< 箴言 知恵の泉 7 >

1 わが子よ、わたしの言葉を守り、わたしの戒めをあなたの心にたくわえよ。
হে মোৰ পুত্র, মোৰ বাক্য পালন কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ হৃদয়ত সংগ্রহ কৰা।
2 わたしの戒めを守って命を得よ、わたしの教を守ること、ひとみを守るようにせよ。
মোৰ আজ্ঞা পালন কৰি জীৱন ধাৰণ কৰা; তোমাৰ চকুৰ মণিৰ দৰে মোৰ নিৰ্দেশ মানি চলা।
3 これをあなたの指にむすび、これをあなたの心の碑にしるせ。
সেইবোৰ তোমাৰ আঙুলিত বান্ধা, আৰু তোমাৰ হৃদয় ফলিত লিখি ৰাখা।
4 知恵に向かって、「あなたはわが姉妹だ」と言い、悟りに向かっては、あなたの友と呼べ。
প্রজ্ঞাক কোৱা, “তুমি মোৰ ভনী,” আৰু সুবিবেচনাক কোৱা তুমি মোৰ আত্মীয়।
5 そうすれば、これはあなたを守って遊女に迷わせず、言葉巧みな、みだらな女に近づかせない。
প্রলোভনকাৰী, আৰু মুখৰ বাক্যেৰে ব্যভিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা।
6 わたしはわが家の窓により、格子窓から外をのぞいて、
মোৰ ঘৰৰ খিড়িকিৰ ওচৰত থিয় হৈ, মই জালিৰে বাহিৰলৈ চাইছিলোঁ।
7 思慮のない者のうちに、若い者のうちに、ひとりの知恵のない若者のいるのを見た。
আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ, যুৱক সকলৰ মাজত মই এজন জ্ঞানশূন্য যুৱকক দেখিছিলোঁ।
8 彼はちまたを過ぎ、女の家に行く曲りかどに近づき、その家に行く道を、
সেই যুৱকজনে তাইৰ ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল, আৰু তেওঁৰ ঘৰলৈ গ’ল-
9 たそがれに、よいに、また夜中に、また暗やみに歩いていった。
সেই দিনা সন্ধিয়া চকামকা সময় আছিল, ৰাতি আৰু আন্ধাৰৰ সেই সময়ত।
10 見よ、遊女の装いをした陰険な女が彼に会う。
১০আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে, বেশ্যাৰ দৰে তাইৰ পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল।
11 この女は、騒がしくて、慎みなく、その足は自分の家にとどまらず、
১১তাই কোলাহলপূৰ্ণ আৰু উচ্ছৃঙ্খল, তাইৰ ভৰি ঘৰত নাথাকে।
12 ある時はちまたにあり、ある時は市場にあり、すみずみに立って人をうかがう。
১২তাই কেতিয়াবা বাটত, কেতিয়াবা বজাৰত উপস্থিত হয়, তাই প্রতিটো চকতে বাট চাই থাকে।
13 この女は彼を捕えて口づけし、恥しらぬ顔で彼に言う、
১৩সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে; তাই দুঃসাহসেৰে তেওঁক ক’লে,
14 「わたしは酬恩祭をささげなければならなかったが、きょう、その誓いを果しました。
১৪“মই আজি মোৰ মঙ্গলাৰ্থক বলিদান কৰিলোঁ, মই মোৰ সঙ্কল্প সিদ্ধ কৰিলোঁ;
15 それでわたしはあなたを迎えようと出て、あなたを尋ね、あなたに会いました。
১৫সেয়ে মই আপোনাক লগ পাবলৈ বাহিৰলৈ আহিলোঁ, মই আগ্ৰহেৰে আপোনাক বিচাৰিছিলোঁ, আৰু মই আপোনাক বিচাৰি পালোঁ।
16 わたしは床に美しい、しとねと、エジプトのあや布を敷き、
১৬মই মোৰ বিচনা মিচৰৰ পৰা অনা ৰঙীণ কাপোৰেৰে ঢাকিলোঁ।
17 没薬、ろかい、桂皮をもってわたしの床をにおわせました。
১৭মই গন্ধৰস, অগৰু, আৰু ডালচেনিৰে মোৰ বিচনা সুগন্ধি কৰিলোঁ।
18 さあ、わたしたちは夜が明けるまで、情をつくし、愛をかわして楽しみましょう。
১৮আহাঁ, আমি ৰাতিপুৱালৈকে প্ৰেমত লীন হৈ থাকোঁ। আহাঁ আমি বেলেগ ধৰণে প্রেম উপভোগ কৰোঁ।
19 夫は家にいません、遠くへ旅立ち、
১৯মোৰ স্বামী ঘৰত নাই, তেওঁ দূৰ যাত্রাত গৈছে।
20 手に金袋を持って出ました。満月になるまでは帰りません」と。
২০তেওঁ তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে, তেওঁ পুৰ্ণিমাৰ দিনহে ঘূৰি আহিব।”
21 女が多くの、なまめかしい言葉をもって彼を惑わし、巧みなくちびるをもって、いざなうと、
২১তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে।
22 若い人は直ちに女に従った、あたかも牛が、ほふり場に行くように、雄じかが、すみやかに捕えられ、
২২তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে বা ফান্দত ধৰা পৰা হৰিণৰ দৰে তাইৰ পাছে পাছে গ’ল।
23 ついに、矢がその内臓を突き刺すように、鳥がすみやかに網にかかるように、彼は自分が命を失うようになることを知らない。
২৩যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঁড়ে নিবিন্ধে বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল।
24 子供らよ、今わたしの言うことを聞き、わが口の言葉に耳を傾けよ。
২৪আৰু এতিয়া হে মোৰ পুত্র, মোৰ কথা শুনা, মই কোৱা কথালৈ মনোযোগ দিয়া।
25 あなたの心を彼女の道に傾けてはならない、またその道に迷ってはならない。
২৫তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা, আৰু তুমি তাইৰ পথত গৈ বিপথগামী নহবা।
26 彼女は多くの人を傷つけて倒した、まことに、彼女に殺された者は多い。
২৬তাই অনেকক আনি নষ্ট কৰিছে, তেওঁলোকক গণনা কৰিব নোৱাৰি।
27 その家は陰府へ行く道であって、死のへやへ下って行く。 (Sheol h7585)
২৭তাইৰ ঘৰেই চিয়োললৈ যোৱা বাট, আৰু মৃত্যুৰ অন্তঃপুৰলৈ নামি যোৱা পথ। (Sheol h7585)

< 箴言 知恵の泉 7 >