< Corinthios Ii 11 >

1 Utinam sustineretis modicum quid insipientiae meae, sed et supportare me:
মই বিচাৰো যেন আপোনালোকে মোৰ যৎকিঞ্চিত অজ্ঞানতাৰ প্ৰতি সহন কৰে, প্ৰকৃততে আপোনালোকে মোৰ প্ৰতি সহন কৰি আছে।
2 Aemulor enim vos Dei aemulatione. Despondi enim vos uni viro virginem castam exhibere Christo.
কিয়নো মই আপোনালোকক ঐশ্বৰিক অন্তৰ্জ্বালাৰে ঈর্ষা কৰোঁ; কাৰণ খ্ৰীষ্টৰ হাতত নিৰ্দোষী কন্যা স্বৰূপে সমৰ্পণ কৰিবৰ হাবিয়াহেৰে, আপোনালোকক একমাত্ৰ স্বামীলৈ, অৰ্থাৎ খ্ৰীষ্টলৈ বাগদান কৰিলোঁ।
3 Timeo autem ne sicut serpens Hevam seduxit astutia sua, ita corrumpantur sensus vestri, et excidant a simplicitate, quae est in Christo.
কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷
4 Nam si is, qui venit, alium Christum praedicat, quem non praedicavimus, aut alium spiritum accipitis, quem non accepistis: aut aliud Evangelium, quod non recepistis: recte pateremini.
কিয়নো যি জন যীচুৰ কথা আমি ঘোষণা কৰোঁ, এনে আন কোনো যীচুৰ কথা কোনোৱে যদি আহি ঘোষণা কৰে বা আপোনালোকে যি আত্মা পোৱা নাই এনে অন্যবিধ আত্মাও যদি পোৱা নাইবা যি শুভবাৰ্তা আপোনালোকে গ্ৰহণ কৰা নাই, এনে অন্যবিধ শুভবাৰ্তাও যদি গ্ৰহণ কৰে, তেনেহলে আপোনালোকে সেয়া ভালকৈ সহন কৰক৷
5 Existimo enim nihil me minus fecisse a magnis Apostolis.
কাৰণ মোৰ মতে, সেই অতি প্ৰধান পাঁচনি সকলতকৈ মই অলপো নিকৃষ্ট নহয়।
6 Nam etsi imperitus sermone, sed non scientia, in omnibus autem manifestus sum vobis.
কিন্তু যদিও মই বক্তৃতাত সামান্য হওঁ, মই জ্ঞানত সামান্য নহওঁ; সকলো ধৰণে আৰু সকলো বিষয়তে আমি আপোনালোকক সেই বিষয়ে প্ৰকাশ কৰিলোঁ।
7 Aut numquid peccatum feci, me ipsum humilians, ut vos exaltemini? quoniam gratis Evangelium Dei evangelizavi vobis?
আপোনালোক বৰ হ’বলৈ, মই নিজকে সৰু কৰি বিনামূল্যে ঈশ্বৰৰ শুভবাৰ্তা আপোনালোকৰ আগত প্ৰচাৰ কৰোঁতে, মই পাপ কৰিলোঁ নে?
8 Alias Ecclesias expoliavi, accipiens stipendium ad ministerium vestrum.
মই আন মণ্ডলী সমূহৰ ধন অপহৰণ কৰিলোঁ আৰু তেওঁলোকৰ সাহায্য গ্ৰহণ কৰিলোঁ, যাতে ইয়াৰ যোগেদি মই আপোনালোকৰ পৰিচৰ্যা কৰিব পাৰোঁ৷
9 Et cum essem apud vos, et egerem; nulli onerosus fui: nam quod mihi deerat, suppleverunt fratres, qui venerunt a Macedonia: et in omnibus sine onere me vobis servavi, et servabo.
আৰু আপোনালোকৰ লগত থাকোঁতে, যেতিয়া মোৰ নাটনি হৈছিল, তেতিয়া মই আপোনালোকৰ কোনো এজনৰে ওপৰত ভাৰ নিদিলোঁ; কিয়নো ভাই সকলে মাকিদনিয়াৰ পৰা আহি মোৰ অভাৱৰ সময়ত সহায় কৰিলে; আৰু কোনো বিষয়তে আপোনালোকৰ ওপৰত ভাৰ নিদিয়াকৈ মই নিজকে ৰাখিলোঁ; আৰু মই নিজকে এনেদৰেই ৰাখিম।
10 Est veritas Christi in me, quoniam haec gloriatio non infringetur in me in regionibus Achaiae.
১০খ্ৰীষ্টৰ সত্যতা যেনেকৈ মোৰ লগত বাস কৰি আছে, তেনেদৰে মোৰ এই গৌৰৱ আখায়াৰ সকলো অঞ্চলত বন্ধ কৰা নহব।
11 Quare? quia non diligo vos? Deus scit.
১১আৰু কিয়? মই আপোনালোকক প্ৰেম নকৰাৰ কাৰণে নে? ঈশ্বৰে জানে, মই যে আচলতে প্রেম কৰোঁ৷
12 Quod autem facio, et faciam: ut amputem occasionem eorum, qui volunt occasionem, ut in quo gloriantur, inveniantur sicut et nos.
১২কিন্তু মই এতিয়া যি কৰি আছোঁ, ভৱিষ্যতেও ইয়াকে কৰি থাকিম; যাতে ছিদ্ৰ বিচৰা লোক সকলে যি বিষয়ত শ্লাঘা কৰে, সেই বিষয়ত যেন তেওঁলোক আমাৰ নিচিনা হব পৰে, আৰু আমি যেন তেওঁলোকৰ সেই ছিদ্ৰ পাবৰ উপায় খণ্ডন কৰিব পাৰোঁ।
13 Nam eiusmodi pseudoapostoli, sunt operarii subdoli, transfigurantes se in apostolos Christi.
১৩কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ।
14 Et non mirum: ipse enim satanas transfigurat se in angelum lucis.
১৪এই কথা আচৰিত নহয়, কিয়নো চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে।
15 non est ergo magnum, si ministri eius transfigurentur velut ministri iustitiae: quorum finis erit secundum opera ipsorum.
১৫এতেকে তাৰ দাস সকলেও ধাৰ্মিক দাস সকলৰ বেশ ধৰাটো বৰ মহৎ বিষয় নহয়; কিন্তু তেওঁলোকৰ শেষ, তেওঁলোকৰ নিজ কৰ্মৰ দ্ৱাৰাই হব৷
16 Iterum dico, (ne quis me putet insipientem esse, alioquin velut insipientem accipite me, ut et ego modicum quid glorier)
১৬মই আকৌ কৈছোঁ, আপোনালোকৰ কোনেও মোক অজ্ঞান বুলি নাভাবিব; কিন্তু যদিও ভাবে, তাৰ বাবে মোক অজ্ঞানৰ দৰেই গ্ৰহণ কৰিব যাতে মই যৎকিঞ্চিৎ শ্লাঘা কৰিব পাৰোঁ৷
17 quod loquor, non loquor secundum Deum, sed quasi in insipientia, in hac substantia gloriae.
১৭মই যি দৰে এই আত্মবিশ্ৱাসী গৌৰৱৰ কথা কৈছোঁ, তেনেদৰে প্ৰভুৱে উদগণি নিদিয়ে কিন্তু মই নিশ্চিত জ্ঞানেৰে কৈছোঁ।
18 Quoniam multi gloriantur secundum carnem: et ego gloriabor.
১৮কিয়নো অনেকে মাংস অনুসাৰে গৌৰৱ কৰে সেই বাবে ময়ো গৌৰৱ কৰিম।
19 Libenter enim suffertis insipientes: cum sitis ipsi sapientes.
১৯কিয়নো আপোনালোকে জ্ঞানৱন্ত হৈ আনন্দেৰেহে অজ্ঞানবোৰক সহন কৰে।
20 Sustinetis enim si quis vos in servitutem redigit, si quis devorat, si quis accipit, si quis extollitur, si quis in faciem vos caedit.
২০কাৰণ কোনোৱে যদি আপোনালোকক দাস কৰে, কোনোৱে যদি আপোনালোকৰ মাজত মতভেদ জন্মাই, কোনোৱে যদি আপোনাৰ পৰা লাভ বিচাৰে, কোনোৱে যদি আপোনালোকক চৰ মাৰে, তথাপি আপোনালোকে সহন কৰে।
21 Secundum ignobilitatem dico, quasi nos infirmi fuerimus in hac parte. In quo quis audet (in insipientia dico) audeo et ego:
২১হয়, আমি এক প্ৰকাৰ দূৰ্বলীয়েই আছিলোঁ, ইয়াক মই লাজ পাই স্বীকাৰ কৰিছোঁ। যেতিয়া যি কোনো কথাত যদি কোনো ব্যক্তিয়ে গৌৰৱ কৰে, মই অজ্ঞানতাৰে কৈছোঁ, তেনেহ’লে মইয়ো গৌৰৱ কৰিম।
22 Hebraei sunt, et ego: Israelitae sunt, et ego: Semen Abrahae sunt, et ego:
২২তেখেত সকল ইব্ৰী লোক নে? মইয়ো হওঁ। তেখেত সকল ইস্ৰায়েলীয়া নে? মইয়ো হওঁ। তেখেত সকল অব্ৰাহামৰ বংশ নে? মইয়ো হওঁ।
23 Ministri Christi sunt, et ego (ut minus sapiens dico) plus ego: in laboribus plurimis, in carceribus abundantius, in plagis supra modum, in mortibus frequenter.
২৩তেখেত সকল খ্ৰীষ্টৰ দাস নে? হত বুদ্ধিৰ দৰে কৈছোঁ, মই তাতোকৈ অধিক; তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ত৷
24 A Iudaeis quinquies, quadragenas, una minus, accepi.
২৪অৰ্থাৎ পাঁচ বাৰ ইহুদী সকলৰ হাতেৰে “এক কম দুকুৰিকৈ” কোব খাইছিলোঁ৷
25 Ter virgis caesus sum, semel lapidatus sum, ter naufragium feci, nocte et die in profundo maris fui,
২৫তিনি বাৰ বেতৰ কোব খাইছিলোঁ, এবাৰ শিলৰ দলি খাইছিলোঁ, তিনি বাৰ জাহাজ ভগাৰ দুখ পালোঁ, অগাধ জলত এদিন এৰাতি থাকিলোঁ;
26 in itineribus saepe, periculis fluminum, periculis latronum, periculis ex genere, periculis ex Gentibus, periculis in civitate, periculis in solitudine, periculis in mari, periculis in falsis fratribus:
২৬অনেক যাত্ৰাত, নদীৰ সংকটত, ডকাইতৰ সংকটত, স্বজাতীয় সকলৰ পৰা হোৱা সংকটত, অনা-ইহুদী সকলৰ পৰা হোৱা সঙ্কটত, নগৰত থাকি পোৱা সঙ্কটত, মৰুভূমিত থাকি পোৱা সঙ্কটত, সাগৰত থাকি পোৱা সঙ্কটত, ভাঁৰিকোৱা ভাই সকলৰ মাজত থাকি পোৱা সঙ্কটত৷
27 in labore et aerumna, in vigiliis multis, in fame, et siti, in ieiuniis multis, in frigore, et nuditate,
২৭পৰিশ্ৰম আৰু দুর্ভোগত আৰু বহু ৰাতিৰ টোপনি-খতিত, লঘোনে থকাত আৰু পিয়াহত আৰু একো খাদ্য নোহোৱাত, জাৰ পোৱাত আৰু উদঙে থকাত, মই এই সকলো ভোগ কৰিছিলোঁ৷
28 praeter illa, quae extrinsecus sunt, instantia mea quotidiana, solicitudo omnium Ecclesiarum.
২৮এইবোৰ বিষয় বাদ দিলেও, বিশেষকৈ সকলো মণ্ডলীৰ চিন্তাই মোৰ দৈনিক ভাৰস্বৰূপ হৈ আছে।
29 Quis infirmatur, et ego non infirmor? quis scandalizatur, et ego non uror?
২৯কাৰ দূৰ্ব্বলতাত মই দূৰ্বল হোৱা নাই? কোনে আন এজনক পাপত পেলাই মোৰ অন্তৰত জ্বালা দিয়া নাই?
30 Si gloriari oportet: quae infirmitatis meae sunt, gloriabor.
৩০মই যদি গৌৰৱ কৰিব লগা হয়, তেনেহলে মোৰ নানা দূৰ্ব্বলতাৰ বিষয়ে মই গৌৰৱ কৰিম।
31 Deus et Pater Domini nostri Iesu Christi, qui est benedictus in saecula, scit quod non mentior. (aiōn g165)
৩১মই যে মিছা নকওঁ, সেই বিষয়ে প্ৰভু যীচুৰ পিতৃ ঈশ্বৰ, যি জন চিৰকাল ধন্য, তেওঁ জানে। (aiōn g165)
32 Damasci praepositus Gentis Aretae regis, custodiebat civitatem Damascenorum ut me comprehenderet:
৩২দম্মেচকত আৰিতা ৰজাৰ তলৰ অধিপতিয়ে মোক ধৰিবৰ আশয়েৰে দম্মেচকীয়া সকলৰ নগৰ পহৰা দিয়াইছিল;
33 et per fenestram in sporta dimissus sum per murum, et sic effugi manus eius.
৩৩কিন্তু খিড়িকিয়েদি পাচিৰে গড়েদি নমাই দিয়াত, তেওঁৰ হাতৰ পৰা সাৰিলোঁ।

< Corinthios Ii 11 >