< Apustuļu Darbi 15 >

1 Un kādi no Jūdu zemes nākuši mācīja tos brāļus: ja jūs netopat apgraizīti pēc Mozus bauslības, tad jūs nevarat tapt pestīti.
যিহূদা প্রদেশৰ পৰা কেইজনমান লোক আহি বিশ্বাসী ভাই সকলক এই শিক্ষা দিলে যে, “মোচিৰ বিধান অনুসাৰে চুন্নৎ কার্য নকৰিলে, আপোনালোকে উদ্ধাৰ নাপাব।”
2 Kad nu Pāvilam un Barnabam liela šķelšanās un apjautāšanās ar viņiem cēlās, tad nosprieda, lai Pāvils un Barnaba un vēl citi kādi no tiem ietu pie tiem apustuļiem un vecajiem uz Jeruzālemi šās jautāšanas dēļ.
পৌল আৰু বার্ণব্বাই এই শিক্ষাৰ বিৰোধিতা কৰিলে আৰু তেওঁলোকৰ মাজত তর্ক-বিতর্ক হ’ল। পাছত ভাই সকলে সিদ্ধান্ত ললে যে, এই বিষয়ৰ মীমাংসাৰ কাৰণে পৌল, বার্ণব্বা আৰু আন কেইজনমান যিৰূচালেমত থকা পাঁচনি আৰু পৰিচাৰক সকলৰ ওচৰলৈ যাওঁক।
3 Tad nu no tās draudzes pavadīti tie gāja caur Feniķiju un Samariju; un par pagānu atgriešanos stāstīdami, tie visiem brāļiem darīja lielu prieku.
এই সিদ্ধান্তৰে মণ্ডলীয়ে তেওঁলোকক যিৰূচালেমলৈ পঠাই দিলে। তেওঁলোকে ফৈনীকিয়া আৰু চমৰীয়া দেশৰ মাজেদি গ’ল আৰু অনা-ইহুদী সকল যে খ্রীষ্ট বিশ্বাসী হৈছে, সেই বিষয়ে ঘোষণা কৰিলে। এনেদৰে তেওঁলোকে বিশ্বাসী ভাই সকলক অতি আনন্দিত কৰিলে
4 Un uz Jeruzālemi nākuši, tie tapa uzņemti no tās draudzes un tiem apustuļiem un tiem vecajiem, un pasludināja, kādas lietas Dievs ar tiem bija darījis.
পাছত তেওঁলোক যেতিয়া যিৰূচালেম পায়হি, তেতিয়া মণ্ডলী, পাঁচনি আৰু পৰিচাৰক সকলে তেওঁলোকক আদৰণি জনালে। ঈশ্বৰে তেওঁলোকৰ লগত থাকি যি যি কৰিলে, সেই বিষয়ে তেওঁলোকে সকলো কথা জনালে।
5 Bet no tās farizeju šķiras kādi cēlās, kas bija tapuši ticīgi, sacīdami: “Tos būs apgraizīt un tiem būs pavēlēt, Mozus bauslību turēt.”
কিন্তু ফৰীচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসী সকলৰ চুন্নৎ কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক।”
6 Un tie apustuļi un vecaji sapulcējās, spriest par šo vārdu.
পাছত পাঁচনি আৰু পৰিচাৰক সকলে এই বিষয়ে আলোচনা কৰিবলৈ একগোট হ’ল।
7 Bet kad daudz apjautāšanās notika, tad Pēteris cēlās un uz tiem sacīja: “Vīri, brāļi, jūs zināt, ka Dievs pagājušos laikos mūsu starpā ir izvēlējis, ka caur manu muti pagāni evaņģēliju dzirdētu un ticētu.
বহু সময় ধৰি হোৱা তর্ক-বিতর্কৰ পাছত পিতৰে উঠি তেওঁলোকক ক’লে, “ভাই সকল আপোনালোকে জানে যে, অনেক দিনৰ আগেয়ে ঈশ্বৰে আপোনালোকৰ মাজত মোক মনোনীত কৰিছিল যেন অনা-ইহুদী লোকে মোৰ মুখেৰে শুভবার্তাৰ বাক্য শুনি বিশ্বাস কৰে৷
8 Un Dievs, tas siržu manītājs, tiem liecību ir devis, tā Svēto Garu tiem dodams, tā kā mums.
ঈশ্বৰে সকলোৰে হৃদয় জানে। তেওঁ আমাক যেনেকৈ পবিত্র আত্মা দান কৰিছিল, অনা-ইহুদী সকলকো সেইদৰে পবিত্ৰ আত্মা দান কৰি তেওঁলোকলৈ সাক্ষ্য দিছিল।
9 Un nekādu starpību nav darījis starp mums un viņiem, viņu sirdis šķīstīdams caur ticību.
আমাৰ আৰু তেওঁলোকৰ মাজত ঈশ্বৰে বিবেচনা কৰি একো পক্ষপাত নকৰিলে, বৰঞ্চ বিশ্বাস কৰাৰ পাছত তেওঁলোকৰ হৃদয় ঈশ্বৰে শুচি কৰিলে।
10 Tad nu ko jūs Dievu kārdināt, uz mācekļu kaklu likdami jūgu, ko nedz mūsu tēvi, nedz mēs nespējam panest?
১০গতিকে, আমাৰ পিতৃপুৰুষ আৰু আমি যি যুৱঁলিৰ বোজা বব পৰা নাই, সেই বোজা অনা-ইহুদী শিষ্য সকলৰ কান্ধত তুলি দি এতিয়া আপোনালোকে কিয় ঈশ্বৰৰ পৰীক্ষা কৰিছে?
11 Bet caur Tā Kunga Jēzus Kristus žēlastību mēs ticam tapt izglābti, tā kā arī viņi.”
১১কিন্তু আমি বিশ্বাস কৰোঁ যে, তেওঁলোকেও আমাৰ দৰেই প্রভু যীচুৰ অনুগ্রহৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিব।”
12 Un viss tas pulks cieta klusu un klausījās, kā Barnaba un Pāvils stāstīja, kādas zīmes un brīnumus Dievs caur viņiem bija darījis pie pagāniem.
১২তেতিয়া সকলো মানুহ নীৰৱ হৈ গ’ল আৰু বার্ণব্বা আৰু পৌলৰ যোগেদি অনা-ইহুদী সকলৰ মাজত ঈশ্বৰে যি আচৰিত কর্ম আৰু চিন দেখুৱালে, সেই সকলো ঘটনা মানুহবোৰে তেওঁলোকৰ পৰা শুনিলে।
13 Un kad šie beidza runāt, tad Jēkabs atbildēja sacīdams: “Vīri, brāļi, klausiet mani.
১৩তেওঁলোকে কথা কৈ শেষ কৰাৰ পাছত যাকোবে কবলৈ আৰম্ভ কৰিলে, “ভাই সকল, মোৰ কথা শুনক।
14 Sīmanis ir stāstījis, kā Dievam pirmoreiz paticis no pagāniem ļaudis pieņemt pie Sava vārda;
১৪চিমোন পিতৰে ক’লে, কেনেকৈ ঈশ্বৰে প্রথমবাৰৰ বাবে অনা-ইহুদী সকলক প্রেম কৰিলে আৰু নিজৰ নামৰ কাৰণে অনা-ইহুদী সকলৰ মাজৰ পৰা কিছুলোকক গ্রহণ কৰিলে।
15 Un ar to praviešu vārdi saskan, kā ir rakstīts:
১৫এই বিষয়ত ভাৱবাদী সকলৰ কথাৰো মিল আছে, যেনেকৈ লিখা আছে:
16 “Pēc tam Es atgriezīšos un atkal uzcelšu Dāvida sagruvušo dzīvokli, un kas pie tā izlauzts, to Es atkal uztaisīšu un uzcelšu;
১৬এইবোৰৰ পাছত মই উলটি আহিম, দায়ুদৰ ভাঙি যোৱা পঁজা মই পুনৰায় গঢ়িম মই তাৰ ভগ্নাৱশেষ পুনৰ নির্ম্মাণ কৰি থিক কৰিম,
17 Lai tie atlikušie cilvēki To Kungu meklē, arī visi pagāni, pār kuriem Mans vārds ir piesaukts, - tā saka Tas Kungs, kas to visu dara.”
১৭যাতে মানৱ জাতিৰ অৱশিষ্ট অংশই প্রভুৰ অন্বেষণ কৰিব পাৰে; মোৰ নামেৰে আমন্ত্রিত সকলো অনা-ইহুদীও ইয়াৰ অন্তর্ভুক্ত।
18 Dievam visi Savi darbi ir zināmi no mūžības. (aiōn g165)
১৮যি জন প্ৰভুৱে পূৰ্বতে এই বিষয়বোৰ জনাইছিল, তেওঁ এই কথা কৈছে।” (aiōn g165)
19 Tāpēc es spriežu, ka tos nebūs apgrūtināt, kas no pagāniem pie Dieva atgriežas.
১৯এই কাৰণে মোৰ বিচাৰ এই যে, যি সকল অনা-ইহুদী লোক ঈশ্বৰলৈ ঘূৰিছে; আমি তেওঁলোকক কষ্ট দিয়া উচিত নহয়।
20 Bet ka tiem būs rakstīt, lai sargās, ka neapgānās ar elka dieviem un maucību un nožņaugto un asinīm.
২০বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে, তেওঁলোকে যেন মূর্তি পূজা বিষয়ক কোনো অশুচিতা, ব্যভিচাৰ আৰু টেঁটু চেপি মৰা প্রাণীৰ মাংস আৰু তেজ খোৱা, এই সকলোবোৰৰ পৰা পৃথকে থাকে।
21 Jo Mozum ir no veciem laikiem pa visām pilsētām savi sludinātāji, un viņš ik svētdienas top lasīts baznīcās.”
২১কিয়নো পূর্বকালৰে পৰা প্রত্যেক নগৰতে মোচিৰ বিধান প্রচাৰ কৰা লোক সকল আছে আৰু প্রত্যেক বিশ্রামবাৰে ইহুদী সকলৰ নাম-ঘৰত তেওঁলোকে সেইবোৰ পঢ়ে।
22 Tad tiem apustuļiem un vecajiem un visai draudzei patika, no viņiem izvēlētus vīrus ar Pāvilu un Barnabu uz Antioķiju sūtīt: Jūdu, ar pavārdu Barsaba, un Sīlāsu, vīrus, kas bija augstā godā pie tiem brāļiem,
২২তেতিয়া গোটেই মণ্ডলীৰ সৈতে পাঁচনি আৰু পৰিচাৰক সকলে যাকোবৰ কথাত সমর্থন দিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা আৰু চীল, নামৰ মণ্ডলীৰ দুজন নেতাক মনোনীত কৰি পৌল আৰু বার্ণব্বাৰ লগত আন্তিয়খিয়ালৈ পঠাবলৈ ঠিক কৰিলে। এই যিহূদাক বার্চব্বা বুলিও মতা হয়।
23 Un caur viņu rokām tā rakstīt: “Tie apustuļi un tie vecaji un tie brāļi prieku vēlē tiem brāļiem, kas pagāni bijuši un ir Antioķijā un Sīrijā un Ķiliķijā.
২৩তেওঁলোকৰ হাতত এইদৰে এখন পত্র লিখি পঠালে: “আন্তিয়খিয়া, চিৰিয়া আৰু কিলিকিয়াৰ অনা-ইহুদী বিশ্বাসী ভাই সকলৰ সমীপলৈ- পাঁচনি, পৰিচাৰক আৰু বিশ্বাসী ভাই সকলৰ শুভেচ্ছা।
24 Kad mēs esam dzirdējuši, ka kādi no mums izgājuši, jūs ar vārdiem sajaukt un jūsu dvēseles darīt šaubīgas, sacīdami, ka jums būs likties apgraizīties un bauslību turēt, kuriem mēs to neesam pavēlējuši,
২৪আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ আজ্ঞাৰ অবিহনে আপোনালোকক শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।
25 Tad mēs vienis prātis palikuši nospriedām, izvēlētus vīrus pie jums sūtīt ar Barnabu un Pāvilu, mūsu mīļiem,
২৫সেয়েহে আমি কেইজনমানক মনোনীত কৰিবলৈ একমত হ’লো আৰু তেওঁলোকক আমাৰ প্রিয় ভাই বার্ণব্বা আৰু পৌলৰ সৈতে আপোনালোকৰ ওচৰলৈ পঠালোঁ।
26 Kas savas dvēseles ir nodevuši par mūsu Kunga Jēzus Kristus vārdu.
২৬পৌল আৰু বার্ণব্বাই আমাৰ প্রভু যীচু খ্রীষ্টৰ নামৰ কাৰণে নিজৰ জীৱন বিপদাপন্ন কৰিছে;
27 Tad mēs Jūdu un Sīlasu esam sūtījuši, kas to pašu arī ar vārdiem pasacīs.
২৭এই কাৰণে আমি যিহূদা আৰু চীলক পঠালোঁ। তেওঁলোকে আপোনালোকক একেবোৰ কথাকে কব।
28 Jo tam Svētam Garam un mums ir paticis, jums nekādu nastu vairāk neuzlikt, kā vien šīs vajadzīgas lietas:
২৮কিয়নো পবিত্ৰ আত্মা আৰু আমাৰ কাৰণে এইটোৱেই ভাল যেন দেখিলোঁ যে, প্রয়োজনীয় এই বিষয়বোৰৰ বাহিৰে অতিৰিক্ত কোনো বোজা আপোনালোকৰ ওপৰত জাপি দিয়া নহ’ব:
29 Ka jums būs sargāties no elkadievu upuriem un no asinīm un no nožņaugtā un no maucības; kad jūs no šīm lietām sargāsities, tad jūs labi darīsiet. Dzīvojiet veseli.”
২৯আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”
30 Tad nu tie tapa atlaisti un nāca uz Antioķiju, un to draudzi sapulcējuši, iedeva to grāmatu.
৩০পৌল, বার্ণব্বা আৰু সেই লোক সকলক পঠাই দিয়াৰ পাছত তেওঁলোক আন্তিয়খিয়ালৈ গ’ল। তাতে তেওঁলোকে লোক সকলক একত্রিত কৰি চিঠি খন দিলে।
31 Un to lasījuši šie priecājās par to iepriecināšanu.
৩১পাছত লোক সকলে চিঠি খন পঢ়ি উৎসাহিত হৈ আনন্দ কৰিবলৈ ধৰিলে।
32 Bet Jūda un Sīlas, kas paši arīdzan bija pravieši, tos brāļus pamācīja ar daudz vārdiem un tos stiprināja.
৩২যিহূদা আৰু চীল নিজেও ভাৱবাদী হোৱাত তেওঁলোকে বহুতো কথাৰে ভাই সকলক উৎসাহ দি শক্তি যোগালে।
33 Un kādu laiku tur palikuši, tie no tiem brāļiem ar mieru tapa atlaisti pie tiem apustuļiem.
৩৩এইদৰে যিহূদা আৰু চীল কিছুদিন তাত থকাৰ পাছত, তেওঁলোকক পঠোৱা লোক সকলৰ ওচৰলৈ উলটি যাবৰ কাৰণে ভাই সকলৰ পৰা কুশলে বিদায় ললে।
34 (Un Sīlasam patika tur palikt.)
৩৪
35 Bet Pāvils un Barnaba palika Antioķijā, ar daudz citiem mācīdami un Tā Kunga vārdu sludinādami.
৩৫কিন্তু পৌল আৰু বার্ণব্বা আন্তিয়খিয়াতে থাকিল। তেওঁলোকে আন আন লোকেৰে সৈতে প্রভুৰ বাক্যৰ পৰা উপদেশ দি প্রচাৰ কৰিবলৈ ধৰিলে।
36 Un pēc kādām dienām Pāvils sacīja uz Barnabu: “Iesim atkal un pa visām pilsētām, kur Tā Kunga vārdu esam sludinājuši, apraudzīsim savus brāļus, kā tiem klājas.”
৩৬কিছুদিনৰ পাছত পৌলে বার্ণব্বাক ক’লে, “বলা, যিবোৰ নগৰত আমি প্রভুৰ বাক্য ঘোষণা কৰিছিলোঁ, সেই ঠাইবোৰলৈ আমি এতিয়া উভটি যাওঁ আৰু ভাই সকলক দেখা কৰোঁ; তাতে তেওঁলোক কেনে আছে তাক চাওঁগৈ।”
37 Un Barnaba deva to padomu, Jāni, kas top saukts Marks, ņemt līdz.
৩৭তেতিয়া বার্ণব্বাই তেওঁলোকৰ লগত যোহনকো নিবলৈ ইচ্ছা কৰিলে। এই যোহনক মাৰ্ক বুলিও মতা হয়।
38 Bet Pāvils negribēja tādu līdz ņemt, kas no viņiem bija atkāpies Pamfilijā un ar viņiem nebija līdz gājis pie darba.
৩৮কিন্তু পৌলে ভাৱিলে, মাৰ্কক লগত নিয়াটো ভাল নহ’ব, কাৰণ পাম্ফুলিয়াত মার্কে তেওঁলোকৰ লগ এৰি উভতি গৈছিল। পাছত তেওঁলোকৰ লগত কাম কৰিবলৈও নগ’ল।
39 Par to notika sariebšanās, tā ka tie viens no otra šķīrās, un ka Barnaba ņēma līdz Marku un pārcēlās uz Kipru.
৩৯তাৰ ফলত তেওঁলোক দুয়োৰে মাজত মত বিৰোধ হ’ল। পাছত পৰস্পৰে পৃথক হৈ গ’ল। বার্ণব্বাই মাৰ্কক লগত লৈ জাহাজেৰে কুপ্ৰ দ্বীপলৈ যাত্রা কৰিলে।
40 Bet Pāvils Sīlasu izvēlējies izgāja, Dieva žēlastībai no tiem brāļiem pavēlēts.
৪০কিন্তু পৌলে চীলক মনোনীত কৰিলে আৰু ভাই সকলে তেওঁক প্রভুৰ অনুগ্রহৰ হাতত তুলি দিলে। পাছত তেওঁলোক তাৰ পৰা ওলাই গ’ল।
41 Un viņš pārstaigāja Sīriju un Ķiliķiju, tās draudzes stiprinādams.
৪১পৌলে চিৰিয়া আৰু কিলিকিয়া দেশৰ মাজেদি গৈ মণ্ডলী সমূহক অধিক শক্তিশালী কৰিলে।

< Apustuļu Darbi 15 >