< Jeremiæ 31 >

1 In tempore illo, dicit Dominus: Ero Deus universis cognationibus Israel, et ipsi erunt mihi in populum.
“সেই সময়ত” - যিহোৱাৰ এই ঘোষণা - “মই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।”
2 Haec dicit Dominus: Invenit gratiam in deserto populus, qui remanserat a gladio: vadet ad requiem suam Israel.
যিহোৱাই এই কথা কৈছে: যি ইস্ৰায়েলৰ লোকসকলে তৰোৱালৰ পৰা ৰক্ষা পাই জীয়াই আছিল তেওঁলোক অৰণ্যত দয়া পালে।
3 Longe Dominus apparuit mihi. Et in charitate perpetua dilexi te, ideo attraxi te, miserans tui.
যিহোৱাই অতীতৰ পৰা দৰ্শন দিলে, আৰু মোক ক’লে, ‘সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ। এই কাৰণে মই তোমাক বহুকালৰে পৰা দয়া কৰি আহিছোঁ।
4 Rursumque aedificabo te, et aedificaberis virgo Israel: adhuc ornaberis tympanis tuis, et egredieris in choro ludentium.
হে কুমাৰী ইস্ৰায়েল, মই তোমাক পুনৰ নিৰ্ম্মাণ কৰিম, তাতে তুমি নিৰ্ম্মিত হ’বা। তুমি তোমাৰ খঞ্জৰীৰে পুনৰায় ভুষিতা হ’বা, আৰু আমোদকাৰীসকলৰ লগত নাচিবাগি ওলাই যাবা।
5 Adhuc plantabis vineas in montibus Samariae: plantabunt plantantes, et donec tempus veniat, non vindemiabunt:
তুমি চমৰিয়াৰ পৰ্বতবোৰত পুনৰায় দ্ৰাক্ষাবাৰী পাতিবা; খেতিয়কসকলে তাক ৰুব, আৰু তাৰ ফল ভোগ কৰিব।
6 quia erit dies, in qua clamabunt custodes in monte Samariae et in monte Ephraim: Surgite, et ascendamus in Sion ad Dominum Deum nostrum.
কিয়নো ইফ্ৰয়িমৰ পৰ্ব্বতত প্ৰহৰীসকলে ঘোষণা কৰিব বোলে, ‘উঠা, ব’লা, আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ চিয়োনলৈ যাওহঁক’।”
7 Quia haec dicit Dominus: Exultate in laetitia Iacob, et hinnite contra caput Gentium: personate, et canite, et dicite: Salva Domine populum tuum reliquias Israel.
কাৰণ যিহোৱাই এই কথা কৈছে: “তোমালোকে যাকোবৰ কাৰণে আনন্দেৰে গীত গোৱা! আৰু জাতিবোৰৰ মুখিয়ালসকলৰ কাৰণে উল্লাসেৰে জয়-ধ্বনি কৰা, প্ৰচাৰ কৰা! প্ৰশংসা কৰা। আৰু কোৱা, ‘যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ অৱশিষ্ট ভাগক ৰক্ষা কৰিলে।’
8 Ecce ego adducam eos de terra Aquilonis, et congregabo eos ab extremis terrae: inter quos erunt caecus et claudus, praegnans et pariens simul, coetus magnus revertentium huc.
চোৱা, মই তেওঁলোকক উত্তৰ দিশৰ পৰা আনিম। মই পৃথিৱীৰ অন্তভাগৰ পৰা তেওঁলোকক গোট খুৱাম। তেওঁলোকৰ মাজত অন্ধ আৰু খোৰা লোক থাকিব; গৰ্ভৱতী আৰু গৰ্ভবেদনা পোৱা মহিলাসকল তেওঁলোকৰ লগত থাকিব। আৰু এই ঠাইলৈ এটা মহান সভা ঘূৰি আহিব।
9 In fletu venient: et in misericordia reducam eos: et adducam eos per torrentes aquarum in via recta, et non impingent in ea: quia factus sum Israeli pater, et Ephraim primogenitus meus est.
তেওঁলোকে ক্ৰন্দন কৰি আহিব; আৰু তেওঁলোকে বিনয় কৰি থকা অৱস্থাত মই তেওঁলোকক চলাম। মই তেওঁলোকক জুৰিৰ ওচৰেদি গমন কৰাম যি পোন বাটত তেওঁলোকে যেন উজুটি নাখাই, কিয়নো মই ইস্ৰায়েলৰ পিতৃ, আৰু ইফ্ৰয়িম মোৰ জেষ্ট পুত্ৰ।”
10 Audite verbum Domini Gentes, et annunciate in insulis, quae procul sunt, et dicite. Qui dispersit Israel, congregabit eum: et custodiet eum sicut pastor gregem suum.
১০হে জাতি সমূহ, যিহোৱাৰ বাক্য শুনা। দূৰত থকা দ্বীপবোৰত সেই বিষয়ে প্ৰচাৰ কৰা। হে জাতি সমূহ, তোমালোকে কোৱা, “যি জনে ইস্ৰায়েলক ছিন্ন-ভিন্ন কৰিছিল, তেৱেঁই তাইক গোটাব, আৰু ৰখীয়াই নিজৰ জাকক ৰখাৰ দৰে তেওঁ তাইক সেইদৰে ৰাখিব।”
11 Redemit enim Dominus Iacob, et liberabit eum de manu potentioris.
১১কিয়নো যিহোৱাই যাকোবক মোকলালে, আৰু তাতকৈ অধিক বলৱান জনৰ হাতৰ পৰা তেওঁক মুক্ত কৰিলে।
12 Et venient, et laudabunt in monte Sion: et confluent ad bona Domini super frumento, et vino, et oleo, et foetu pecorum et armentorum: eritque anima eorum quasi hortus irriguus, et ultra non esurient.
১২তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু মেৰ-ছাগৰ জাকৰ পোৱালিবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।
13 Tunc laetabitur virgo in choro, iuvenes et senes simul: et convertam luctum eorum in gaudium, et consolabor eos, et laetificabo a dolore suo.
১৩তেতিয়া যুৱতীসকলে নাচত আনন্দ কৰিব আৰু ডেকা আৰু বুঢ়া লোকসকলে একে লগে তেওঁলোকৰ সৈতে আনন্দ কৰিব। “কিয়নো মই তেওঁলোকৰ বিলাপ হৰ্ষলৈ পৰিবৰ্ত্তন কৰিম। মই তেওঁলোকৰ ওপৰত দয়া কৰিম, আৰু তেওঁলোকৰ শোক গুচাই তাৰ সলনি তেওঁলোকক আনন্দিত কৰাম।
14 Et inebriabo animam sacerdotum pinguedine: et populus meus bonis meis adimplebitur, ait Dominus.
১৪আৰু মই পুষ্টিকৰ দ্ৰব্যেৰে পুৰোহিতসকলৰ মন প্রচুৰতাৰে তৃপ্ত কৰিম। আৰু মোৰ প্ৰজাসকলে মোৰ উত্তম বস্তুৰে নিজকে পৰিপূৰ্ণ কৰিব” - এয়ে যিহোৱাৰ ঘোষণা।
15 Haec dicit Dominus: Vox in excelso audita est lamentationis, luctus, et fletus Rachel plorantis filios suos, et nolentis consolari super eis, quia non sunt.
১৫যিহোৱাই এই কথা কৈছে: “ৰামাত বিলাপৰ আৰু ক্ৰন্দাৰ শব্দ শুনা গৈছে। ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্ৰন্দন কৰিছে; তেওঁ নিজৰ সন্তান সকলৰ বিষয়ে শান্তনা দিয়া কথা নামানে, কিয়নো তেওঁলোক আৰু জীৱিত নাই।”
16 Haec dicit Dominus: Quiescat vox tua a ploratu, et oculi tui a lacrymis: quia est merces operi tuo, ait Dominus: et revertentur de terra inimici.
১৬যিহোৱাই এই কথা কৈছে: “তুমি ক্ৰন্দন কৰিবলৈ আৰু চকু-লো বোৱাবলৈ এৰা; কিয়নো তোমাৰ কষ্টৰ পুৰস্কাৰ দিয়া হ’ব” - এয়ে যিহোৱাৰ ঘোষণা। “তোমাৰ সন্তান সকল শত্ৰূৰ দেশৰ পৰা পুনৰায় আহিব।
17 Et est spes novissimis tuis, ait Dominus: et revertentur filii tui ad terminos suos.
১৭তোমাৰ শেষ অৱস্থাৰ বিষয়ে আশা আছে” - এয়ে যিহোৱাৰ বচন। “তোমাৰ সন্তান সকল নিজৰ অঞ্চললৈ ঘূৰি আহিব।”
18 Audiens audivi Ephraim transmigrantem: Castigasti me Domine, et eruditus sum, quasi iuvenculus indomitus: converte me, et convertar: quia tu Dominus Deus meus.
১৮“মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
19 Postquam enim convertisti me, egi poenitentiam: et postquam ostendisti mihi, percussi femur meum. Confusus sum, et erubui, quoniam sustinui opprobrium adolescentiae meae.
১৯নিশ্চয়ে মই ঘূৰাৰ পাছতে মই মন পালটালোঁ; আৰু মই শিক্ষা পোৱাৰ পাছত মই শোকত মোৰ বুকুত চপৰিয়ালোঁ; মোৰ ডেকা কালৰ অপমান ভাৰ বোৱাৰ কাৰণে মই লাজ পালোঁ এনে কি, বিবৰ্ণ হলোঁ।’
20 Si filius honorabilis mihi Ephraim, si puer delicatus: quia ex quo locutus sum de eo, adhuc recordabor eius. Idcirco conturbata sunt viscera mea super eum: miserans miserebor eius, ait Dominus.
২০ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে? কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে। অৱশ্যে মই তাক দয়া কৰিম।” - এয়ে যিহোৱাৰ বচন।
21 Statue tibi speculam, pone tibi amaritudines: dirige cor tuum in viam rectam, in qua ambulasti: revertere virgo Israel, revertere ad civitates tuas istas.
২১তুমি ঠায়ে ঠায়ে নিজৰ কাৰণে বাটৰ চিন ৰাখা। তোমাৰ বাট দেখুউৱা খুঁটা স্থাপন কৰা; তুমি যি সুপথে গৈছিলা, সেই পথ মনত ৰাখা, যি পথটো তুমি ল’বা। হে কুমাৰী ইস্ৰায়েল! ওলোটা, পুনৰায় তোমাৰ এই নগৰবোৰলৈ উলটি আহাঁ।
22 Usquequo deliciis dissolveris filia vaga? quia creavit Dominus novum super terram: FEMINA CIRCUMDABIT VIRUM.
২২হে অবিশ্ৱাসী জীয়াৰী, তুমি কিমান কাল অস্থিৰে থাকিবা? কাৰণ যিহোৱাই পৃথিৱীত এটা নতুন বস্তু সৃষ্টি কৰিলে: তিৰোতাসকলে শক্তিশালী পুৰুষসকলক আবৰি ধৰিব।
23 Haec dicit Dominus exercituum Deus Israel: Adhuc dicent verbum istud in terra Iuda, et in urbibus eius, cum convertero captivitatem eorum: Benedicat tibi Dominus pulchritudo iustitiae, mons sanctus:
২৩ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যেতিয়া এই লোকসকলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, তেতিয়া তেওঁলোকে যিহূদা দেশত আৰু তাৰ নগৰবোৰত পুনৰায় এই কথা ক’ব: ‘হে ধৰ্মনিবাস, হে পবিত্ৰ পৰ্ব্বত, যিহোৱাই তোমাক আশীৰ্ব্বাদ কৰক।’
24 et habitabunt in eo Iuda, et omnes civitates eius simul: agricolae et minantes greges.
২৪কিয়নো যিহূদা আৰু তাৰ সকলো নগৰবোৰে সেই ঠাইত বাস কৰিব। খেতিয়ক আৰু মেৰ-ছাগৰ ৰখীয়াসকলে মেৰ-ছাগৰ জাক লৈ একে লগে তাত বাস কৰিব।
25 Quia inebriavi animam lassam, et omnem animam esurientem saturavi.
২৫কিয়নো মই ভাগৰুৱাসকলক প্ৰাণ জুৰাৱাম, আৰু প্ৰত্যেক দুখিত প্ৰাণক পৰিতৃপ্ত কৰিম”।
26 Ideo quasi de somno suscitatus sum: et vidi, et somnus meus dulcis mihi.
২৬ইয়াৰ পাছত মই সাৰ পালোঁ আৰু মোৰ নিদ্ৰা মোলৈ সুখদায়ক আছিল সেয়া অনুভৱ কৰিলোঁ।
27 Ecce dies veniunt, dicit Dominus: et seminabo domum Israel et domum Iuda semine hominum, et semine iumentorum.
২৭যিহোৱাই কৈছে - “চোৱা, এনে দিনবোৰ আহি আছে”, যে, সেই দিনা মই ইস্ৰায়েল আৰু যিহূদা বংশত মানুহ আৰু পশুস্বৰূপ গুটি সিঁচিম।
28 Et sicut vigilavi super eos ut evellerem, et demolirer, et dissiparem, et disperderem, et affligerem: sic vigilabo super eos ut aedificem, et plantem, ait Dominus.
২৮তেতিয়া মই তেওঁলোকক উঘালিবলৈ, ভাঙিবলৈ, নিপাত কৰিবলৈ, বিনষ্ট কৰিবলৈ আৰু দুখ দিবলৈ তেওঁলোকৰ পক্ষে যেনেকৈ জাগি আছিলোঁ, তেওঁলোকক সাজিবলৈ আৰু ৰুবলৈ সেই দৰে তেওঁলোকৰ পক্ষে জাগি থকিম” - এয়ে যিহোৱাৰ ঘোষণা।
29 In diebus illis non dicent ultra: Patres comederunt uvam acerbam, et dentes filiorum obstupuerunt.
২৯সেই দিনবোৰত কোনো এজন লোকে এনে কথা নকব, ‘পিতৃসকলে টেঙা দ্ৰাক্ষা গুটি খালে, কিন্তু পুতেকসকলৰ দাঁত টেঙালে।’
30 Sed unusquisque in iniquitate sua morietur: omnis homo, qui comederit uvam acerbam, obstupescent dentes eius.
৩০কিয়নো প্ৰতিজনে নিজ নিজ অপৰাধৰ কাৰণে মৰিব; যি সকলে টেঙা দ্ৰাক্ষাগুটি খাব, তেওঁৰেইহে দাঁত টেঙাব।
31 Ecce dies venient, dicit Dominus: et feriam domui Israel et domui Iuda foedus novum:
৩১যিহোৱাই কৈছে: “চোৱা, এনে কোনো দিন আহি আছে - “সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা বংশৰ সৈতে এক নতুন নিয়ম স্থাপন কৰিম।
32 non secundum pactum, quod pepigi cum patribus eorum in die, qua apprehendi manum eorum, ut educerem eos de Terra Aegypti: pactum, quod irritum fecerunt, et ego dominatus sum eorum, dicit Dominus.
৩২মিচৰ দেশৰ পৰা উলিয়াই অনাৰ দিনত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ হাত ধৰিবৰ দিনা তেওঁলোকৰ সৈতে যি নিয়ম স্থাপন কৰা হৈছিল সেই নিয়মটিৰ অনুসাৰে নহয়। সেই দিনবোৰত তেওঁলোকে মোৰ নিয়মটি ভাঙিছিল, যদিও মই তেওঁলোকৰ স্বামীৰ দৰে আছিলোঁ” - এয়ে যিহোৱাৰ ঘোষণা।
33 Sed hoc erit pactum, quod feriam cum domo Israel: post dies illos dicit Dominus: Dabo legem meam in visceribus eorum, et in corde eorum scribam eam: et ero eis in Deum, et ipsi erunt mihi in populum.
৩৩“কিন্তু সেই দিনৰ পাছত ইস্ৰায়েল-বংশৰ লগত মই যি নিয়ম কৰিম, সেই নিয়মটি এই” - মই তেওঁলোকৰ অন্তৰত মোৰ নিয়ম স্থাপন কৰিম, আৰু তেওঁলোকৰ হৃদয়ত সেই বিষয়ে লিখিম, কিয়নো মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।
34 Et non docebit ultra vir proximum suum, et vir fratrem suum, dicens: Cognosce Dominum: omnes enim cognoscent me a minimo eorum usque ad maximum, ait Dominus: quia propitiabor iniquitati eorum, et peccati eorum non memorabor amplius.
৩৪তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা!’ কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব” - এয়ে যিহোৱাৰ ঘোষণা। “কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।”
35 Haec dicit Dominus, qui dat solem in lumine diei, ordinem lunae et stellarum in lumine noctis: qui turbat mare, et sonant fluctus eius, Dominus exercituum nomen illi.
৩৫যিহোৱাই এইদৰে কৈছে - যি জন যিহোৱাই দিনৰ পোহৰৰ কাৰণে সুৰ্য্য আৰু ৰাতিৰ পোহৰৰ কাৰণে চন্দ্ৰ আৰু তৰাবোৰৰ নিয়ম স্থাপন কৰে, যি জনে সাগৰৰ ঢৌৱে গৰ্জ্জন কৰাকৈ সমুদ্ৰক আস্ফালন কৰায়, বাহিনীসকলৰ যিহোৱাৰ নামেৰে তেওঁ এই কথা কৈছে:
36 Si defecerint leges istae coram me, dicit Dominus: tunc et semen Israel deficiet, ut non sit gens coram me cunctis diebus.
৩৬“যদিহে এই স্থায়ী নিয়মবোৰ মোৰ আগৰ পৰা গুচে” - যিহোৱাই এই কথা কৈছে - তেন্তে ইস্ৰায়েল বংশও চিৰকালৰ কাৰণে মোৰ আগত এক জাতি হোৱাৰ পৰা স্থগিত হ’ব।”
37 Haec dicit Dominus: Si mensurari potuerint caeli sursum, et investigari fundamenta terrae deorsum: et ego abiiciam universum semen Israel propter omnia, quae fecerunt, dicit Dominus.
৩৭যিহোৱাই এই কথা কৈছে: যদি ওপৰত আকাশ-মণ্ডল জুখিব পাৰি, আৰু তলত পৃথিৱীৰ মূলবোৰ অনুসন্ধান কৰিব পাৰি, তেনেহ’লে ইস্ৰায়েলে কৰা সকলো কৰ্মৰ কাৰণে মইও গোটেই ইস্ৰায়েল-বংশক দূৰ কৰিম - এয়ে যিহোৱাৰ বচন।
38 Ecce dies veniunt, dicit Dominus: et aedificabitur civitas Domino a turre Hananeel usque ad portam anguli.
৩৮যিহোৱাই এই কথা কৈছে - “চোৱা, এনে কোনো দিন আহি আছে” - যি দিনা মোৰ উদ্দেশ্যে হননেলৰ কোঁঠৰ পৰা চুকৰ দুৱাৰলৈকে নগৰখন সজা হ’ব,
39 Et exibit ultra norma mensurae in conspectu eius super collem Gareb: et circuibit Goatha,
৩৯তেতিয়া পৰিমাণ-জৰী গাৰেব পৰ্ব্বতলৈকে পোনে পোনে টনা যাব; আৰু ঘূৰি গোৱালৈ আহিব।
40 et omnem vallem cadaverum, et cineris, et universam regionem mortis, usque ad angulum portae equorum Orientalis, et usque ad torrentem Cedron, Sanctum Domini: non evelletur, et non destruetur ultra in perpetuum.
৪০আৰু মৰা শৱ আৰু ছাঁই পেলোৱা গোটাই উপত্যকা, আৰু কিদ্ৰোণ জুৰিলৈকে সকলো মুকলি ঠাই পূবফালে থকা অশ্ব-দুৱাৰৰ চুকলৈকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; তাক চিৰকালৰ কাৰণে উঘলা বা কেতিয়াও পৰাভূত কৰা নহ’ব।”

< Jeremiæ 31 >