< 1 Mosebok 21 >

1 Og Herren så til Sara som han hadde sagt, og Herren gjorde med Sara som han hadde lovt.
যিহোৱাই নিজৰ কথাৰ দৰে চাৰালৈ অনুগ্ৰহ কৰিলে আৰু চাৰালৈ যি কৰিব বুলি কৈছিল তেওঁ তাক সিদ্ধ কৰিলে।
2 Sara blev fruktsommelig og fødte Abraham en sønn i hans alderdom på den fastsatte tid som Gud hadde talt til ham om.
চাৰা গৰ্ভৱতী হ’ল। অব্ৰাহামৰ অতি বৃদ্ধ বয়সত চাৰাই তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। ঈশ্বৰে প্রতিজ্ঞা কৰাৰ সময়তে সেই পুত্রৰ জন্ম হ’ল।
3 Og Abraham kalte den sønn han hadde fått, den som Sara hadde født ham, Isak.
অব্ৰাহামে চাৰাই প্রসৱ কৰা এই পুত্ৰৰ নাম “ইচহাক” ৰাখিলে।
4 Og Abraham omskar Isak, sin sønn, da han var åtte dager gammel, således som Gud hadde befalt ham.
ঈশ্বৰৰ আজ্ঞা অনুসাৰে অব্ৰাহামে আঠ দিনৰ দিনা নিজ পুত্ৰ ইচহাকৰ চুন্নৎ কৰিলে।
5 Abraham var hundre år gammel da han fikk sin sønn Isak.
পুত্ৰ ইচহাকৰ জন্মৰ সময়ত অব্ৰাহামৰ বয়স হৈছিল এশ বছৰ।
6 Da sa Sara: Gud har gjort det så at jeg må le; alle som hører dette, vil le av mig.
চাৰাই ক’লে, “পূর্বে নিঃসন্তান হোৱাৰ বাবে যদিও মই দুখী আছিলোঁ, ঈশ্বৰে মোৰ মুখত আনন্দৰ হাঁহি দিলে; তেওঁ যি কৰিলে সেই কথা শুনা প্রতিজনেও মোৰে সৈতে হাঁহিব।”
7 Og hun sa: Hvem skulde vel ha sagt til Abraham at Sara gir barn å die? Og nu har jeg født ham en sønn i hans alderdom.
তেওঁ পুনৰ ক’লে, “ইয়াৰ আগতে কোনোৱে জানো অব্ৰাহামক ক’ব পাৰিলেহেঁতেন যে মই এদিন সন্তানক পিয়াহ খুৱাম? কিয়নো মই এতিয়া তেওঁৰ বুঢ়া কালত তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলোঁ।”
8 Og gutten vokste op og blev avvent; og Abraham gjorde et stort gjestebud den dag Isak blev avvent.
ইচহাক ক্রমে ডাঙৰ হ’বলৈ ধৰিলে আৰু তেওঁৰ পিয়াহো এৰুৱালে। পিয়াহ এৰুৱাৰ দিনা অব্ৰাহামে এক বৰভোজ পাতিলে।
9 Og Sara så at egypterkvinnen Hagars sønn, som hun hadde født Abraham, spottet,
এদিন চাৰাই দেখিলে যে হাগাৰৰ পুত্র ইশ্মায়েলে ইচহাকক ইতিকিং কৰিছে।
10 og hun sa til Abraham: Driv ut denne trælkvinne og hennes sønn! For denne trælkvinnes sønn skal ikke arve med min sønn, med Isak.
১০তাকে দেখি চাৰাই অব্ৰাহামক ক’লে, “তুমি এই মিচৰীয়া দাসী আৰু তাইৰ পুতেকক খেদি দিয়া! মই নিবিচাৰোঁ যে আমাৰ ইচহাকৰ সৈতে সেই দাসীৰ পুত্র উত্তৰাধিকাৰৰ ভাগী হওঁক।”
11 Dette gjorde Abraham meget ondt for hans sønns skyld.
১১পুত্র ইশ্মায়েলৰ বিষয়ে এই কথা শুনি অব্ৰাহামে মনত অতিশয় বেজাৰ পালে।
12 Men Gud sa til Abraham: La det ikke gjøre dig ondt for guttens og for din trælkvinnes skyld! Lyd Sara i alt det hun sier til dig! For i Isak skal det nevnes dig en ætt.
১২কিন্তু ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ল’ৰা ইশ্মায়েল কাৰণে আৰু তোমাৰ দাসীৰ কথা ভাৱি মনত বেজাৰ নকৰিবা। চাৰাই কোৱা কথাবোৰ শুনি তুমি সেইদৰে কার্য কৰা; কিয়নো ইচহাকৰ দ্বাৰায়েই তোমাৰ বংশধৰসকলৰ নামাকৰণ হ’ব।
13 Men også trælkvinnens sønn vil jeg gjøre til et folk, fordi han er din sønn.
১৩সেই দাসীৰ পুত্রৰ যোগেদিও মই এক জাতি উৎপন্ন কৰিম, কাৰণ তেৱোঁ তোমাৰেই বংশৰধৰ।”
14 Da stod Abraham tidlig op om morgenen og tok brød og en skinnsekk med vann og gav Hagar og la det på hennes skulder; han gav henne også gutten med og lot henne fare. Og hun gikk avsted og for vill i Be'erseba-ørkenen.
১৪পিছদিনা অব্ৰাহামে নিচেই পুৱাতে উঠি কিছু পিঠা আৰু ছালেৰে তৈয়াৰী পানী ভৰা এটা মোনা লৈ হাগাৰৰ কান্ধত তুলি দিলে। তাৰ পাছত ইশ্মায়েলকো শোধাই দি তেওঁলোক দুয়োকো বিদায় দিলে; পাছত দুয়ো আঁতৰি গ’ল আৰু বেৰ-চেবাৰ মৰুপ্রান্তৰত ভ্ৰমি ফুৰিলে।
15 Da det var forbi med vannet i sekken, kastet hun gutten fra sig under en busk
১৫যেতিয়া ছালৰ মোনাৰ পানী শেষ হৈ গ’ল, তেতিয়া হাগাৰে ল’ৰাটোক এটা জোপোহাৰ তলত শুৱাই হ’ল।
16 og gikk bort og satte sig et stykke ifra, sa langt som et bueskudd; for hun tenkte: Jeg vil ikke se på at gutten dør. Så satt hun et stykke ifra og brast i gråt.
১৬তাৰ পাছত অলপ আতঁৰতে, প্রায় এটা কাঁড় মাৰিলে যোৱা দূৰত্বমানলৈ গৈ হাগাৰ বহি থাকিল। “ল’ৰাৰ মৃত্যু মই চকুৰে চাই থাকিব নোৱাৰো,” বুলি কৈ তেওঁ তাতে বহি উচুপি উচুপি কান্দিবলৈ ধৰিলে।
17 Men Gud hørte gutten ynke sig, og Guds engel ropte til Hagar fra himmelen og sa til henne: Hvad fattes dig, Hagar? Frykt ikke! For Gud har hørt gutten ynke sig der han ligger.
১৭ল’ৰাটিৰ কান্দোন ঈশ্বৰৰ কাণত পৰাত ঈশ্বৰৰ দূতে আকাশৰ পৰা হাগাৰক মাত দিলে; দূতে ক’লে, “হাগাৰ, তোমাৰ কি হৈছে? ভয় নকৰিবা; কিয়নো তাত পৰি থকা তোমাৰ ল’ৰাৰ কান্দোন ঈশ্বৰে শুনা পাইছে।
18 Reis dig, løft gutten op og hold ham ved hånden! For jeg vil gjøre ham til et stort folk.
১৮তুমি উঠা আৰু ল’ৰাটিক তুলি লৈ শান্ত কৰাত সহায় কৰা; কিয়নো মই তেওঁৰ যোগেদি এক মহাজাতি উৎপন্ন কৰিম।”
19 Og Gud åpnet hennes øine, så hun så en brønn; da gikk hun dit og fylte sekken med vann og gav gutten å drikke.
১৯তাৰ পাছতে ঈশ্বৰে হাগাৰৰ চকু মুকলি কৰাত তেওঁ এটা কুৱাঁ দেখা পালে; তেতিয়া হাগাৰে সেই কুৱাঁৰ কাষলৈ গৈ নিজৰ ছালৰ মোনাটোত পানী ভৰাই ল’ৰাক পান কৰালে।
20 Og Gud var med gutten; han blev stor og bodde i ørkenen, og da han vokste til, blev han bueskytter.
২০ঈশ্বৰ সেই ল’ৰাৰ লগত থাকিল আৰু তেওঁ ডাঙৰ হ’বলৈ ধৰিলে। তেওঁ মৰুপ্রান্তৰত বাস কৰিলে আৰু এজন ধনুৰ্দ্ধৰ হ’ল।
21 Han bosatte sig i ørkenen Paran, og hans mor tok en hustru til ham fra Egypten.
২১পাৰণ নামৰ এক মৰুপ্রান্তৰত তেওঁ বসতি কৰিবলৈ ধৰিলে; পাছত মিচৰ দেশৰ এজনী ছোৱালীক তেওঁৰ বাবে ভার্য্যা কৰি মাকে বিয়া পাতি দিলে।
22 Ved denne tid kom Abimelek og Pikol, hans hærfører, og sa til Abraham: Gud er med dig i alt det du gjør.
২২সেই সময়ত অবীমেলক আৰু তেওঁৰ সৈন্যদলৰ সেনাপতি ফীখোলে অব্ৰাহামৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ সকলো কাৰ্যতে ঈশ্বৰ আপোনাৰ সংগত আছে।
23 Så tilsverg mig nu her ved Gud at du ikke vil fare med svik mot mig og mine barn og min ætt! Likesom jeg har vist godhet mot dig, så skal du gjøre det samme mot mig og mot det land du bor i som fremmed.
২৩সেইবাবে ঈশ্বৰৰ নামত আপুনি এতিয়া মোৰ ওচৰত এই শপত খাওঁক যে, মোৰ অথবা মোৰ সন্তান সকলৰ সৈতে নাইবা মোৰ বংশধৰসকলৰ কাৰো লগত আপুনি ছলনাৰ কার্য নকৰিব। মই যেনেকৈ আপোনাৰ প্রতি বিশ্বস্ততাৰে ব্যৱহাৰ কৰিছোঁ, ঠিক তেনেকৈ আপুনিও মোৰ সৈতে আৰু যি দেশত আপুনি বাস কৰি আছে, সেই দেশৰ প্রতিও বিশ্বস্ততাৰে ব্যৱহাৰ কৰিব।”
24 Da sa Abraham: Ja, det skal jeg tilsverge dig.
২৪অব্ৰাহামে ক’লে, “হয়, মই শপত খাইছোঁ।”
25 Men Abraham gikk i rette med Abimelek for en brønn som Abimeleks tjenere hadde tatt med vold.
২৫কিন্তু তেওঁ এটা কুৱাঁৰ বিষয়ে অভিযোগ কৰি অবীমেলকক ক’লে যে অবীমেলকৰ দাসবোৰে সেইটো বলেৰে তেওঁৰ পৰা অধিকাৰ কৰি লৈছে।
26 Da sa Abimelek: Jeg vet ikke hvem som har gjort dette; hverken har du sagt mig det, eller har jeg hørt det før idag.
২৬তেতিয়া অবীমেলকে ক’লে, “এই কাম কোনে কৰিলে তাক মই নাজানো; এই কথা আগেয়ে আপুনি মোক জনোৱাও নাই। মই আজিলৈকে এই কথা শুনা নাছিলো, এতিয়াহে শুনিলো।”
27 Da tok Abraham småfe og storfe og gav Abimelek, og de gjorde en pakt med hverandre.
২৭তাৰ পাছত অব্ৰাহামে কিছুমান মেৰ-ছাগ আৰু গৰু আনি অবীমেলকক দিলে আৰু দুয়োজনে এক চুক্তি কৰিলে।
28 Og Abraham stilte syv får av småfeet for sig selv.
২৮পাছত অব্ৰাহামে নিজৰ মেৰ-ছাগৰ জাকৰ পৰা সাতজনী মাইকী মেৰ-ছাগৰ পোৱালি বেলেগ কৰি হ’ল।
29 Da sa Abimelek til Abraham Hvad skal disse syv får her som du har stilt for sig selv?
২৯তাকে দেখি অবীমেলকে অব্ৰাহামক সুধিলে, “আপুনি এই সাতজনী মাইকী মেৰ-ছাগৰ পোৱালি বেলেগে যে থৈছে, তাৰ কাৰণটো কি?”
30 Han svarte: Disse syv får skal du ta imot av mig; det skal være til et vidnesbyrd for mig at jeg har gravd denne brønn.
৩০তেওঁ ক’লে, “আপুনি মোৰ হাতৰ পৰা এইবোৰ গ্রহণ কৰিলেহে মোৰ বাবে ই প্রমাণিত হ’ব যে এই কুৱাঁটো মই খান্দিছিলো।”
31 Derfor kalte de dette sted Be'erseba; for der gjorde de begge sin ed.
৩১সেই ঠাইতে তেওঁলোক দুয়োয়ে এক শপত লোৱাৰ বাবে তেওঁ সেই ঠাইৰ নাম বেৰ-চেবা ৰাখিলে।
32 Så gjorde de da en pakt i Be'erseba; og Abimelek og Pikol, hans hærfører, brøt op og vendte tilbake til filistrenes land.
৩২এইদৰে তেওঁলোকে বেৰ-চেবাত চুক্তি কৰাৰ পাছত অবীমেলক আৰু তেওঁৰ সেনাপতি ফীখোল পলেষ্টীয়াসকলৰ দেশলৈ উভটি গ’ল।
33 Og Abraham plantet en tamarisk i Be'erseba, og der påkalte han Herrens, den evige Guds navn.
৩৩অব্ৰাহামে বেৰ-চেবাত যিহোৱা অর্থাৎ সেই অনন্তকালৰ ঈশ্বৰৰ নামেৰে প্রার্থনা কৰিলে। তেওঁ সেই ঠাইত এজোপা ঝাওঁ গছ ৰুলে।
34 Og Abraham bodde som fremmed i filistrenes land en lang tid.
৩৪অব্ৰাহাম পলেষ্টীয়াসকলৰ দেশত বহুদিন ধৰি বিদেশীৰূপে থাকিল।

< 1 Mosebok 21 >