< Philemonem 1 >

1 Paulus vinctus Christi Iesu, et Timotheus frater: Philemoni dilecto, et adiutori nostro,
আমাৰ প্ৰিয় ভাই আৰু সহকৰ্মী ফিলীমনৰ প্রতি, খ্ৰীষ্ট যীচুৰ বন্দীয়াৰ পৌল আৰু আমাৰ ভাই তীমথিয়;
2 et Apiae sorori charissimae, et Archippo commilitoni nostro, et Ecclesiae, quae in domo tua est.
আৰু আমাৰ ভনী আপ্পিয়া, সহসেনা আর্খিপ্প আৰু তোমাৰ ঘৰত গোট খোৱা মণ্ডলীৰ প্রতি,
3 Gratia vobis, et pax a Deo Patre nostro, et Domino Iesu Christo.
আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অনুগ্রহ আৰু শান্তি কামনা কৰিলোঁ।
4 Gratias ago Deo meo, semper memoriam tui faciens in orationibus meis,
মোৰ প্ৰাৰ্থনাত মই তোমাৰ নাম উল্লেখ কৰি, সদায় মোৰ ঈশ্বৰৰ ধন্যবাদ দিওঁ,
5 audiens charitatem tuam, et fidem, quam habes in Domino Iesu, et in omnes sanctos:
প্রভু যীচুৰ প্রতি তোমাৰ বিশ্বাস আৰু ঈশ্বৰৰ সকলো পবিত্র লোকৰ প্রতি থকা তোমাৰ প্রেমৰ কথা শুনিবলৈ পালোঁ।
6 ut communicatio fidei tuae evidens fiat in agnitione omnis operis boni, quod est in vobis in Christo Iesu.
তোমাৰ বিশ্বাসৰ সহভাগিতা যেন আমাৰ লগত থকা সকলো উত্তম বিষয়ৰ জ্ঞানত খ্ৰীষ্টৰ অৰ্থে কাৰ্যসাধক হয়, এনে প্ৰাৰ্থনা কৰোঁ।
7 Gaudium enim magnum habui, et consolationem in charitate tua: quia viscera sanctorum requieverunt per te, frater.
হে ভাই, তোমাৰ প্রেমত মই অতি আনন্দ আৰু সান্ত্বনা পালোঁ, কিয়নো তোমাৰ দ্বাৰা ঈশ্বৰৰ পবিত্র লোক সকলৰ হৃদয় পুনৰাই সজীৱ কৰা হ’ল।
8 Propter quod multam fiduciam habens in Christo Iesu imperandi tibi quod ad rem pertinet:
গতিকে যি উচিত সেইটো কৰিবৰ বাবে তোমাক আজ্ঞা দিবলৈ যীচু খ্রীষ্টত মোৰ সাহস আছে,
9 propter charitatem magis obsecro, cum sis talis, ut Paulus senex, nunc autem et vinctus Iesu Christi:
তথাপি মই তোমাক, তোমাৰ প্ৰেমৰ কাৰণে ইয়াৰ পৰিৱর্তে অনুৰোধ কৰোঁ। মই পৌল, বৃদ্ধ হৈছোঁ আৰু এতিয়া খ্রীষ্ট যীচুৰ কাৰণে মই বন্দী।
10 Obsecro te pro meo filio, quem genui in vinculis, Onesimo,
১০মোৰ বন্দী অৱস্থাত জন্মা পুত্র ওনীচিমৰ প্রসংগত মই তোমাক অনুৰোধ কৰোঁ;
11 qui tibi aliquando inutilis fuit, nunc autem et mihi, et tibi utilis,
১১তেওঁ আগেয়ে তোমাৰ অনুপকাৰী আছিল কিন্তু এতিয়া তোমাৰ আৰু মোৰ বাবেও উপকাৰী হ’ল।
12 quem remisi tibi. Tu autem illum, ut mea viscera, suscipe:
১২যি জন মোৰ প্ৰাণৰ প্ৰিয়, তেওঁকেই মই তোমাৰ ওচৰলৈ উভতাই পঠালোঁ।
13 quem ego volueram mecum detinere, ut pro te mihi ministraret in vinculis Evangelii:
১৩শুভবাৰ্তাৰ কাৰণে হোৱা মোৰ বন্ধনত, তোমাৰ সলনি তেওঁ যেন মোৰ পৰিচৰ্যা কৰে, এই কাৰণে মই তেওঁক লগত ৰাখিব খুজিছিলোঁ৷
14 sine consilio autem tuo nihil volui facere, uti ne velut ex necessitate bonum tuum esset, sed voluntarium.
১৪কিন্তু তোমাৰ অনুমতি অবিহনে মই একো কৰিবলৈ আৱশ্যক নেদেখিলোঁ, সেয়েহে তোমাৰ সৎ গুণ উপায়ন্তৰ হৈ কৰা নহওক, কিন্তু স্ব-ইচ্ছাৰে হওক।
15 Forsitan enim ideo discessit ad horam a te, ut in aeternum illum reciperes: (aiōnios g166)
১৫সম্ভৱত: তেওঁক চিৰকাল পাবৰ বাবে, তোমাৰ পৰা কিছু সময়ৰ কাৰণে পৃথক কৰা হৈছিল। (aiōnios g166)
16 iam non ut servum, sed pro servo charissimum fratrem, maxime mihi: quanto autem magis tibi et in carne, et in Domino?
১৬এজন দাসৰ দৰে নহয় কিন্তু দাসতকৈ শ্রেষ্ঠ, বিশেষকৈ মোৰ বাবে এজন প্রিয় ভাইৰ দৰে; মাংস আৰু প্রভু উভয়তে তোমালৈ অধিক প্রিয়।
17 Si ergo habes me socium, suscipe illum sicut me:
১৭যদি তুমি মোক সহভাগী বুলি গণ্য কৰা তেনেহলে মোৰ তুল্য বুলি তেওঁক গ্ৰহণ কৰিবা।
18 Si autem aliquid nocuit tibi, aut debet: hoc mihi imputa.
১৮আৰু তেওঁ যদি তোমাক কিবা অন্যায় কৰিলে বা ধৰুৱা হৈছে, তেনেহলে তাক মোৰ বুলিয়েই গণনা কৰিবা।
19 Ego Paulus scripsi mea manu: ego reddam, ut non dicam tibi, quod et teipsum mihi debes:
১৯মই পৌল, নিজ মনৰ সৈতে নিজ হাতে লিখিলোঁ, মই পৰিশোধ কৰিম। তোমাৰ জীৱনৰ কাৰণে তুমি যে মোৰ ওচৰত ঋণী, সেই বিষয়ে মই নকওঁ।
20 ita facies. Ego te fruar in Domino: Refice viscera mea in Christo.
২০হয় ভাই, প্রভুত মোক আনন্দিত হবলৈ দিয়া আৰু খ্রীষ্টত মোৰ প্ৰাণ পুনৰ সতেজ কৰা।
21 Confidens in obedientia tua scripsi tibi: sciens quoniam et super id, quod dico, facies.
২১তোমাৰ আনুগত্যতাত আত্মবিশ্বাস আছে, সেয়েহে মই তোমালৈ লিখিলোঁ, তুমি মই কোৱাতকৈও অধিক কৰিবা বুলি জানিছোঁ।
22 Simul autem et para mihi hospitium: nam spero per orationes vestras donari me vobis.
২২কিন্তু সেই একে সময়তে, মোলৈ এটা থকা ঠাই যুগুত কৰি ৰাখিবা; মই আশা কৰোঁ তোমালোকৰ প্ৰাৰ্থনাৰ দ্বাৰাই মই তোমালোকৰ ওচৰলৈ আহিবলৈ অনুমতি পালোঁ।
23 Salutat te Epaphras concaptivus meus in Christo Iesu,
২৩খ্ৰীষ্ট যীচুৰ সম্বন্ধে মোৰ লগৰ বন্দীয়াৰ ইপাফ্ৰাই তোমাক মঙ্গলবাদ কৰিছে;
24 Marcus, Aristarchus, Demas, et Lucas, adiutores mei.
২৪আৰু মাৰ্ক, আৰিষ্টাৰ্খ, দীমা আৰু লূক, মোৰ এই সহকাৰী সকলেও মঙ্গলবাদ কৰিছে।
25 Gratia Domini nostri Iesu Christi cum spiritu vestro. Amen.
২৫আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক। আমেন।

< Philemonem 1 >