< 詩篇 92 >

1 安息日の歌、さんび いと高き者よ、主に感謝し、み名をほめたたえるのは、よいことです。
যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;
2 あしたに、あなたのいつくしみをあらわし、夜な夜な、あなたのまことをあらわすために、
ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;
3 十弦の楽器と立琴を用い、琴のたえなる調べを用いるのは、よいことです。
দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে, গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।
4 主よ、あなたはみわざをもってわたしを楽しませられました。わたしはあなたのみ手のわざを喜び歌います。
কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা; মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ।
5 主よ、あなたのみわざはいかに大いなることでしょう。あなたのもろもろの思いは、いとも深く、
হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ! তোমাৰ চিন্তাবোৰ কেনে গভীৰ!
6 鈍い者は知ることができず、愚かな者はこれを悟ることができません。
নির্বোধ লোকে নাজানে, বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;
7 たとい、悪しき者は草のようにもえいで、不義を行う者はことごとく栄えても、彼らはとこしえに滅びに定められているのです。
দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে, অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে, তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।
8 しかし、主よ、あなたはとこしえに高き所にいらせられます。
কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।
9 主よ、あなたの敵、あなたの敵は滅び、不義を行う者はことごとく散らされるでしょう。
কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ, তোমাৰ শত্রুবোৰ ধ্বংস হ’ব; তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব।
10 しかし、あなたはわたしの角を野牛の角のように高くあげ、新しい油をわたしに注がれました。
১০কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক তুলি ধৰিলা; তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা।
11 わたしの目はわが敵の没落を見、わたしの耳はわたしを攻める悪者どもの破滅を聞きました。
১১মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ; মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ।
12 正しい者はなつめやしの木のように栄え、レバノンの香柏のように育ちます。
১২ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।
13 彼らは主の家に植えられ、われらの神の大庭に栄えます。
১৩তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।
14 彼らは年老いてなお実を結び、いつも生気に満ち、青々として、
১৪তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব;
15 主の正しいことを示すでしょう。主はわが岩です。主には少しの不義もありません。
১৫তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই।

< 詩篇 92 >