< Mattheum 11 >

1 Et factum est, cum consummasset Iesus, praecipiens duodecim discipulis suis, transiit inde ut doceret, et praedicaret in civitatibus eorum.
যীচুৱে তেওঁৰ বাৰ জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্রচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গ’ল।
2 Ioannes autem cum audisset in vinculis opera Christi, mittens duos de discipulis suis,
যোহনে বন্দীশালৰ পৰা যেতিয়া খ্ৰীষ্টৰ কৰ্মৰ কথা শুনিলে, তেতিয়া নিজৰ শিষ্য সকলৰ দ্বাৰাই যীচুক সুধি পঠালে,
3 ait illi: Tu es, qui venturus es, an alium expectamus?
ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?”
4 Et respondens Iesus ait illis: Euntes renunciate Ioanni quae audistis, et vidistis.
যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যোৱা, তোমালোকে যি শুনিছা আৰু দেখিছা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ।
5 Caeci vident, claudi ambulant, leprosi mundantur, surdi audiunt, mortui resurgunt, pauperes evangelizantur:
অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুণৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে।
6 et beatus est, qui non fuerit scandalizatus in me.
ধন্য সেই লোক, যি জনে মোক লৈ কোনো বাধা নাপায়।”
7 Illis autem abeuntibus, coepit Iesus dicere ad turbas de Ioanne: Quid existis in desertum videre? arundinem vento agitatam?
যোহনৰ শিষ্য সকল যেতিয়া উলটি গ’ল, সেই সময়ত যীচুৱে যোহনৰ বিষয়ে লোক সকলৰ আগত এই কথা কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ গৈছিল- বতাহে লৰোৱা এক নল-খাগৰি?
8 Sed quid existis videre? hominem mollibus vestitum? Ecce qui mollibus vestiuntur, in domibus regum sunt.
তেনেহলে কি চাবলৈ ওলাই গৈছিল- মিহি কাপোৰ পিন্ধা মানুহ নে? বাস্তৱিকতে, যি সকলে মিহি কাপোৰ পিন্ধে, তেওঁলোক ৰজাৰ ভৱনতহে থাকে।
9 Sed quid existis videre? prophetam? Etiam dico vobis, et plus quam prophetam.
তেনেহলে কি চাবলৈ ওলাই গৈছিল - এজন ভাববাদীক নে? হয়, মই আপোনালোকক কওঁ, ‘তেওঁ ভাৱবাদীতকৈয়ো মহান।
10 Hic est enim, de quo scriptum est: Ecce ego mitto angelum meum ante faciem tuam, qui praeparabit viam tuam ante te.
১০এই জন তেৱেঁই, যি জনৰ বিষয়ে শাস্ত্রত লিখা আছে, ‘চোৱা, মই তোমাৰ আগত মোৰ বার্তাবাহকক পঠাম, তেওঁ তোমাৰ আগত তোমাৰ পথ প্রস্তুত কৰিব।’
11 Amen dico vobis, non surrexit inter natos mulierum maior Ioanne Baptista: qui autem minor est in regno caelorum, maior est illo.
১১মই আপোনালোকক সঁচাকৈয়ে কওঁ, মহিলাৰ গর্ভত যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত বাপ্তাইজক যোহনতকৈ মহান কোনো নাই; কিন্তু স্বৰ্গৰাজ্যত আটাইতকৈ গুৰুত্বহীন সৰু ব্যক্তিও যোহনতকৈ মহান।
12 A diebus autem Ioannis Baptistae usque nunc, regnum caelorum vim patitur, et violenti rapiunt illud.
১২বাপ্তাইজক যোহনৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য ভীষণভাৱে আক্ৰান্ত হৈছে আৰু বলৱান লোকে বলেৰে তাক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছে।
13 Omnes enim prophetae, et lex usque ad Ioannem prophetaverunt:
১৩যোহনৰ সময়লৈকে সকলো ভাববাদীয়ে আৰু বিধান-শাস্ত্ৰই ভাবোক্তি প্ৰকাশ কৰিছে।
14 et si vultis recipere, ipse est Elias, qui venturus est.
১৪অাপোনালোকে যদি এই কথা গ্ৰহণ কৰিব খোজে, তেনেহলে আহিব লগা যি এলিয়া, এই যোহনেই সেই জন।
15 Qui habet aures audiendi, audiat.
১৫যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।
16 Cui autem similem aestimabo generationem istam? Similis est pueris sedentibus in foro: qui clamantes coaequalibus
১৬এই যুগৰ লোক সকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা ল’ৰা-ছোৱালীৰ নিচিনা, যি সকলে বজাৰত বহি সঙ্গী সকলক মাতি কয়;
17 dicunt: Cecinimus vobis, et non saltastis: lamentavimus, et non planxistis.
১৭‘আমি তোমালোকৰ কাৰণে বাঁহী বজালো, তোমালোকে নানাচিলা; আমি শোকৰ গান গালো, তোমালোকে বিলাপ নকৰিলা।’
18 Venit enim Ioannes neque manducans, neque bibens, et dicunt: Daemonium habet.
১৮যোহনে আহি ভোজন গ্রহণ বা দ্রাক্ষাৰস পান একো নকৰাৰ কাৰণে লোকে কয়, ‘তেওঁক ভূতে পাইছে’।
19 Venit filius hominis manducans, et bibens, et dicunt: Ecce homo vorax, et potator vini, publicanorum, et peccatorum amicus. Et iustificata est sapientia a filiis suis.
১৯মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘এই চোৱা, এই জন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহকাৰী আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান যে সত্য, নিজৰ কৰ্মৰ দ্বাৰাই প্ৰমাণিত হয়।’”
20 Tunc coepit exprobrare civitatibus, in quibus factae sunt plurimae virtutes eius, quia non egissent poenitentiam.
২০যীচুৱে যিবোৰ নগৰত বেচি ভাগ পৰাক্রম কাৰ্য কৰিছিল, সেইবোৰ ঠাইৰ নিবাসী সকলক তেওঁ গৰিহণা দিলে, কাৰণ তেওঁলোকে মন-পালটন নকৰিলে।
21 Vae tibi Corozain, vae tibi Bethsaida: quia, si in Tyro, et Sidone factae essent virtutes quae factae sunt in vobis, olim in cilicio, et cinere poenitentiam egissent.
২১“হায় কোৰাচীন! হায় বৈৎ-চৈদা! কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কাৰ্য যদি তুৰ আৰু চীদোন নগৰত কৰিলোঁ হয়, তেনেহলে বহু দিনৰ আগেয়ে তাৰ নিবাসী সকলে চট পিন্ধিলেহেঁতেন আৰু ছাইত বহি মন-পালটন কৰিলেহেঁতেন।
22 Verumtamen dico vobis: Tyro, et Sidoni remissius erit in die iudicii, quam vobis.
২২কিন্তু মই আপোনালোকক কওঁ, সোধ-বিচাৰৰ দিনা আপোনালোকতকৈ তুৰ আৰু চীদোনৰদশা সহিব পৰা হ’ব।
23 Et tu Capharnaum, numquid usque in caelum exaltaberis? usque in infernum descendes. quia, si in Sodomis factae fuissent virtutes, quae factae sunt in te, forte mansissent usque in hanc diem. (Hadēs g86)
২৩তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন। (Hadēs g86)
24 Verumtamen dico vobis, quia terrae Sodomorum remissius erit in die iudicii, quam tibi.
২৪কিন্তু মই তোমালোকক কওঁ, সোধ-বিচাৰৰ দিনা তোমালোকতকৈ চদোম নগৰৰ দশা সহিবৰ বাবে অধিক সহজ হ’ব।”
25 In illo tempore respondens Iesus dixit: Confiteor tibi, Pater, Domine caeli et terrae, quia abscondisti haec a sapientibus, et prudentibus, et revelasti ea parvulis.
২৫সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।
26 Ita Pater: quoniam sic fuit placitum ante te.
২৬হয় পিতৃ, ‘এইদৰে তোমাৰ দৃষ্টিত ই সন্তোষজনক হৈছে।’
27 Omnia mihi tradita sunt a Patre meo. Et nemo novit Filium, nisi Pater: neque Patrem quis novit, nisi Filius, et cui voluerit Filius revelare.
২৭কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে: পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।
28 Venite ad me omnes, qui laboratis, et onerati estis, et ego reficiam vos.
২৮হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম।
29 Tollite iugum meum super vos, et discite a me, quia mitis sum, et humilis corde: et invenietis requiem animabus vestris.
২৯মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।
30 Iugum enim meum suave est, et onus meum leve.
৩০কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”

< Mattheum 11 >