< マタイの福音書 8 >

1 イエスが山から降りて来られると、多くの群衆がイエスに従った。
যীচু যেতিয়া পৰ্বতৰ পৰা নামি আহিল, তেতিয়া মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে।
2 すると、ひとりのらい病人がみもとに来て、ひれ伏して言った。「主よ。お心一つで、私をきよめることがおできになります。」
সেই সময়ত এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁক ক’লে, “হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
3 イエスは手を伸ばして、彼にさわり、「わたしの心だ。きよくなれ。」と言われた。すると、すぐに彼のらい病はきよめられた。
যীচুৱে হাত খন আগবঢ়াই তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ; তুমি শুচি হোৱা।” লগে লগে মানুহ জনৰ কুষ্ঠৰোগ ভাল হৈ গ’ল।
4 イエスは彼に言われた。「気をつけて、だれにも話さないようにしなさい。ただ、人々へのあかしのために、行って、自分を祭司に見せなさい。そして、モーセの命じた供え物をささげなさい。」
তেতিয়া যীচুৱে মানুহ জনক ক’লে, ‘সাৱধান, তুমি এই কথা কাকো নকবা; বৰং যোৱা, পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা আৰু মোচিৰ আদেশ অনুসাৰে নৈবেদ্য উৎসর্গ কৰা। তেতিয়া লোক সকলৰ আগত তুমি সাক্ষ্য হবা যে, তুমি সুস্থ হ’লা।’
5 イエスがカペナウムにはいられると、ひとりの百人隊長がみもとに来て、懇願して、
ইয়াৰ পাছত যীচু কফৰনাহূম নগৰলৈ গ’ল। তাত এজন এশৰ সেনাপতিয়ে তেওঁৰ ওচৰলৈ আহি বিনয় কৰি ক’লে,
6 言った。「主よ。私のしもべが中風やみで、家に寝ていて、ひどく苦しんでおります。」
“হে প্ৰভু, মোৰ এজন দাস ঘৰত বিচনাত পৰি আছে। সি পক্ষাঘাত ৰোগত অতিশয় যাতনা পাই আছে।”
7 イエスは彼に言われた。「行って、直してあげよう。」
যীচুৱে তেওঁক ক’লে, “মই আহিম আৰু তেওঁক সুস্থ কৰিম।”
8 しかし、百人隊長は答えて言った。「主よ。あなたを私の屋根の下にお入れする資格は、私にはありません。ただ、おことばをいただかせてください。そうすれば、私のしもべは直りますから。
সেই সেনাপতিয়ে উত্তৰ দি ক’লে, “হে প্ৰভু, মই এনে যোগ্য নহওঁ যে আপুনি মোৰ ঘৰত সোমাব; কিন্তু মুখেৰে মাথোন কৈ দিয়ক, তাতে মোৰ দাস সুস্থ হ’ব।
9 と申しますのは、私も権威の下にある者ですが、私自身の下にも兵士たちがいまして、そのひとりに『行け。』と言えば行きますし、別の者に『来い。』と言えば来ます。また、しもべに『これをせよ。』と言えば、そのとおりにいたします。」
মই নিজেও আনৰ অধিকাৰৰ অধীন আৰু মোৰ অধীনতো সৈন্য সকল আছে। মই এজনক ‘যা’ বুলিলে, সি যায়; আন জনক ‘আহ’ বুলিলে, সি ‘আহে’ আৰু মোৰ দাসক ‘এইটো কৰ’ বুলিলে সি সেই কাম কৰে।”
10 イエスは、これを聞いて驚かれ、ついて来た人たちにこう言われた。「まことに、あなたがたに告げます。わたしはイスラエルのうちのだれにも、このような信仰を見たことがありません。
১০যীচুৱে এই কথা শুনি বিস্মিত হ’ল আৰু যি সকল লোক তেওঁৰ পাছে পাছে গৈ আছিল, সেই লোক সকলক উদ্দেশ্য কৰি তেওঁ ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কৈছোঁ, ইস্ৰায়েলত ইমান বেচি বিশ্বাস মই কাৰো মাজত দেখা পোৱা নাই।
11 あなたがたに言いますが、たくさんの人が東からも西からも来て、天の御国で、アブラハム、イサク、ヤコブといっしょに食卓に着きます。
১১মই আপোনালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব;
12 しかし、御国の子らは外の暗やみに放り出され、そこで泣いて歯ぎしりするのです。」
১২কিন্তু যি সকল এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ’ব। তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু যন্ত্রণাত দাঁত কৰচিব।”
13 それから、イエスは百人隊長に言われた。「さあ行きなさい。あなたの信じたとおりになるように。」すると、ちょうどその時、そのしもべはいやされた。
১৩তাৰ পাছত যীচুৱে সেই এশৰ সেনাপতিক ক’লে, “তুমি যোৱা; তুমি যি দৰে বিশ্বাস কৰিলা, সেইদৰেই হওক।” সেই সময়তেই তেওঁৰ দাস জন সুস্থ হ’ল।
14 それから、イエスは、ペテロの家に来られて、ペテロのしゅうとめが熱病で床に着いているのをご覧になった。
১৪পাছত যীচু পিতৰৰ ঘৰত সোমাল আৰু তাতে পিতৰৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে।
15 イエスが手にさわられると、熱がひき、彼女は起きてイエスをもてなした。
১৫যীচুৱে তেওঁৰ হাত খন স্পর্শ কৰিলে আৰু লগে লগে তেওঁৰ জ্বৰ নাইকিয়া হ’ল। তেতিয়া তেওঁ বিচনাৰ পৰা উঠি যীচুৰ সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে।
16 夕方になると、人々は悪霊につかれた者を大ぜい、みもとに連れて来た。そこで、イエスはみことばをもって霊どもを追い出し、また病気の人々をみなお直しになった。
১৬সন্ধিয়া হোৱাত লোক সকলে ভূতে পোৱা অনেক মানুহক তেওঁৰ ওচৰলৈ আনিলে। তেওঁ মুখৰ কথাৰেই সেই ভূতৰ আত্মাবোৰ খেদালে আৰু যি সকল অসুস্থ আছিল, সেই সকলো ৰোগীকে সুস্থ কৰিলে।
17 これは、預言者イザヤを通して言われた事が成就するためであった。「彼が私たちのわずらいを身に引き受け、私たちの病を背負った。」
১৭ইয়াৰ দ্বাৰা যিচয়া ভাববাদীয়ে কোৱা এই বচন পূর্ণ হ’ল, “তেৱেঁই আমাৰ দূৰ্বলতা ল’লে আৰু আমাৰ ৰোগৰ ভাৰ বলে।”
18 さて、イエスは群衆が自分の回りにいるのをご覧になると、向こう岸に行くための用意をお命じになった。
১৮যীচুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি শিষ্য সকলক গালীল সাগৰৰ সিপাৰলৈ যাবৰ বাবে আজ্ঞা দিলে।
19 そこに、ひとりの律法学者が来てこう言った。「先生。私はあなたのおいでになる所なら、どこにでもついてまいります。」
১৯সেই সময়ত বিধানৰ অধ্যাপক এজনে যীচুৰ ওচৰলৈ আহি ক’লে, “হে গুৰু, আপুনি য’লৈকে যাব, ময়ো আপোনাৰ পাছে পাছে তালৈ যাম।”
20 すると、イエスは彼に言われた。「狐には穴があり、空の鳥には巣があるが、人の子には枕する所もありません。」
২০যীচুৱে তেওঁক ক’লে, “শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।”
21 また、別のひとりの弟子がイエスにこう言った。「主よ。まず行って、私の父を葬ることを許してください。」
২১শিষ্য সকলৰ মাজৰ আন এজনে আহি তেওঁক ক’লে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দি আহিবলৈ অনুমতি দিয়ক।”
22 ところが、イエスは彼に言われた。「わたしについて来なさい。死人たちに彼らの中の死人たちを葬らせなさい。」
২২যীচুৱে তেওঁক ক’লে, “যি সকল মৃত, তেওঁলোকেই মৃত সকলক মৈদাম দিয়ক, কিন্তু তুমি মোৰ পাছে পাছে আহা।”
23 イエスが舟にお乗りになると、弟子たちも従った。
২৩তাৰ পাছত যীচু নাৱত উঠিল আৰু তেওঁৰ শিষ্য সকলেও তেওঁক অনুসৰণ কৰিলে।
24 すると、見よ、湖に大暴風が起こって、舟は大波をかぶった。ところが、イエスは眠っておられた。
২৪হঠাৎ সাগৰত প্রবল ধুমুহা আহিল আৰু নাও খনৰ ওপৰলৈকে ঢৌৰ লহৰবোৰ ওফন্দি উঠিবলৈ ধৰিলে; তেতিয়া যীচু টোপনিত আছিল।
25 弟子たちはイエスのみもとに来て、イエスを起こして言った。「主よ。助けてください。私たちはおぼれそうです。」
২৫শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি তেওঁক জগাই ক’লে, “হে প্ৰভু, আমাক বচাওঁক; আমি এতিয়া মৰিম।”
26 イエスは言われた。「なぜこわがるのか、信仰の薄い者たちだ。」それから、起き上がって、風と湖をしかりつけられると、大なぎになった。
২৬তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “অল্পবিশ্বাসীৰ দল! তোমালোকে কিয় ইমান ভয় খাইছা?” পাছত তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া সকলোবোৰ অতি শান্ত হ’ল।
27 人々は驚いてこう言った。「風や湖までが言うことをきくとは、いったいこの方はどういう方なのだろう。」
২৭ইয়াকে দেখি লোক সকলে বিস্ময় মানিলে আৰু ক’লে, “এওঁ কেনে ধৰণৰ মানুহ যে বতাহ আৰু সাগৰেও এওঁৰ কথা মানে।”
28 それから、向こう岸のガダラ人の地にお着きになると、悪霊につかれた人がふたり墓から出て来て、イエスに出会った。彼らはひどく狂暴で、だれもその道を通れないほどであった。
২৮যীচু যেতিয়া সাগৰৰ সিপাৰে থকা গাদাৰীয়া সকলৰ দেশলৈ আহিল, তাতে ভূতে পোৱা দুজন মানুহ মৈদামনিৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু তেওঁৰ আগত উপস্থিত হ’ল। সিহঁত ইমানেই ভয়ানক আছিল যে, কোনোৱে সেই বাটেদি যাব নোৱাৰিছিল।
29 すると、見よ、彼らはわめいて言った。「神の子よ。いったい私たちに何をしようというのです。まだその時ではないのに、もう私たちを苦しめに来られたのですか。」
২৯সিহঁতে চিঞৰি ক’লে, “হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰনো কি কাম আছে? নির্দ্দিষ্ট সময়ৰ পূৰ্বেই আমাক যাতনা দিবলৈ ইয়ালৈ আহিছে নেকি?”
30 ところで、そこからずっと離れた所に、たくさんの豚の群れが飼ってあった。
৩০সেই সময়ত সিহঁতৰ পৰা নাতিদূৰৈত এজাক গাহৰি চৰি আছিল।
31 それで、悪霊どもはイエスに願ってこう言った。「もし私たちを追い出そうとされるのでしたら、どうか豚の群れの中にやってください。」
৩১ভূতবোৰে যীচুক কাকুতি কৰি ক’লে, আপুনি যদি আমাক খেদাবলৈকে বিচাৰে, তেনেহলে সেই গাহৰি জাকৰ মাজত সোমাবলৈ আমাক পঠিয়াই দিয়ক।
32 イエスは彼らに「行け。」と言われた。すると、彼らは出て行って豚にはいった。すると、見よ、その群れ全体がどっとがけから湖へ駆け降りて行って、水におぼれて死んだ。
৩২তেওঁ সিহঁতক ক’লে, “তেনেহলে যা!” তেতিয়া মানুহ দুজনৰ পৰা ভূতবোৰ বাহিৰ ওলাই আহি গাহৰিবোৰত সোমাল। তাতে সেই গাহৰিৰ জাকটো পাহাৰৰ গৰায়েদি নামি দৌৰি গ’ল আৰু সাগৰত পৰি পানীত ডুবি মৰিল।
33 飼っていた者たちは逃げ出して町に行き、悪霊につかれた人たちのことなどを残らず知らせた。
৩৩তেতিয়া গাহৰি চৰোৱা ৰখীয়াবোৰে দৌৰি পলাই গৈ নগৰত থকা মানুহবোৰক সকলোবোৰ কথা জনালে; বিশেষকৈ ভূতে পোৱা লোক দুজনৰ বিষয়েও সম্বাদ দিলে।
34 すると、見よ、町中の者がイエスに会いに出て来た。そして、イエスに会うと、どうかこの地方を立ち去ってくださいと願った。
৩৪তেতিয়া যীচুক সাক্ষাৎ কৰিবলৈ নগৰৰ সকলো মানুহ ওলাই আহিল; তেওঁলোকে যীচুক দেখা পাই তেওঁক অনুৰোধ কৰি ক’লে, তেওঁ যেন তেওঁলোকৰ অঞ্চলৰ পৰা গুচি যায়।

< マタイの福音書 8 >