< Jakobs 3 >

1 Mine brødre! ikke mange av eder bli lærere, eftersom I vet at vi skal få dess tungere dom!
হে মোৰ ভাইসকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হ’বলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানে যে আমাৰ দৃঢ়ৰূপে অধিক সোধ-বিচাৰ হ’ব।
2 For vi snubler alle sammen i mange ting; den som ikke snubler i tale, han er en fullkommen mann, i stand til også å holde hele legemet i tømme.
কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।
3 Når vi legger bissel i munnen på hestene, forat de skal lyde oss, så styrer vi og hele deres legeme.
ঘোঁৰাবোৰ আমাৰ বশীভূত হ’বলৈ আমি যেতিয়া সিহঁতৰ মুখত লেকাম বান্ধি দিওঁ, তেতিয়া আমি সিহঁতৰ গোটেই শৰীৰটোকে ঘূৰাব পাৰোঁ।
4 Se, også skibene, enda de er så store og drives av sterke vinder, styres dog av et lite ror dit styrmannen vil ha dem.
লক্ষ্য কৰিবা যে, কেনেকৈ অতি ডাঙৰ জাহাজবোৰে প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হ’লেও, সেইবোৰক অতি সৰু বৃত্তাকাৰ হালিৰেহে গুৰিয়ালৰ ইচ্ছা অনুসাৰে ঘূৰুউৱা যায়।
5 Så er og tungen et lite lem, og taler dog store ord. Se, en liten ild, hvor stor en skog den setter i brand!
সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰা, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়!
6 Også tungen er en ild; som en verden av urettferdighet står tungen blandt våre lemmer; den smitter hele legemet og setter livets hjul i brand, og settes selv i brand av helvede. (Geenna g1067)
সেইদৰে জিভাও হৈছে এক অগ্নি স্বৰূপ, আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়। (Geenna g1067)
7 For all natur, både i dyr og i fugler, både i ormer og i sjødyr, temmes og er blitt temmet av den menneskelige natur;
কিয়নো পশু, পক্ষী, উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰিব পাৰে আৰু বশ কৰি অহা হৈছে;
8 men tungen kan intet menneske temme, det ustyrlige onde, full av dødelig gift.
কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই; ই অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ।
9 Med den velsigner vi Herren og Faderen, og med den forbanner vi menneskene, som er skapt efter Guds billede.
তাৰ দ্বাৰাই আমি আমাৰ পিতৃ প্ৰভুৰ প্রশংসা কৰোঁ; আৰু তাৰেই ঈশ্বৰৰ সদৃশ্যেৰে হোৱা লোক সকলক অভিশাপ দিওঁ।
10 Av samme munn utgår velsignelse og forbannelse. Mine brødre! dette må ikke være så.
১০একে মুখৰ পৰাই আশীৰ্বাদ আৰু অভিশাপৰ কথা ওলায়। হে মোৰ ভাই সকল, এনে হোৱা উচিত নহয়।
11 Gir vel kilden av samme opkomme søtt og beskt vann?
১১একেটা ভুমুকৰ বিন্ধাইদি নির্মল আৰু তিতা, একেলগে দুবিধ পানী ওলাই নে?
12 Kan vel et fikentre, mine brødre, bære oljebær, eller et vintre fiken? Heller ikke kan en salt kilde gi søtt vann.
১২হে মোৰ ভাইসকল, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰে নে? তেনেদৰে লুণীয়া পানীৰ ভুমুকেও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে।
13 Hvem er vis og forstandig blandt eder? Han vise ved god ferd sine gjerninger i visdoms saktmodighet!
১৩আপোনালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওঁক।
14 Men har I besk avind og trettesyke i eders hjerter, da ros eder ikke mot sannheten og lyv ikke mot den!
১৪কিন্তু আপোনালোকৰ হৃদয়ত যদি তিক্ততাপূৰ্ণ ঈৰ্ষা আৰু বিৰোধ থাকে, তেনেহলে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈয়ো নক’ব।
15 Denne visdom kommer ikke ovenfra, men er jordisk, sanselig, djevelsk;
১৫এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক।
16 for hvor der er avind og trettesyke, der er urede og alt det som ondt er.
১৬কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দ্বন্দ আৰু আটাই কুকৰ্ম থাকে।
17 Men den visdom som er ovenfra, er først og fremst ren, dernæst fredsommelig, rimelig, eftergivende, full av barmhjertighet og gode frukter, uten tvil, uten skrømt.
১৭কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয় আৰু নিৰ্মল।
18 Men rettferdighets frukt såes i fred for dem som holder fred.
১৮যি সকল লোক মিলনকাৰী, তেওঁলোকৰ দ্বাৰাই ৰোপন কৰা শান্তিত ধাৰ্মিকতাৰ ফল পোৱা যায়।

< Jakobs 3 >