঁতে প্ৰয়োজন মতে চুৰ কৰি ক্ষান্ত নহ’ব নে?
10 For jeg klær Esau naken, jeg avdekker hans skjulesteder, og vil han skjule sig, så kan han det ikke; hans barn og hans brødre og hans naboer blir ødelagt, og han er ikke mere.
১০কিন্তু মই হ’লে এচৌক শূণ্য কৰিলোঁ আৰু তাৰ গোপনীয় ঠাইবোৰ মুকলি কৰিলোঁ, সি লুকাই থাকিব নোৱাৰিব; তাৰ বংশ, ভায়েকবিলাক আৰু ওচৰ-চুবুৰীয়াৰ বিনষ্ট হ’ল, আৰু সি লোপ পালে।
11 Forlat dine farløse! Jeg vil holde dem i live, og dine enker kan stole på mig.
১১তোমাৰ পিতৃহীন সন্তানসকলক এৰা, ময়েই সিহঁতক জীয়াই ৰাখিম; আৰু তোমাৰ বিধৱাবিলাকে মোত ভাৰসা কৰক।
12 For så sier Herren: Se, de som det ikke tilkom å drikke begeret, de skal drikke, og så skulde du bli ustraffet? Nei, du skal ikke bli ustraffet, drikke skal du.
১২কিয়নো যিহোৱাই এই কথা কৈছে, চোৱা, পাত্ৰত পান কৰা যিবিলাকৰ স্বত্ব নাই, তেওঁবিলাকেই অৱশ্যে পান কৰিব; তেন্তে তুমি জানো সমূলি দণ্ড পাব নলগা লোক? তুমি দণ্ড নোপোৱাকৈ নাথাকিবা, তুমি অৱশ্যে পান কৰিবা।
13 For jeg har svoret ved mig selv, sier Herren, at Bosra skal bli til en forferdelse, til spott, til en ørken og til en forbannelse, og alle dets byer skal bli til evige grusdynger.
১৩কিয়নো যিহোৱাই কৈছে, মই মোৰ নাম লৈ এই শপত খাই কৈছোঁ যে, বস্ৰা আচৰিতৰ, ধিক্কাৰৰ, ধ্বংসৰ আৰু শাওৰ বিষয় হ’ব, আৰু তাৰ আটাই নগৰ চিৰকলীয়া ধ্বংসস্থান হ’ব।
14 En tidende har jeg hørt fra Herren, og et bud er sendt ut iblandt folkene: Samle eder og dra imot det, stå op til krig!
১৪মই যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু জাতিবিলাকৰ মাজলৈ এজন দূত পঠোৱা হ’ল, “তোমালোকে একেলগে গোট খাই তাৰ বিৰুদ্ধে যাত্ৰা কৰা, আৰু যুদ্ধ কৰিবৰ অৰ্থে উঠা”।
15 For se, jeg gjør dig liten blandt folkene, foraktet blandt menneskene.
১৫কিয়নো, চোৱা, মই তোমাক জাতিবিলাকৰ মাজত সৰু, আৰু মানুহৰ মাজত নীহ কৰিলোঁ।
16 Redsel over dig! Ditt hjertes overmot har dåret dig, du som bor i fjellkløfter, du som holder til oppe på høidene. Om du bygger ditt rede høit som ørnen, så vil jeg styrte dig ned derfra, sier Herren.
১৬হে শিলৰ খোৰোঙত বাস কৰা জন, হে পৰ্ব্বতৰ উচ্ছস্থানত থকা জন, তোমাৰ ভয়ানকতাৰ বিষয়ে হ’লে, তোমাৰ মনৰ অহঙ্কাৰে তোমাক প্ৰবঞ্চনা কৰিলে; যিহোৱাই কৈছে, তুমি কুৰৰ পখীৰ নিচিনাকৈ ওখত তোমাৰ বাহ সাজিলেও, মই তাৰ পৰা তোমাক নমাই আনিম।
17 Og Edom skal bli til en forferdelse; hver den som går forbi det, skal forferdes og spotte over alle dets plager.
১৭ইদোম বিস্ময়ৰ বিষয় হ’ব; তাৰ ওচৰেদি অহা-যোৱা কৰা প্ৰতিজনে বিস্ময় মানিব আৰু তালৈ ঘটা আটাই উৎপাত দেখি ইচ ইচ কৰিব।
18 Som da Sodoma og Gomorra og dets nabobyer blev lagt i grus, sier Herren, skal ingen mann bo der, og intet menneskebarn opholde sig der.
১৮যিহোৱাই কৈছে, চদোম, ঘমোৰা, আৰু তাৰ ওচৰৰ নগৰ কেইখন নষ্ট হোৱাৰ সময়ৰ নিচিনাকৈ কোনো মানুহে তাত বাস নকৰিব, কোনো মানুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
19 Se, han stiger op som en løve fra Jordans prakt til de alltid grønne enger; for i et øieblikk vil jeg jage Edoms folk bort derfra, og den som er utvalgt, ham vil jeg sette over det; for hvem er som jeg, og hvem vil stevne mig, og hvem er den hyrde som kan stå for mitt åsyn?
১৯চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু মই চকুৰ পচাৰতে তেওঁক তাৰ পৰা লৰুৱাম আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্ত কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
20 Hør derfor det råd som Herren har lagt mot Edom, og de tanker som han har tenkt mot Temans innbyggere: Visselig, de skal bli slept bort de små lam; visselig, deres beitemark skal forferdes over dem.
২০এই হেতুকে, যিহোৱাই ইদোমৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু তৈমন-নিবাসীবিলাকৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠায়ে সিহঁতৰ বিষয়ে বিস্ময় মানিব।
21 Ved braket av deres fall bever jorden; det lyder skrik som høres like til det Røde Hav.
২১সিহঁতৰ পতনৰ শব্দত পৃথিৱী কঁপিছে; সিহঁতৰ চিঞৰৰ শব্দ চূফ সাগৰলৈকে শুনা গৈছে।
22 Se, som en ørn farer han op og flyver og breder sine vinger ut over Bosra, og Edoms kjemper blir på den dag til mote som en kvinne i barnsnød.
২২চোৱা, তেওঁ কুৰৰ পখীৰ নিচিনাকৈ উড়ি আহিব, আৰু বস্ৰাৰ অহিতে নিজ ডেউকা মেলিব, আৰু সেই দিনা ইদোমৰ বীৰবিলাকৰ হৃদয় প্ৰসৱবেদনা পোৱা তিৰোতাৰ হৃদয়ৰ নিচিনা হ’ব।
23 Om Damaskus. Hamat og Arpad er blitt til skamme, for de har hørt en ond tidende, de forgår av angst; i havet er det uro, det kan ikke være stille.
২৩দম্মেচকৰ বিষয়। হমাৎ আৰু অৰ্পদে লাজ পালে; কিয়নো সিহঁতে অমঙ্গলৰ বাৰ্ত্তা শুনি দ্ৰৱ হৈ গৈছে; সাগৰ খনত শোক দেখা গৈছে, সেয়ে স্থিৰ হ’ব নোৱাৰে।
24 Damaskus er motløst, det vender sig til flukt, forferdelse har grepet det; angst og veer har grepet det som den fødende kvinne.
২৪দম্মেচক দুৰ্ব্বল হৈ পৰিল, সি পলাবলৈ ঘূৰিল আৰু কম্পনে তাক ধৰিলে, প্ৰসৱকাৰিনী তিৰোতাৰ নিচিনাকৈ যাতনা আৰু বেদনাই তাক আক্ৰমণ কৰিলে।
25 Hvor den er forlatt, den lovpriste stad, min gledes by!
২৫প্ৰশংসাৰ নগৰ, মোৰ আনন্দৰ নগৰ কিয় পৰিত্যক্ত নহ’ল?
26 Derfor skal dens unge menn falle på dens gater, og alle krigsmennene skal tilintetgjøres på den dag, sier Herren, hærskarenes Gud.
২৬এতেকে, বাহিনীসকলৰ যিহোৱাই কৈছে, তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ’ব, আৰু আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।
27 Jeg vil sette ild på Damaskus' mur, og den skal fortære Benhadads palasser.
২৭আৰু মই দম্মেচকৰ গড়ৰ ভিতৰত জুই লগাম; সেয়ে বিন-হদদৰ অট্টালিকাবোৰ গ্ৰাস কৰিব।
28 Om Kedar og om Hasors riker, som Babels konge Nebukadnesar slo. Så sier Herren: Stå op, dra op mot Kedar og ødelegg Østens barn!
২৮বাবিলৰ ৰজা নবূখদনেচৰে প্ৰহাৰ কৰা কেদৰৰ আৰু হাচোৰীয়া ৰাজ্যবোৰৰ বিষয়। যিহোৱাই এই কথা কৈছে, তোমালোকে উঠি কেদৰলৈ যোৱা, আৰু পূৱদেশীয় সন্তানসকলক বিনষ্ট কৰা।
29 Deres telt og deres småfe skal de ta; deres telttepper og alle deres redskaper og deres kameler skal de føre bort med sig, og de skal rope til dem: Redsel rundt omkring!
২৯শত্ৰুৱে সিহঁতৰ তম্বু আৰু পশুৰ জাকবোৰ লৈ যাব, আৰু সিহঁতৰ আঁৰ কাপোৰ আদি আটাই বস্তু আৰু উটবোৰ নিজৰ নিমিত্তে নিব, আৰু সিহঁতে শত্ৰুৰ কাৰণে চিঞৰিব, সকলো ফালে ত্ৰাস।
30 Fly, flykt alt det I kan, skjul eder dypt nede, I Hasors innbyggere, sier Herren; for Babels konge Nebukadnesar har lagt råd imot eder og tenkt ut ondt imot eder.
৩০যিহোৱাই কৈছে, হে হাচোৰনিবাসীবিলাক, পলোৱা, দূৰলৈ ভ্ৰমণ কৰি গভীৰ ঠাইত বাস কৰা; কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে তোমালোকৰ অহিতে মন্ত্ৰণা কৰিলে, আৰু তোমালোকৰ অহিতে কল্পনা স্থিৰ কৰিলে।
31 Stå op, dra op mot et rolig folk, som bor trygt, sier Herren; de har hverken port eller bom, de bor for sig selv.
৩১যিহোৱাই কৈছে, তোমালোক উঠা, নিৰ্ভয়ে আৰু নিশ্চিন্তে বাস কৰা, আৰু দুৱাৰ কি ডাং নথকা অকলেই বাস কৰা এটি জাতিৰ বিৰুদ্ধে তোমালোকে যাত্ৰা কৰা।
32 Deres kameler skal bli til rov, og deres store buskap skal bli til hærfang, og jeg vil sprede dem for alle vinder, dem med rundklippet hår, og fra alle kanter vil jeg la ulykke komme over dem, sier Herren.
৩২সিহঁতৰ উটবোৰ চিকাৰৰ বস্তু যেন হ’ব, আৰু সিহঁতৰ পশুসমূহ লুট দ্ৰব্য হ’ব। আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা আটাইবোৰকে মই সকলো ফালে বায়ুত উড়ুৱাই দিম; আৰু যিহোৱাই কৈছে, মই সিহঁতৰ সকলো ফালৰ পৰা সিহঁতলৈ আপদ আনিম।
33 Og Hasor skal bli til bolig for sjakaler, en ørken til evig tid; ingen mann skal bo der, og intet menneskebarn opholde sig der.
৩৩হাচোৰ শিয়ালৰ বাসস্থান, চিৰকলীয়া ধ্বংস স্থান হ’ব; তাত কোনো মানুহ নাথাকিব, নাইবা কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
34 Dette er Herrens ord som kom til profeten Jeremias om Elam i begynnelsen av Judas konge Sedekias' regjering:
৩৪যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণত এলমৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য।
35 Så sier Herren, hærskarenes Gud: Se, jeg knekker Elams bue, deres beste våben.
৩৫বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, চোৱা, মই শক্তিৰ প্ৰধান অস্ত্ৰ এলমৰ ধনু ভাঙি পেলাম।
36 Og jeg vil la fire vinder fra himmelens fire hjørner komme over Elam og sprede dem for alle disse vinder, og det skal ikke være noget folk som de bortdrevne fra Elam ikke kommer til.
৩৬আৰু আকাশৰ চাৰি দিশৰ পৰা চাৰি বায়ু মই এলমৰ ওপৰলৈ বলোৱাম, আৰু সেই সকলো বায়ুত মই সিহঁতক উড়ুৱাই দিম; দূৰীকৃত এলমীয়াবিলাক যি জাতিৰ ওচৰলৈ নাযাব, এনে কোনো জাতি নহ’ব।
37 Og jeg vil gjøre Elam redd for sine fiender og for dem som står dem efter livet, og jeg vil la ulykke komme over dem, min brennende vrede, sier Herren, og jeg vil sende sverd efter dem, inntil jeg får gjort ende på dem.
৩৭আৰু এলমৰ শত্ৰুবোৰৰ আগত, আৰু সিহঁতৰ প্ৰাণ বিচৰাবোৰৰ আগত মই সিহঁতক ব্যাকুল কৰিম; আৰু যিহোৱাই কৈছে মই সিহঁতৰ ওপৰলৈ অমঙ্গল, এনেকি মোৰ প্ৰচণ্ড ক্ৰোধ উপস্থিত কৰিম; আৰু সিহঁতক সংহাৰ নকৰালৈকে সিহঁতৰ পাছে পাছে মই তৰোৱাল পঠাম।
38 Og jeg vil sette min trone i Elam, og jeg vil utrydde konge og høvdinger der, sier Herren.
৩৮যিহোৱাই আৰু কৈছে, মই এলমত নিজ সিংহাসন স্থাপন কৰিম, আৰু তাৰ পৰা দণ্ডাজ্ঞা দি, ৰজা আৰু প্ৰধান লোকবিলাকক উচ্ছন্ন কৰিম।
39 Men det skal skje i de siste dager, da vil jeg gjøre ende på Elams fangenskap, sier Herren.
৩৯কিন্তু, যিহোৱাই কৈছে, শেষকালত মই এলমৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।

< Jeremias 49 >