< Deuteronomii 30 >

1 cum ergo venerint super te omnes sermones isti benedictio sive maledictio quam proposui in conspectu tuo et ductus paenitudine cordis tui in universis gentibus in quas disperserit te Dominus Deus tuus
মই আপোনালোকৰ আগত আশীৰ্ব্বাদ আৰু শাওৰ বিষয়ে যি যি কথা কলোঁ, সেইবোৰ আপোনালোকৰ ওপৰলৈ আহিব। তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো জাতিবোৰৰ মাজত আপোনালোকক উলিয়াই পঠিয়াব, সেই জাতিবোৰৰ মাজত থাকোতে এইবোৰ কথা আপোনালোকে সোঁৱৰণ কৰিব।
2 reversus fueris ad eum et oboedieris eius imperiis sicut ego hodie praecipio tibi cum filiis tuis in toto corde tuo et in tota anima tua
সেই সময়ত আপোনালোক আৰু আপোনালোকৰ সন্তান সকলে যদি সকলো মনেৰে আৰু সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱালৈ ঘূৰি আহে আৰু আজি মই আপোনালোকক যিসকলো আজ্ঞা দিছো সেই সকলো পালন কৰে,
3 reducet Dominus Deus tuus captivitatem tuam ac miserebitur tui et rursum congregabit te de cunctis populis in quos te ante dispersit
তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ বন্দী-অৱস্থা সলনি কৰিব, আৰু আপোনালোকক কৃপা কৰিব আৰু যি জাতিবোৰৰ মাজত তেওঁ আপোনালোকক সিচঁৰিত কৰিব, সেইসকল জাতিৰ মাজৰ পৰা পুনৰায় আপোনালোকক আনি গোটাব।
4 si ad cardines caeli fueris dissipatus inde te retrahet Dominus Deus tuus
এনেকি দেশান্তৰিত হোৱা আপোনালোকৰ কোনো আকাশৰ তলত দূৰৈৰ শেষ সীমাতো যদি থাকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰাও আপোনালোকক গোটাই আনিব; তাৰ পৰাও তেওঁ আপোনালোকক লৈ আনিব।
5 et adsumet atque introducet in terram quam possederunt patres tui et obtinebis eam et benedicens tibi maioris numeri esse te faciet quam fuerunt patres tui
আপোনালোকৰ পূর্ব-পুৰুষসকলৰ দেশলৈকে তেওঁ আপোনালোকক ঘূৰাই আনিব আৰু আপোনালোকে তাক পুনৰ অধিকাৰ কৰিব। তেওঁ আপোনালোকৰ মঙ্গল কৰিব আৰু পূর্বপুৰুষসকলতকৈও আপোনালোকৰ জনসংখ্যা বৃদ্ধি কৰিব।
6 circumcidet Dominus Deus tuus cor tuum et cor seminis tui ut diligas Dominum Deum tuum in toto corde tuo et in tota anima tua et possis vivere
আপোনালোকে যাতে আপোনালোকৰ সকলো মন ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰি জীয়াই থাকে, সেইবাবেই তেওঁ আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰসকলৰ হৃদয়ৰ চুন্নত কৰিব।
7 omnes autem maledictiones has convertet super inimicos tuos et eos qui oderunt te et persequuntur
যিসকলে আপোনালোকক ঘৃণা আৰু তাড়না কৰিব, এই সকলো শাও যিহোৱাই আপোনালোকৰ সেই শত্রুবোৰৰ ওপৰত আনিব
8 tu autem reverteris et audies vocem Domini Dei tui faciesque universa mandata quae ego praecipio tibi hodie
তেতিয়া আপোনালোকে পুনৰ উলটি আহি যিহোৱাৰ বাধ্য হৈ চলিব আৰু তেওঁৰ যি সকলো আজ্ঞা আজি মই আপোনালোকক দিছো, সেইবোৰ পালন কৰিব।
9 et abundare te faciet Dominus Deus tuus in cunctis operibus manuum tuarum in subole uteri tui et in fructu iumentorum tuorum in ubertate terrae tuae et in rerum omnium largitate revertetur enim Dominus ut gaudeat super te in omnibus bonis sicut gavisus est in patribus tuis
আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কার্যতে প্রচুৰ আশীর্বাদ কৰিব। আপোনালোকৰ গর্ভফল, পশুধনৰ গর্ভফল আৰু ভূমিৰ শস্য বৃদ্ধি কৰি আপোনালোকক ঐশ্বর্যশালী কৰিব। কিয়নো আপোনালোকৰ পূর্বপুৰুষসকলক লৈ যিহোৱাই যি আনন্দ কৰিছিল, আপোনালোকৰ ঐশ্বর্যৰ বাবে তেওঁ পুনৰ আপোনালোকক লৈ আনন্দ কৰিব।
10 si tamen audieris vocem Domini Dei tui et custodieris praecepta eius et caerimonias quae in hac lege conscriptae sunt et revertaris ad Dominum Deum tuum in toto corde tuo et in tota anima tua
১০অৱশ্যে তেওঁ এইদৰে কৰিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা আৰু নিয়মবোৰ পালন কৰে; সকলো মন আৰু সকলো প্রাণেৰে সৈতে আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰে।
11 mandatum hoc quod ego praecipio tibi hodie non supra te est neque procul positum
১১মই আজি আপোনালোকক যি আজ্ঞা দিছোঁ, তাক পালন কৰাটো আপোনালোকৰ কাৰণে কঠিন নহয় বা আপোনালোকৰ সাধ্যৰ বাহিৰতো নহয়।
12 nec in caelo situm ut possis dicere quis nostrum ad caelum valet conscendere ut deferat illud ad nos et audiamus atque opere conpleamus
১২এই আজ্ঞা স্বর্গতো ৰখা হোৱা নাই যে, আপোনালোকে ক’ব, “কোনে স্বর্গলৈ গৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ?”
13 neque trans mare positum ut causeris et dicas quis e nobis transfretare poterit mare et illud ad nos usque deferre ut possimus audire et facere quod praeceptum est
১৩এই আজ্ঞা সমুদ্রৰ সিপাৰেও নাই যে আপোনালোকে ক’ব, “কোনে সমুদ্র পাৰ হৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ?”
14 sed iuxta te est sermo valde in ore tuo et in corde tuo ut facias illum
১৪কিন্তু বাক্য আপোনালোকৰ নিচেই ওচৰতে আছে; আপোনালোকৰ মুখত আৰু হৃদয়তে আছে যাতে আপোনালোকে তাক পালন কৰিব পাৰে।
15 considera quod hodie proposuerim in conspectu tuo vitam et bonum et e contrario mortem et malum
১৫শুনক, মই আজি আপোনালোকৰ আগত জীৱন আৰু মৃত্যু, মঙ্গল আৰু অমঙ্গল ৰাখিছোঁ।
16 ut diligas Dominum Deum tuum et ambules in viis eius et custodias mandata illius et caerimonias atque iudicia et vivas ac multiplicet te benedicatque tibi in terra ad quam ingredieris possidendam
১৬আজি আপোনালোকৰ ওচৰত মোৰ আজ্ঞা এই যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব, তেওঁৰ পথত চলিব, আৰু তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিব। তেনে কৰিলে আপোনালোক জীয়াই থাকিব আৰু সংখ্যাত বৃদ্ধি পাব; যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।
17 sin autem aversum fuerit cor tuum et audire nolueris atque errore deceptus adoraveris deos alienos et servieris eis
১৭কিন্তু যদি আপোনালোকৰ অন্তৰ প্রভুৰ পৰা আঁতৰি যায় আৰু আপোনালোক তেওঁৰ অবাধ্য হয়; যদি আপোনালোকে আন দেৱ-দেৱীৰ প্রতি আকৰ্ষিত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰি সেৱা পূজা কৰে,
18 praedico tibi hodie quod pereas et parvo tempore moreris in terra ad quam Iordane transmisso ingredieris possidendam
১৮তেন্তে আজি মই আপোনালোকক জনাইছোঁ যে, আপোনালোক নিশ্চয়ে ধ্বংস হৈ যাব। যৰ্দ্দন নদী পাৰ হৈ যি দেশ আপোনালোকে আধিপত্যৰ অৰ্থে গৈ আছে, সেই দেশত আপোনালোক দীৰ্ঘজীৱি নহ’ব।
19 testes invoco hodie caelum et terram quod proposuerim vobis vitam et mortem bonum et malum benedictionem et maledictionem elige ergo vitam ut et tu vivas et semen tuum
১৯মই আপোনালোকৰ বিৰুদ্ধে আকাশ-মণ্ডল আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ যে, আজি মই আপোনালোকৰ সন্মুখত জীৱন আৰু মৃত্যু, আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ; সেয়ে, আপোনালোক আৰু আপোনালোকৰ ভাবীবংশ যেন জীয়াই থাকিব পাৰে আপোনালোকে জীৱনক মনোনীত কৰক।
20 et diligas Dominum Deum tuum atque oboedias voci eius et illi adhereas ipse est enim vita tua et longitudo dierum tuorum ut habites in terra pro qua iuravit Dominus patribus tuis Abraham Isaac et Iacob ut daret eam illis
২০আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক, তেওঁৰ বাক্যলৈ কাণ দিয়ক আৰু তেওঁতেই আসক্ত হৈ থাকক। কাৰণ প্রভুৱেই আপোনালোকৰ জীৱন আৰু তেঁৱেই আপোনালোকক দীর্ঘজীৱি কৰিব। আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবক যি দেশ দিম বুলি তেওঁলোকৰ আগত যিহোৱাই প্রতিজ্ঞা কৰিছিল, সেই দেশত বাস কৰিবৰ অৰ্থে আপোনালোকে জীৱনক মনোনীত কৰক।

< Deuteronomii 30 >