< Liber Numeri 36 >
1 accesserunt autem et principes familiarum Galaad filii Machir filii Manasse de stirpe filiorum Ioseph locutique sunt Mosi coram principibus Israhel atque dixerunt
১পাছত যোচেফৰ সন্তান সকলৰ গোষ্ঠীবোৰৰ মাজৰ মনচিৰ নাতিয়েক মাখীৰৰ পুত্ৰ গিলিয়দৰ গোষ্ঠীৰ পিতৃ-বংশৰ মূল ব্যক্তিসকলে মোচিৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ মূল ব্যক্তি যি অধ্যক্ষসকল,
2 tibi domino nostro praecepit Dominus ut terram sorte divideres filiis Israhel et ut filiabus Salphaad fratris nostri dares possessionem debitam patri
২তেওঁলোকৰ ওচৰলৈ আহি এই কথা ক’লে, “ইস্ৰায়েলৰ সন্তান সকলক আধিপত্যৰ অৰ্থে এই দেশ চিঠি খেলাই দিবলৈ, যিহোৱাই মোৰ প্ৰভুক আজ্ঞা কৰিলে আৰু আমাৰ ভাই চলফাদৰ আধিপত্য তেওঁৰ জীয়েকসকলক দিবলৈ মোৰ প্ৰভুৱে যিহোৱাৰ পৰা আজ্ঞা পালে।
3 quas si alterius tribus homines uxores acceperint sequetur possessio sua et translata ad aliam tribum de nostra hereditate minuetur
৩কিন্তু ইস্ৰায়েলৰ সন্তান সকলৰ আন ফৈদৰ কোনো লোকেৰে সৈতে যদি তেওঁলোক বিয়া হয় তেন্তে আমাৰ পিতৃৰ আধিপত্যৰ পৰা তেওঁলোকৰ অধিকাৰ কটা যাব আৰু তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তাক যোগ কৰা হ’ব; এইদৰে তেওঁক আমাৰ উত্তৰাধিকাৰৰ ভাগৰ পৰা কটা যাব।
4 atque ita fiet ut cum iobeleus id est quinquagesimus annus remissionis advenerit confundatur sortium distributio et aliorum possessio ad alios transeat
৪আৰু যেতিয়া ইস্ৰায়েলৰ সন্তান সকলৰ যোৱেল বছৰ হ’ব, তেতিয়া তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তেওঁলোকৰ উত্তৰাধীকাৰ যোগ কৰা হ’ব; এইদৰে আমাৰ পিতৃৰ ফৈদৰ ভাগৰ পৰা তেওঁলোকৰ উত্তৰাধীকাৰ কটা যাব।”
5 respondit Moses filiis Israhel et Domino praecipiente ait recte tribus filiorum Ioseph locuta est
৫তাতে মোচিয়ে যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা কৰিলে, “যোচেফৰ সন্তান সকলৰ ফৈদে ঠিক কৈছে।
6 et haec lex super filiabus Salphaad a Domino promulgata est nubant quibus volunt tantum ut suae tribus hominibus
৬যিহোৱাই চলফাদৰ জীয়েকসকলৰ বিষয়ে এই আজ্ঞা কৰিছে, ‘তেওঁলোকে যাক ভাল পায়, তাৰে সৈতে বিয়া হ’ব পাৰিব কিন্তু কেৱল নিজৰ পিতৃ-বংশৰ কোনো গোষ্ঠীৰ মাজতহে বিয়া হ’ব পাৰিব।’
7 ne commisceatur possessio filiorum Israhel de tribu in tribum omnes enim viri ducent uxores de tribu et cognatione sua
৭এইদৰে ইস্ৰায়েলৰ সন্তান সকলৰ কোনো আধিপত্য এক ফৈদৰ পৰা আন ফৈদলৈ নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ আধিপত্যতে থাকিব লাগিব।
8 et cunctae feminae maritos de eadem tribu accipient ut hereditas permaneat in familiis
৮আৰু ইস্ৰায়েলৰ সন্তান সকলে প্ৰতিজনে যেন নিজ নিজ পিতৃৰ আধিপত্য ভোগ কৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ কোনো ফৈদৰ মাজত আধিপত্য পোৱা প্ৰতিজনী জীয়েক নিজ পিতৃ-বংশৰ গোষ্ঠীৰ মাজৰ কোনো পুৰুষে সৈতে বিয়া হ’ব লাগিব।
9 nec sibi misceantur tribus sed ita maneant
৯তেতিয়া এক ফৈদৰ পৰা আন ফৈদলৈ কোনো আধিপত্য নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰত্যেক ফৈদ নিজ নিজ আধিপত্যতে থাকিব লাগিব।”
10 ut a Domino separatae sunt feceruntque filiae Salphaad ut fuerat imperatum
১০চলফাদৰ জীয়েকসকলে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে।
11 et nupserunt Maala et Thersa et Egla et Melcha et Noa filiis patrui sui
১১কিয়নো মহলা, তিৰ্চা হগ্লা, মিল্কা আৰু নোৱা, চলফাদৰ এই জীয়েক কেইজনীয়ে নিজৰ বৰ বাপেক কি দদায়েকৰ পুতেকসকলৰ সৈতে বিয়া হ’ল।
12 de familia Manasse qui fuit filius Ioseph et possessio quae illis fuerat adtributa mansit in tribu et familia patris earum
১২যোচেফৰ পুত্ৰ মনচিৰ সন্তান সকলৰ গোষ্ঠীৰ মাজত তেওঁলোকৰ বিয়া হোৱাত, তেওঁলোকৰ আধিপত্য, তেওঁলোকৰ পিতৃ-গোষ্ঠীৰ ফৈদতেই থাকিল।
13 haec sunt mandata atque iudicia quae praecepit Dominus per manum Mosi ad filios Israhel in campestribus Moab super Iordanem contra Hiericho
১৩যিহোৱাই যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত মোচিৰ দ্বাৰাই ইস্ৰায়েলৰ সন্তান সকলক এই সকলো আজ্ঞা আৰু শাসন-প্ৰণালী দিলে।