< Apocalypsis 21 >

1 Et vidi caelum novum, et terram novam. Primum enim caelum, et prima terra abiit, et mare iam non est.
তাৰ পাছত মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলোঁ; কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচি গ’ল; সমুদ্ৰও নাছিল।
2 Et ego Ioannes vidi sanctam civitatem Ierusalem novam descendentem de caelo, a Deo paratam, sicut sponsam ornatam viro suo.
আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে, তেনেকৈ যুগুত হোৱা, সেই পবিত্ৰ নগৰ নতুন যিৰূচালেমক, ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ।
3 Et audivi vocem magnam de throno dicentem: Ecce tabernaculum Dei cum hominibus, et habitabit cum eis. Et ipsi populus eius erunt, et ipse Deus cum eis erit eorum Deus:
পাছত মই সেই সিংহাসনৰ পৰা এই মহা আকাশ-বাণী শুনিলোঁ, “সৌৱা চোৱা!” লোক সকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব৷ তেওঁলোক তেওঁৰ নিজ লোক হব, আৰু ঈশ্বৰ নিজে সঙ্গী হৈ তেওঁলোকৰ ঈশ্বৰ হ’ব৷
4 et absterget Deus omnem lacrymam ab oculis eorum: et mors ultra non erit, neque luctus, neque clamor, neque dolor erit ultra, quia prima abierunt.
তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।
5 Et dixit qui sedebat in throno: Ecce nova facio omnia. Et dixit mihi: Scribe, quia haec verba fidelissima sunt, et vera.
পাছত সিংহাসনৰ ওপৰত বহা জনে কলে, “চোৱা! মই সকলোকে নতুন কৰোঁ।” তেওঁ পুনৰ কলে, “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।”
6 Et dixit mihi: Factum est. ego sum alpha, et omega: initium, et finis. Ego sitienti dabo de fonte aquae vitae, gratis.
পাছত তেওঁ মোক কলে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম।
7 Qui vicerit, possidebit haec, et ero illi Deus, et ille erit mihi filius.
যি জনে জয় কৰে, তেওঁ এইবোৰৰ অধিকাৰী হ’ব; মই তেওঁৰ ঈশ্বৰ হ’ম আৰু তেওঁ মোৰ পুত্ৰ হ’ব।
8 Timidis autem, et incredulis, et execratis, et homicidis, et fornicatoribus, et veneficis, et idolatris, et omnibus mendacibus, pars illorum erit in stagno ardenti igne, et sulphure: quod est mors secunda. (Limnē Pyr g3041 g4442)
কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।” (Limnē Pyr g3041 g4442)
9 Et venit unus de septem Angelis habentibus phialas plenas septem plagis novissimis, et locutus est mecum, dicens: Veni, et ostendam tibi sponsam, uxorem Agni.
তেতিয়া শেষৰ সাত উৎপাতেৰে পৰিপূৰ্ণ সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল, আৰু মোৰ ওচৰলৈ আহি কলে, “ইয়ালৈ আহা৷ মই তোমাক সেই কন্যা, অৰ্থাৎ মেৰ-পোৱালিৰ ভাৰ্যাক দেখুৱাম।”
10 Et sustulit me in spiritu in montem magnum, et altum, et ostendit mihi civitatem sanctam Ierusalem descendentem de caelo a Deo,
১০তাতে তেওঁ মোক আত্মাত এখন ডাঙৰ ওখ পৰ্বতলৈ নিলে, আৰু ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱ-যুক্ত সেই পবিত্ৰ যিৰূচালেম নগৰ দেখুৱালে।
11 habentem claritatem Dei: et lumen eius simile lapidi pretioso tamquam lapidi iaspidis, sicut crystallum.
১১সেই নতুন যিৰূচালেম ঈশ্ৱৰৰ মহিমাৰে পূৰ্ণ আছিল আৰু তাৰ জ্যোতি বহুমূলীয়া মণি, অৰ্থাৎ স্ফটিকৰ দৰে নিৰ্ম্মল সূৰ্য্যকান্ত মণিৰ নিচিনা আছিল৷
12 Et habebat murum magnum, et altum, habentem portas duodecim: et in portis Angelos duodecim, et nomina inscripta, quae sunt nomina duodecim tribuum filiorum Israel.
১২তাত ওখ আৰু ডাঙৰ গড় আৰু বাৰ খন দ্ৱাৰ আছিল; সেই বাৰ খন দ্ৱাৰত বাৰ জন দূত থাকে আৰু সেই দ্ৱাৰত ইস্ৰায়েলৰ সন্তান সকলৰ বাৰ ফৈদৰ নাম লিখা আছিল৷
13 Ab Oriente portae tres: et ab Aquilone portae tres: et ab Austro portae tres: et ab Occasu portae tres.
১৩তাৰে তিনি খনৰ দ্ৱাৰ পূব ফালে, তিনি খন দ্ৱাৰ উত্তৰ ফালে, তিনি খন দ্ৱাৰ দক্ষিণ ফালে আৰু তিনি খন দুৱাৰ পশ্চিম ফালে।
14 Et murus civitatis habens fundamenta duodecim, et in ipsis duodecim nomina duodecim Apostolorum Agni.
১৪আৰু নগৰৰ গড়ৰ বাৰটা ভিত্তিমূল; তাত মেৰ-পোৱালিৰ বাৰ জন পাঁচনিৰ বাৰটা নাম আছে।
15 Et qui loquebatur mecum, habebat mensuram arundineam auream, ut metiretur civitatem, et portas eius, et murum.
১৫আৰু সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু তাৰ গড় জুখিবৰ কাৰণে, মোৰে সৈতে কথা হোৱা জনৰ সোণৰ নলৰ এডাল জোখ আছিল।
16 et civitas in quadro posita est, et longitudo eius tanta est quanta et latitudo: et mensus est civitatem de arundine aurea per stadia duodecim millia: et longitudo, et altitudo, et latitudo eius aequalia sunt.
১৬সেই নগৰ চাৰি-চুকীয়া, তাৰ দীঘে-পথালিয়ে সমান। পাছত তেওঁ নলেৰে নগৰ খনৰ জোখ লৈ পোন্ধৰ শ মাইল পালে; দীঘে-পথালিয়ে আৰু উচ্চতাত সমান।
17 Et mensus est murum eius centum quadraginta quattuor cubitorum, mensura hominis, quae est angeli.
১৭পাছত গড় জুখি, মানুহৰ অৰ্থাৎ দূতৰ জোখ ডালেৰে এশ চৌৱাল্লিশ হাত হ’ল।
18 Et erat structura muri eius ex lapide iaspide: ipsa vero civitas aurum mundum simile vitro mundo.
১৮সেই গড়ৰ গাঁঠনি সূৰ্য্যকান্ত মণিৰ আৰু নগৰ খন শুদ্ধ সোণৰ পৰিষ্কাৰ দৰ্পণৰ নিচিনা।
19 Et fundamenta muri civitatis omni lapide pretioso ornata. Fundamentum primum, iaspis: secundum, sapphirus: tertium, calcedonius: quartum, smaragdus:
১৯নগৰৰ গড়ৰ ভিত্তিমূলবোৰ আটাইবিধ বহুমূলীয়া মণিৰে বিভূষিত আছিল।
20 quintum, sardonyx: sextum, sardius: septimum, chrysolithus: octavum, beryllus: nonum, topazius: decimum, chrysoprasus: undecimum, hyacinthus: duodecimum, amethystus.
২০প্ৰথম মূল সূৰ্য্যকান্তৰ, দ্বিতীয় নীলকান্তৰ, তৃতীয় তাম্ৰমণিৰ, চতুৰ্থ মৰকতৰ, পঞ্চম বৈদুৰ্য্যৰ, ষষ্ঠ চাৰ্দ্দীয় মণিৰ, সপ্তম স্বৰ্ণমণিৰ, অষ্টম গোমেদকৰ, নৱম পদ্মৰাগৰ, দশম লশুনীয়ৰ, একাদশ পেৰোজৰ, দ্বাদশ কটাহেলাৰ আছিল।
21 Et duodecim portae, duodecim margaritae sunt, per singulas: et singulae portae erant ex singulis margaritis: et platea civitatis aurum mundum, tamquam vitrum perlucidum.
২১সেই বাৰটা দ্ৱাৰত বাৰটা মুকুতা আছিল, আৰু প্ৰত্যেকটো দ্ৱাৰে এটা এটা মুকুতাৰে সজা হৈছিল৷ নগৰৰ আলিবাট শুদ্ধ সোণৰ আৰু পৰিষ্কাৰ দৰ্পণৰ নিচিনা আছিল।
22 Et templum non vidi in ea. Dominus enim Deus omnipotens templum illius est, et Agnus.
২২তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ-পোৱালি জনে তাৰ মন্দিৰ।
23 Et civitas non eget sole, neque luna ut luceant in ea. nam claritas Dei illuminabit eam, et lucerna eius est Agnus.
২৩সেই নগৰত দীপ্তিৰ বাবে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই; কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে, আৰু মেৰ-পোৱালি জন তাৰ প্ৰদীপ স্বৰূপ।
24 Et ambulabunt gentes in lumine eius: et reges terrae afferent gloriam suam, et honorem in illam.
২৪জাতিবোৰে সেই দীপ্তিত অহা-যোৱা কৰিব; আৰু পৃথিৱীৰ ৰজা সকলে নিজৰ প্ৰতাপ তাৰ ভিতৰলৈ আনিব।
25 Et portae eius non claudentur per diem: nox enim non erit illic.
২৫তাৰ দ্ৱাৰবোৰ দিনত কেতিয়াও বন্ধ নহব; কিয়নো তাত ৰাতি নহব;
26 Et afferent gloriam, et honorem gentium in illam.
২৬তেওঁলোকে জাতি সকলৰ প্ৰতাপ আৰু মৰ্যদা তাৰ ভিতৰলৈ আনিব।
27 Non intrabit in eam aliquod coinquinatum, aut abominationem faciens, et mendacium, nisi qui scripti sunt in libro vitae Agni.
২৭আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব৷ সেয়েহে তাতে ঘিণলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব, কিন্তু কেৱল যি সকলৰ নাম সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত লিখা আছে, তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব৷

< Apocalypsis 21 >