< Apocalypsis 10 >

1 Et vidi alium Angelum fortem descendentem de caelo amictum nube, et iris in capite eius, et facies eius erat ut sol, et pedes eius tamquam columnae ignis:
তেতিয়া আন এজন বলৱান দূতক মই স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ মেঘেৰে আবৃত আৰু তেওঁৰ মুৰত ৰামধনু আছিল৷ তেওঁৰ মুখ সূৰ্য্যৰ নিচিনা, তেওঁৰ ভৰি অগ্নিস্তম্ভৰ নিচিনা।
2 et habebat in manu sua libellum apertum: et posuit pedem suum dextrum super mare, sinistrum autem super terram:
তেওঁৰ হাতত এটা পুথিৰ সৰু নুৰা আছিল আৰু তেওঁ সোঁ ভৰি সমুদ্ৰত, বাওঁ ভৰি মাটিত আছিল৷
3 et clamavit voce magna, quemadmodum cum leo rugit. Et cum clamasset, locuta sunt septem tonitrua voces suas.
আৰু সিংহৰ গোজঁৰনিৰ দৰে বৰ মাতেৰে ৰিঙিয়ালে; তেওঁ ৰিঙিয়াওঁতে, মেঘ-গৰ্জ্জন সাতোটাই মাত লগালে৷
4 Et cum locuta fuissent septem tonitrua voces suas, et ego scripturus eram: et audivi vocem de caelo dicentem mihi: Signa quae locuta sunt septem tonitrua: et noli ea scribere.
সেই সাতোটা মেঘ-গৰ্জ্জনে ৰিঙিয়াওঁতে, মই লিখিবলৈ উদ্যত হ’লোঁ; এনেতে এই আকাশী বাণী শুনিলোঁ, “মেঘ-গৰ্জ্জন সাতোটাই যি যি ক’লে, সেইবোৰ ছাব মাৰি ৰাখিবা৷ নিলিখিবা”।
5 Et angelus, quem vidi stantem super mare, et super terram, levavit manum suam ad caelum:
পাছত সমুদ্ৰ আৰু মাটিৰ ওপৰত থিয় হৈ আকাশলৈ নিজৰ সোঁ হাত দঙা এজন দূতক দেখিলোঁ,
6 et iuravit per viventem in saecula saeculorum, qui creavit caelum, et ea quae in eo sunt: et terram, et ea quae in ea sunt: et mare, et ea quae in eo sunt: Quia tempus non erit amplius: (aiōn g165)
আকাশমণ্ডল আৰু তাত যি যি আছে, পৃথিৱী আৰু তাত যি যি আছে, সাগৰ আৰু তাতো যি যি আছে, সেই সকলোৰে সৃষ্টিকৰ্ত্তা চিৰকাল জীয়াই থকা যি জনা, সেই জীৱন্ত জনাৰ নাম লৈ তেওঁ শপত খালে যে, “আৰু পলম নহ’ব৷ (aiōn g165)
7 sed in diebus vocis septimi angeli, cum coeperit tuba canere, consummabitur mysterium Dei, sicut evangelizavit per servos suos Prophetas.
কিন্তু সপ্তম দূতে যিটো সময়ত তূৰী বজাবলৈ উদ্যত হ’ব, সেই ধ্বনিৰ সময়ত, ঈশ্বৰৰ নিগূঢ়-তত্ত্ব, তেওঁৰ দাস যি ভাববাদী সকল, তেওঁলোকক ঘোষণা কৰিবলৈ দিয়া শুভ সংবাদ অনুসাৰে সিদ্ধ হ’ব”।
8 Et audivi vocem de caelo iterum loquentem mecum, et dicentem: Vade, et accipe librum apertum de manu angeli stantis super mare, et super terram.
তেতিয়া মই শুনা সেই আকাশ-বাণীয়ে মোৰে সৈতে আকৌ কথা হৈ ক’লে, “সমুদ্ৰ আৰু মাটিৰ ওপৰত থিয় হৈ থকা সেই দূতৰ হাতত যি মেলা পুথিৰ নুৰা আছে, তুমি গৈ তাক লোৱা”।
9 Et abii ad angelum, dicens ei, ut daret mihi librum. Et dixit mihi: Accipe librum, et devora illum: et faciet amaricari ventrem tuum, sed in ore tuo erit dulce tamquam mel.
তাতে মই সেই দূতৰ ওচৰলৈ গৈ পুথিৰ সৰু নুৰাটো মোক দিবৰ বাবে তেওঁক ক’লো। তেতিয়া তেওঁ মোক ক’লে, “পুথিৰ নুৰাটো লোৱা আৰু ইয়াক খাই পেলোৱা; ই তোমাৰ পেট তিতা হবলৈ দিব, কিন্তু তোমাৰ মুখত ই মৌৰ দৰে সোৱাদ লাগিব”।
10 Et accepi librum de manu angeli, et devoravi illum: et erat in ore meo tamquam mel dulce: et cum devorassem eum, amaricatus est venter meus:
১০তেতিয়া মই দূতৰ হাতৰ পৰা সেই পুথিৰ সৰু নুৰাটো লৈ তাক খালোঁ৷ সেয়ে মোৰ মুখত মৌৰ নিচিনা সোৱাদ লাগিছিল; কিন্তু তাক খোৱাৰ পাছত, মোৰ পেট তিতা হ’ল।
11 et dixit mihi: Oportet te iterum prophetare Gentibus, et populis, et linguis, et regibus multis.
১১পাছত মোক কোৱা হ’ল, “তুমি অনেক লোকৰ, সকলো জাতিৰ, ভাষাৰ আৰু অনেক ৰজাৰ বিষয়ে আকৌ ভাবোক্তি প্ৰচাৰ কৰিব লাগিব”।

< Apocalypsis 10 >