< 民数記 21 >

1 時にネゲブに住んでいたカナンびとアラデの王は、イスラエルがアタリムの道をとおって来ると聞いて、イスラエルを攻撃し、そのうちの数人を捕虜にした。
পাছত দক্ষিণ অঞ্চলত থকা অৰাদৰ কনানীয়া ৰজাই অথাৰীমৰ বাটেদি ইস্ৰায়েল আহিছে বুলি শুনি, তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰে কিছুমান লোকক বন্দী কৰি নি ৰাখিলে।
2 そこでイスラエルは主に誓いを立てて言った、「もし、あなたがこの民をわたしの手にわたしてくださるならば、わたしはその町々をことごとく滅ぼしましょう」。
তেতিয়া ইস্ৰায়েলে যিহোৱাৰ আগত প্ৰতিজ্ঞা কৰি ক’লে, “আপুনি যদি এই লোকসকলক আমাৰ হাতত সমৰ্পণ কৰে, তেন্তে আমি তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিম।”
3 主はイスラエルの言葉を聞きいれ、カナンびとをわたされたので、イスラエルはそのカナンびとと、その町々とをことごとく滅ぼした。それでその所の名はホルマと呼ばれた。
তেতিয়া যিহোৱাই ইস্ৰায়েলৰ বাক্যলৈ কাণ দিলে, সেই কনানীয়াসকলক সমৰ্পণ কৰিলে। তেতিয়া লোকসকলে তেওঁলোকক আৰু তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিলে। সেই ঠাইৰ নাম হৰ্মা ৰখা হ’ল।
4 民はホル山から進み、紅海の道をとおって、エドムの地を回ろうとしたが、民はその道に堪えがたくなった。
পাছত তেওঁলোকে ইদোম দেশ ঘূৰিবৰ অৰ্থে, চূফ সাগৰৰ বাটেদি হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰিলে। আৰু বাটৰ কাৰণে লোকসকলৰ মন অতিশয় অধৈৰ্য হ’ল।
5 民は神とモーセとにむかい、つぶやいて言った、「あなたがたはなぜわたしたちをエジプトから導き上って、荒野で死なせようとするのですか。ここには食物もなく、水もありません。わたしたちはこの粗悪な食物はいやになりました」。
আৰু লোকসকলে ঈশ্বৰ ও মোচিৰ বিৰুদ্ধে ক’বলৈ ধৰিলে: বোলে, “মৰুভূমিত মৰিবলৈ তোমালোকে মিচৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা?” কিয়নো আহাৰো নাই পানীও নাই আৰু আমাৰ মনে এই সামান্য আহাৰ ঘিণ কৰিছে।
6 そこで主は、火のへびを民のうちに送られた。へびは民をかんだので、イスラエルの民のうち、多くのものが死んだ。
তেতিয়া যিহোৱাই লোকসকলৰ মাজলৈ বিষাক্ত সাপ পঠিয়ালে আৰু সেইবোৰে দংশিবলৈ ধৰাত ইস্ৰায়েলৰ মাজত অনেক লোক মৰিল।
7 民はモーセのもとに行って言った、「わたしたちは主にむかい、またあなたにむかい、つぶやいて罪を犯しました。どうぞへびをわたしたちから取り去られるように主に祈ってください」。モーセは民のために祈った。
লোকসকলে মোচিৰ গুৰিলৈ আহি ক’লে, “আমি গুপ্ত পাপ কৰিলোঁ, কাৰণ আমি যিহোৱা আৰু তোমাৰ বিৰুদ্ধে কথা কলোঁ। আমাৰ ওচৰৰ পৰা যিহোৱাই সাপবোৰ দূৰ কৰিবৰ বাবে, তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা।” তেতিয়া মোচিয়ে লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিলে।
8 そこで主はモーセに言われた、「火のへびを造って、それをさおの上に掛けなさい。すべてのかまれた者が仰いで、それを見るならば生きるであろう」。
যিহোৱাই মোচিক ক’লে, “তুমি এটা বিষাক্ত সাপ সাজি এডাল খুটিৰ ওপৰত নিচানস্বৰূপে তুলি ৰাখিবা। তেতিয়া সাপে দংশা যিকোনো লোকে যদি তালৈ চায়, সেইজন জীৱ।”
9 モーセは青銅で一つのへびを造り、それをさおの上に掛けて置いた。すべてへびにかまれた者はその青銅のへびを仰いで見て生きた。
তেতিয়া মোচিয়ে পিতলৰ এটা সাপ বনাই নিচানস্বৰূপে এডাল খুটিত তুলি ৰাখিলে। যেতিয়া সাপে কোনো মানুহক দংশিলে, তেতিয়া তেওঁ সেই পিতলৰ সাপলৈ দৃষ্টি কৰি জীলে।
10 イスラエルの人々は道を進んでオボテに宿営した。
১০তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি এবোতত ছাউনি পাতিলে।
11 またオボテから進んで東の方、モアブの前にある荒野において、イエアバリムに宿営した。
১১আৰু এবোতৰ পৰা যাত্ৰা কৰি সূৰ্য ওলোৱা দিশে মোৱাবৰ সন্মুখে থকা মৰুভূমিৰ ইয়ে-অবাৰীমত ছাউনি পাতিলে।
12 またそこから進んでゼレデの谷に宿営し、
১২তাৰ পৰা যাত্ৰা কৰি জেৰদ উপত্যকাত ছাউনি পাতিলে।
13 さらにそこから進んでアルノン川のかなたに宿営した。アルノン川はアモリびとの境から延び広がる荒野を流れるもので、モアブとアモリびととの間にあって、モアブの境をなしていた。
১৩আৰু তাৰ পৰা যাত্ৰা কৰি ইমোৰীয়াসকলৰ সীমাৰ পৰা ওলোৱা, মৰুভূমিত থকা অৰ্ণোনৰ অন্য পাৰে ছাউনি পাতিলে, কিয়নো মোৱাবৰ আৰু ইমোৰীয়াসকলৰ মাজত থকা অৰ্ণোন মোৱাবৰ সীমা আছিল।
14 それゆえに、「主の戦いの書」にこう言われている。「スパのワヘブ、アルノンの谷々、
১৪এই হেতুকে যিহোৱাৰ যুদ্ধ-পুস্তকত কোৱা হৈছে, বোলে, “চুফাত বাহেবক, অৰ্ণোনৰ উপত্যকাবোৰক,
15 谷々の斜面、アルの町まで傾き、モアブの境に寄りかかる」。
১৫আৰু আৰ নামেৰে লোকালয়লৈ মুখ কৰা আৰু মোৱাবৰ সীমাত লগা চাৱলীয়া উপত্যকাবোৰ তেওঁ জয় কৰিলে।
16 彼らはそこからベエルへ進んで行った。これは主がモーセにむかって、「民を集めよ。わたしはかれらに水を与えるであろう」と言われた井戸である。
১৬তাৰ পৰা তেওঁলোকে বেৰলৈ, অৰ্থাৎ যি নাদৰ বিষয়ে যিহোৱাই মোচিক কৈছিল, তুমি লোকসকলক গোটোৱা, মই তেওঁলোকক পানী দিম। সেই নাদলৈ যাত্ৰা কৰিলে।”
17 その時イスラエルはこの歌をうたった。「井戸の水よ、わきあがれ、人々よ、この井戸のために歌え、
১৭সেই কালত ইস্ৰায়েলে এই গীত গান কৰিলে: “হে নাদ উঠলি উঠা; তোমালোকে ইয়াৰ উদ্দেশ্যে গান গোৱা।
18 笏とつえとをもってつかさたちがこの井戸を掘り、民のおさたちがこれを掘った」。そして彼らは荒野からマッタナに進み、
১৮এয়ে অধ্যক্ষ সকলে খনা নাদ, লোকসকলৰ প্ৰধানসকলে ৰাজ-দণ্ডেৰে আৰু নিজ নিজ লাখুটিৰে ইয়াক খনন কৰিলে।” পাছত তেওঁলোকে অৰণ্যৰ পৰা মত্তানালৈ।
19 マッタナからナハリエルに、ナハリエルからバモテに、
১৯মত্তানাৰ পৰা নহলীয়েললৈ, নহলীয়েলৰ পৰা বামোতলৈ,
20 バモテからモアブの野にある谷に行き、荒野を見おろすピスガの頂に着いた。
২০আৰু বামোতৰ পৰা উপত্যকাইদি মোৱাবৰ দেশলৈ। সেয়ে যিচীমোনৰ ফাললৈ মুখ কৰি থকা পিচগা পৰ্ব্বতৰ টিঙলৈ গ’ল।
21 ここでイスラエルはアモリびとの王シホンに使者をつかわして言わせた、
২১পাছত ইস্ৰায়েলে ইমোৰীয়াসকলৰ ৰজা চীহোনৰ গুৰিলৈ দূতৰ দ্বাৰাই এই কথা কৈ পঠিয়ালে বোলে,
22 「わたしにあなたの国を通らせてください。わたしたちは畑にもぶどう畑にも、はいりません。また井戸の水も飲みません。わたしたちはあなたの領地を通り過ぎるまで、ただ王の大路を通ります」。
২২“তুমি নিজ দেশৰ মাজেদি মোক যাবলৈ দিয়া; আমি শস্যক্ষেত্ৰত বা দ্ৰাক্ষা-ক্ষেত্ৰত নোসোমাও আৰু নাদৰ পানীও নাখাওঁ। তোমাৰ সীমা পাৰ নহওঁমানে ৰাজবাটে গৈ থাকিম।”
23 しかし、シホンはイスラエルに自分の領地を通ることを許さなかった。そしてシホンは民をことごとく集め、荒野に出て、イスラエルを攻めようとし、ヤハズにきてイスラエルと戦った。
২৩তথাপি চীহোনৰ ৰজাই নিজ অঞ্চলৰ মাজেদি ইস্ৰায়েলক যাবলৈ নিদিলে। কিন্তু চীহোনে নিজৰ সকলো প্ৰজাক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে মৰুভূমিলৈ ওলাল আৰু যহচলৈ গৈ ইস্ৰায়েলে সৈতে যুদ্ধ কৰিলে।
24 イスラエルは、やいばで彼を撃ちやぶり、アルノンからヤボクまで彼の地を占領し、アンモンびとの境に及んだ。ヤゼルはアンモンびとの境だからである。
২৪ইস্ৰায়েলে তৰোৱালৰ ধাৰত তেওঁক আঘাত কৰি, অৰ্ণোনৰ পৰা যব্বোকলৈকে অম্মোনৰ সন্তান সকলৰ সীমালৈকে তেওঁৰ দেশ অধিকাৰ কৰিলে; কাৰণ অম্মোনৰ সন্তান সকলৰ সীমা গড়েৰে দৃঢ় আছিল।
25 こうしてイスラエルはこれらの町々をことごとく取った。そしてイスラエルはアモリびとのすべての町々に住み、ヘシボンとそれに附属するすべての村々にいた。
২৫এইদৰে ইস্ৰায়েলে সেই সকলো নগৰ হাত কৰি ললে; আৰু ইস্ৰায়েলে ইমোৰীয়াসকলৰ আটাই নগৰত, হিচবোনত আৰু তাৰ সকলো উপত্যকাবোৰত বাস কৰিবলৈ ধৰিলে।
26 ヘシボンはアモリびとの王シホンの都であって、シホンはモアブの以前の王と戦って、彼の地をアルノンまで、ことごとくその手から奪い取ったのである。
২৬কিয়নো হিচবোন ইমোৰীয়াহঁতৰ ৰজা চীহোনৰ নগৰ আছিল; সেই চীহোনে মোৱাবৰ আগৰ ৰজাৰ অহিতে যুদ্ধ কৰি তেওঁৰ হাতৰ পৰা অৰ্ণোনলৈকে তেওঁৰ আটাই দেশ লৈছিল।
27 それゆえに歌にうたわれている。「人々よ、ヘシボンにきたれ、シホンの町を築き建てよ。
২৭এই কাৰণে কবি সকলে কয়, “তোমালোক হিচবোনলৈ আহা, চীহোনৰ নগৰ সজা আৰু দৃঢ় কৰা হওঁক।
28 ヘシボンから火が燃え出し、シホンの都から炎が出て、モアブのアルを焼き尽し、アルノンの高地の君たちを滅ぼしたからだ。
২৮কিয়নো হিচবোনৰ পৰা অগ্নি-শিখা ওলাই, চীহোনৰ পৰা শিখাই, মোৱাবৰ আৰ লগৰ গ্ৰাস কৰিলে, আৰু অৰ্ণোনৰ ওখ ঠাইবোৰৰ প্ৰভুসকলক গ্ৰাস কৰিলে।
29 モアブよ、お前はわざわいなるかな、ケモシの民よ、お前は滅ぼされるであろう。彼は、むすこらを逃げ去らせ、娘らをアモリびとの王シホンの捕虜とならせた。
২৯হে মোৱাব!, তোমাৰ সন্তাপ হ’ল, আৰু হে কমোচৰ প্ৰজা, তুমি বিনষ্ট থ’লো; সি নিজৰ পুতেকসকলক পলাবলৈ, আৰু নিজৰ জীয়েকসকলক বন্দী অৱস্থাত পৰিবলৈ এৰি দিলে, ইমোৰীয়াসকলক ৰজা চীহোনৰ হাতত সমৰ্পণ কৰিলে।
30 彼らの子らは滅び去った、ヘシボンからデボンまで。われわれは荒した、火はついてメデバに及んだ」。
৩০আৰু আমি তেওঁলোকলৈ বাণ মাৰিলোঁ; দীবোনলৈকে হিচবোন বিনষ্ট হ’ল। মেদবালৈ বিস্তৃত নোফহলৈকে আমি সকলোকে ধ্বংস কৰিলোঁ।”
31 こうしてイスラエルはアモリびとの地に住んだが、
৩১এইদৰে ইস্ৰায়েলে ইমোৰীয়াসকলৰ দেশত বাস কৰিবলৈ ধৰিলে।
32 モーセはまた人をつかわしてヤゼルを探らせ、ついにその村々を取って、そこにいたアモリびとを追い出し、
৩২মোচিয়ে যাজেৰক গুপুতে চাবলৈ মানুহ পঠালে। তাৰ পাছত লোকসকলে তাৰ সকলো উপনগৰ হাত কৰি লৈ, তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।
33 転じてバシャンの道に上って行ったが、バシャンの王オグは、その民をことごとく率い、エデレイで戦おうとして出迎えた。
৩৩তেতিয়া তেওঁলোক ঘূৰি বাচানৰ বাটেদি উঠি গ’ল। তেওঁলোকৰ বিৰুদ্ধে ইদ্ৰেয়ীত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো প্ৰজাসকল ওলাল।
34 主はモーセに言われた、「彼を恐れてはならない。わたしは彼とその民とその地とを、ことごとくあなたの手にわたす。あなたはヘシボンに住んでいたアモリびとの王シホンにしたように彼にもするであろう」。
৩৪তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁক, তেওঁৰ আটাই প্ৰজাক আৰু তেওঁৰ দেশকো তোমাৰ হাতত শোধাই দিলোঁ। তুমি হিচবোনত থকা ইমোৰীয়া ৰজা চীহোনলৈ যেনে কৰিলা, তেওঁলৈকো তেনে কৰিবা।”
35 そこで彼とその子とすべての民とを、ひとり残らず撃ち殺して、その地を占領した。
৩৫গতিকে তেওঁলোকৰ তেওঁৰ কোনো শেষ নথকাকৈ, তেওঁক, তেওঁৰ পুতেকসকলক আৰু তেওঁৰ আটাই প্ৰজাক মাৰি, তেওঁৰ দেশ অধিকাৰ কৰি ল’লে।

< 民数記 21 >