< Titum 2 >

1 Tu autem loquere quae decent sanam doctrinam:
কিন্তু তুমি নিৰাময় শিক্ষাৰ সৈতে উপযুক্ত কথা ক’বা৷
2 Senes ut sobrii sint, pudici, prudentes, sani in fide, in dilectione, in patientia:
বৃদ্ধ সকল যেন পৰিমিত ভোগী, ধীৰ, বিবেচক, বিশ্বাসত গভীৰ, প্ৰেমত আৰু ধৈর্যত নিৰাময় হয়৷
3 Anus similiter in habitu sancto, non criminatrices, non multo vino servientes, bene docentes:
সেইদৰে বৃদ্ধ মহিলা সকলেয়ো যেন সকলো সময়তে পবিত্ৰ লোক সকলৰ দৰে আচাৰ-ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা বহু দ্ৰাক্ষাৰসৰ দাসী নহয়৷ যি যি উত্তম, সেই শিক্ষা তেওঁলোকে দিয়ক৷
4 ut prudentiam doceant adolescentulas, ut viros suos ament, filios suos diligant,
ইয়াৰ দ্বাৰা যুৱতী সকলক তেওঁলোকে শিক্ষা দিয়ক, তেওঁলোক যাতে চিন্তাধাৰাত সুস্হিৰ হয়, পতিক প্ৰেম কৰোঁতা আৰু সন্তান-প্ৰিয়া হবলৈ উৎসাহিত হয়, এইদৰে বিবেচক হবলৈ,
5 prudentes, castas, sobrias, domus curam habentes, benignas, subditas viris suis, ut non blasphemetur verbum Dei.
নিৰ্দোষী, ঘৰ-ধৰোতা, সৎ স্বভাৱৰ, আৰু নিজ নিজ স্বামীৰ বশীভুতা হবলৈ শিকাই বুজাই সুবুদ্ধি কৰি তুলিবৰ বাবে তেওঁলোকে শিক্ষা দিয়ক, যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়৷
6 Iuvenes similiter hortare ut sobrii sint.
সেইদৰে যুৱক সকলকো সুবোধ হবলৈ উদগোৱা৷
7 In omnibus teipsum praebe exemplum bonorum operum, in doctrina, in integritate, in gravitate,
নিজে সকলো বিষয়তে সৎ কর্মৰ আর্হি হৈ, শিক্ষা দিওঁতে শুদ্ধ, ধীৰ আৰু অনিন্দনীয় হৈ নিৰাময় বাক্য প্ৰকাশ কৰিবা;
8 verbum sanum, irreprehensibile: ut is, qui ex adverso est, vereatur, nihil habens malum dicere de nobis:
তেতিয়া বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কু-কথা কবলৈ নোপোৱাত, লাজ পাব।
9 Servos dominis suis subditos esse, in omnibus placentes, non contradicentes,
দাস সকলে সকলো বিষয়ত তেওঁলোকৰ প্ৰভু সকলৰ আজ্ঞাধীন হব লাগে৷ তেওঁলোকৰ প্ৰতি সন্তোষদায়ক হব লাগে, কিন্তু উত্তৰা-উত্তৰি নকৰি
10 non fraudantes, sed in omnibus fidem bonam ostendentes: ut doctrinam Salvatoris nostri Dei ornent in omnibus.
১০আৰু হাত লৰ নহৈ, বৰং সকলোতে উত্তম বিশ্বস্ততা দেখুৱাবৰ বাবে তেওঁলোকক উদগোৱা, তাতে আমাৰ ত্ৰাণকর্তা ঈশ্বৰৰ শিক্ষাই সকলো বিষয়তে তেওঁলোকক ভূষিত কৰক৷
11 Apparuit enim gratia Dei Salvatoris nostri omnibus hominibus,
১১কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ’ল;
12 erudiens nos, ut abnegantes impietatem, et saecularia desideria: sobrie, et iuste, et pie vivamus in hoc saeculo, (aiōn g165)
১২আৰু আমি ভক্তি লঙ্ঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধার্মিক আৰু সৎ ভাবেৰে এই বর্তমান সংসাৰত যেন জীৱন-যাপন কৰিব পাৰোঁ, তাৰ বাবে এই অনুগ্ৰহে আমাক এনে শিক্ষা দিছে। (aiōn g165)
13 expectantes beatam spem, et adventum gloriae magni Dei, et Salvatoris nostri Iesu Christi:
১৩এতিয়া আমি যেন পৰমধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু ত্ৰাণকর্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবির্ভাৱৰ বাবে অপেক্ষা কৰি থাকো৷
14 qui dedit semetipsum pro nobis, ut nos redimeret ab omni iniquitate, et mundaret sibi populum acceptabilem, sectatorem bonorum operum.
১৪আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উদ্যোগী হওঁ।
15 Haec loquere, et exhortare, et argue cum omni imperio. Nemo te contemnat.
১৫তুমি এইবোৰ কথা কৈ সম্পূর্ণ ক্ষমতাৰে উদগোৱা আৰু অনুযোগ কৰিবা; তোমাক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা।

< Titum 2 >