< Jeremiæ 34 >

1 Verbum, quod factum est ad Ieremiam a Domino, quando Nabuchodonosor rex Babylonis, et omnis exercitus eius, universaque regna terrae, quae erant sub potestate manus eius, et omnes populi bellabant contra Ierusalem, et contra omnes urbes eius, dicens:
বাবিলৰ ৰজা নবূখদনেচৰ, তেওঁৰ সৈন্য-সামন্ত আৰু তেওঁৰ অধীনে থকা পৃথিৱীৰ সকলো ৰাজ্যবোৰ, আৰু সকলো জাতি সমূহে যিৰূচালেম আৰু তাৰ সকলো নগৰৰ বিৰুদ্ধে যুদ্ধ কৰা সময়ত, যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ পৰা এই বাক্য আহিল, বোলে,
2 Haec dicit Dominus Deus Israel: Vade, et loquere ad Sedechiam regem Iuda: et dices ad eum: Haec dicit Dominus: Ecce ego tradam civitatem hanc in manus regis Babylonis, et succendet eam igne.
“ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘তুমি যোৱা, আৰু যিহূদাৰ ৰজা চিদিকিয়াৰ লগত কথা হৈ তেওঁক কোৱা, “যিহোৱাই এইদৰে কৈছে: চোৱা, মই বাবিলৰ ৰজাৰ হাতত এই নগৰখন সমৰ্পণ কৰিম, আৰু তেওঁ এই নগৰখন জুইৰে দগ্ধ কৰিব;
3 Et tu non effugies de manu eius: sed comprehensione capieris, et in manu eius traderis: et oculi tui oculos regis Babylonis videbunt, et os eius cum ore tuo loquetur, et Babylonem introibis.
আৰু তুমি তেওঁৰ হাতৰ পৰা ৰক্ষা নাপাবা, কিন্তু নিশ্চয়ে ধৰা পৰি তেওঁৰ হাতত সমৰ্পিত হ’বা; তুমি যেতিয়া বাবিললৈ যাবা তেতিয়া তোমাৰ চকুৱে বাবিলৰ ৰজাৰ চকুৱে চকুৱে দেখিব, আৰু তেওঁ সম্মুখা-সম্মুখী হৈ তোমাৰ লগত কথা হ’ব।’
4 Attamen audi verbum Domini Sedecia rex Iuda: Haec dicit Dominus ad te: Non morieris in gladio,
হে যিহূদাৰ ৰজা চিদিকিয়া, তুমি যিহোৱাৰ বাক্য শুনা! যিহোৱাই তোমাৰ বিষয়ে এইদৰে কৈছে: ‘তুমি তৰোৱালৰ দ্বাৰাই নমৰিবা;
5 sed in pace morieris, et secundum combustiones patrum tuorum regum priorum qui fuerunt ante te, sic comburent te: et vae domine, plangent te: quia verbum ego locutus sum, dicit Dominus.
তুমি শান্তিৰে মৰিবা। তোমাৰ আগেয়ে হোৱা তোমাৰ পূৰ্বপুৰুষ ৰজাসকলৰ কাৰণে লোকসকলে যেনেকৈ সুগন্ধি দ্ৰব্য জ্বলাইছিল, তেনেকৈ তোমাৰ বাবেও জ্বলাব, আৰু তেওঁলোকে “হায় প্ৰভু” এই বুলি কৈ তোমাৰ কাৰণে বিলাপ কৰিব; কিয়নো এতিয়া মই এই কথা কলোঁ। এয়ে যিহোৱাৰ ঘোষণা’।”
6 Et locutus est Ieremias propheta ad Sedechiam regem Iuda universa verba haec in Ierusalem.
তেতিয়া যিৰিমিয়া ভাববাদীয়ে যিৰূচালেমত যিহূদাৰ ৰজা চিদিকিয়াক সেই সকলো কথাবোৰ ক’লে।
7 Et exercitus regis Babylonis pugnabat contra Ierusalem, et contra omnes civitates Iuda, quae reliquae erant contra Lachis, et contra Azecha: hae enim supererant de civitatibus Iuda, urbes munitae.
সেই কালত বাবিলৰ ৰজাৰ সৈন্যসামন্তই যিৰূচালেম আৰু যিহূদাৰ অৱশিষ্ট আটাই নগৰৰ বিৰুদ্ধে, লাখীচ আৰু অজেকাৰ অহিতে যুদ্ধ কৰিছিল; কিয়নো যিহূদাৰ নগৰবোৰৰ মাজত কেৱল এই দুখনহে গড়েৰে আবৃত নগৰ অৱশিষ্ট আছিল।
8 Verbum, quod factum est ad Ieremiam a Domino, postquam percussit rex Sedechias foedus cum omni populo in Ierusalem, praedicans:
বন্দী-বেটীৰ আগত মুক্তি ঘোষণা কৰিবলৈ, চিদিকিয়া ৰজাই যিৰূচালেমত থকা আটাই প্ৰজাৰে সৈতে এটি নিয়ম স্থাপন কৰাৰ পাছত, যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল -
9 Ut dimitteret unusquisque servum suum, et unusquisque ancillam suam, Hebraeum et Hebraeam liberos: et nequaquam dominarentur eis, id est in Iudaeo et fratre suo.
সেই নিয়মটি এই, যে, প্ৰত্যেক মানুহে নিজ ইব্ৰী বন্দী বা বেটিক মুকলি কৰি দিব, অৰ্থাৎ কোনো এজন যিহুদী লগৰীয়াক আৰু কেতিয়াও বন্দী-কাম নকৰাব।
10 Audierunt ergo omnes principes et universus populus, qui inierant pactum ut dimitteret unusquisque servum suum, et unusquisque ancillam suam liberos, et ultra non dominarentur eis: audierunt igitur, et dimiserunt.
১০তেতিয়া সকলো প্ৰধান লোক আৰু আটাই প্ৰজা এই নিয়মটিত মান্তি হ’ল। প্ৰত্যেকে নিজৰ বন্দীক আৰু নিজৰ বেটীক মুকলি কৰি দিব আৰু কোনেও যেন তেওঁলোকক আৰু কেতিয়াও বন্দী-কাম নকৰাব। লোকসকলে এই নিয়মটিত মান্তি হৈ তেওঁলোকক এৰি দিলে।
11 Et conversi sunt deinceps: et retraxerunt servos et ancillas suas, quos dimiserant liberos, et subiugaverunt in famulos et famulas.
১১কিন্তু পাছত তেওঁলোকে মন ঘূৰালে, আৰু তেওঁলোকে মুকলি কৰি দিয়া বন্দী-বেটীসকলক ঘূৰাই আনিলে আৰু নিজৰ বন্দী-বেটী কৰিবলৈ তেওঁলোকক বশীভুত কৰিলে।
12 Et factum est verbum Domini ad Ieremiam a Domino, dicens:
১২এই কাৰণে যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল বোলে,
13 Haec dicit Dominus Deus Israel: Ego percussi foedus cum patribus vestris in die, qua eduxi eos de Terra Aegypti de domo servitutis, dicens:
১৩“ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: বন্দীঘৰস্বৰূপ মিচৰ দেশৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই অনা দিনা ময়েই তেওঁলোকৰ লগত নিয়ম এটি স্থিৰ কৰিছিলোঁ। তেতিয়া মই কৈছিলোঁ যে,
14 Cum completi fuerint septem anni, dimittat unusquisque fratrem suum Hebraeum, qui venditus est ei, et serviet tibi sex annis: et dimittes eum a te liberum: et non audierunt patres vestri me, nec inclinaverunt aurem suam.
১৪‘তোমালোক প্ৰতিজনে নিজ নিজ ইব্ৰী ভাইক সপ্তম বছৰৰ মূৰত এৰি দিবা, যি জন তোমাৰ হাতত বেচা হ’ল, আৰু তোমাৰ অধীনত ছবছৰ সেৱা কৰিলে, তুমি তাক মুকলি কৰি তোমাৰ ওচৰৰ পৰা বিদাই দিবা।’ কিন্তু তোমালোকৰ পূৰ্বপুৰুষসকলে মোৰ কথা নামানিলে, আৰু কাণো নাপাতিলে।
15 Et conversi estis vos hodie, et fecistis quod rectum est in oculis meis, ut praedicaretis libertatem unusquisque ad amicum suum: et inistis pactum in conspectu meo in domo, in qua invocatum est nomen meum super eam.
১৫সম্প্ৰতি তোমালোকে মন ঘূৰাই প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰি, মোৰ দৃষ্টিত যি ন্যায়, তাকে কৰিছিলা, আৰু মোৰ নামেৰে প্ৰখ্যাত গৃহত মোৰ আগত এটি নিয়ম স্থাপন কৰিছিলা।
16 Et reversi estis, et commaculastis nomen meum: et reduxistis unusquisque servum suum, et unusquisque ancillam suam, quos dimiseratis ut essent liberi et suae potestatis: et subiugastis eos ut sint vobis servi et ancillae.
১৬কিন্তু তোমালোকে আকৌ মন ঘূৰাই মোৰ নাম অপবিত্ৰ কৰিলা, আৰু যি বন্দী-বেটীসকলক নিজ ইচ্ছামতে যাবলৈ এৰি দিছিলা, তোমালোক প্ৰতিজনে নিজ নিজ সেই বন্দী-বেটীক ওলোটাই আনি তেওঁলোকক আকৌ বন্দী-বেটী কৰিবলৈ বশীভুত কৰিলা।”
17 Propterea haec dicit Dominus: Vos non audistis me, ut praedicaretis libertatem unusquisque fratri suo, et unusquisque amico suo: ecce ego praedico vobis libertatem, ait Dominus ad gladium, ad pestem, et ad famem: et dabo vos in commotionem cunctis regnis terrae.
১৭এই কাৰণে যিহোৱাই এই কথা কৈছে: “তোমালোক প্ৰতিজনে নিজ নিজ ভাইৰ আগত, প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰিবলৈ মোলৈ কাণ নিদিলা; গতিকে চোৱা, মই এতিয়া তোমালোকৰ মুক্তি ঘোষণা কৰিম” - যিহোৱাৰ ঘোষণা এই, মইও তৰোৱাল, মহামাৰী, আৰু আকাললৈ তোমালোকৰ আগত মুক্তি ঘোষণা কৰিছোঁ, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তোমালোকক ত্ৰাসৰ বিষয় কৰিম।
18 Et dabo viros, qui praevaricantur foedus meum, et non observaverunt verba foederis, quibus assensi sunt in conspectu meo, vitulum quem conciderunt in duas partes, et transierunt inter divisiones eius:
১৮তাৰ পাছত যি লোকসকলে মোৰ নিয়মটি ভাঙিলে আৰু মোৰ আগত বন্ধা নিয়মটিৰ বাক্য পালন নকৰিলে, তেওঁলোকক মই তেওঁলোকে যিদৰে দামুৰিটোক দুডোখৰ কৰি তাৰ অংশৰ মাজেদি গমন কৰিছিল, তেওঁলোককো মই তেনে কৰিম।
19 Principes Iuda et principes Ierusalem, eunuchi et sacerdotes, et omnis populus terrae, qui transierunt inter divisiones vituli:
১৯তেতিয়া দামুৰিৰ অংশৰ মাজেদি যিহূদা আৰু যিৰূচালেমৰ প্ৰধান লোক, নপুংসক, পুৰোহিতসকল আৰু দেশৰ সকলো প্ৰজাই গমন কৰিলে।
20 Et dabo eos in manus inimicorum suorum, et in manus quaerentium animam eorum: et erit morticinum eorum in escam volatilibus caeli, et bestiis terrae.
২০মই তেওঁলোকক তেওঁলোকৰ শত্ৰূবোৰ আৰু তেওঁলোকৰ প্ৰাণ ল’বলৈ বিচাৰি ফুৰাবোৰৰ হাতত সমৰ্পণ কৰিম। তেওঁলোকৰ মৰা শৱ আকাশৰ চৰাইবোৰৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ’ব।
21 Et Sedechiam regem Iuda, et principes eius dabo in manus inimicorum suorum, et in manus quaerentium animas eorum, et in manus exercituum regis Babylonis, qui recesserunt a vobis.
২১সেই কাৰণে মই যিহূদাৰ ৰজা চিদিকিয়াক আৰু তেওঁৰ প্ৰধান লোকসকলক তেওঁলোকৰ শত্ৰূবোৰৰ হাতত, আৰু তেওঁলোকৰ প্ৰাণ ল’বলৈ বিচাৰি ফুৰাবোৰৰ হাতত, আৰু তোমালোকৰ বিৰুদ্ধে উঠি যোৱা বাবিলৰ ৰজাৰ সৈন্যসামন্তৰ হাতত সমৰ্পণ কৰিম।
22 Ecce ego praecipio, dicit Dominus, et reducam eos in civitatem hanc, et praeliabuntur adversus eam, et capient eam, et incendent igne: et civitates Iuda dabo in solitudinem, eo quod non sit habitator.
২২চোৱা, মই তোমালোকক এটা আজ্ঞা কৰিম” - এয়ে যিহোৱাৰ ঘোষণা - মই তেওঁলোকক পুনৰায় এই নগৰৰ অহিতে যুদ্ধ কৰি, ইয়াক হাত কৰি লৈ, জুই দি পুৰিবলৈ, তেওঁলোকক এই নগৰলৈ ঘূৰাই আনিম। কিয়নো মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।

< Jeremiæ 34 >