< 民数記 25 >

1 イスラエルはシッテムにとどまっていたが、民はモアブの娘たちと、みだらな事をし始めた。
পাছত ইস্ৰায়েলে চিটীমত বাস কৰিলে আৰু লোকসকলে মোৱাবৰ জীয়ৰীসকলেৰে সৈতে ব্যভিচাৰ কৰিবলৈ ধৰিলে,
2 その娘たちが神々に犠牲をささげる時に民を招くと、民は一緒にそれを食べ、娘たちの神々を拝んだ。
কিয়নো সেই জীয়ৰীসকলে তেওঁলোকক নিজ দেৱতাৰ বলিদান দিয়াবলৈ মাতিছিল। তেতিয়া লোকসকলে ভোজন কৰি তেওঁলোকৰ দেৱতাৰ আগত প্ৰণিপাত কৰিলে।
3 イスラエルはこうしてペオルのバアルにつきしたがったので、主はイスラエルにむかって怒りを発せられた。
ইস্ৰায়েল পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱাত, ইস্ৰায়েলৰ অহিতে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল।
4 そして主はモーセに言われた、「民の首領をことごとく捕え、日のあるうちにその人々を主の前で処刑しなさい。そうすれば主の怒りはイスラエルを離れるであろう」。
যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ ইস্ৰায়েলৰ পৰা গুচিবৰ বাবে, তুমি লোকসকলৰ আটাই মূল মানুহক নি, যিহোৱাৰ উদ্দেশ্যে সূৰ্যৰ সন্মুখত তেওঁলোকক আঁৰি থোৱা।”
5 モーセはイスラエルのさばきびとたちにむかって言った、「あなたがたはおのおの、配下の者どもでペオルのバアルにつきしたがったものを殺しなさい」。
তেতিয়া মোচিয়ে ইস্ৰায়েলৰ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোক প্ৰতিজনে পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱা নিজ লোকসকলক বধ কৰা।”
6 モーセとイスラエルの人々の全会衆とが会見の幕屋の入口で泣いていた時、彼らの目の前で、ひとりのイスラエルびとが、その兄弟たちの中に、ひとりのミデアンの女を連れてきた。
পাছত ইস্ৰায়েলৰ সন্তান সকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ক্ৰন্দন কৰি থাকোঁতে, মোচিৰ আৰু গোটেই সমাজৰ সাক্ষাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ এজন পুৰুষে নিজ জ্ঞাতিসকলৰ গুৰিলৈ এজনী মিদিয়নীয়া মহিলাক আনিলে।
7 祭司アロンの子なるエレアザルの子ピネハスはこれを見て、会衆のうちから立ち上がり、やりを手に執り、
তাকে দেখি, হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে সমাজৰ মাজৰ পৰা উঠি হাতত বৰচা ল’লে।
8 そのイスラエルの人の後を追って、奥の間に入り、そのイスラエルの人を突き、またその女の腹を突き通して、ふたりを殺した。こうして疫病がイスラエルの人々に及ぶのがやんだ。
সেই ইস্ৰায়েলীয়া পুৰুষৰ পাছে পাছে খেদি গৈ, কোঁঠালিত সোমাই সেই দুই জনক, সেই ইস্ৰায়েলীয়া পুৰুষক আৰু সেই মহিলাগৰাকীৰ পেটত খুচি মাৰিলে। তাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মহামাৰী স্থগিত হ’ল।
9 しかし、その疫病で死んだ者は二万四千人であった。
আৰু যিসকল মহামাৰীত মৰিল, তেওঁলোক চব্বিশ হাজাৰ লোক আছিল।
10 主はモーセに言われた、
১০যিহোৱাই মোচিক ক’লে,
11 「祭司アロンの子なるエレアザルの子ピネハスは自分のことのように、わたしの憤激をイスラエルの人々のうちに表わし、わたしの怒りをそのうちから取り去ったので、わたしは憤激して、イスラエルの人々を滅ぼすことをしなかった。
১১“হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে ইস্ৰায়েলৰ মাজত মোৰ অন্তৰ্জ্বালাৰে জ্বলি উঠি ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মোৰ ক্ৰোধ ঘূৰুৱাত মই নিজ অন্তৰ্জ্বালাৰে ইস্ৰায়েলৰ সন্তানসকলক বিনষ্ট নকৰিলোঁ।
12 このゆえにあなたは言いなさい、『わたしは平和の契約を彼に授ける。
১২এই হেতুকে তুমি এই কথা কোৱা, ‘যিহোৱাই কৈছে, চোৱা, মই পিনহচক শান্তিদায়ক নিয়মটিৰ প্ৰতিজ্ঞা সিদ্ধ কৰোঁ;
13 これは彼とその後の子孫に永遠の祭司職の契約となるであろう。彼はその神のために熱心であって、イスラエルの人々のために罪のあがないをしたからである』と」。
১৩সেয়ে তেওঁৰ পক্ষে আৰু তেওঁৰ ভাবি-বংশৰ পক্ষেও চিৰস্থায়ী পুৰোহিত পদৰ নিয়ম হ’ব; কিয়নো তেওঁ নিজ ঈশ্বৰৰ পক্ষে অন্তৰ্জ্বালাৰে জ্বলিছিল আৰু ইস্ৰায়েলৰ সন্তানসকলক প্ৰায়শ্চিত্ত কৰিলে।”
14 ミデアンの女と共に殺されたイスラエルの人の名はジムリといい、サルの子で、シメオンびとのうちの一族のつかさであった。
১৪হত হোৱা যি ইস্ৰায়েলীয়া পুৰুষক সেই মিদিয়নীয়া তিৰোতাৰ লগত বধ কৰা হৈছিল, তেওঁৰ নাম চালূৰ পুতেক জিম্ৰী, তেওঁ চিমিয়োনীয়াসকলৰ পিতৃ-বংশৰ এজন অধ্যক্ষ আছিল।
15 またその殺されたミデアンの女の名はコズビといい、ツルの娘であった。ツルはミデアンの民の一族のかしらであった。
১৫আৰু সেই হত হোৱা মিদিয়নীয়া মহিলাগৰাকিৰ নাম চূৰৰ জীয়েক কজ্বী, চূৰ মিদিয়নৰ মাজত পিতৃ-বংশৰ লোকসকলৰ মূল মানুহ আছিল।
16 主はまたモーセに言われた、
১৬গতিকে যিহোৱাই মোচিক কৈছিল আৰু ক’লে,
17 「ミデアンびとを打ち悩ましなさい。
১৭“তুমি মিদিয়নীয়া লোকসকললৈ শত্ৰুতা আচৰণ কৰি সিহঁতক প্ৰহাৰ কৰা।
18 彼らはたくらみをもって、あなたがたを悩まし、ペオルの事と、彼らの姉妹、ミデアンのつかさの娘コズビ、すなわちペオルの事により、疫病の起った日に殺された女の事とによって、あなたがたを惑わしたからである」。
১৮কিয়নো পিয়োৰ দেৱতাৰ বিষয়ে আৰু সেই পিয়োৰৰ কাৰণে মহামাৰীৰ দিনা হত হোৱা তেওঁলোকৰ নিজ জাতিৰ কজ্বী নামেৰে মিদিয়নীয়া অধ্যক্ষৰ জীয়েকৰ বিষয়েও তেওঁলোকে তোমালোকক প্ৰতাৰণা কৰি ছলেৰে তোমালোকলৈ শত্ৰুতা আচৰণ কৰিলে।”

< 民数記 25 >