< Actuum Apostolorum 24 >

1 Post quinque autem dies descendit princeps sacerdotum, Ananias, cum senioribus quibusdam, et Tertullo quodam oratore, qui adierunt praesidem adversus Paulum.
পাঁচ দিনৰ মূৰত, মহা-পুৰোহিত অননিয়ই কেইজনমান পৰিচাৰক আৰু তৰ্ত্তুল্ল নামেৰে এজন উকীলে সৈতে আহি দেশাধিপতিৰ আগত পৌলৰ বিৰুদ্ধে অভিযোগ দিলে।
2 Et citato Paulo coepit accusare Tertullus, dicens: Cum in multa pace agamus per te, et multa corrigantur per tuam providentiam;
তাৰ পাছত পৌল দেশাধিপতিৰ আগত অাহি থিয় হ’ল, তৰ্ত্তুল্লই তেওঁক দোষাৰোপ কৰিবলৈ ধৰিলে আৰু দেশাধিপতিক ক’লে, “হে মহামহিম ফীলিক্স, আপোনাৰ দ্বাৰাই আমি মহাশান্তি ভোগ কৰিছোঁ আৰু আপোনাৰ দুৰদর্শিতাই আমাৰ জাতিলৈ অনেক উন্নতি সাধন কৰিছে,
3 semper et ubique suscipimus, optime Felix, cum omni gratiarum actione.
সকলোৱে ইয়াক সম্পূৰ্ণ কৃতজ্ঞতাৰে স্বীকাৰ কৰিছোঁ।
4 Ne diutius autem te protraham, oro, breviter ut audias nos pro tua clementia.
গতিকে আপোনাৰ অধিক সময় আমি যেন নলওঁ, এই কাৰণে নিবেদন কৰোঁ, আপুনি অনুগ্ৰহ কৰি নম্ৰ হৈ আমাৰ অলপ কথা শুনক।
5 Invenimus hunc hominem pestiferum, et concitantem seditiones omnibus Iudaeis in universo orbe, et auctorem seditionis sectae Nazarenorum:
কিয়নো আমি দেখিবলৈ পালোঁ, যে এই মানুহটো মহামাৰী স্বৰূপ আৰু গোটেই জগত নিবাসী ইহুদী সকলৰ মাজত ৰাজদ্ৰোহ কৰাওঁতা আৰু নাচৰতীয়া সকলৰ দলৰ অগ্ৰণী৷
6 qui etiam templum violare conatus est, quem et apprehensum voluimus secundum legem nostram iudicare.
ইয়াৰ বাহিৰেও, ই মন্দিৰ অশুচি কৰিবলৈ চেষ্টা কৰিছিল; সেই বাবে আমি তাক আটক কৰি ৰাখিলোঁ।
7 Superveniens autem tribunus Lysias, cum vi magna eripuit eum de manibus nostris,
কিন্তু প্ৰধান সেনাপতি লুচিয় আহি বৰ বলেৰে আমাৰ হাতৰ পৰা পৌলক কাঢ়ি আনিলে৷
8 iubens accusatores eius ad te venire: a quo poteris ipse iudicans, de omnibus istis cognoscere, de quibus nos accusamus eum.
আপুনি যেতিয়া সোধ-বিচাৰত পৌলক প্ৰশ্ন কৰিব, তেতিয়া আমি যি যি অপবাদ এওঁক দিছোঁ, সেই বিষয়ে সকলো বুজিব পাৰিব৷”
9 Adiecerunt autem et Iudaei, dicentes haec ita se habere.
তাতে ইহুদী সকলেও একেলগ হৈ পৌলক দোষাৰোপ কৰিলে আৰু এইবোৰ কথা সঁচা বুলি ক’লে।
10 Respondit autem Paulus, (annuente sibi Praeside dicere) Ex multis annis te esse iudicem genti huic sciens, bono animo pro me satisfaciam.
১০পাছত দেশাধিপতিয়ে পৌলক ক’বলৈ সঙ্কেত দিয়াত, পৌলে ক’বলৈ আৰম্ভ কৰিলে, “আপুনি অনেক বছৰৰ পৰা এই জাতিৰ বিচাৰকৰ্তা হৈ আছে, ইয়াকে জানি মই হৰ্ষিত মনেৰে নিজৰ পক্ষে উত্তৰ দিব খুজিছোঁ৷
11 Potes enim cognoscere quia non plus sunt mihi dies quam duodecim, ex quo ascendi adorare in Ierusalem:
১১কাৰণ অনুসন্ধান কৰিলে আপুনি জানিব পাৰিব যে, মই ভজনা কৰিবলৈ যিৰূচালেমলৈ যোৱা আজি বাৰ দিন মাথোন হৈছে;
12 et neque in templo invenerunt me cum aliquo disputantem, aut concursum facientem turbae, neque in synagogis, neque in civitate:
১২তাত এওঁলোকে মন্দিৰত বা নাম-ঘৰত বা নগৰতেই হওক, কোনো ব্যক্তিৰ সৈতে মোক বাদ-বিচাৰ বা লোক সকলক উচটাই উত্তেজিত কৰি অশান্তি সৃষ্টি কৰাও কোনেও দেখা নাই;
13 neque probare possunt tibi de quibus nunc me accusant.
১৩আৰু এতিয়া যি যি অপবাদ মোক দিছে, এই বিষয়ে একো প্ৰমাণ আপোনাৰ আগত দিব নোৱাৰে।
14 Confiteor autem hoc tibi, quod secundum sectam, quam dicunt haeresim, sic deservio Patri, et Deo meo, credens omnibus, quae in Lege, et Prophetis scripta sunt:
১৪কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধান-শাস্ত্ৰত লিখাৰ দৰে সকলো কথা পালন কৰি, এখেত সকলে যি পথক বিধৰ্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷
15 spem habens in Deum, quam et hi ipsi expectant, resurrectionem futuram iustorum, et iniquorum.
১৫আৰু ধাৰ্মিক, অধার্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হ’ব বুলি এখেত সকলে যি আশাৰে বাট চাই আছে, ঈশ্বৰত ময়ো সেই আশা কৰোঁ।
16 In hoc et ipse studeo sine offendiculo conscientiam habere ad Deum, et ad homines semper.
১৬এই কাৰণে ঈশ্বৰলৈ আৰু মানুহলৈ নির্ব্বিঘ্নে বিবেক ৰক্ষা কৰিবলৈ ময়ো সদায় যত্ন কৰি আছোঁ।
17 Post annos autem plures eleemosynas facturus in gentem meam, veni, et oblationes, et vota,
১৭এতিয়া কিছু বছৰৰ মূৰত মই নিজৰ জাতিৰ মানুহক দান আনি দিবৰ বাবে আৰু নৈবেদ্য উৎসর্গ কৰিবলৈ আহিছিলো।
18 in quibus invenerunt me purificatum in templo: non cum turba, neque cum tumultu et apprehenderunt me clamantes, et dicentes: Tolle inimicum nostrum.
১৮এতিয়া সেই কার্যতেই এচিয়াৰ কিছুমান ইহুদী লোকেহে মোক যিৰূচালেম মন্দিৰত শুচিকৃত উৎসৱত পালে; মোৰ লগত আন কোনো ব্যক্তিও নাই, কিন্তু এখেত সকলেহে হুৰামুৰা লগালে।
19 Quidam autem ex Asia Iudaei, quos oportebat apud te praesto esse, et accusare siquid haberent adversum me:
১৯ইয়াৰ উপৰি মোৰ অহিতে যদি এখেত সকলৰ কোনো কথা আছিল, তেনেহলে আপোনাৰ ওচৰত ব্যক্তি সমূহে নিজে আহি গোচৰ দিব লাগিছিল।
20 aut hi ipsi dicant siquid invenerunt in me iniquitatis cum stem in concilio,
২০নতুবা, মই মহাসভাৰ আগত থিয় হৈ থাকোঁতে, এই একেই লোক সমূহে মোৰ কি দোষ পালে, সেই বিষয়ে এখেত সকলে নিজেই কোৱা উচিত আছিল;
21 nisi de una hac solummodo voce, qua clamavi inter eos stans: Quoniam de resurrectione mortuorum ego iudicor hodie a vobis.
২১নহলে এতিয়া যি বিষয়ৰ কথা মই আপোনালোকৰ আগত চিঞৰি কৈছোঁ, তেনেদৰে, ‘মৃতসকলৰ পুনৰুত্থান’ৰ বিষয়ে আজি আপোনালোকৰ আগত মোৰ সোধ-বিচাৰ হৈছে৷”
22 Distulit autem illos Felix, certissime sciens de via hac, dicens: Cum Tribunus Lysias descenderit, audiam vos.
২২ফীলিক্সে সেই পথৰ বিষয়ে ভালকৈ জনা বাবে, সোধ-বিচাৰ স্থগিত ৰাখি তেওঁলোকক ক’লে, “লুচিয় হাজাৰৰ সেনাপতি যিৰূচালেমৰ পৰা আহিলে আপোনালোকৰ কথা সম্পূর্ণকৈ জানিব পাৰিম।”
23 Iussitque Centurioni custodire eum, et habere requiem, nec quemquam de suis prohibere ministrare ei.
২৩পাছত পৌলক পহৰা দিবলৈ, কিন্তু মৰমেৰে আৰু সেৱা কৰিবলৈ অহা তেওঁৰ আত্মীয় সকলক নিষেধ নকৰিবলৈ তেওঁ এশৰ সেনাপতিক আজ্ঞা দিলে৷
24 Post aliquot autem dies veniens Felix cum Drusilla uxore sua, quae erat Iudaea, vocavit Paulum, et audivit ab eo fidem, quae est in Christum Iesum.
২৪কিছুদিনৰ পাছত ফীলিক্সে, দ্ৰুচিলা নামৰ তেওঁৰ ইহুদী ভার্যাৰ সৈতে আহি, পৌলক মতাই আনি, খ্ৰীষ্ট যীচুত যি বিশ্বাস, সেই বিষয়ে তেওঁৰ পৰা শুনিলে।
25 Disputante autem illo de iustitia, et castitate, et de iudicio futuro, tremefactus Felix respondit: Quod nunc attinet, vade: tempore autem opportuno accersiam te:
২৫তেওঁ ধাৰ্মিকতা, ইন্দ্ৰিয়-দমন, আৰু ভবিষ্যত সোধ-বিচাৰৰ বিষয়ে যুক্তি দেখুৱাওঁতে, ফীলিক্সে ত্ৰাসযুক্ত হৈ উত্তৰ দিলে; “এতিয়া সম্প্ৰতি যোৱা; মই আজৰি পালে পাছত তোমাক মতাই আনিম৷”
26 simul et sperans, quod pecunia ei daretur a Paulo, propter quod et frequenter accersiens eum, loquebatur cum eo.
২৬আৰু পৌলে তেওঁক ধন দিব বুলি তেওঁ আশা কৰি, ঘনে ঘনে তেওঁক মতাই কথোপকথন কৰিলে।
27 Biennio autem expleto, accepit successorem Felix Portium Festum. Volens autem gratiam praestare Iudaeis Felix, reliquit Paulum vinctum.
২৭কিন্তু দুবছৰৰ মূৰত পৰ্কিয় ফীষ্টে ফীলিক্সৰ পদ পালে, তাতে ফীলিক্সে ইহুদী সকলৰ প্ৰিয়পাত্ৰ হবলৈ ইচ্ছা কৰি, তেওঁ পৌলক ৰখীয়াৰ অধীনত থৈ গ’ল৷

< Actuum Apostolorum 24 >