< ルツ記 1 >

1 さばきづかさが世を治めているころ、国に飢きんがあったので、ひとりの人がその妻とふたりの男の子を連れてユダのベツレヘムを去り、モアブの地へ行ってそこに滞在した。
বিচাৰকৰ্ত্তা সকলে শাসন কৰা সময়ত, দেশত এবাৰ আকাল হৈছিল৷ সেয়ে যিহূদাৰ বৈৎলেহেমৰ এজন ব্যক্তিয়ে তেওঁৰ ভাৰ্যা আৰু তেওঁৰ পুতেক দুজনৰ সৈতে মোৱাব দেশত বাস কৰিবলৈ গৈছিল।
2 その人の名はエリメレク、妻の名はナオミ、ふたりの男の子の名はマロンとキリオンといい、ユダのベツレヘムのエフラタびとであった。彼らはモアブの地へ行って、そこにおったが、
সেই ব্যক্তিৰ নাম ইলীমেলক আছিল। তেওঁৰ ভাৰ্যাৰ নাম নয়মী, অাৰু তেওঁৰ পুতেক দুজনৰ নাম মহলোন আৰু কিলিয়োন আছিল৷ তেওঁলোক যিহূদাৰ বৈৎলেহেম নিবাসী ইফ্ৰাথীয়া মানুহ আছিল। তেওঁলোকে মোৱাব দেশলৈ গ’ল আৰু সেই দেশ পোৱাৰ পাছত তেওঁলোকে তাতে বাস কৰিবলৈ ল’লে।
3 ナオミの夫エリメレクは死んで、ナオミとふたりの男の子が残された。
পাছত নয়মীৰ স্বামী ইলীমেলকৰ মৃত্যু হ’ল আৰু তেওঁ পুত্র দুজনৰ সৈতে তাতে নিবাস কৰিবলৈ ল’লে।
4 ふたりの男の子はそれぞれモアブの女を妻に迎えた。そのひとりの名はオルパといい、ひとりの名はルツといった。彼らはそこに十年ほど住んでいたが、
তেওঁৰ পুত্র দুজনে তাতে দুজনী মোৱাবীয়া ছোৱালী বিয়া কৰালে; তাৰে এজনীৰ নাম অর্পা আৰু আন এজনীৰ নাম ৰূথ। তেওঁলোকে সেই ঠাইত প্ৰায় দহ বছৰ বসবাস কৰি থাকিল।
5 マロンとキリオンのふたりもまた死んだ。こうしてナオミはふたりの子と夫とに先だたれた。
তাৰ পাছত মহলোন আৰু কিলিয়োন নামৰ এই পুত্র দুজনৰো মৃত্যু হ’ল; নয়মী পুত্ৰহাৰা আৰু স্বামীহীনা হ’ল।
6 その時、ナオミはモアブの地で、主がその民を顧みて、すでに食物をお与えになっていることを聞いたので、その嫁と共に立って、モアブの地からふるさとへ帰ろうとした。
পাছত নয়মীয়ে দুজনী বোৱাৰীয়েকৰে সৈতে মোৱাব দেশ ত্যাগ কৰি যিহূদা দেশলৈ উভটি যোৱাৰ সিদ্ধান্ত ল’লে৷ তেওঁ মোৱাব দেশতে শুনিবলৈ পাইছিল যে, যিহূদা দেশত থকা নিজৰ লোকসকলক যিহোৱাই প্রয়োজনৰ সময়ত সহায় কৰে আৰু খোৱা বস্তু যোগায়।
7 そこで彼女は今いる所を出立し、ユダの地へ帰ろうと、ふたりの嫁を連れて道に進んだ。
সেয়ে নয়মীয়ে বোৱাৰী দুজনীৰ সৈতে সেই দেশ পৰিত্যাগ কৰি যিহূদা দেশলৈ খোজকাঢ়ি উভতি আহিবলৈ সিদ্ধান্ত ল’লে৷
8 しかしナオミはふたりの嫁に言った、「あなたがたは、それぞれ自分の母の家に帰って行きなさい。あなたがたが、死んだふたりの子とわたしに親切をつくしたように、どうぞ、主があなたがたに、いつくしみを賜わりますよう。
সেয়ে নয়মীয়ে বোৱাৰীয়েক দুজনীক ক’লে, “তোমালোকে নিজ নিজ মাতৃৰ ঘৰলৈ উভটি যোৱা, তোমালোকে যি দৰে মৃতবোৰলৈ আৰু মোলৈকো দয়া কৰিছিলা, সেইদৰে যিহোৱাই তোমালোককো দয়া কৰক।
9 どうぞ、主があなたがたに夫を与え、夫の家で、それぞれ身の落ち着き所を得させられるように」。こう言って、ふたりの嫁に口づけしたので、彼らは声をあげて泣き、
তোমালোকে যেন পুনৰ স্বামী গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত বিশ্ৰাম কৰিব পোৱা, যিহোৱাই তোমালোকক এনে বৰ দিয়ক।” তাৰ পাছত তেওঁ দুয়োকে চুমা খোৱাত, তেওঁলাকে চিঞঁৰি কান্দিবলৈ ধৰিলে।
10 ナオミに言った、「いいえ、わたしたちは一緒にあなたの民のところへ帰ります」。
১০আৰু তেওঁক তেওঁলোকে ক’লে, “নহয় নহয়; আমি হ’লে আপোনাৰ লগত আপোনাৰ লোকসকলৰ ওচৰলৈ যাম।”
11 しかしナオミは言った、「娘たちよ、帰って行きなさい。どうして、わたしと一緒に行こうというのですか。あなたがたの夫となる子がまだわたしの胎内にいると思うのですか。
১১তেতিয়া নয়মীয়ে ক’লে, “হে মোৰ আইটিহঁত উভটি যোৱা; তোমালোকে মোৰ লগত কিয় যাব ওলাইছা? তোমালোকৰ স্বামী হ’বৰ বাবে এতিয়া জানো মই গৰ্ভত পুত্ৰ ধাৰণ কৰিব পাৰিম?
12 娘たちよ、帰って行きなさい。わたしは年をとっているので、夫をもつことはできません。たとい、わたしが今夜、夫をもち、また子を産む望みがあるとしても、
১২হে মোৰ আইটিহঁত, নিজ বাটে উভটি যোৱা, কিয়নো মই অতি বৃদ্ধা, আকৌ বিয়া হ’ব নোৱাৰো, আৰু যদিও মোৰ আশা আছে বুলি মই কওঁ, আৰু মই বিয়া হৈ আজি ৰাতিয়েই যদি পুত্ৰ প্ৰসৱ কৰোঁ,
13 そのためにあなたがたは、子どもの成長するまで待っているつもりなのですか。あなたがたは、そのために夫をもたずにいるつもりなのですか。娘たちよ、それはいけません。主の手がわたしに臨み、わたしを責められたことで、あなたがたのために、わたしは非常に心を痛めているのです」。
১৩তথাপি তোমালোকে জানো সিহঁত ডাঙৰ হোৱালৈকে সিহঁতৰ কাৰণে বিয়া নোহোৱাকৈ অপেক্ষাত থাকিব পাৰিবা? হে মোৰ আইটিহঁত, মই তোমালোকতকৈয়ো অতি বেছি দুখিত, কাৰণ যিহোৱাৰ হাত মোৰ বিৰুদ্ধে উঠিল।”
14 彼らはまた声をあげて泣いた。そしてオルパはそのしゅうとめに口づけしたが、ルツはしゅうとめを離れなかった。
১৪তেতিয়া তেওঁলোকে পুনৰ চিঞঁৰি কান্দিবলৈ ধৰিলে, আনহাতে অর্পাই শাহুৱেকক চুমা খাই বিদায় ল’লে; কিন্তু ৰূথ তেওঁৰ লগতে থাকিল।
15 そこでナオミは言った、「ごらんなさい。あなたの相嫁は自分の民と自分の神々のもとへ帰って行きました。あなたも相嫁のあとについて帰りなさい」。
১৫তেতিয়া নয়মীয়ে ক’লে, “সৌৱা চোৱা, তোমাৰ জায়েৰাই নিজ লোকসকলৰ আৰু নিজ দেৱতাৰ ওচৰলৈ ঘূৰি গ’ল; তুমিও তোমাৰ জায়েৰাৰ সৈতে উভটি যোৱা।”
16 しかしルツは言った、「あなたを捨て、あなたを離れて帰ることをわたしに勧めないでください。わたしはあなたの行かれる所へ行き、またあなたの宿られる所に宿ります。あなたの民はわたしの民、あなたの神はわたしの神です。
১৬কিন্তু ৰূথে ক’লে, “আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নকব৷ কিয়নো, আপুনি য’লৈকে যাই, ময়ো তালৈকে যাম, আৰু আপুনি য’ত থাকিব, মইয়ো তাতে থাকিম, আপোনাৰ লোকসকলে মোৰ লোক হ’ব, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ’ব৷
17 あなたの死なれる所でわたしも死んで、そのかたわらに葬られます。もし死に別れでなく、わたしがあなたと別れるならば、主よ、どうぞわたしをいくえにも罰してください」。
১৭আপোনাৰ যি ঠাইত মৃত্যু হ’ব, মোৰো সেই ঠাইতে মত্যু হ’ব, আৰু তাতেই মোৰ মৈদামো হ’ব; কেৱল মৃত্যুৰ বাহিৰে আন কোনোৱে যদি মোক আপোনাৰ পৰা পৃথক কৰিব পাৰে, তেন্তে যিহোৱাইহে মোক অধিক দণ্ড দিয়ক।”
18 ナオミはルツが自分と一緒に行こうと、固く決心しているのを見たので、そのうえ言うことをやめた。
১৮যেতিয়া নয়মীয়ে দেখিলে যে, ৰূথ তেওঁৰ লগত যাবলৈ দৃঢ় প্ৰতিজ্ঞ, তেতিয়া তেওঁ তাইক পুনৰ বাধা নকৰিলে।
19 そしてふたりは旅をつづけて、ついにベツレヘムに着いた。彼らがベツレヘムに着いたとき、町はこぞって彼らのために騒ぎたち、女たちは言った、「これはナオミですか」。
১৯পাছত তেওঁলোক দুয়ো বৈৎলেহেম চহৰ নোপোৱালৈকে গৈ থাকিল আৰু তেওঁলোকে বৈৎলেহেম নগৰ পোৱাৰ পাছত, তেওঁলোকৰ বিষয় লৈ নগৰৰ লোকসকল উত্তেজিত হৈ পৰিল, আৰু মহিলাসকলে আহি সুধিলে, “এৱেঁই নয়মী নহয় নে?”
20 ナオミは彼らに言った、「わたしをナオミ(楽しみ)と呼ばずに、マラ(苦しみ)と呼んでください。なぜなら全能者がわたしをひどく苦しめられたからです。
২০তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোক নয়মী বুলি নামাতিবা, কিন্তু মাৰা বুলি মাতিবা। কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ জীৱন তিক্ততাৰে পৰিপূৰ্ণ কৰিলে।
21 わたしは出て行くときは豊かでありましたが、主はわたしをから手で帰されました。主がわたしを悩まし、全能者がわたしに災をくだされたのに、どうしてわたしをナオミと呼ぶのですか」。
২১মই পূৰ্ণ সংসাৰ লৈ ওলাই গৈছিলোঁ, কিন্তু যিহোৱাই মোৰ সংসাৰ শূন্য কৰি ঘৰলৈ উভটাই আনিলে। সেয়ে তোমালোকে মোক কিয় নয়মী বুলি মাতিছা? যিহোৱাই মোৰ বিৰুদ্ধে সাক্ষ্য দিছে, আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে মোক যাতনাদায়ক কৰিলে।”
22 こうしてナオミは、モアブの地から帰った嫁、モアブの女ルツと一緒に帰ってきて、大麦刈の初めにベツレヘムに着いた。
২২এইদৰে নয়মী আৰু তেওঁৰ মোৱাবীয়া বোৱাৰীয়েক ৰূথ মোৱাব দেশৰ পৰা উভটি আহিল আৰু তেওঁলোকে যৱ ধান দাৱলৈ আৰম্ভ কৰা কালত বৈৎলেহেম আহি পালে।

< ルツ記 1 >