< Apocalypsis 12 >

1 Et signum magnum apparuit in caelo: Mulier amicta sole, et luna sub pedibus eius, et in capite eius corona stellarum duodecim:
পাছত স্বৰ্গত এটা মহৎ চিন দেখা গ’ল: এজনী তিৰোতা দেখা গ’ল; তেওঁ কাপোৰৰ সৈতে সুৰ্য্যক পিন্ধিছিল আৰু তেওঁৰ ভৰিৰ তলত চন্দ্ৰ আছিল আৰু তেওঁ মুৰত বাৰটা তৰাৰ কিৰীটি পিন্ধিছিল৷
2 et in utero habens, clamabat parturiens, et cruciabatur ut pariat.
তেওঁ গৰ্ভৱতী আছিল আৰু প্ৰসৱ কৰিবৰ কাৰণে প্ৰসৱ-বেদনাৰে পীড়িত হৈ আটাহ পাৰি আছিল।
3 Et visum est aliud signum in caelo: et ecce draco magnus rufus habens capita septem, et cornua decem: et in capitibus eius diademata septem,
আৰু স্বৰ্গত আন এটা চিন দেখা গ’ল: চোৱা! তাত এটা ৰঙা বৃহৎ আকাৰৰ ড্ৰেগন আছিল; তাৰ সাতটা মূৰ, দহটা শিং আৰু মূৰত সাতটা কিৰীটি আছিল।
4 et cauda eius trahebat tertiam partem stellarum caeli, et misit eas in terram, et draco stetit ante mulierem, quae erat paritura: ut cum peperisset, filium eius devoraret.
তাৰ নেজে আকাশৰ তৰাবোৰৰ তিনি ভাগৰ এভাগ টানি আনিলে আৰু পৃথিৱীত পেলাই দিলে। প্ৰসৱ কৰিবলৈ উদ্যত হোৱা সেই তিৰোতাই প্ৰসৱ কৰাৰ লগে লগে, সেই ড্ৰেগনে তেওঁৰ সন্তানক গ্ৰাস কৰিবলৈ তেওঁৰ আগত থিয় হৈ আছিল।
5 Et peperit filium masculum, qui recturus erat omnes Gentes in virga ferrea: et raptus est filius eius ad Deum, et ad thronum eius,
পাছত সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে, তেওঁ লোহাৰ দণ্ডেৰে সকলো জাতিক শাসন কৰিব৷ সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ’ল;
6 et mulier fugit in solitudinem ubi habebat locum paratum a Deo, ut ibi pascant eam diebus mille ducentis sexaginta.
আৰু সেই তিৰোতা এক হাজাৰ দুশ ষাঠি দিনলৈকে প্ৰতিপালিত হ’বলৈ তেওঁৰ বাবে মৰুপ্ৰান্তত ঈশ্বৰৰ দ্বাৰাই যুগুত কৰি থোৱা যি ঠাই আছিল, সেই ঠাইলৈ পলাই গ’ল।
7 Et factum est proelium magnum in caelo: Michael et angeli eius proeliabantur cum dracone, et draco pugnabat, et angeli eius:
এতিয়া স্বৰ্গত যুদ্ধ হ’ল৷ মীখায়েল আৰু তেওঁৰ দূত সকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে; সেই ড্ৰেগন আৰু তাৰ দূত সকলেও যুদ্ধ কৰিলে৷
8 et non valuerunt, neque locus inventus est eorum amplius in caelo.
কিন্তু সেই ড্ৰেগন যথেষ্ট শক্তিশালী নোহোৱাত বলে নোৱাৰিলে; সেয়েহে স্বৰ্গত সি আৰু তাৰ দূত সকলে অধিক সময় থাকিবৰ বাবে ঠাই নাপালে।
9 Et proiectus est draco ille magnus, serpens antiquus, qui vocatur diabolus, et satanas, qui seducit universum orbem: et proiectus est in terram, et angeli eius cum illo missi sunt.
সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।
10 Et audivi vocem magnam in caelo dicentem: Nunc facta est salus, et virtus, et regnum Dei nostri, et potestas Christi eius: quia proiectus est accusator fratrum nostrorum, qui accusabat illos ante conspectum Dei nostri die ac nocte.
১০তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলোঁ: “এতিয়া পৰিত্রাণ, শক্তি - আৰু ৰাজ্য, আমাৰ ঈশ্বৰৰ আৰু অধিকাৰ তেওঁৰ অভিষিক্ত জনৰ অৰ্থাৎ খ্ৰীষ্টৰ হ’ল৷ কিয়নো আমাৰ ভাই সকলৰ যি অপবাদকে দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকৰ অপবাদ দিয়ে, তাক পেলোৱা হ’ল।
11 Et ipsi vicerunt eum propter sanguinem Agni, et propter verbum testimonii sui, et non dilexerunt animas suas usque ad mortem.
১১তেওঁলোকে মেৰ-পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্য্যন্ত নিজৰ জীৱনক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।
12 propterea laetamini caeli, et qui habitatis in eis. Vae terrae, et mari, quia descendit diabolus ad vos, habens iram magnam, sciens quod modicum tempus habet.
১২এই কাৰণে, হে স্বৰ্গ আৰু তাত নিবাস কৰা সকল, তোমালোকে আনন্দ কৰা! কিন্তু হে পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হ’ব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গ’ল; আৰু তাৰ কাল অলপ হোৱা দেখি সি অতি ক্ৰুদ্ধ হৈছে।”
13 Et postquam vidit draco quod proiectus esset in terram, persecutus est mulierem, quae peperit masculum:
১৩পাছত সেই ড্ৰেগনে দেখিলে যে তাক পৃথিৱীত পেলোৱা হ’ল, ইয়াকে দেখি পুত্ৰ প্ৰসৱ কৰা সেই তিৰোতাক সি তাড়না কৰিলে।
14 et datae sunt mulieri alae duae aquilae magnae ut volaret in desertum in locum suum, ubi alitur per tempus et tempora, et dimidium temporis a facie serpentis.
১৪কিন্তু সেই তিৰোতাক মৰুপ্ৰান্তলৈ উৰি যাবৰ কাৰণে ডাঙৰ ঈগল পক্ষীৰ নিচিনা দুখন ডেউকা দিয়া হ’ল; সেই ঠাইত, সেই সাপৰ সন্মুখৰ পৰা দুৰৈত এক কাল, দুই কাল আৰু আধা কাললৈকে তেওঁ প্ৰতিপালিত হয়।
15 Et misit serpens ex ore suo post mulierem, aquam tamquam flumen, ut eam faceret trahi a flumine.
১৫পাছত সেই ড্ৰেগনে সেই তিৰোতাক লক্ষ্য কৰি তাৰ মুখৰ পৰা নদীৰ পানীৰ নিচিনা জলপ্ৰবাহ বোবাই দিলে; সেই পানীৰ সোঁত এনেদৰে বৈ আহিল যাতে তাইক উটুৱাই নিব পাৰে৷
16 Et adiuvit terra mulierem, et aperuit terra os suum, et absorbuit flumen, quod misit draco de ore suo.
১৬কিন্তু পৃথিৱীয়ে সেই তিৰোতাক উপকাৰ কৰিলে৷ নিজৰ মুখ মেলিলে, আৰু ড্ৰেগনে মুখৰ পৰা উলিয়াই পঠোৱা সেই নদী গ্ৰাস কৰিলে।
17 Et iratus est draco in mulierem: et abiit facere proelium cum reliquis de semine eius, qui custodiunt mandata Dei, et habent testimonium Iesu Christi.
১৭তাতে সেই তিৰোতালৈ সেই ড্ৰেগনৰ খং উঠিল, আৰু তেওঁৰ বংশৰ অৱশিষ্ট লোক, যি সকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰে; সেই লোক সকলৰ সৈতে যুদ্ধ কৰিবলৈ গ’ল৷

< Apocalypsis 12 >