< 詩篇 41 >

1 聖歌隊の指揮者によってうたわせたダビデの歌 貧しい者をかえりみる人はさいわいである。主はそのような人を悩みの日に救い出される。
ধন্য সেই লোক, যি লোকে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে; যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে।
2 主は彼を守って、生きながらえさせられる。彼はこの地にあって、さいわいな者と呼ばれる。あなたは彼をその敵の欲望にわたされない。
যিহোৱাই তেওঁলোকক ৰক্ষা কৰি জীয়াই ৰাখে; তেওঁলোক দেশত সুখী হ’ব; তুমি তেওঁলোকক শত্রুবোৰৰ ইচ্ছাত সমৰ্পণ নকৰিবা।
3 主は彼をその病の床でささえられる。あなたは彼の病む時、その病をことごとくいやされる。
তেওঁলোক অসুস্থ হৈ শয্যাত পৰি থাকিলে, যিহোৱাই তেওঁলোকক সহায় কৰে; নৰিয়া অৱস্থাত তুমি তেওঁলোকৰ সকলো ৰোগ সুস্থ কৰা।
4 わたしは言った、「主よ、わたしをあわれみ、わたしをいやしてください。わたしはあなたにむかって罪を犯しました」と。
মই ক’লো, “হে যিহোৱা, মোক কৃপা কৰা, মোক সুস্থ কৰা, কিয়নো মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”
5 わたしの敵はわたしをそしって言う、「いつ彼は死に、その名がほろびるであろうか」と。
মোৰ শত্রুবোৰে মোৰ বিৰুদ্ধে হিংসা কৰি কয়, “সি কেতিয়া মৰিব? কেতিয়া তাৰ নাম লুপ্ত হব?”
6 そのひとりがわたしを見ようとして来るとき、彼は偽りを語り、その心によこしまを集め、外に出てはそれを言いふらす。
তেওঁলোকৰ কোনোৱে মোক চাবলৈ আহিলে, অনর্থক কথাবোৰ কয়; তেওঁলোকৰ হৃদয় দুষ্টতাৰে ভৰি থাকে আৰু বাহিৰলৈ গৈ তাক কৈ ফুৰে।
7 すべてわたしを憎む者はわたしについて共にささやき、わたしのために災を思いめぐらす。
মোক ঘৃণা কৰা সকলোৱে একেলগে মিলি মোৰ বিৰুদ্ধে ফুচফুচায়; তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ একত্ৰিত হৈ আলোচনা কৰে।
8 彼らは言う、「彼に一つのたたりがつきまとったから、倒れ伏して再び起きあがらないであろう」と。
তেওঁলোকে ভাৱে যে মোক কিবা ভয়ানক বেয়া বস্তুৱে ধৰিছে; সেয়ে মই য’ত পৰি আছোঁ, তাৰ পৰা পুনৰায় নুঠিম।”
9 わたしの信頼した親しい友、わたしのパンを食べた親しい友さえもわたしにそむいてくびすをあげた。
মোৰ যি অন্তৰঙ্গ মিত্র, যিজনক মই বিশ্বাস কৰিছিলোঁ আৰু যি জনে মোৰ লগত আহাৰ কৰিছিল, মোৰ সেই বন্ধুৱেও মোৰ বিৰুদ্ধে ভৰি দাঙিলে।
10 しかし主よ、わたしをあわれみ、わたしを助け起してください。そうすればわたしは彼らに報い返すことができます。
১০কিন্তু হে যিহোৱা, তুমি মোৰ প্রতি কৃপা কৰা; মোক তোলা যাতে মই তেওঁলোকক প্ৰতিফল দিব পাৰোঁ।
11 わたしの敵がわたしに打ち勝てないことによって、あなたがわたしを喜ばれることをわたしは知ります。
১১ইয়াৰ দ্বাৰা মই জানিম যে তুমি মোৰ ওপৰত সন্তুষ্ট, কিয়নো মোৰ শত্রু মোৰ ওপৰত জয়ী হ’ব নোৱাৰিলে।
12 あなたはわたしの全きによって、わたしをささえ、とこしえにみ前に置かれます。
১২তুমি মোৰ সততাৰ কাৰণে মোক ধৰি ৰাখিলা; তুমি অনন্ত কালৰ কাৰণে মোক তোমাৰ সন্মুখত উপস্থিত কৰিলা।
13 イスラエルの神、主はとこしえからとこしえまでほむべきかな。アァメン、アァメン。
১৩ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত। আমেন, আৰু আমেন।

< 詩篇 41 >