< 民数記 23 >

1 バラムはバラクに言った、「わたしのために、ここに七つの祭壇を築き、七頭の雄牛と七頭の雄羊とを整えなさい」。
বিলিয়মে বালাকক ক’লে, “তুমি এই ঠাইত মোৰ কাৰণে সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰোঁৱা আৰু এই ঠাইতে মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ আয়োজন কৰা।”
2 バラクはバラムの言ったとおりにした。そしてバラクとバラムとは、その祭壇ごとに雄牛一頭と雄羊一頭とをささげた。
বালাকে বিলিয়মৰ কথাৰ দৰেই কৰিলে। তেতিয়া বালাক আৰু বিলিয়মে প্রত্যেকটা যজ্ঞবেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।
3 バラムはバラクに言った、「あなたは燔祭のかたわらに立っていてください。その間にわたしは行ってきます。主はたぶんわたしに会ってくださるでしょう。そして、主がわたしに示される事はなんでもあなたに告げましょう」。こうして彼は一つのはげ山に登った。
তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি তোমাৰ হোম বলিৰ ওচৰত থিয় হোৱা, মই যাওঁ। কিজানি যিহোৱাই মোৰে সৈতে সাক্ষাৎ কৰিব। সেয়ে হলে তেওঁ মোক যিহকে দেখুৱাই, তাকেই মই তোমাক ক’ম।” পাছে তেওঁ গছ-গছনি নথকা এনে এখন ওখ ঠাইলৈ গ’ল।
4 神がバラムに会われたので、バラムは神に言った、「わたしは七つの祭壇を設け、祭壇ごとに雄牛一頭と雄羊一頭とをささげました」。
তেতিয়া ঈশ্বৰে বিলিয়মেৰে সৈতে সাক্ষাৎ কৰিলত, বিলিয়মে তেওঁ ক’লে, “মই সাতোটা যজ্ঞবেদী যুগুত কৰিলোঁ আৰু প্ৰত্যেকটি যজ্ঞবেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলোঁ।”
5 主はバラムの口に言葉を授けて言われた、「バラクのもとに帰ってこう言いなさい」。
তেতিয়া যিহোৱাই বিলিয়মৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
6 彼がバラクのもとに帰ってみると、バラクはモアブのすべてのつかさたちと共に燔祭のかたわらに立っていた。
তেতিয়া বিলিয়ম বালাকৰ ওচৰলৈ উলটি গ’ল, চোৱা, সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম বলিৰ ওচৰত থিয় হৈ আছিল।
7 バラムはこの託宣を述べた。「バラクはわたしをアラムから招き寄せ、モアブの王はわたしを東の山から招き寄せて言う、『きてわたしのためにヤコブをのろえ、きてイスラエルをのろえ』と。
তেতিয়া বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, “বালাকে অৰামৰ পৰা মোক অনালে, মোৱাবৰ ৰজাই পূবফালৰ পৰ্ব্বতৰ পৰা মোক অনালে। ‘আহাঁ, মোৰ কাৰণে যাকোবক শাও দিয়া,’ তেওঁ ক’লে। আহাঁ, ইস্ৰায়েলক ধিক্কাৰ দিয়া।’
8 神ののろわない者を、わたしがどうしてのろえよう。主ののろわない者を、わたしがどうしてのろえよう。
কিন্তু ঈশ্বৰে শাও নিদিয়া লোকক মই কেনেকৈ শাও দিম? আৰু যিহোৱাই ধিক্কাৰ নিদিয়া লোকক মই কেনেকৈ ধিক্কাৰ দিম?
9 岩の頂からながめ、丘の上から見たが、これはひとり離れて住む民、もろもろの国民のうちに並ぶものはない。
কিয়নো মই শিলবোৰৰ টিঙৰ পৰা সেইজনক দেখা পাইছোঁ; আৰু পৰ্ব্বতৰ পৰা সেইজনক দেখিছোঁ। চোৱা, তেওঁলোক অকলে বাস কৰা লোক জাতি সমূহৰ মাজত তেওঁলোক গণিত নহয়।
10 だれがヤコブの群衆を数え、イスラエルの無数の民を数え得よう。わたしは義人のように死に、わたしの終りは彼らの終りのようでありたい」。
১০যাকোবৰ ধূলি কোনে লেখ কৰিব পাৰে? বা ইস্ৰায়েলৰ চাৰি ভাগৰ এভাগকে কোনে গণিব পাৰে? ধাৰ্মিকৰ মৃত্যুৰ নিচিনা মোৰ মৃত্যু হওঁক, আৰু তেওঁৰ শেষ গতিৰ নিচিনা মোৰ শেষগতি হওঁক।”
11 そこでバラクはバラムに言った、「あなたはわたしに何をするのですか。わたしは敵をのろうために、あなたを招いたのに、あなたはかえって敵を祝福するばかりです」。
১১তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি মোলৈ এইয়া কি কৰিলে? মোৰ শত্ৰুবোৰক শাও দিবলৈ মই আপোনাক অনিলোঁ; আপুনি সিহঁতক সকলো ভাৱে আশীৰ্ব্বাদহে কৰিলে।”
12 バラムは答えた、「わたしは、主がわたしの口に授けられる事だけを語るように注意すべきではないでしょうか」。
১২তেতিয়া বিলিয়ামে উত্তৰ দি ক’লে, “যিহোৱাই মোৰ মুখত যি কথা দিব, সাৱধান হৈ মই তাকে নক’ম নে?”
13 バラクは彼に言った、「わたしと一緒にほかのところへ行って、そこから彼らをごらんください。あなたはただ彼らの一端を見るだけで、全体を見ることはできないでしょうが、そこからわたしのために彼らをのろってください」。
১৩পাছত বালাকে তেওঁক ক’লে, “মই বিনয় কৰোঁ, আপুনি যি ঠাইৰ পৰা তেওঁলোকক দেখিবলৈ পাব, এনেকুৱা আন ঠাইলৈ মোৰ লগত আহক। আপুনি তেওঁলোকৰ সকলোকে দেখা পোৱা নাই, কেৱল এফালহে দেখিবলৈ পাইছে, সেই ঠাইৰ পৰা মোৰ কাৰণে তেওঁলোকক শাও দিব।”
14 そして彼はバラムを連れてゾピムの野に行き、ピスガの頂に登って、そこに七つの祭壇を築き、祭壇ごとに雄牛一頭と雄羊一頭とをささげた。
১৪তেতিয়া বালাকে তেওঁক চোফীম পথাৰৰ মাজলৈ পিচগাৰ টিঙলৈ লৈ গ’ল; সেই ঠাইতে তেওঁ সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে আৰু প্ৰত্যেক যজ্ঞ-বেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।
15 ときにはバラムはバラクに言った、「あなたはここで、燔祭のかたわらに立っていてください。わたしは向こうへ行って、主に伺いますから」。
১৫পাছত তেওঁ বালাকক ক’লে, “তুমি এই ঠাইতে তোমাৰ হোম-বলিৰ ওচৰত থিয় হৈ থাকা; মই হ’লে, সৌ তাত ঈশ্বৰৰ সাক্ষাৎ কৰোঁগৈ।”
16 主はバラムに臨み、言葉を口に授けて言われた、「バラクのもとに帰ってこう言いなさい」。
১৬তেতিয়া যিহোৱাই বিলিয়মেৰে সৈতে সাক্ষাৎ কৰি, তেওঁৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
17 彼がバラクのところへ行って見ると、バラクは燔祭のかたわらに立ち、モアブのつかさたちも共にいた。バラクはバラムに言った、「主はなんと言われましたか」。
১৭বিলিয়ম তেওঁৰ ওচৰলৈ ঘূৰি আহিল; সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম-বলিৰ গুৰিত থিয় হৈ আছিল। তেতিয়া বালাকে তেওঁক সুধিলে, যিহোৱাই কি ক’লে?
18 そこでバラムはまたこの託宣を述べた。「バラクよ、立って聞け、チッポルの子よ、わたしに耳を傾けよ。
১৮বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, তেওঁ ক’লে, “হে বালাক, উঠি শুনা, হে চিপ্পোৰৰ পুত্ৰ, মোৰ কথালৈ কাণ কৰা।
19 神は人のように偽ることはなく、また人の子のように悔いることもない。言ったことで、行わないことがあろうか、語ったことで、しとげないことがあろうか。
১৯ঈশ্বৰ মনুষ্য নহয়, যে তেওঁ মিছা কথা ক’ব, তেওঁ মানুহৰ সন্তানো নহয়, যে তেওঁ মন ঘূৰাব। তেওঁ কৈ জানো সিদ্ধ নকৰিব? তেওঁ বাক্য কৈ জানো সাম্ফল নকৰিব?
20 祝福せよとの命をわたしはうけた、すでに神が祝福されたものを、わたしは変えることができない。
২০চোৱা, মই আশীৰ্ব্বাদ কৰিবলৈ আজ্ঞা পালোঁ। তেওঁ আশীৰ্ব্বাদ কৰিলে; মই তাৰ অন্যথা কৰিব নোৱাৰোঁ।
21 だれもヤコブのうちに災のあるのを見ない、またイスラエルのうちに悩みのあるのを見ない。彼らの神、主が共にいまし、王をたたえる声がその中に聞える。
২১তেওঁ যাকোবত অধৰ্ম দেখা নাই, বা ইস্ৰায়েলৰ মাজত দুষ্টতা দেখা নাই; নিজ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকে, আৰু তেওঁলোকৰ মাজত ৰজাৰ জয়ধ্বনি আছে।
22 神は彼らをエジプトから導き出された、彼らは野牛の角のようだ。
২২ঈশ্বৰে মিচৰ দেশৰ পৰা তেওঁলোকক আনিছে। তেওঁৰ বল মেঠনৰ বলৰ নিচিনা।
23 ヤコブには魔術がなく、イスラエルには占いがない。神がそのなすところを時に応じてヤコブに告げ、イスラエルに示されるからだ。
২৩নিশ্চয়ে যাকোবৰ মাজত লক্ষণ চোৱা দস্তুৰ নাই, ইস্ৰায়েলৰ মাজত মঙ্গল চোৱা কাৰ্য নাই। এতিয়া যাকোব আৰু ইস্ৰায়েলৰ বিষয়ে কোৱা যাব, ‘চোৱা ঈশ্বৰে কেনে কাৰ্য কৰিলে!’
24 見よ、この民は雌じしのように立ち上がり、雄じしのように身を起す。これはその獲物を食らい、その殺した者の血を飲むまでは身を横たえない」。
২৪চোৱা, সেই লোক সমূহ সিংহীৰ দৰে উঠিছে, সিংহৰ দৰে নিজৰ গা দাঙিছে; তেওঁ ধৰা পশু নাখায়মানে নুশুব, আৰু বধ কৰা লোকৰ তেজ পান নকৰেমানে শয়ন নকৰিব।”
25 バラクはバラムに言った、「あなたは彼らをのろうことも祝福することも、やめてください」。
২৫তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি তেওঁলোকক সমূলি শাৱো নিদিব আৰু সমূলি আশীৰ্ব্বাদো নকৰিব।”
26 バラムは答えてバラクに言った、「主の言われることは、なんでもしなければならないと、わたしはあなたに告げませんでしたか」。
২৬তেতিয়া বিলিয়মে উত্তৰ দি বালাকক ক’লে, “যিহোৱাই মোক যি যি ক’ব, মই তাকেই কৰিম, এইবুলি জানো মই তোমাক কোৱা নাছিলো?”
27 バラクはバラムに言った、「どうぞ、おいでください。わたしはあなたをほかの所へお連れしましょう。神はあなたがそこからわたしのために彼らをのろうことを許されるかもしれません」。
২৭তথাপি বালাকে বিলিয়মক ক’লে, “বিনয় কৰি কওঁ, আহক, মই আপোনাক আন ঠাইলৈ লৈ যাওঁ। সেই ঠাইতে মোৰ কাৰণে আপুনি তেওঁলোকক শাও দিবলৈ কিজানি ঈশ্বৰ সন্তুষ্ট হ’ব পাৰে।”
28 そしてバラクはバラムを連れて、荒野を見おろすペオルの頂に行った。
২৮গতিকে বালাকে যিচীমোনৰ ফাললৈ মুখ কৰা পিয়োৰৰ টিঙলৈ বিলিয়মক লৈ গ’ল।
29 バラムはバラクに言った、「わたしのためにここに七つの祭壇を築き、雄牛七頭と、雄羊七頭とを整えなさい」。
২৯বিলিয়মে বালাকক ক’লে, “এই ঠাইত মোৰ বাবে সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰোঁৱা আৰু ইয়াতো মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ আয়োজন কৰা।”
30 バラクはバラムの言ったとおりにし、その祭壇ごとに雄牛一頭と雄羊一頭とをささげた。
৩০তেতিয়া বালাকে বিলিয়মৰ বাক্য অনুসাৰে কাৰ্য কৰি, প্ৰত্যেক যজ্ঞবেদীতে এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।

< 民数記 23 >