< Actuum Apostolorum 23 >

1 Intendens autem in concilium Paulus ait: Viri fratres, ego omni conscientia bona conversatus sum ante Deum usque in hodiernum diem.
পৌলে মহাসভালৈ পোনপটীয়াকৈ চাই ক’লে, “হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছোঁ৷”
2 Princeps autem sacerdotum Ananias praecepit astantibus sibi percutere os eius.
এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকা সকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে৷
3 Tunc Paulus dixit ad eum: Percutiet te Deus, paries dealbate. Et tu sedens iudicas me secundum legem, et contra legem iubes me percuti?
তেতিয়া পৌলে তেওঁক ক’লে, “হে বগাকৈ লিপা গড়, ঈশ্বৰে আপোনাকহে অাঘাত কৰিবলৈ উদ্যত হৈ আছে৷ আপুনি বিধানৰ মতে মোৰ সোধ-বিচাৰ কৰিবলৈ বহি আছে, নে সেই বিধান উলঙ্ঘন কৰি মোক মাৰিবলৈ আজ্ঞা দিছে?”
4 Et qui astabant dixerunt: Summum sacerdotem Dei maledicis.
তাতে ওচৰত থিয় হৈ থকা সকলে ক’লে, “তই ঈশ্বৰৰ মহা-পুৰোহিতক অপমান কৰ নে?”
5 Dixit autem Paulus: Nesciebam fratres quia princeps est sacerdotum. Scriptum est enim: Principem populi tui non maledices.
পৌলে ক’লে, “হে ভাইসকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলো৷ কিয়নো লিখা আছে, ‘তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কু-বাক্য নুবুলিবা৷’”
6 Sciens autem Paulus quia una pars esset Sadducaeorum, et altera Pharisaeorum, exclamavit in concilio: Viri fratres, ego Pharisaeus sum, filius Pharisaeorum, de spe et resurrectione mortuorum ego iudicor.
পাছত পৌলে তেওঁলোকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহাসভাত ৰিঙিয়াই ক’লে, “হে ভাইসকল, মই ফৰীচী, আৰু এজন ফৰীচীৰ পুতেক৷ কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে৷”
7 Et cum haec dixisset, facta est dissensio inter Pharisaeos, et Sadducaeos, et soluta est multitudo.
তেওঁ এই কথা কওঁতে, ফৰীচী আৰু চদ্দূকী সকলৰ মাজত বিবাদ হ’ল, আৰু লোকসকল দুভাগত ভাগ হ’ল৷
8 Sadducaei enim dicunt, non esse resurrectionem, neque Angelum, neque Spiritum: Pharisaei autem utraque confitentur.
কিয়নো চদ্দূকীসকলে পুনৰুত্থান, স্বৰ্গৰ দূত আৰু আত্মা, এইবোৰ নাই বুলি কয়, কিন্তু ফৰীচী সকলে সেইবোৰ স্বীকাৰ কৰে৷
9 Factus est autem clamor magnus. Et surgentes quidam Pharisaeorum, pugnabant, dicentes: Nihil mali invenimus in homine isto: quid si Spiritus locutus est ei, aut Angelus?
তাতে বৰকৈ হুলস্থুল হ’ল আৰু ফৰীচীসকলৰ ফলীয়া বিধানৰ অধ্যাপক সকলৰ কেইজনমানে উঠি বাগ্‌যুদ্ধ কৰি ক’লে, “আমি এই মানুহ জনৰ ওচৰত একো দোষ নাপাও৷ যদি কোনো আত্মা নাইবা দূতে দম্মেচকৰ পথত সঁচাকৈ তেওঁৰ সৈতে কথা ক’লে;”
10 Et cum magna dissensio facta esset, timens tribunus ne discerperetur Paulus ab ipsis, iussit milites descendere, et rapere eum de medio eorum, ac deducere eum in castra.
১০তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷
11 Sequenti autem nocte assistens ei Dominus, ait: Constans esto: sicut enim testificatus es de me in Ierusalem, sic te oportet et Romae testificari.
১১তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”
12 Facta autem die collegerunt se quidam ex Iudaeis, et devoverunt se dicentes, neque manducaturos, neque bibituros donec occiderent Paulum.
১২পাছ দিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷
13 Erant autem plus quam quadraginta viri, qui hanc coniurationem fecerant:
১৩সেই চক্ৰান্ত কৰা লোক চল্লিশ জনতকৈ অধিক আছিল৷
14 qui accesserunt ad principes sacerdotum, et seniores, et dixerunt: Devotione devovimus nos nihil gustaturos, donec occidamus Paulum.
১৪তেওঁলোকে প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলৰ ওচৰলৈ গৈ ক’লে, “পৌলক বধ নকৰালৈকে আমি একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ৷
15 Nunc ergo vos notum facite tribuno cum concilio, ut producat illum ad vos, tamquam aliquid certius cognituri de eo. Nos vero prius quam appropiet, parati sumus interficere illum.
১৫এই কাৰণে আপোনালোকৰ মহাসভাৰ সৈতে এই বিষয়ে অধিক নিশ্চিত ভাবে জানিবৰ ছলেৰে, আপোনালোকৰ ওচৰলৈ তেওঁক আনিবৰ বাবে হাজাৰৰ সেনাপতিৰ আগত আবেদন কৰিব, তেতিয়া সি আপোনালোকৰ ওচৰ আহি নাপাওঁতেই আমি তাক বধ কৰিবলৈ সাজু হৈ থাকিম৷”
16 Quod cum audisset filius sororis Pauli insidias, venit, et intravit in castra, nunciavitque Paulo.
১৬কিন্তু পৌলৰ ভাগিনিয়েকে তেওঁলোকৰ এই খাপ দিয়া কথা শুনি, দুর্গত সোমাই গৈ পৌলক ক’লে৷
17 Vocans autem Paulus ad se unum ex Centurionibus, ait: Adolescentem hunc perduc ad tribunum, habet enim aliquid indicare illi.
১৭তেতিয়া পৌলে এজন এশৰ সেনাপতিক মাতি ক’লে, “এই ডেকাক হাজাৰৰ সেনাপতিৰ ওচৰলৈ লৈ যোৱা, কিয়নো তেওঁৰ আগত এই বিষয়ে কোনো সম্বাদ জনাবলৈ আছে৷”
18 Et ille quidem assumens eum duxit ad tribunum, et ait: Vinctus Paulus rogavit me hunc adolescentem perducere ad te, habentem aliquid loqui tibi.
১৮তেতিয়া তেওঁ তাক লগত লৈ হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ ক’লে, “আপোনাৰ আগত এই ডেকাৰ কিবা কথা কবলৈ আছে বুলি বন্দীয়াৰ পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক আনিবলৈ মিনতি কৰিলে৷”
19 Apprehendens autem tribunus manum illius, secessit cum eo seorsum, et interrogavit illum: Quid est, quod habes indicare mihi?
১৯হাজাৰৰ সেনাপতিয়ে তাক হাতত ধৰি লৈ, এফলীয়া হৈ গুপুতে সুধিলে, “মোক ক’বলৈ তোমাৰ কি কথা আছে?”
20 Ille autem dixit: Iudaeis convenit rogare te, ut crastina die producas Paulum in concilium, quasi aliquid certius inquisituri sint de illo:
২০ডেকাজনে ক’লে, “আপুনি পৌলৰ বিষয়ে সুধি জানিব খোজাৰ নিচিনাকৈ, তেওঁক কালিলৈ মহাসভালৈ যেন লৈ যাব, আপোনাৰ আগত এনে নিবেদন কৰিবলৈ ইহুদী সকলে সিদ্ধান্ত কৰিছে৷
21 tu vero ne credideris illis, insidiantur enim ei ex eis viri amplius quam quadraginta, qui se devoverunt non manducare, neque bibere donec interficiant eum: et nunc parati sunt, expectantes promissum tuum.
২১এতেকে আপুনি তেওঁলোকৰ কথা নুশুনিব, কাৰণ তেওঁলোক চল্লিশ জনতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন-পান নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছে আৰু এই প্ৰতিজ্ঞাৰে নিজকে বান্ধি খাপ দি আছে৷ আনকি তেওঁলোক সাঁজু হৈ আপোনাৰ অনুমতিলৈ বাট চাই আছে৷”
22 Tribunus igitur dimisit adolescentem, praecipiens ei ne cui loqueretur quoniam haec nota sibi fecisset.
২২তেতিয়া হাজাৰৰ সেনাপতিয়ে সেই ডেকাক বিদায় দিয়াৰ পূর্বে এই আদেশ দিলে, “তুমি যে এইবোৰ কথা মোৰ আগত প্ৰকাশ কৰিলা, পুনৰ কাকো নকবা৷”
23 Et vocatis duobus Centurionibus, dixit illis: Parate milites ducentos ut eant usque Caesaream, et equites septuaginta, et lancearios ducentos a tertia hora noctis:
২৩তেতিয়া তেওঁ এশৰ সেনাপতি সকলৰ দুজনক ওচৰলৈ মাতি আনি আজ্ঞা দিলে, “ৰাতি ন বজাত চীজাৰিয়া যাবলৈ দুশ জন সৈন্য, সত্তৰ জন অশ্বাৰোহী আৰু দুশ বৰছা-ধাৰী সৈন্য যুগুত কৰা৷”
24 et iumenta praeparate ut imponentes Paulum, salvum perducerent ad Felicem praesidem,
২৪আৰু পৌলক নিৰাপদে ফীলিক্স দেশাধিপতিৰ ওচৰলৈ বহুৱাই লৈ যোৱা বাহনো যুগুত কৰিবলৈ তেওঁলোকক আজ্ঞা দিলে।
25 (Timuit enim ne forte raperent eum Iudaei, et occiderent, et ipse postea calumniam sustineret, tamquam accepturus pecuniam)
২৫পাছত তেওঁ এইদৰে পত্ৰ লিখি দিলে,
26 scribens ei epistolam continentem haec: CLAUDIUS Lysias optimo Praesidi, Felici salutem.
২৬“মহামহিম শ্ৰীযুক্ত ফীলিক্স দেশাধিপতিলৈ ক্লৌদিয় লুচিয়ৰ নমস্কাৰ৷
27 Virum hunc comprehensum a Iudaeis, et incipientem interfici ab eis, superveniens cum exercitu eripui, cognito quia Romanus est:
২৭এই মানুহ জনক ইহুদী লোকে ধৰি বধ কৰিবলৈ উদ্যত হৈছে, সেনাবোৰে সৈতে গৈ, এওঁ এজন ৰোমীয়া মানুহ বুলি জানি, মই এওঁক উদ্ধাৰ কৰিলোঁ৷
28 Volensque scire causam, quam obiiciebant illi, deduxi eum in concilium eorum.
২৮পাছত কি কাৰণে তেওঁলোকে এওঁক অপবাদ দিছে, তাক জানিবৰ মনেৰে তেওঁলোকৰ মহাসভালৈ এওঁক নিয়াও হৈছিল৷
29 Quem inveni accusari de quaestionibus legis ipsorum, nullum vero dignum morte aut vinculis habentem crimen.
২৯তাতে প্ৰাণদণ্ড বা কাৰাদণ্ডৰ বন্ধন পোৱাৰ যোগ্য এনে কোনো অপবাদ দিয়া হোৱা নাই, কিন্তু তেওঁলোকৰ বিধানৰ ওপৰত বাদ-বিচাৰ কৰি কোনো দোষ ধৰা যেনহে পালোঁ৷
30 Et cum mihi perlatum esset de insidiis, quas paraverant illi, misi eum ad te denuncians: et accusatoribus ut dicant apud te, Vale.
৩০পাছত এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোক জনোৱা হ’ল আৰু সেয়ে সিদ্ধ হোৱাৰ আগন্তুক দেখি, মই তৎক্ষণাৎ এওঁক আপোনাৰ ওচৰলৈ পঠাই দিলোঁ আৰু এওঁৰ গুচৰীয়া সকলকো আপোনাৰ আগত এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ৷ ইতি।”
31 Milites ergo secundum praeceptum sibi, assumentes Paulum, duxerunt per noctem in Antipatridem.
৩১পাছত সেনা সকলে আজ্ঞা অনুসাৰে ৰাতিতে পৌলক তুলি, আন্তপাত্ৰি নগৰলৈ নিলে৷
32 Et postera die dimissis equitibus ut cum eo irent, reversi sunt ad castra.
৩২কিন্তু পাছদিনা অশ্বাৰোহী সকলক তেওঁৰ লগত যাবলৈ দি দুর্গলৈ উলটি আহিল৷
33 Qui cum venissent Caesaream, et tradidissent epistolam praesidi, statuerunt ante illum et Paulum.
৩৩পাছত তেওঁলোকে চীজাৰিয়া পাই, দেশাধিপতিক পত্ৰ খন দি, তেওঁৰ আগত পৌলকো হাজিৰ কৰালে৷
34 Cum legisset autem, et interrogasset de qua provincia esset: et cognoscens quia de Cilicia,
৩৪তেতিয়া তেওঁ সেই পত্ৰ পঢ়ি পৌল কোন প্ৰদেশৰ বুলি সুধিলে; পাছে কিলিকিয়াৰ বুলি জানি,
35 Audiam te, inquit, cum accusatores tui venerint. Iussitque in praetorio Herodis custodiri eum.
৩৫তেওঁ ক’লে, “তোমাৰ গুচৰীয়াবোৰ আহিলেহে মই তোমাৰ কথা শুনিম৷” তেতিয়া তেওঁ হেৰোদৰ প্ৰিটৰিয়মত ৰাখিবলৈ তেওঁক আজ্ঞা দিলে৷

< Actuum Apostolorum 23 >