< Mattheum 6 >

1 Attendite ne iustitiam vestram faciatis coram hominibus, ut videamini ab eis: alioquin mercedem non habebitis apud patrem vestrum, qui in caelis est.
সাৱধান! মানুহক দেখুৱাবলৈ তেওঁলোকৰ আগত তোমালোকে নিজ নিজ ধাৰ্মিকতাৰ কৰ্ম নকৰিবা; তেনেকুৱা কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰৰ পৰা তোমালোকে একো পুৰস্কাৰ নাপাবা।
2 Cum ergo facis eleemosynam, noli tuba canere ante te, sicut hypocritae faciunt in synagogis, et in vicis, ut honorificentur ab hominibus: Amen dico vobis, receperunt mercedem suam.
এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই।
3 Te autem faciente eleemosynam, nesciat sinistra tua quid faciat dextera tua:
কিন্তু তোমালোকে যেতিয়া দান দিবা, তেতিয়া তোমালোকৰ সোঁ হাতে কি কৰে বাঁও হাতক সেই বিষয়ে জানিবলৈ নিদিবা;
4 ut sit eleemosyna tua in abscondito, et pater tuus, qui videt in abscondito, reddet tibi.
কিয়নো তেতিয়াহে তোমালোকৰ দান গোপন হ’ব আৰু গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
5 Et cum oratis, non eritis sicut hypocritae, qui amant in synagogis, et in angulis platearum stantes orare, ut videantur ab hominibus: amen dico vobis, receperunt mercedem suam.
তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়া সকলৰ দৰে নহবা; কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভালপায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
6 Tu autem cum oraveris, intra in cubiculum tuum, et clauso ostio, ora patrem tuum in abscondito: et pater tuus qui videt in abscondito, reddet tibi.
কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ-কোঠালীলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
7 Orantes autem, nolite multum loqui, sicut ethnici faciunt. putant enim quod in multiloquio suo exaudiantur.
প্ৰাৰ্থনা কৰা সময়ত অনা-ইহুদী সকলৰ নিচিনাকৈ তোমালোকে অনৰ্থক পুণৰুক্তি নকৰিবা; কিয়নো তেওঁলোকে ভাৱে, তেওঁলোকৰ বেচি কথাৰ কাৰণে তেওঁলোকৰ প্রার্থনা তেওঁ শুনিব।
8 Nolite ergo assimilari eis. scit enim pater vester, quid opus sit vobis, antequam petatis eum.
এতেকে তোমালোক তেওঁলোকৰ নিচিনা নহবা; কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে, সেই বিষয়ে তোমালোকে পিতৃৰ পৰা খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে।
9 Sic ergo vos orabitis: Pater noster, qui es in caelis: sanctificetur nomen tuum.
এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা; ‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক;
10 Adveniat regnum tuum. Fiat voluntas tua, sicut in caelo, et in terra.
১০তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক।
11 Panem nostrum supersubstantialem da nobis hodie.
১১আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া।
12 Et dimitte nobis debita nostra, sicut et nos dimittimus debitoribus nostris.
১২আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।
13 Et ne nos inducas in tentationem. Sed libera nos a malo. Amen.
১৩আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা৷’
14 Si enim dimiseritis hominibus peccata eorum: dimittet et vobis pater vester caelestis delicta vestra.
১৪কিয়নো তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব;
15 Si autem non dimiseritis hominibus: nec pater vester dimittet vobis peccata vestra.
১৫কিন্তু তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা নকৰা, তেনেহলে তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা নকৰিব।
16 Cum autem ieiunatis, nolite fieri sicut hypocritae tristes. exterminant enim facies suas, ut appareant hominibus ieiunantes. Amen dico vobis, quia receperunt mercedem suam.
১৬যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
17 Tu autem, cum ieiunas, unge caput tuum, et faciem tuam lava,
১৭কিন্তু তোমালোকে যেতিয়া লঘোন দিয়া, তেতিয়া তোমাৰ মূৰত তেল সানিবা আৰু মুখ ধুই ল’বা;
18 ne videaris hominibus ieiunans, sed patri tuo, qui est in abscondito: et pater tuus, qui videt in abscondito, reddet tibi.
১৮যাতে আনে জানিব নোৱাৰে যে, তোমালোকে লঘোন দিছা। কিন্তু তোমালোকৰ পিতৃ, যি জনক তোমালোকে দেখা নোপোৱা, কেৱল তেৱেঁই ইয়াক দেখা পাব। তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক পুৰস্কাৰ দিব।
19 Nolite thesaurizare vobis thesauros in terra: ubi aerugo, et tinea demolitur: et ubi fures effodiunt, et furantur.
১৯যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা;
20 Thesaurizate autem vobis thesauros in caelo: ubi neque aerugo, neque tinea demolitur, et ubi fures non effodiunt, nec furantur.
২০কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা।
21 Ubi enim est thesaurus tuus, ibi est et cor tuum.
২১কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।
22 Lucerna corporis tui est oculus tuus. Si oculus tuus fuerit simplex: totum corpus tuum lucidum erit.
২২চকুৱেই শৰীৰৰ প্ৰদীপ; এই হেতুকে তোমালোকৰ চকু যদি ভালে থাকে, তেনেহলে তোমালোকৰ গোটেই শৰীৰ দীপ্তিময় হ’ব;
23 Si autem oculus tuus fuerit nequam: totum corpus tuum tenebrosum erit. Si ergo lumen, quod in te est, tenebrae sunt: ipsae tenebrae quantae erunt?
২৩কিন্তু তোমালোকৰ চকু যদি বেয়া হয়, তেনেহলে তোমালোকৰ গোটেই শৰীৰ অন্ধকাৰময় হ’ব। এতেকে তোমালোকৰ তাত থকা পোহৰ যদি আচলতে অন্ধকাৰময় হয়, তেনেহলে সেই আন্ধাৰ কিমান গভীৰ হব!
24 Nemo potest duobus dominis servire: aut enim unum odio habebit, et alterum diliget: aut unum sustinebit, et alterum contemnet. Non potestis Deo servire, et mammonae.
২৪কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।
25 Ideo dico vobis, ne soliciti sitis animae vestrae quid manducetis, neque corpori vestro quid induamini. Nonne anima plus est quam esca: et corpus plus quam vestimentum?
২৫এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু কাপোৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে?
26 Respicite volatilia caeli, quoniam non serunt, neque metunt, neque congregant in horrea: et pater vester caelestis pascit illa. Nonne vos magis pluris estis illis?
২৬আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে?
27 Quis autem vestrum cogitans potest adiicere ad staturam suam cubitum unum?
২৭আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?
28 Et de vestimento quid soliciti estis. Considerate lilia agri quomodo crescunt: non laborant, neque nent.
২৮বস্ত্ৰৰ বাবেও কিয় চিন্তা কৰা? পথাৰৰ লিলিফুলবোৰ কেনেকৈ বাঢ়ে, সেই বিষয়ে ভাবি চোৱা; সেইবোৰে শ্ৰম নকৰে, কাপোৰো নবয়;
29 Dico autem vobis, quoniam nec Salomon in omni gloria sua coopertus est sicut unum ex istis.
২৯তথাপি মই তোমালোকক কওঁ, চলোমন ৰজা ইমান ঐশ্বৰ্যৰ মাজত থাকিও এইবোৰৰ এটাৰো নিচিনা নিজক বিভূষিত কৰিব পৰা নাছিল।
30 Si enim foenum agri, quod hodie est, et cras in clibanum mittitur, Deus sic vestit: quanto magis vos modicae fidei?
৩০এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ’ব, সেই বনকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তেওঁ তাতকৈ তোমালোকক অধিক ভূষিত নকৰিব নে?
31 Nolite ergo soliciti esse, dicentes: Quid manducabimus, aut quid bibemus, aut quo operiemur?
৩১এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা।
32 haec enim omnia gentes inquirunt. Scit enim pater vester, quia his omnibus indigetis.
৩২কিয়নো অনা-ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।
33 Quaerite ergo primum regnum Dei, et iustitiam eius: et haec omnia adiicientur vobis.
৩৩কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
34 Nolite ergo soliciti esse in crastinum. Crastinus enim dies solicitus erit sibiipsi. sufficit diei malitia sua.
৩৪এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।

< Mattheum 6 >