< Thessalonicenses Ii 1 >

1 Paulus, et Sylvanus, et Timotheus, Ecclesiae Thessalonicensium in Deo Patre nostro, et Domino Iesu Christo.
পৌল, চীল আৰু তীমথিয়, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ,
2 Gratia vobis, et pax a Deo Patre nostro, et Domino Iesu Christo.
পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু শান্তি আপোনালোকৰ সহবর্তী হওক।
3 Gratias agere debemus semper Deo pro vobis, fratres, ita ut dignum est, quoniam supercrescit fides vestra, et abundat charitas uniuscuiusque vestrum in invicem:
ভাইসকল, আপোনালোকৰ কাৰণে আমি সদায় ঈশ্বৰক ধন্যবাদ দিওঁ; আমি এনেদৰে ধন্যবাদ কৰা উচিত, কাৰণ আপোনালোকৰ বিশ্বাস অতিশয়ৰূপে বৃদ্ধি পাইছে আৰু আপোনালোক সকলোৱে প্রেমত পৰস্পৰৰ প্রতি উপচি পৰিছে;
4 ita ut et nos ipsi in vobis gloriemur in Ecclesiis Dei, pro patientia vestra, et fide, et in omnibus persecutionibus vestris, et tribulationibus, quas sustinetis
আপোনালোকে যি সকলৰ পৰা তাড়না আৰু ক্লেশ সহন কৰি আছে, সেই সকলৰ মাজতো আপোনালোকে যে বিশ্বাস আৰু সহনশীলতাত স্থিৰে আছে, তাৰ কাৰণে আমি ঈশ্বৰৰ বিভিন্ন মণ্ডলীত আপোনালোকৰ বিষয়ে কৈ গর্ব বোধ কৰোঁ।
5 in exemplum iusti iudicii Dei, ut digni habeamini in regno Dei, pro quo et patimini.
এইবোৰ বিষয় ঈশ্বৰৰ ন্যায় সোধ-বিচাৰৰ এক স্পষ্ট লক্ষণ, যাৰ ফলত ঈশ্বৰৰ যি ৰাজ্যৰ কাৰণে আপোনালোকে দুখভোগ কৰিছে, সেই ৰাজ্যৰ যোগ্যপাত্রৰূপে আপোনালোক গণিত হব।
6 si tamen iustum est apud Deum retribuere tribulationem iis, qui vos tribulant:
ঈশ্বৰৰ দৃষ্টিত ন্যায়-বিচাৰ এই, যি সকলে আপোনালোকক ক্লেশ দিয়ে, তেওঁ সেই সকলক ক্লেশ দিব,
7 et vobis, qui tribulamini, requiem nobiscum in revelatione Domini Iesu de caelo cum angelis virtutis eius,
আৰু আপোনালোক যি সকলে এতিয়া ক্লেশ পাইছে, আপোনালোকক আমাৰ লগত ঈশ্বৰে বিশ্রাম দিব। যেতিয়া প্রভু যীচুৱে তেওঁৰ পৰাক্ৰমশালী দূত সকলৰ সৈতে জ্বলন্ত অগ্নিৰে স্বৰ্গৰ পৰা নামি আহি প্রকাশিত হ’ব, তেতিয়া এইবোৰ ঘটিব;
8 in flamma ignis dantis vindictam iis, qui non noverunt Deum, et qui non obediunt Evangelio Domini nostri Iesu Christi.
তেতিয়া যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তা পালন নকৰে, সেই লোক সকলক তেওঁ দণ্ড দিব।
9 qui poenas dabunt in interitu aeternas a facie Domini, et a gloria virtutis eius: (aiōnios g166)
তেওঁলোক প্রভুৰ লগত থকাৰ পৰা আতৰ হৈ আৰু তেওঁৰ পৰাক্রমৰ প্ৰতাপৰ পৰা দূৰৈত থাকি, দণ্ডৰ সৈতে অনন্ত বিনাশ ভোগ কৰিব। (aiōnios g166)
10 cum venerit glorificari in sanctis suis, et admirabilis fieri in omnibus, qui crediderunt, quia creditum est testimonium nostrum super vos in die illo.
১০সেইদিনা যীচু যেতিয়া নিজৰ পবিত্ৰ লোক সকলৰ দ্বাৰা মহিমাম্বিত হবলৈ আহিব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ’ব; আপোনালোকো সেই বিশ্বাসী সকলৰ মাজত আছে, কাৰণ আপোনালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলে।
11 In quo etiam oramus semper pro vobis: ut dignetur vos vocatione sua Deus noster, et impleat omnem voluntatem bonitatis suae, et opus fidei in virtute,
১১এই কাৰণে আমিও আপোনালোকৰ বাবে সদায় প্ৰাৰ্থনা কৰি থাকোঁ, যাতে আমাৰ ঈশ্বৰে আপোনালোকক তেওঁৰ আমন্ত্রণৰ যোগ্যপাত্র বুলি গণ্য কৰিব৷ তাতে তেওঁৰ শক্তিত আপোনালোকে যেন মঙ্গলভাৱেৰে সকলো ভাল কাম কৰাৰ ইচ্ছা আৰু বিশ্বাসৰ প্রতিটো কার্য যেন সম্পূর্ণ কৰে;
12 ut clarificetur nomen Domini nostri Iesu Christi in vobis, et vos in illo secundum gratiam Dei nostri, et Domini nostri Iesu Christi.
১২তাতে যেন আমাৰ ঈশ্বৰ আৰু প্রভু যীচু খ্রীষ্টৰ অনুগ্রহ অনুসাৰে আমাৰ প্রভু যীচুৰ নাম আপোনালোকৰ দ্বাৰাই মহিমাম্বিত হয় আৰু আপোনালোকো তেওঁত মহিমান্বিত হওক।

< Thessalonicenses Ii 1 >