< Hebreerne 11 >

1 Men tro er full visshet om det som håpes, overbevisning om ting som ikke sees.
বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি।
2 For på grunn av den fikk de gamle godt vidnesbyrd.
কিয়নো তাতেই বিশ্বাসৰ দ্বাৰাই আমাৰ বৃদ্ধ পুৰুষ সকলে সাক্ষ্য পালে।
3 Ved tro skjønner vi at verden er kommet i stand ved Guds ord, så det som sees, ikke blev til av det synlige. (aiōn g165)
বিশ্বাসৰ দ্বাৰাই আমি বুজিলো যে, সৃষ্টি খন ঈশ্বৰৰ বাক্যৰ যোগেদি স্থাপন কৰা হ’ল; তাতে দৃশ্যবস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ’ল, এনে নহয়। (aiōn g165)
4 Ved tro bar Abel frem for Gud et bedre offer enn Kain; ved den fikk han det vidnesbyrd at han var rettferdig, idet Gud vidnet om hans gaver, og ved den taler han ennu efter sin død.
বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈয়ো উত্তম বলিদান উৎসৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়েই, তেওঁ যে ধাৰ্মিক, ইয়াৰে সাক্ষ্য পালে৷ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈয়ো এতিয়ালৈকে কথা কৈ আছে।
5 Ved tro blev Enok bortrykket, så han ikke skulde se døden, og han blev ikke funnet, fordi Gud hadde bortrykket ham. For før han blev bortrykket, fikk han det vidnesbyrd at han tektes Gud;
বিশ্বাসৰ গুণে, হনোকে মৃত্যু নেদেখিবৰ কাৰণে, তেওঁক লোকান্তৰলৈ নিয়া হ’ল; তাতে তেওঁক পোৱা নগ’ল; কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে; কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই, তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ সাক্ষ্য পালে।
6 men uten tro er det umulig å tekkes Gud; for den som treder frem for Gud, må tro at han er til, og at han lønner dem som søker ham.
কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।
7 Ved tro bygget Noah, varslet av Gud om det som ennu ikke var sett, i hellig frykt en ark til frelse for sitt hus; ved den fordømte han verden og blev arving til rettferdigheten av tro.
বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্রাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল।
8 Ved tro var Abraham lydig da han blev kalt, så han drog ut til det sted han skulde få til arv, og han drog ut uten å vite hvorhen han skulde komme;
ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।
9 ved tro opholdt han sig som utlending i det lovede land som i et fremmed land, idet han bodde i telt sammen med Isak og Jakob, medarvingene til det samme løfte;
এইদৰে বিশ্বাসৰ দ্বাৰাই তেওঁ বিদেশীৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ থাকিল৷ সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইচহাক আৰু যাকোবৰ সহিত তম্বুত বাস কৰিছিল;
10 for han ventet på den stad som har de faste grunnvoller, og som Gud er byggmester og skaper til.
১০কিয়নো যি নগৰৰ প্ৰতিস্থাপক আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ, সেই ভিত্তিমূল থকা নগৰ বাবে তেওঁ অপেক্ষা কৰি আছিল।
11 Ved tro fikk også Sara kraft til å grunnlegge en ætt, og det til tross for sin alder, da hun aktet ham trofast som gav løftet;
১১বিশ্বাসৰ যোগেদি অব্ৰাহাম আৰু চাৰায়ো অতিৰিক্ত বয়সত বংশ উৎপাদনৰ শক্তি পালে; কিয়নো তেওঁ প্ৰতিজ্ঞা কৰা জনক বিশ্বাসী বুলি জ্ঞান কৰিছিল।
12 derfor blev det også av en, og det en utlevd, avlet så mange som himmelens stjerner og som sanden ved havets strand, som ingen kan telle.
১২এই হেতুকে এজনৰ পৰা, সেই মৃত্যু তুল্য জনৰ পৰাই, লেখত আকাশৰ তৰাবোৰৰ সমান, আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোক উৎপন্ন হ’ল।
13 I tro døde alle disse uten at de hadde opnådd det som var lovt; men de så det langt borte og hilste det og bekjente at de var fremmede og utlendinger på jorden.
১৩সেই সকলো বিশ্বাসত মৰিল; তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল।
14 For de som sier slikt, gir derved til kjenne at de søker et fedreland;
১৪কিয়নো যি সকলে এনেকুৱা কথা কয়, তেওঁলোকে যে নিজ দেশ বিচাৰিছে, ইয়াকে প্ৰকাশ কৰে।
15 og dersom de hadde tenkt på det som de var kommet fra, da hadde de jo hatt tid til å vende tilbake;
১৫তেওঁলোকে যি দেশৰ পৰা ওলাই আহিছিল, তালৈ মন কৰা হ’লে, অৱশ্যে উলটি যাবলৈ সু-সময় পালেহেঁতেন।
16 men nu stunder de efter et bedre, det er et himmelsk; derfor skammer Gud sig ikke ved dem, ved å kalles deres Gud; for han har gjort en stad ferdig til dem.
১৬কিন্তু এতিয়া তেওঁলোকে তাতকৈ এটি উত্তম স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে; এই হেতুকে ঈশ্বৰে, তেওঁলোকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হ’বলৈ লাজ নাপায়; কিয়নো তেওঁলোকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে।
17 Ved tro ofret Abraham Isak dengang han blev fristet; ja, sin enbårne ofret han som hadde fått løftene,
১৭অব্ৰাহাম পৰীক্ষিত হোৱাত, বিশ্বাসৰ দ্বাৰাই ইচহাকক উ‌‌ৎসৰ্গ কৰিলে৷ হয়, তেওঁ আনন্দেৰে সেই প্ৰতিজ্ঞা গ্ৰহন কৰি নিজৰ একমাত্ৰ পুত্ৰক উৎসৰ্গ কৰিলে,
18 han som det blev sagt til: I Isak skal det nevnes dig en ætt;
১৮যি জনৰ বিষয়ে কৈছিল, “ইচহাকৰ জৰিয়তে তোমাৰ বংশধৰ সকলক দেখা পাবা৷”
19 for han tenkte at Gud er mektig endog til å opvekke fra de døde, og derfra fikk han ham og likesom tilbake.
১৯কাৰণ ঈশ্বৰে যে মৃত লোকৰ মাজৰ পৰাও তুলিব পাৰে, ইয়াকে অব্ৰাহামে দৃঢ় বিশ্বাস কৰিছিল, আৰু তাৰ পৰা দৃষ্টান্ত স্বৰূপে তেওঁক পুনৰায় পালেও।
20 Ved tro velsignet Isak Jakob og Esau, med syn på det som skulde komme.
২০বিশ্বাসৰ দ্বাৰাই ইচহাকে ভবিষ্যত বিষয়ৰ কথাত যাকোব আৰু এচৌক আশীৰ্বাদ কৰিলে।
21 Ved tro velsignet Jakob døende hver og en av Josefs sønner og tilbad, bøiet over knappen på sin stav.
২১বিশ্বাসৰ দ্বাৰাই যাকোবে, মৰণ-কালত যোচেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে; আৰু নিজৰ লাখুটিৰ মূৰত ভৰ দি, ভজনাও কৰিলে।
22 Ved tro talte Josef på sitt siste om Israels barns utgang og gav påbud om sine ben.
২২বিশ্বাসৰ দ্বাৰাই যোচেফে অন্তিম কালত মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তান সকলক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰিলে, আৰু নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে।
23 Ved tro blev Moses efter sin fødsel skjult i tre måneder av sine foreldre, fordi de så at gutten var fager, og de fryktet ikke for kongens bud.
২৩মোচিৰ জন্ম হোৱাত মাক-বাপেকে তিনি মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল; বিশ্বাস আছিল কাৰণে তেওঁলোকে তেনেকৈ ৰাখিছিল৷ কিয়নো তেওঁলোকে দেখিলে যে, লৰা জন অতি সুন্দৰ; আৰু ৰজাৰ আজ্ঞালৈ তেওঁলোকে ভয় নকৰিলে।
24 Ved tro nektet Moses, da han var blitt stor, å kalles Faraos datters sønn,
২৪বিশ্বাসৰ দ্বাৰাই মোচি বয়সত বৃদ্ধি পায় বাঢ়িবলৈ ধৰিলে, আৰু ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ’বলৈ অস্বীকাৰ কৰিলে;
25 idet han heller valgte å lide ondt sammen med Guds folk enn å ha en kortvarig nydelse av synden,
২৫কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে,
26 og aktet Kristi vanære for en større rikdom enn Egyptens skatter; for han så frem til lønnen.
২৬আৰু মিচৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহা ধন জ্ঞান কৰিলে; কিয়নো তেওঁ পুৰস্কাৰ-দানলৈ দৃষ্টি কৰিছিল।
27 Ved tro forlot han Egypten, uten å frykte for kongens vrede; for han holdt ut, som om han så den usynlige.
২৭বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।
28 Ved tro holdt han påsken med blodsprengningen, forat ikke ødeleggeren skulde røre deres førstefødte.
২৮আৰু প্ৰথমে জন্ম পোৱা সকলৰ সংহাৰকৰ্ত্তাই তেওঁলোকক স্পৰ্শ নকৰিবৰ কাৰণে, তেওঁ বিশ্বাসৰ গুণে নিস্তাৰ-পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে।
29 Ved tro gikk de gjennem det Røde Hav som over tørt land; men da egypterne prøvde på det, druknet de.
২৯বিশ্বাসৰ দ্বাৰাই তেওঁলোকে, শুকান মাটিয়েদি যোৱাৰ দৰে, লোহিত সাগৰৰ মাজেদি যাত্ৰা কৰিলে; কিন্তু মিচৰ দেশৰ লোক সকলে আহিবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গ্ৰাস কৰা হ’ল।
30 Ved tro falt Jerikos murer, da de hadde gått omkring dem i syv dager.
৩০বিশ্বাসৰ দ্বাৰাই সাত দিন যিৰীহোৰ গড় প্ৰদক্ষিণ কৰোঁতে সেই গড় খহি পৰিল।
31 Ved tro undgikk skjøgen Rahab å gå til grunne med de vantro, da hun hadde tatt imot speiderne med fred.
৩১বিশ্বাসৰ দ্বাৰাই ৰাহাব বেশ্যাই চোৰাংচোৱা সকলক শান্তিৰে আলহীৰূপে গ্ৰহন কৰোঁতে, অবাধ্য সকলৰ লগত তেওঁ বিনষ্ট নহ’ল।
32 Og hvorfor taler jeg lenger? Tiden vilde bli mig for kort om jeg skulde fortelle om Gideon og Barak og Samson og Jefta, om David og Samuel og profetene,
৩২আৰু অধিক কি ক’ম, গিদিয়োন, বাৰাক, চিমচোন, যিপ্তহ, দায়ুদ, চমূৱেল, আৰু ভাৱবাদী সকল, এই সকলোৰে বৃত্তান্ত ক’বলৈ গলে সময় নোজোৰে;
33 som ved tro seiret over kongeriker, håndhevde rettferdighet, fikk løfter opfylt, stoppet gapet på løver,
৩৩তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে,
34 slukket ilds kraft, slapp fra sverds egg, fikk styrke igjen efter sykdom, blev veldige i krig, fikk fienders hærer til å vike;
৩৪তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দূৰ্বলতাৰ পৰাও বলৱন্ত হ’ল, যুদ্ধত পৰাক্ৰমী হ’ল, অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে।
35 kvinner fikk sine døde igjen ved opstandelse; andre blev utspent til pinsel og vilde ikke ta imot utløsning, forat de kunde få del i en bedre opstandelse;
৩৫তিৰোতা সকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আন লোক সকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ’বৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ’ল।
36 andre fikk lide spott og hudstrykning, ja bånd og fengsel;
৩৬আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে;
37 de blev stenet, gjennemsaget, fristet; de døde for sverd; de flakket omkring i fåreskinn, i gjeteskinn, de led mangel, trengsel, hård medferd
৩৭তেওঁলোকক শিল দলিয়াই মৰা হ’ল, কৰতেৰে ফলা হ’ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ’ল; তেওঁলোকক তৰোৱালেৰে বধ কৰা হ’ল; তেওঁলোকে দীনহীন, আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তহৈ, মেষ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল;
38 - verden var dem ikke verd - de vanket om i utørkener og fjell og huler og jordkløfter.
৩৮(এই জগত তেওঁলোকৰ যোগ্য নাছিল; ) তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত, আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল;
39 Og enda alle disse fikk vidnesbyrd for sin tro, opnådde de ikke det som var lovt,
৩৯এই সকলোৱে, বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও, প্ৰতিজ্ঞাৰ ফল নাপালে;
40 fordi Gud forut hadde utsett noget bedre for oss, så de ikke skulde nå fullendelsen uten oss.
৪০কিয়নো ঈশ্বৰে আমাৰ কাৰণে কোনো শ্ৰেষ্ঠ বিষয় যুগুত কৰি ৰখা বাবে আমাৰ অবিহনে তেওঁলোকক সিদ্ধ হ’বলৈ নিদিলে।

< Hebreerne 11 >