< 詩篇 88 >

1 聖歌隊の指揮者によってマハラテ・レアノテのしらべにあわせてうたわせたコラの子の歌、さんび。エズラびとヘマンのマスキールの歌 わが神、主よ、わたしは昼、助けを呼び求め、夜、み前に叫び求めます。
হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ যিহোৱা, মই দিনে-ৰাতিয়ে তোমাৰ ওচৰত কাতৰোক্তি কৰিছোঁ।
2 わたしの祈をみ前にいたらせ、わたしの叫びに耳を傾けてください。
তোমাৰ আগত মোৰ প্রার্থনা উপস্থিত হওঁক; তুমি মোৰ কাতৰোক্তিলৈ কাণ পাতা।
3 わたしの魂は悩みに満ち、わたしのいのちは陰府に近づきます。 (Sheol h7585)
কাৰণ মোৰ প্রাণ দুখেৰে ভৰি পৰিছে, মোৰ জীৱন প্ৰায় চিয়োলৰ ওচৰ চাপিছে। (Sheol h7585)
4 わたしは穴に下る者のうちに数えられ、力のない人のようになりました。
গাতলৈ নামি যোৱাবোৰৰ লগত মই গণিত হৈছোঁ; মই অসহায় লোকৰ দৰে বলহীন হৈছোঁ;
5 すなわち死人のうちに捨てられた者のように、墓に横たわる殺された者のように、あなたが再び心にとめられない者のようになりました。彼らはあなたのみ手から断ち滅ぼされた者です。
মই মৃতবোৰৰ মাজত পৰিত্যাগ কৰা লোকৰ দৰে হৈছোঁ; মৈদামত পৰি থকা হত লোকবোৰৰ নিচিনা হৈছোঁ, যিবোৰক তুমি সোঁৱৰণো নকৰা, যিবোৰ তোমাৰ সহায়ৰ হাতৰ পৰা বিছিন্ন হৈছে।
6 あなたはわたしを深い穴、暗い所、深い淵に置かれました。
তুমি মোক গাতৰ সকলোতকৈ তলৰ ঠাইত ৰাখিছা, অন্ধকাৰ আৰু গভীৰ ঠাইত ৰাখিছা।
7 あなたの怒りはわたしの上に重く、あなたはもろもろの波をもってわたしを苦しめられました。 (セラ)
হে ঈশ্বৰ, তোমাৰ ক্ৰোধে মোক বেৰি ধৰিছে, তোমাৰ সকলো প্রকাৰ ঢৌৰে তুমি মোক দুখ দিছা। (চেলা)
8 あなたはわが知り人をわたしから遠ざけ、わたしを彼らの忌みきらう者とされました。わたしは閉じこめられて、のがれることはできません。
তুমি মোৰ চিনাকিবোৰক মোৰ পৰা দূৰ কৰিছা; তেওঁলোকৰ সন্মুখত মোক ঘৃণাৰ পাত্র কৰিছা; মই বন্দী হৈ আছোঁ, ওলাই যাব পৰা নাই।
9 わたしの目は悲しみによって衰えました。主よ、わたしは日ごとにあなたを呼び、あなたにむかってわが両手を伸べました。
দুখতে মোৰ চকুৰ দৃষ্টি কমি আহিছে; হে যিহোৱা, প্রতিদিনে মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছোঁ; মই তোমালৈ মোৰ হাত মেলি ৰাখিছোঁ।
10 あなたは死んだ者のために奇跡を行われるでしょうか。なき人のたましいは起きあがってあなたをほめたたえるでしょうか。 (セラ)
১০মৃতজনৰ কাৰণে জানো তুমি আচৰিত কৰ্ম কৰা? মৃতজনে উঠি জানো তোমাৰ স্তুতি কৰিব? (চেলা)
11 あなたのいつくしみは墓のなかに、あなたのまことは滅びのなかに、宣べ伝えられるでしょうか。
১১মৈদামত জানো তোমাৰ গভীৰ প্রেমৰ বৰ্ণনা আৰু বিনাশৰ ঠাইত জানো তোমাৰ বিশ্বস্ততাৰ কথা প্ৰচাৰ কৰা হব?
12 あなたの奇跡は暗やみに、あなたの義は忘れの国に知られるでしょうか。
১২অন্ধকাৰ স্থানত জানো তোমাৰ আচৰিত কৰ্ম জনা যাব? যি দেশৰ লোকক তুমি পাহৰি যোৱা, সেই ঠাইত জানো তোমাৰ ধাৰ্মিকতাৰ কার্য জনা যাব?
13 しかし主よ、わたしはあなたに呼ばわります。あしたに、わが祈をあなたのみ前にささげます。
১৩হে যিহোৱা, মই, মই হলে তোমাৰ ওচৰত কাকুতি কৰি কান্দিছোঁ, ৰাতিপুৱাতেই তোমাৰ আগত মোৰ প্ৰাৰ্থনা গৈ উপস্থিত হয়।
14 主よ、なぜ、あなたはわたしを捨てられるのですか。なぜ、わたしにみ顔を隠されるのですか。
১৪হে যিহোৱা, কিয় তুমি মোক ত্যাগ কৰিছা? তোমাৰ মুখ মোৰ পৰা কিয় লুকুৱাই ৰাখিছা?
15 わたしは若い時から苦しんで死ぬばかりです。あなたの脅しにあって衰えはてました。
১৫মই ল’ৰা কালৰে পৰা দুখী আৰু মৃতপ্ৰায় হৈ আছোঁ; মই তোমাৰ ভয়ানক ক্রোধ ভোগ কৰি ব্যাকুল হৈছোঁ। মই হতাশ হৈ পৰিছো।
16 あなたの激しい怒りがわたしを襲い、あなたの恐ろしい脅しがわたしを滅ぼしました。
১৬তোমাৰ প্ৰচণ্ড ক্ৰোধ মোৰ ওপৰেদি বৈ গৈছে; তোমাৰ ক্রোধে মোক ধ্বংস কৰিছে।
17 これらの事がひねもす大水のようにわたしをめぐり、わたしを全く取り巻きました。
১৭সেইবোৰে পানীৰ ঢল অহাৰ দৰে ওৰে দিনটো মোক আৱৰি ৰাখিছে; চৌদিশৰ পৰা মোক বেৰি ধৰি ৰাখিছে।
18 あなたは愛する者と友とをわたしから遠ざけ、わたしの知り人を暗やみにおかれました。
১৮মোৰ প্রিয়জন আৰু বন্ধুসকলক তুমি মোৰ পৰা দূৰ কৰিলা; এতিয়া অন্ধকাৰেই মোৰ সংগী।

< 詩篇 88 >