< 使徒の働き 14 >

1 イコニオムでも、ふたりは連れ立ってユダヤ人の会堂にはいり、話をすると、ユダヤ人もギリシヤ人も大ぜいの人々が信仰にはいった。
পাছত পৌল আৰু বার্ণব্বাই ইকনিয় নগৰত সোমাই, দুয়ো একেলগে ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল। তাত তেওঁলোকে এনেকৈ কথা ক’লে যে, ইহুদী আৰু গ্রীক সকলৰ বহুলোকে বিশ্বাস কৰিলে।
2 しかし、信じようとしないユダヤ人たちは、異邦人たちをそそのかして、兄弟たちに対し悪意を抱かせた。
কিন্তু অবিশ্বাসী ইহুদী সকলে অনা-ইহুদী সকলক উচটাই তেওঁলোকৰ মনবোৰ বিশ্বাসী ভাই সকলৰ অহিতে বিষময় কৰি তুলিলে।
3 それでも、ふたりは長らく滞在し、主によって大胆に語った。主は、彼らの手にしるしと不思議なわざを行なわせ、御恵みのことばの証明をされた。
সেয়ে, পৌল আৰু বার্ণব্বাই প্রভুত থাকি, সাহসেৰে প্রচাৰ কৰি সেই নগৰতে বেছ কিছুদিন থাকিল। প্রভুৱে তেওঁলোকৰ মাধ্যমেদি অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্য কৰি, তেওঁৰ অনুগ্রহৰ বাক্যৰ সাক্ষ্য দিলে।
4 ところが、町の人々は二派に分かれ、ある者はユダヤ人の側につき、ある者は使徒たちの側についた。
তাতে নগৰৰ লোক সকলৰ মাজত দুটা দল হ’ল; এটা দলে ইহুদী সকলৰ আৰু আনটো দলে পাঁচনি সকলৰ পক্ষ ললে।
5 異邦人とユダヤ人が彼らの指導者たちといっしょになって、使徒たちをはずかしめて、石打ちにしようと企てたとき、
পাছত অনা-ইহুদী আৰু ইহুদী সকলে নিজৰ অধিকাৰী সকলৰ সৈতে লগ হৈ পৌল আৰু বার্ণব্বাক অপমান কৰিবলৈ আৰু শিল দলিয়াই মাৰিবলৈ ষড়যন্ত্র কৰিলে।
6 ふたりはそれを知って、ルカオニヤの町であるルステラとデルベ、およびその付近の地方に難を避け、
কিন্তু পৌল আৰু বার্ণব্বাই এই বিষয়ে জানিবলৈ পোৱাত লুকায়নিয়া দেশৰ লুস্ত্ৰা ও দর্বী নগৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চললৈ পলাই গ’ল।
7 そこで福音の宣教を続けた。
তেওঁলোকে সেই ঠাইবোৰতো শুভবার্তা প্রচাৰ কৰিলে।
8 ルステラでのことであるが、ある足のきかない人がすわっていた。彼は生まれながらの足なえで、歩いたことがなかった。
লুস্ত্ৰা নগৰত ভৰিত বল নোহোৱা, কেতিয়াও খোজ নকঢ়া ওপজাৰে পৰা খোৰা লোক এজন বহি আছিল আৰু
9 この人がパウロの話すことに耳を傾けていた。パウロは彼に目を留め、いやされる信仰があるのを見て、
তেওঁ পৌলৰ কথাবোৰ শুনি আছিল। পৌলে তেওঁৰ ফালে একেথৰে চাই দেখিলে যে লোক জনৰ সুস্থ হবৰ বাবে বিশ্বাস আছে।
10 大声で、「自分の足で、まっすぐに立ちなさい。」と言った。すると彼は飛び上がって、歩き出した。
১০পৌলে তেতিয়া বৰ মাতেৰে লোক জনক ক’লে, “তুমি তোমাৰ দুই ভৰিত ভৰ দি থিয় হোৱা।” তাতে মানুহ জন লাফ মাৰি উঠিল আৰু খোজকাঢ়ি ফুৰিবলৈ ধৰিলে।
11 パウロのしたことを見た群衆は、声を張り上げ、ルカオニヤ語で、「神々が人間の姿をとって、私たちのところにお下りになったのだ。」と言った。
১১পৌলে কৰা এই কার্য যেতিয়া লোক সকলে দেখা পালে, তেওঁলোকে লুকায়নিয়া ভাষাত উচ্চস্বৰে কবলৈ ধৰিলে, “মানুহৰ ৰূপ লৈ দেৱতাবোৰ আমাৰ মাজত অৱতীর্ণ হৈছে।”
12 そして、バルナバをゼウスと呼び、パウロがおもに話す人であったので、パウロをヘルメスと呼んだ。
১২তেওঁলোকে বার্ণব্বাক “জীউছ” আৰু পৌল যিহেতু প্রধান বক্তা আছিল, সেয়েহে তেওঁক “হেৰমেনাচ” বুলি কবলৈ ধৰিলে।
13 すると、町の門の前にあるゼウス神殿の祭司は、雄牛数頭と花飾りを門の前に携えて来て、群衆といっしょに、いけにえをささげようとした。
১৩নগৰৰ ঠিক বাহিৰতে জীউছৰ যি মন্দিৰ আছিল, তাৰ পুৰোহিতে কেইটামান ষাঁড় গৰু আৰু ফুলৰ মালা লৈ নগৰৰ দুৱাৰমুখলৈ আহিল; পুৰোহিত আৰু মানুহবোৰে সেইবোৰৰ বলি উৎসর্গ কৰিবলৈ বিচাৰিলে।
14 これを聞いた使徒たち、バルナバとパウロは、衣を裂いて、群衆の中に駆け込み、叫びながら、
১৪কিন্তু পাঁচনি বার্ণব্বা আৰু পৌলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে নিজৰ পোছাক ফালি দৌৰি বাহিৰলৈ গৈ লোক সকলক উদ্দেশ্য কৰি চিঞৰি চিঞৰি ক’লে,
15 言った。「皆さん。どうしてこんなことをするのですか。私たちも皆さんと同じ人間です。そして、あなたがたがこのようなむなしいことを捨てて、天と地と海とその中にあるすべてのものをお造りになった生ける神に立ち返るように、福音を宣べ伝えている者たちです。
১৫“ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেই জনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
16 過ぎ去った時代には、神はあらゆる国の人々がそれぞれ自分の道を歩むことを許しておられました。
১৬অতীতত তেওঁ সকলো জাতিক নিজৰ ইচ্ছানুসাৰে চলিবলৈ দিছিল।
17 とはいえ、ご自身のことをあかししないでおられたのではありません。すなわち、恵みをもって、天から雨を降らせ、実りの季節を与え、食物と喜びとで、あなたがたの心を満たしてくださったのです。」
১৭কিন্তু তথাপি তেওঁ নিজৰ বিষয়ে প্রমাণ নিদিয়াকৈ নাথাকিল। তেওঁ সকলোৰে মঙ্গল কৰে। তেওঁ আকাশৰ পৰা বৰষুণ আৰু বিভিন্ন ঋতুত শস্য দিয়ে। তেওঁ আপোনালোকলৈ আহাৰ যোগায় আৰু আপোনালোকৰ হৃদয় আনন্দেৰে পূর্ণ কৰে।”
18 こう言って、ようやくのことで、群衆が彼らにいけにえをささげるのをやめさせた。
১৮এইবোৰ কথা কৈ পৌল আৰু বার্ণব্বাই তেওঁলোকৰ উদ্দেশ্যে বলি উৎসর্গ কৰাৰ পৰা লোক সকলক কোনো মতেহে বাধা দি ৰাখিলে।
19 ところが、アンテオケとイコニオムからユダヤ人たちが来て、群衆を抱き込み、パウロを石打ちにし、死んだものと思って、町の外に引きずり出した。
১৯ইয়াৰ পাছত আন্তিয়খিয়া আৰু ইকনিয়ৰ পৰা কেইজনমান ইহুদী লোক আহি তাত থকা লোক সকলক প্রৰোচিত কৰাত মানুহবোৰে পৌললৈ শিল দলিয়ালে আৰু পাছত তেওঁ মৰিল বুলি ভাবি তেওঁক নগৰৰ বাহিৰলৈ চোঁচৰাই লৈ গ’ল।
20 しかし、弟子たちがパウロを取り囲んでいると、彼は立ち上がって町にはいって行った。その翌日、彼はバルナバとともにデルベに向かった。
২০কিন্তু শিষ্য সকল আহি তেওঁক আগুৰি ধৰি থিয় হ’ল আৰু তাৰ পাছত তেওঁ উঠি পুনৰ নগৰলৈ গ’ল। পিছদিনা পৌল, বার্ণব্বাৰে সৈতে দর্বী নগৰলৈ গ’ল।
21 彼らはその町で福音を宣べ、多くの人を弟子としてから、ルステラとイコニオムとアンテオケとに引き返して、
২১সেই নগৰত তেওঁলোকে শুভবার্তা প্রচাৰ কৰিলে আৰু বহু লোক যীচুৰ শিষ্য হ’ল। পুনৰ তেওঁলোক লুস্ত্ৰা, ইকনিয় আৰু আন্তিয়খিয়ালৈ উলটি গ’ল।
22 弟子たちの心を強め、この信仰にしっかりとどまるように勧め、「私たちが神の国にはいるには、多くの苦しみを経なければならない。」と言った。
২২তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”
23 また、彼らのために教会ごとに長老たちを選び、断食をして祈って後、彼らをその信じていた主にゆだねた。
২৩পৌল আৰু বার্ণব্বাই প্ৰাৰ্থনা আৰু উপবাসেৰে সৈতে প্রত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্য সকলৰ কাৰণে পৰিচাৰক সকলক মনোনীত কৰিলে আৰু যি জন প্রভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে, তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে।
24 ふたりはピシデヤを通ってパンフリヤに着き、
২৪ইয়াৰ পাছত তেওঁলোক পিচিদিয়া প্রদেশৰ মাজেদি পাম্ফুলিয়ালৈ আহিল।
25 ペルガでみことばを語ってから、アタリヤに下り、
২৫তেওঁলোকে পৰ্গাত বাক্য প্রচাৰ কৰি আত্তালিয়ালৈ গ’ল।
26 そこから船でアンテオケに帰った。そこは、彼らがいま成し遂げた働きのために、以前神の恵みにゆだねられて送り出された所であった。
২৬তাৰ পৰা পৌল আৰু বার্ণব্বাই জাহাজেৰে আন্তিয়খিয়ালৈ আহিল। যি কার্য তেওঁলোকে এতিয়া সম্পূর্ণ কৰিলে, সেই কার্যৰ কাৰণে এই নগৰতে তেওঁলোকক ঈশ্বৰৰ অনুগ্রহলৈ সমর্পিত কৰা হৈছিল।
27 そこに着くと、教会の人々を集め、神が彼らとともにいて行なわれたすべてのことと、異邦人に信仰の門を開いてくださったこととを報告した。
২৭আন্তিয়খিয়া পোৱাৰ পাছত তেওঁলোকে মণ্ডলীৰ বিশ্বাসী সকলক একত্রিত কৰিলে। ঈশ্বৰে তেওঁলোকলৈ যি যি কৰিলে আৰু কেনেকৈ তেওঁ অনা-ইহুদী সকললৈ বিশ্বাসৰ দুৱাৰ মুকলি কৰি দিলে, সেই সকলো কথা বিৱৰি ক’লে।
28 そして、彼らはかなり長い期間を弟子たちとともに過ごした。
২৮তাৰ পাছত পৌল আৰু বার্ণব্বা শিষ্য সকলৰ সৈতে সেই ঠাইত ভালেমান দিনলৈ থাকিল।

< 使徒の働き 14 >