< 다니엘 11 >

1 내가 또 메대 사람 다리오 원년에 일어나 그를 돕고 강하게 한 일이 있었느니라
মাদীয়া দাৰিয়াবচৰ ৰাজত্ব কালৰ প্ৰথম বছৰতে ময়েই মিখায়েলক সমৰ্থন আৰু ৰক্ষা কৰিবলৈ থিয় হৈছিলোঁ।
2 이제 내가 참된 것을 네게 보이리라 보라 바사에서 또 세 왕이 일어날 것이요 그 후의 네째는 그들보다 심히 부요할 것이며 그가 그 부요함으로 강하여진 후에는 모든 사람을 격동시켜 헬라국을 칠 것이며
আৰু এতিয়া মই তোমাৰ আগত সত্যবিষয় প্রকাশ কৰোঁ। পাৰস্য দেশত তিনি জন ৰজা উৎপন্ন হ’ব; আৰু চতুৰ্থ ৰজা জন আন সকলতকৈ অধিক ধনৱান হ’ব। তেওঁ নিজৰ ধন-সম্পতিৰ দ্বাৰাই ক্ষমতা অৰ্জন কৰিব, আৰু তেওঁ সকলোকে গ্রীচ ৰাজ্যৰ বিৰুদ্ধে উচটাব।
3 장차 한 능력 있는 왕이 일어나서 큰 권세로 다스리며 임의로 행하리라
তাৰ পাছত এজন পৰাক্ৰমী ৰজা উৎপন্ন হ’ব; তেওঁ অতি বৃহৎ ৰাজ্য শাসন কৰিব, আৰু তেওঁ নিজৰ ইচ্ছাৰে সকলো কাৰ্য কৰিব।
4 그러나 그가 강성할 때에 그 나라가 갈라져 천하 사방에 나누일 것이나 그 자손에게로 돌아가지도 아니할 것이요 또 자기가 주장하던 권세대로도 되지 아니하리니 이는 그 나라가 뽑혀서 이 외의 사람들에게로 돌아갈 것임이니라
যেতিয়া তেওঁ উৎপন্ন হ’ব, তেওঁৰ ৰাজ্য ভগ্ন হ’ব, আৰু আকাশৰ চাৰিও দিশৰ বায়ুলৈ বিভক্ত হ’ব। তেওঁৰ ৰাজ্য তেওঁৰ বংশধৰসকলক দিয়া নহ’ব; আৰু তেওঁ শাসন কৰা সময়ত থকা ক্ষমতা আৰু নাথাকিব। কিয়নো তেওঁৰ ৰাজ্য উৎখাত কৰা হ’ব, আৰু তেওঁৰ বংশধৰক নিদি আন সকলক দিয়া হ’ব।
5 남방의 왕은 강할 것이나 그 군들 중에 하나는 그보다 강하여 권세를 떨치리니 그 권세가 심히 클 것이요
দক্ষিণ দেশৰ ৰজা বলৱান হ’ব; কিন্তু তেওঁৰ সেনাপতি সকলৰ মাজৰ এজন তেওঁতকৈয়ো অধিক বলৱান হৈ এখন ডাঙৰ ৰাজ্য শাসন কৰিব।
6 몇 해 후에 그들이 서로 맹약하리니 곧 남방 왕의 딸이 북방 왕에게 나아가서 화친하리라 그러나 이 공주의 힘이 쇠하고 그 왕은 서지도 못하며 권세가 없어질 뿐 아니라 이 공주와 그를 데리고 온 자와 그를 낳은 자와 그 때에 도와주던 자가 다 버림을 당하리라
কেইবছৰমানৰ পাছত যেতিয়া নিৰূপিত সময় আহিব, তেতিয়া তেওঁলোকে মিত্রতা কৰিব। চুক্তি সুনিশ্চিত কৰিবলৈ দক্ষিণ দেশৰ ৰজাৰ জীয়েকক উত্তৰ দেশৰ ৰজালৈ দিয়া হ’ব; কিন্তু জীয়েকে নিজৰ ক্ষমতা হেৰুৱাব, আৰু তেওঁক পৰিত্যক্ত কৰা হ’ব। তেওঁ আৰু তেওঁক অনাসকলক, তেওঁৰ পিতৃক, আৰু সেই সময়ত তেওঁক সমৰ্থন কৰা জনক আপদত পেলোৱা হ’ব।
7 그러나 이 공주의 본족에서 난 자 중에 하나가 그의 위를 이어 북방 왕의 군대를 치러 와서 그의 성에 들어가서 그들을 이기고
তথাপি তেওঁৰ শিপাৰ এটি শাখা তেওঁৰ ঠাইত উৎপন্ন হ’ব; তেওঁ সৈন্যসামন্তক আক্রমণ কৰিব, আৰু উত্তৰ দেশৰ ৰজাৰ দুৰ্গত সোমাব, আৰু তেওঁলোকৰ বিৰুদ্ধে কাৰ্য কৰি জয়ী হ’ব।
8 그 신들과 부어만든 우상들과 그 은과 금의 아름다운 기구를 다 노략하여 애굽으로 가져갈 것이요 몇 해 동안은 그가 북방 왕을 치지 아니하리라
ৰূপ আৰু সোণৰ অতি সুন্দৰ পাত্ৰবোৰে সৈতে তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰ, আৰু দেৱতাবোৰকো মিচৰলৈ কাঢ়ি নিব। কেইবছৰমানৰ বাবে উত্তৰ দেশৰ ৰজাক আক্রমণ কৰাৰ পৰা বিৰত থাকিব।
9 북방 왕이 남방 왕의 나라로 쳐 들어갈 것이나 자기 본국으로 물러 가리라
সেই ৰজা দক্ষিণ দেশৰ ৰজাৰ ৰাজ্যত সোমাব, কিন্তু তেওঁ নিজৰ দেশলৈ ঘূৰি যাব।
10 그 아들들이 전쟁을 준비하고 심히 많은 군대를 모아서 물의 넘침 같이 나아올 것이며 그가 또 와서 남방 왕의 견고한 성까지 칠 것이요
১০তেওঁৰ পুত্রসকল যুদ্ধ কৰিব, আৰু মহা সৈন্য-সামন্ত গোটাব; তেওঁলোকে দেশৰ মাজেৰে জলপ্লাবনৰ দৰে সোমাব, আৰু তেওঁলোকৰ দুৰ্গৰ সকলো পথত পুনৰ হঠাতে আক্রমণ কৰিব।
11 남방 왕은 크게 노하여 나와서 북방 왕과 싸울 것이라 북방 왕이 큰 무리를 일으킬 것이나 그 무리가 그의 손에 붙인바 되리라
১১দক্ষিণ দেশৰ ৰজা অতিশয় ক্রোধাম্বিত হৈ উত্তৰ দেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিব। উত্তৰ দেশৰ ৰজাই মহা সৈন্য-সামন্ত গোটাব, কিন্তু সেই সৈন্যসামন্তক দক্ষিণ দেশৰ ৰজাৰ হাতত গতাই দিয়া হ’ব।
12 그가 큰 무리를 사로잡은 후에 그 마음이 스스로 높아져서 수만명을 엎드러뜨릴 것이나 그 세력은 더하지 못할 것이요
১২যেতিয়া সৈন্য-সামন্ত লৈ অহা হ’ব, তেতিয়া দক্ষিণ দেশৰ ৰজা অহঙ্কাৰেৰে পৰিপূৰ্ণ হ’ব। তেওঁৰ হাজাৰ হাজাৰ শত্রুক হত্যা কৰা হ’ব, কিন্তু তেওঁ কৃতকাৰ্য নহ’ব।
13 북방 왕은 돌아가서 다시 대군을 전보다 더 많이 준비하였다가 몇 때 곧 몇 해 후에 대군과 많은 물건을 거느리고 오리라
১৩উত্তৰ দেশৰ ৰজাই আন এটা সৈন্যৰ দল গঠন কৰিব; সেয়া আগতকৈয়ো ডাঙৰ হ’ব, কেইবছৰমানৰ পাছত উত্তৰ দেশৰ ৰজাই বহুতো সা-সঁজুলিৰ সৈতে ডাঙৰ সৈন্যৰ দল লৈ আহিব।
14 그 때에 여러 사람이 일어나서 남방 왕을 칠 것이요 네 백성 중에서도 강포한 자가 스스로 높아져서 이상을 이루려 할 것이나 그들이 도리어 넘어지리라
১৪সেই সময়ত দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে অনেক লোক উঠিব। এই দৰ্শনৰ কথা সিদ্ধ হ’বলৈ, তোমাৰ লোকসকলৰ মাজৰ অতি অত্যাচাৰী লোকসকলে নিজকে নিজে উঠাব; কিন্তু তেওঁলোক উজুটি খাই পৰিব।
15 이에 북방 왕은 와서 토성을 쌓고 견고한 성읍을 취할 것이요 남방 군대는 그를 당할 힘이 없을 것이므로
১৫উত্তৰ দেশৰ ৰজা আহি ঢিপত এঢলীয়া পথ নিৰ্মাণ কৰিব, আৰু দুৰ্গৰ নগৰ অধিকাৰ কৰিব। দক্ষিণ দেশৰ সৈন্যসকল থিৰে থাকিব নোৱাৰিব; এনে কি, তেওঁলোকৰ শ্রেষ্ঠ সৈন্যসকলৰো থিৰে থাকিবলৈ শক্তি নহ’ব।
16 오직 와서 치는 자가 임의로 행하리니 능히 그 앞에 설 사람이 없겠고 그가 영화로운 땅에 설 것이요 그 손에 멸망이 있으리라
১৬কিন্তু উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে যি ইচ্ছা তাকেই কৰিব, আৰু কোনেও তেওঁক বাধা দিব নোৱাৰিব। তেওঁ সম্পূৰ্ণ ধ্বংসৰ সৈতে, এখন সমৃদ্ধিশালী দেশত নিজকে প্রতিষ্ঠিত কৰিব।
17 그가 결심하고 전국의 힘을 다하여 이르렀다가 그와 화친할 것이요 또 여자의 딸을 그에게 주어 그 나라를 패망케 하려 할 것이나 이루지 못하리니 그에게 무익하리라
১৭উত্তৰ দেশৰ ৰজাই তেওঁৰ ৰাজ্যৰ সকলো শক্তিৰে সৈতে আহিবলৈ স্থিৰ কৰিব। দক্ষিণ দেশৰ ৰজাৰ সৈতে তেওঁ এটা চুক্তি কৰিব; আৰু সেই চুক্তি কাৰ্যকৰী কৰিবৰ অৰ্থে তেওঁ দক্ষিণ দেশ ধ্বংস কৰিবলৈ দক্ষিণ দেশৰ ৰজালৈ এজনী ছোৱালীক বিয়া দিব; কিন্তু পৰিকল্পনাটো সফল নহ’ব আৰু তাৰ পৰা তেওঁৰ সহায়ো নহ’ব।
18 그 후에 그가 얼굴을 섬들로 돌이켜 많이 취할 것이나 한 대장이 있어서 그의 보이는 수욕을 씻고 그 수욕을 그에게로 돌릴 것이므로
১৮ইয়াৰ পাছত উত্তৰ দেশৰ ৰজাই সাগৰৰ পাৰৰ ঠাইবোৰলৈ দৃষ্টি কৰি, তাৰ অনেক ঠাই তেওঁ অধিকাৰ কৰিব; সেনাপতিয়ে তেওঁৰ অপমান দূৰ কৰিব কিন্তু তেওঁৰ অপমানৰ কাৰণে সেয়া তেওঁলৈ পুনৰ ঘূৰি আহিব।
19 그가 드디어 그 얼굴을 돌이켜 자기 땅 산성들로 향할 것이나 거쳐 넘어지고 다시는 보이지 아니하리라
১৯তেতিয়া তেওঁ নিজৰ দেশৰ দুৰ্গবোৰলৈ মন কৰিব, কিন্তু তেওঁ বিঘিনি পাই পতিত হ’ব; তেওঁক বিচাৰি পোৱা নাযাব।
20 그 위를 이을 자가 토색하는 자로 그 나라의 아름다운 곳으로 두루 다니게 할 것이나 그는 분노함이나 싸움이 없이 몇 날이 못되어 망할 것이요
২০তাৰ পাছত ৰাজ্যৰ ঐশ্বৰ্যৰ বাবে কৰ দিবলৈ জোৰ দিয়া এজনে তেওঁৰ স্থান ল’ব। এই জনো অলপ দিনৰ ভিতৰতে বিনষ্ট হ’ব, কিন্তু ক্ৰোধত বা যুদ্ধত নহয়।
21 또 그 위를 이을 자는 한 비천한 사람이라 나라 영광을 그에게 주지 아니할 것이나 그가 평안한 때를 타서 궤휼로 그 나라를 얻을 것이며
২১তেওঁৰ স্থানত আন এজন ঘৃণনীয় ব্যক্তি আহিব; লোকসকলে তেওঁক ৰাজকীয় সন্মান নিদিব। তেওঁ নিঃশব্দে আহিব আৰু তোষামোদেৰে ৰাজ্যৰ ওপৰত অধিকাৰ কৰিব।
22 넘치는 물 같은 군대가 그에게 넘침을 입어 패할 것이요 동맹한 왕도 그렇게 될 것이며
২২তেওঁৰ আগত অতিশয় ডাঙৰ সৈন্যৰ দলো জলপ্লাৱনৰ দৰে উটি যাব। সৈন্য সমূহ আৰু চুক্তিৰে স্থাপন কৰা অধিপতিসকল ধ্বংস হ’ব।
23 그와 약조한 후에 그는 거짓을 행하여 올라올 것이요 적은 백성을 거느리고 강하게 될 것이며
২৩তেওঁৰ লগত মিত্ৰতা থিৰ কৰাৰে পৰা তেওঁ প্ৰতাৰণাৰ কাম কৰিব। কেৱল কম সংখ্যক লোকৰ সৈতেহে তেওঁ পৰাক্রমী হ’ব।
24 그가 평안한 때에 그 도의 가장 기름진 곳에 들어와서 그 열조와 열조의 조상이 행하지 못하던 것을 행할 것이요 그는 노략하며 탈취한 재물을 무리에게 흩어주며 모략을 베풀어 얼마 동안 산성들을 칠 것인데 때가 이르기까지 그리하리라
২৪তেওঁ প্ৰদেশৰ ঐশ্বৰ্যশালী অংশলৈ সাৱধানবাণী নিদিয়াকৈ সোমাব, আৰু তেওঁৰ পিতৃ, বা পিতৃৰ পিতৃয়ে যি কৰা নাই, তেনে কাৰ্য কৰিব। তেওঁ লূটদ্ৰব্য, কাঢ়ি লোৱা বস্তু, আৰু ধন সম্পত্তি তেওঁৰ অনুসৰণকাৰী সকলৰ মাজত বিলাই দিব; এনে কি, তেওঁ দুৰ্গবোৰৰ সৰ্বনাশ কৰিবলৈ কল্পনা কৰিব; কিন্তু অলপ সময়ৰ বাবেহে।
25 그가 그 힘을 떨치며 용맹을 발하여 큰 군대를 거느리고 남방 왕도 심히 크고 강한 군대를 거느리고 맞아 싸울 것이나 능히 당하지 못하리니 이는 그들이 모략을 베풀어 그를 침이니라
২৫তেওঁ দক্ষিণ দেশৰ ৰজাৰ সৈন্যসকলৰ বিৰুদ্ধে তেওঁৰ ক্ষমতা আৰু সাহস উত্তেজিত কৰিব। দক্ষিণ দেশৰ ৰজাই অধিক পৰাক্ৰমী সৈন্য সমূহ লগত লৈ, যুদ্ধ কৰিবলৈ ধৰিব কিন্তু তিষ্ঠিব নোৱাৰিব; কাৰণ লোকসকলে তেওঁৰ অহিতে নানা কল্পনা কৰিব।
26 자기의 진미를 먹는 자가 그를 멸하리니 그 군대가 흩어질 것이요 많은 자가 엎드러져 죽으리라
২৬আনকি যিসকলে ৰজাৰ মেজৰ পৰা আহাৰ খায়, তেওঁলোকেও তেওঁক নষ্ট কৰিবলৈ চেষ্টা কৰিব, আৰু তেওঁৰ সৈন্য সমূহ বানপানীৰ দৰে উটি যাব, আৰু তেওঁলোকৰ অনেকক হত্যা কৰা হ’ব।
27 이 두 왕이 마음에 서로 해코자 하여 한 밥상에 앉았을 때에 거짓말을 할 것이라 일이 형통하지 못하리니 이는 작정된 기한에 미쳐서 그 일이 끝날 것임이니라
২৭আৰু এই দুজন ৰজাই ইজনে সিজনৰ বিৰুদ্ধে অন্তৰত বেয়া ভাব ৰাখিব, তেওঁলোকে একেখন মেজতে বহিব আৰু ইজনে সিজনক মিছা ক’ব; কিন্তু কোনো উদ্দেশ্যত নহয়। কাৰণ নিৰূপিত সময়তহে সেই কথা ফলিয়াব।
28 북방 왕은 많은 재물을 가지고 본국으로 돌아가리니 그는 마음으로 거룩한 언약을 거스리며 임의로 행하고 본토로 돌아갈 것이며
২৮তাৰ পাছত অনেক ধন-সম্পত্তি লৈ উত্তৰ দেশৰ ৰজা নিজৰ দেশলৈ উভটি যাব, কিন্তু তেওঁৰ মন পবিত্ৰ নিয়মটোৰ বিৰুদ্ধে হ’ব। তেওঁ নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰি নিজ দেশলৈ উভটি যাব।
29 작정된 기한에 그가 다시 나와서 남방에 이를 것이나 이번이 그 전번만 못하리니
২৯নিৰূপিত সময়ত তেওঁ ঘূৰি আহিব আৰু দক্ষিণ দেশ পুনৰ আক্ৰমণ কৰিব। কিন্তু আগতে যেনেদৰে হৈছিল, তেতিয়া সেইদৰে নহ’ব।
30 이는 깃딤의 배들이 이르러 그를 칠 것임이라 그가 낙심하고 돌아가며 거룩한 언약을 한하고 임의로 행하며 돌아가서는 거룩한 언약을 배반하는 자를 중히 여길 것이며
৩০কিয়নো কিত্তীমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব; আৰু তেওঁ নিৰুৎসাহ হৈ ঘূৰি যাব। পবিত্ৰ নিয়মৰ বিৰুদ্ধে তেওঁ ক্ৰোধ কৰিব আৰু পবিত্ৰ নিয়ম অমান্য কৰা লোকসকলক অনুগ্রহ দেখুৱাব।
31 군대는 그의 편에 서서 성소 곧 견고한 곳을 더럽히며 매일 드리는 제사를 폐하며 멸망케 하는 미운 물건을 세울 것이며
৩১তেওঁৰ সৈন্যদল উঠিব আৰু পবিত্রস্থান আৰু দুৰ্গ অশুচি কৰিব। তেওঁলোকে প্রতিদিনৰ হোম-বলি বন্ধ কৰিব, আৰু তেওঁলোকে ঘৃণনীয় বস্তু স্থাপন কৰিব যিয়ে ধ্বংসাত্মকৰূপে অপবিত্র কৰিব।
32 그가 또 언약을 배반하고 악행하는 자를 궤휼로 타락시킬 것이나 오직 자기의 하나님을 아는 백성은 강하여 용맹을 발하리라
৩২নিয়ম লঙ্ঘন কৰা সকলক তেওঁ খুচামোদ কৰিব আৰু তেওঁলোকক ভ্ৰষ্ট কৰিব; কিন্তু নিজৰ ঈশ্বৰক জনা লোকসকল বলৱন্ত হ’ব আৰু ইয়াৰ বিৰুদ্ধে কাৰ্য কৰিব।
33 백성 중에 지혜로운 자가 많은 사람을 가르칠 것이나 그들이 칼날과 불꽃과 사로잡힘과 약탈을 당하여 여러 날 동안 쇠패하리라
৩৩মানুহৰ মাজৰ জ্ঞানী লোকসকলে অনেকক বিবেচনা শক্তি দিব; কিন্তু কিছুদিনৰ বাবে তৰোৱাল, আৰু অগ্নিশিখাৰে পতিত হ’ব, তেওঁলোকক বন্দীসকলৰ দৰে আটক কৰা হ’ব, আৰু তেওঁলোকৰ সা-সম্পত্তি লুট কৰা হ’ব।
34 그들이 쇠패할 때에 도움을 조금 얻을 것이나 많은 사람은 궤휼로 그들과 친합할 것이며
৩৪তেওঁলোকে উজুটি খোৱা সময়ত অলপ সহায় পাব; তেওঁলোকে কি কয় সেই কথা নুবুজা অনেক লোকে তেওঁলোকৰ লগত যোগদান কৰিব।
35 또 그들 중 지혜로운 자 몇 사람이 쇠패하여 무리로 연단되며 정결케 되며 희게 되어 마지막 때까지 이르게 하리니 이는 작정된 기한이 있음이니라
৩৫শেষৰ সময় নহালৈকে পৰীক্ষাসিদ্ধ, পবিত্ৰ, আৰু শুদ্ধ হ’বলৈ জ্ঞানী লোকসকলৰ কিছুমানে উজুটি খাব; কাৰণ নিৰূপিত সময় এতিয়াও আহিবলৈ আছে।
36 이 왕이 자기 뜻대로 행하며 스스로 높여 모든 신보다 크다 하며 비상한 말로 신들의 신을 대적하며 형통하기를 분노하심이 쉴 때까지 하리니 이는 그 작정된 일이 반드시 이룰 것임이니라
৩৬ৰজাই যি কৰিবলৈ ইচ্ছা কৰে, সেয়াই কৰিব। তেওঁ সকলো দেৱতাতকৈ নিজকে উন্নত আৰু অতিৰঞ্জিত কৰিব, আৰু দেৱতাবোৰৰ ঈশ্বৰৰ বিৰুদ্ধে আশ্বৰ্যজনক কথা ক’ব। ক্রোধ সিদ্ধ নোহোৱালৈকে তেওঁ কৃতকাৰ্য হ’ব; কাৰণ বিধানত যি আছে, সেয়াই সিদ্ধ কৰা হ’ব।
37 그가 모든 것보다 스스로 크다 하고 그 열조의 신들과 여자의 사모하는 것을 돌아보지 아니하며 아무 신이든지 돌아보지 아니할 것이나
৩৭তেওঁ নিজৰ পূৰ্বপুৰুষসকলৰ দেৱতাবোৰৰ বাবে বিবেচনা নকৰিব, কাৰণ মহিলাৰ দ্বাৰাই আকাংক্ষা কৰা দেৱতা, নাইবা আন কোনো দেৱতাবোৰকো নামানিব। তেওঁ অহঙ্কাৰেৰে কাৰ্য কৰিব আৰু সকলোতকৈ ওপৰত বুলি দাবী কৰিব।
38 그 대신에 세력의 신을 공경할 것이요 또 그 열조가 알지 못하던 신에게 금, 은 보석과 보물을 드려 공경할 것이며
৩৮তেওঁলোকৰ পৰিৱৰ্তে তেওঁ দুৰ্গৰ দেৱতাক সন্মান কৰিব। নিজৰ পূৰ্ব-পুৰুষসকলে নজনা এজন দেৱতাক তেওঁ সোণ, ৰূপ, বহুমূলীয়া পাথৰ, মূল্যবান উপহাৰেৰে সন্মান কৰিব।
39 그는 이방 신을 힘입어 크게 견고한 산성들을 취할 것이요 무릇 그를 안다 하는 자에게는 영광을 더하여 여러 백성을 다스리게도 하며 그에게서 뇌물을 받고 땅을 나눠주기도 하리라
৩৯তেওঁ বিজাতীয় দেৱতাৰ সহায়ত শত্রুবোৰৰ অতি দৃঢ় দুৰ্গবোৰ আক্রমণ কৰিব। যি সকলে তেওঁক স্বীকাৰ কৰিব, তেওঁলোকক তেওঁ সন্মান কৰিব। অনেকলোকৰ ওপৰত তেওঁ তেওঁলোকক শাসনকৰ্ত্তা পাতিব, আৰু ধনৰ বাবে তেওঁ মাটি ভাগ কৰিব।
40 마지막 때에 남방 왕이 그를 찌르리니 북방 왕이 병거와 마병과 많은 배로 회리바람처럼 그에게로 마주 와서 그 여러 나라에 들어가며 물이 넘침 같이 지나갈 것이요
৪০শেষৰ সময়ত দক্ষিণ দেশৰ ৰজাই আক্রমণ কৰিব। উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী, আৰু অনেক জাহাজেৰে সৈতে বা’মাৰলী বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব। তেওঁ অনেক দেশ আক্রমণ কৰিব, আৰু বানপানীৰ দৰে তেওঁলোকৰ মাজেদি ওলাই যাব।
41 그가 또 영화로운 땅에 들어갈 것이요 많은 나라를 패망케 할 것이나 오직 에돔과 모압과 암몬 자손의 존귀한 자들은 그 손에서 벗어나리라
৪১তেওঁ সমৃদ্ধিশালী দেশলৈ সোমাই আহিব, আৰু অনেক পৰাজিত হ’ব; কিন্তু ইদোম, মোৱাব, আৰু অম্মোনৰ অনেক প্রধান লোকে তেওঁৰ হাতৰ পৰা ৰক্ষা পাব।
42 그가 열국에 그 손을 펴리니 애굽 땅도 면치 못할 것이므로
৪২তেওঁ অনেক দেশৰ ওপৰত তেওঁৰ ক্ষমতা প্রয়োগ কৰিব, আৰু মিচৰ দেশখনেও ৰক্ষা নাপাব।
43 그가 권세로 애굽의 금 은과 모든 보물을 잡을 것이요 리비아 사람과 구스 사람이 그의 시종이 되리라
৪৩মিচৰ দেশৰ আটাই বহুমূল্য বস্তুৰ ওপৰত আৰু সোণ ৰূপৰ ভঁৰালৰ ওপৰত তেওঁৰ ক্ষমতা থাকিব। লুবীয়া আৰু কুচীয়াসকলে তেওঁৰ পৰিচৰ্যা কৰিব।
44 그러나 동북에서부터 소문이 이르러 그로 번민케 하므로 그가 분노하여 나가서 많은 무리를 다 도륙하며 진멸코자 할 것이요
৪৪পূব আৰু উত্তৰৰ পৰা অহা সম্বাদে তেওঁক সজাগ কৰিব; তাতে তেওঁ বিনষ্ট কৰিবলৈ, আৰু অনেকক নিঃশেষে সংহাৰ কৰিবলৈ মহাক্ৰোধেৰে ওলাই যাব।
45 그가 장막 궁전을 바다와 영화롭고 거룩한 산 사이에 베풀 것이나 그의 끝이 이르리니 도와줄 자가 없으리라
৪৫সমূদ্ৰ আৰু পবিত্ৰতাৰ সৌন্দৰ্যৰ পাহাৰৰ মাজত তেওঁ নিজৰ ৰাজপ্রসাদৰ তম্বু তৰিব। তেওঁ তেওঁৰ শেষ অৱস্থাত আহিব, কিন্তু তেওঁক সহায় কৰিবলৈ কোনো নাথাকিব।

< 다니엘 11 >