< Jeremias 32 >

1 Dette er det ord som kom til Jeremias fra Herren i Judas konge Sedekias' tiende år, det er Nebukadnesars attende år.
যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ দশম বছৰত, অৰ্থাৎ নবূখদনেচৰৰ ৰাজত্ব কালৰ অষ্টাদশ বছৰত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ যি বাক্য আহিছিল, তাৰ বিষয় এই।
2 Dengang holdt Babels konges hær Jerusalem kringsatt, og profeten Jeremias var innestengt i vaktgården i Judas konges hus;
সেই সময়ত, বাবিলৰ ৰজাৰ সৈন্য-সামন্তই যিৰূচালেম অৱৰোধ কৰিছিল, আৰু যিৰিমিয়া ভাববাদী যিহূদাৰ ৰাজগৃহৰ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।
3 der hadde Judas konge Sedekias stengt ham inne med de ord: Hvorfor profeterer du og sier: Så sier Herren: Se, jeg gir denne by i Babels konges hånd, og han skal innta den,
যিহূদাৰ ৰজা চিদিকিয়াই তেওঁক বন্দী কৰি থৈ কৈছিল, “তুমি এই বুলি কিয় ভাববাণী প্ৰচাৰ কৰিছা বোলে, ‘যিহোৱাই এইদৰে কৈছে: চোৱা, মই এই নগৰখন বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম, আৰু তেওঁ তাক অধিকাৰ কৰি ল’ব;
4 og Judas konge Sedekias skal ikke undkomme av kaldeernes hånd, men han skal overgis i Babels konges hånd, og han skal tale med ham munn til munn og se ham øie til øie,
যিহূদাৰ ৰজা চিদিকিয়া কলদীয়াসকলৰ হাতৰ পৰা সাৰি নাজাব কিয়নো তেওঁক অৱশ্যে বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব। তেওঁ সম্মুখা-সম্মুখি হৈ ৰজাৰ লগত কথা হ’ব, আৰু তেওঁ ৰজাৰ চকুৱে চকুৱে দেখা দেখি হ’ব;
5 og han skal føre Sedekias til Babel, og der skal han være til jeg tar mig av ham, sier Herren; når I strider mot kaldeerne, skal I ikke ha lykken med eder.
কিয়নো চিদিকিয়া বাবিললৈ যাব, আৰু মই তেওঁৰ বিচাৰ নকৰালৈকে তাতেই তেওঁ থকিব” - এয়ে যিহোৱাৰ ঘোষণা। তোমালোকে যদিও কলদীয়াসকলৰ সৈতে ৰণ কৰিছা, তথাপি কৃতকাৰ্য্য নহ’বা,”
6 Og Jeremias sa: Herrens ord er kommet til mig, og det lød så:
যিৰিমিয়াই ক’লে, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
7 Se, Hanamel, sønn av din farbror Sallum, kommer til dig og sier: Kjøp min mark i Anatot! For du har innløsningsrett, så du kan kjøpe den.
‘চোৱা, তোমাৰ দদায়েৰা চল্লুমৰ পুত্ৰ হনমেলে তোমাৰ ওচৰলৈ আহি এই কথা ক’ব, “অনাথোতত থকা মোৰ শস্যক্ষেত্ৰখন তুমি নিজৰ কাৰণে কিনি লোৱা, কিয়নো তাক কিনি মোকলাবলৈ তোমাৰ স্বত্ব আছে”।”
8 Og Hanamel, min farbrors sønn, kom til mig i vaktgården efter Herrens ord og sa: Kjøp min mark i Anatot, i Benjamins land! For du har odelsretten, og du har plikten til å løse den inn. Kjøp den! Da forstod jeg at det var Herrens ord.
পাছত যিহোৱাৰ বাক্য অনুসাৰে মোৰ দদাইৰ পুত্র হনমেলে প্ৰহৰীৰ চোতাললৈ মোৰ ওচৰলৈ আহি ক’লে, “মই বিনয় কৰোঁ, বিন্যামীন দেশৰ অনাথোত থকা মোৰ শস্যক্ষেত্ৰখন তুমি কিনি লোৱা, কিয়নো তাৰ উত্তৰাধীকাৰ আৰু মোকলাবৰ স্বত্ব তোমাৰ; তুমি নিজৰ কাৰণে তাক কিনি লোৱা।” তেতিয়া, এয়ে যে যিহোৱাৰ বাক্য, সেই বিষয়ে মই জানিলোঁ।
9 Og jeg kjøpte marken av Hanamel, min farbrors sønn, i Anatot, og jeg veide ut sølvet til ham, sytten sekel sølv.
এই কাৰণে মই মোৰ দদাইৰ পুত্রক হনমেলৰ পৰা অনাথোতত থকা শস্যক্ষেত্ৰখন কিনি লৈ তাৰ ধন সোঁতৰ চেকল ৰূপ তেওঁক জুখি দিলোঁ।
10 Og jeg skrev det i et brev og forseglet det og tok vidner, og jeg veide sølvet i vektskåler.
১০মই দলীলত চহী দি তাক মোহৰ মাৰি বন্ধ কৰিলোঁ, আৰু সাক্ষী মাতি, তেওঁক তৰ্জুত সেই ৰূপ জুখি দিলোঁ।
11 Så tok jeg kjøpebrevet, både det forseglede med avtalen og vilkårene, og det åpne,
১১তাৰ পাছত মই মাটিৰ বৰ্ণনা আৰু নিয়ম থকা খৰিদা দলীল দুখন, অৰ্থাৎ মোহৰ মাৰি বন্ধ কৰা আৰু খোলা এই দুয়োখন ললোঁ।
12 og jeg overgav kjøpebrevet til Baruk, sønn av Nerija, sønn av Mahseja, i nærvær av min frende Hanamel og de vidner som hadde skrevet sine navn i kjøpebrevet, og alle de jøder som satt i vaktgården.
১২তাৰ পাছত মোৰ দদাইৰ পুত্র হনমেলৰ সন্মুখত, খৰিদা দলীলত চহী দিয়া সাক্ষীবোৰৰ আগত আৰু প্ৰহৰীৰ চোতালত বহি থকা সকলো যিহুদী লোকৰ আগত মই এই খৰিদা দলীলখন মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ বাৰুকৰ হাতত শোধাই দিলোঁ।
13 Og i deres nærvær gav jeg Baruk dette pålegg:
১৩তেতিয়া তেওঁলোকৰ আগতে বাৰুকক মই এই আজ্ঞা দিলোঁ, মই ক’লো
14 Så sier Herren, hærskarenes Gud, Israels Gud: Ta disse brev, dette forseglede kjøpebrev og dette åpne brev, og legg dem i et lerkar, så de kan holde sig lang tid!
১৪“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তুমি মোহৰ মাৰি বদ্ধ কৰা এই খৰিদা দলীলখন আৰু এই খোলা দলীলখন, দুয়োখন লৈ বহুদিনলৈ থাকিবৰ কাৰণে এক নতুন মাটিৰ পাত্ৰত থোৱা।’
15 For så sier Herren, hærskarenes Gud, Israels Gud: Ennu en gang skal det kjøpes hus og marker og vingårder i dette land.
১৫কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।”
16 Og da jeg hadde overgitt kjøpebrevet til Baruk, Nerijas sønn, bad jeg til Herren og sa:
১৬নেৰিয়াৰ পুত্ৰ বাৰুকক এই খৰিদা দলীলখন দিয়াৰ পাছত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লোঁ,
17 Akk, Herre, Herre! Se, du er den som har gjort himmelen og jorden ved din store kraft og ved din utrakte arm; ingen ting er for vanskelig for dig,
১৭“হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
18 du som gjør miskunnhet imot tusen ledd og gjengjelder fedrenes misgjerning på deres barn efter dem, du store, du veldige Gud, hvis navn er Herren, hærskarenes Gud,
১৮তুমি হাজাৰ হাজাৰ লোকলৈ দয়া প্ৰকাশ কৰোঁতা, আৰু লোকসকলৰ অপৰাধৰ প্ৰতিফল তেওঁলোকৰ পাছত হোৱা তেওঁলোকৰ সন্তান-সন্ততিৰ বুকুত দিওঁতা। তুমিয়ে মহান পৰাক্ৰমী ঈশ্বৰ; বাহিনীসকলৰ যিহোৱা তোমাৰ নাম।
19 du som er stor i råd og mektig i gjerning, du hvis øine er oplatt over alle menneskebarns veier for å gi enhver efter hans ferd og efter hans gjerningers frukt,
১৯তুমি জ্ঞানত মহান, আৰু কাৰ্যত শ্ৰেষ্ঠ, কিয়নো প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনুষ্য সন্তান সকলৰ আটাই আচাৰ-ব্যৱহাৰৰ ওপৰত তোমাৰ চকু মেলা আছে।
20 du som gjorde tegn og under i Egyptens land og helt til denne dag, både med Israel og med andre mennesker, og gjorde dig et navn, således som det sees på denne dag,
২০তুমি মিচৰ দেশত নানা চিন আৰু বিস্মিত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইস্ৰায়েল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম প্ৰখ্যাত কৰিলা।
21 og førte ditt folk Israel ut av Egyptens land ved tegn og under og med sterk hånd og utrakt arm og med stor forferdelse
২১তুমি নানা চিন, বিস্মিত লক্ষণ, বলী হাত, মেলা বাহু আৰু মহাভয়ানকতাৰে তোমাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলা।
22 og gav dem dette land som du hadde svoret deres fedre at du vilde gi dem, et land som flyter med melk og honning.
২২আৰু গাখীৰ মৌ-জোল বৈ যোৱা যি দেশ তেওঁলোকক দিম বুলি তুমি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিলা, সেই দেশ তুমি তেওঁলোকক দিলা।
23 Og de kom og tok det i eie, men de hørte ikke på din røst og levde ikke efter dine lover; alt det du hadde pålagt dem å gjøre, gjorde de ikke. Så har du da latt all denne ulykke komme over dem.
২৩তেতিয়া তেওঁলোকে সোমাই তাক অধিকাৰ কৰি ল’লে। কিন্তু তেওঁলোকে তোমাৰ বাক্য পালন নকৰিলে, বা তোমাৰ ব্যৱস্থাত নচলিলে। তুমি তেওঁলোকক যি যি কাৰ্য কৰিবলৈ আজ্ঞা দিছিলা, সেইবোৰৰ একোকে তেওঁলোকে নকৰিলে, আৰু এই কাৰণে তুমি তেওঁলোকৰ ওপৰত এই সকলো দুৰ্যোগ ঘটালা।
24 Se, fiendenes voller er nådd helt frem til byen, så de kan innta den, og ved sverd, hunger og pest er byen gitt i hendene på kaldeerne, som strider mot den, og det som du har talt, er skjedd; du ser det selv.
২৪চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা।
25 Og allikevel, enda byen er gitt i kaldeernes hånd, har du, Herre, Herre, sagt til mig: Kjøp marken for penger og ta vidner på det!
২৫আৰু হে প্ৰভু, তুমি এই বুলি মোক কৈছিলা বোলে, “ৰূপ দি শস্যক্ষেত্ৰ কিনা, আৰু সাক্ষী মাতা, অথচ এই নগৰখন কলদীয়াসকলৰ হাতত শোধাই দিয়া হৈছে।”
26 Da kom Herrens ord til Jeremias, og det lød så:
২৬তেতিয়া যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,
27 Se, jeg er Herren, alt kjøds Gud; skulde nogen ting være for vanskelig for mig?
২৭“চোৱা! ময়েই যিহোৱা, সকলো মৰ্ত্ত্যৰেই ঈশ্বৰ। মোৰ অসাধ্য জানো কিবা আছে নে?”
28 Derfor sier Herren så: Se, jeg gir denne by i kaldeernes hånd og i Babels konge Nebukadnesars hånd, og han skal innta den.
২৮এই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই কলদীয়াসকলক আৰু বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত এই নগৰখন সৰ্ম্পণ কৰিম। তেতিয়া তেওঁ তাক হাত কৰি ল’ব।
29 Og kaldeerne, som strider mot denne by, skal komme og tende ild på den og opbrenne den og de hus på hvis tak det har vært brent røkelse for Ba'al og utøst drikkoffer for andre guder for å vekke min harme.
২৯আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব।
30 For helt fra sin ungdom av har Israels barn og Judas barn bare gjort det som er ondt i mine øine; Israels barn har ikke gjort annet enn å vekke min harme ved sine henders verk, sier Herren.
৩০কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে লৰা কালৰে পৰা মোৰ সাক্ষাতে কেৱল কু-কৰ্মহে কৰা লোক আছিল; ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ হাতৰ কাৰ্যৰে কেৱল মোক বেজাৰহে দিছে” - এয়ে যিহোৱাৰ ঘোষণা।
31 For til vrede og harme har denne by vært mig like fra den dag da de bygget den, og til denne dag, så jeg må ta den bort fra mitt åsyn
৩১“কিয়নো তেওঁলোকে এই নগৰখন সজা দিনৰে পৰা আজিলৈকে, ই মোৰ পক্ষে কেৱল মোৰ ক্ৰোধ আৰু কোপৰ কাৰণ হে হৈ পৰিছে। সেই কাৰণে মোৰ আগৰ পৰা মই এই নগৰখন দূৰ কৰি ইয়াৰ পৰা বিমুখে থাকিম,
32 for all den ondskap som Israels barn og Judas barn har gjort for å vekke min harme, de, deres konger, deres høvdinger, deres prester og deres profeter, Judas menn og Jerusalems innbyggere.
৩২কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে, মোক বেজাৰ দিবৰ অৰ্থে কৰা তেওঁলোকৰ সকলো দুষ্কৰ্মৰ দ্ৱাৰাই মোক উত্তেজিত কৰিলে - তেওঁলোকৰ ৰজাসকল, প্ৰধান লোকসকল, পুৰোহিতসকল, ভাববাদীসকল আৰু যিহূদাৰ প্রত্যেক জন লোক আৰু যিৰূচালেম-নিবীসীসকল।
33 De vendte ryggen og ikke ansiktet til mig; og jeg lærte dem tidlig og sent, men de hørte ikke på mig og tok ikke imot tukt.
৩৩তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে।
34 Men de satte sine vederstyggelige ting i det hus som er kalt med mitt navn, og gjorde det urent.
৩৪কিন্তু মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত তেওঁলোকৰ ঘৃণনীয় বস্তুবোৰ ৰাখিলে।
35 Og de bygget offerhaugene for Ba'al i Hinnoms sønns dal for å la sine sønner og døtre gå gjennem ilden for Molok, enda jeg ikke hadde pålagt dem det, og det ikke var opkommet i mitt hjerte at de skulde gjøre denne vederstyggelighet; og således fikk de Juda til å synde.
৩৫তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে।
36 Men derfor sier Herren, Israels Gud, nu så om denne by om hvilken I sier: Den er gitt i Babels konges hånd ved sverd og hunger og pest:
৩৬এই কাৰণে এতিয়া, মই যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এই নগৰৰ বিষয়ে কৈছে, যাৰ বিষয়ে তোমালোকে কৈছা, ‘যি তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই এই নগৰখন বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হৈছে:
37 Se, jeg samler dem fra alle de land som jeg drev dem bort til i min vrede og harme og min store fortørnelse, og jeg vil føre dem tilbake til dette sted og la dem bo trygt.
৩৭চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খুৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।
38 Og de skal være mitt folk, og jeg vil være deres Gud.
৩৮তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হম।
39 Og jeg vil gi dem ett hjerte og lære dem en vei til å frykte mig alle dager, så det må gå dem vel, dem og deres barn efter dem.
৩৯মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তান সকলৰ মঙ্গল হয়।
40 Og jeg vil oprette en evig pakt med dem at jeg ikke vil dra mig tilbake fra dem, men gjøre vel imot dem, og frykt for mig vil jeg legge i deres hjerte, så de ikke skal gå bort fra mig.
৪০তেওঁলোকৰ মঙ্গল কৰিবলৈ অৰ্থে, মই যেন তেওঁলোকৰ পৰা নুঘূৰিম, সেই কাৰণে মই তেওঁলোকৰ সৈতে এনে এক চিৰস্থায়ী নিয়ম স্থাপন কৰিম যাতে তেওঁলোকৰ মনত মোৰ বিষয়ৰ ভয় স্থাপন কৰিম যাতে তেওঁলোক মোৰ পাছত চলি মোৰ পৰা কেতিয়াও আঁতৰ নহয়।
41 Og jeg vil glede mig over dem og gjøre vel imot dem, og jeg vil plante dem i dette land i trofasthet, av hele mitt hjerte og av hele min sjel.
৪১তেতিয়া মই তেওঁলোকৰ মঙ্গল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম, আৰু নিশ্চয়ে সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰোম।”
42 For så sier Herren: Likesom jeg har latt all denne store ulykke komme over dette folk, således vil jeg også la alt det gode komme over dem som jeg har lovt dem.
৪২কিয়নো যিহোৱাই এই কথা কৈছে: মই লোকসকললৈ যেনেকৈ এই সকলো মহা-আপদ ঘটালোঁ, তেনেকৈ মই তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা সকলো মঙ্গলো ঘটাম।
43 Og det skal kjøpes marker i dette land om hvilket I sier: Det er en ørken, uten mennesker og dyr, det er gitt i kaldeernes hånd.
৪৩তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব।
44 De skal kjøpe marker for penger og skrive kjøpebrev og forsegle dem og ta vidner, i Benjamins land og i landet omkring Jerusalem og i Judas byer, både byene i fjellbygdene og byene i lavlandet og byene i sydlandet; for jeg vil gjøre ende på deres fangenskap, sier Herren.
৪৪তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহী দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম” - এয়ে যিহোৱাৰ ঘোষণা।

< Jeremias 32 >