< 民数記 14 >

1 そこで、会衆はみな声をあげて叫び、民はその夜、泣き明かした。
পাছত গোটেই সমাজে বৰকৈ ক্রন্দন কৰিলে; সেই ৰাতি তেওঁলোকে সকলোৱে চকুলো টুকিলে।
2 またイスラエルの人々はみなモーセとアロンにむかってつぶやき、全会衆は彼らに言った、「ああ、わたしたちはエジプトの国で死んでいたらよかったのに。この荒野で死んでいたらよかったのに。
আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলোৱে মোচি আৰু হাৰোণৰ অহিতে নিন্দা কৰিবলৈ ধৰিলে। আৰু গোটেই সমাজে তেওঁলোকৰ আগতে ক’লে, “হায় হায়, আমি এই মৰুভূমিত মৰাতকৈ মিচৰ দেশতেই মৰা হ’লে কেনে ভাল আছিল!
3 なにゆえ、主はわたしたちをこの地に連れてきて、つるぎに倒れさせ、またわたしたちの妻子をえじきとされるのであろうか。エジプトに帰る方が、むしろ良いではないか」。
যিহোৱাই আমাক তৰোৱালৰ আগত পেলাবলৈ আৰু আমাৰ পত্নীসকল আৰু আমাৰ কনমানি সকলক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিচৰ দেশলৈ উলটি যোৱা জানো আমাৰ পক্ষে ভাল নহয়?”
4 彼らは互に言った、「わたしたちはひとりのかしらを立てて、エジプトに帰ろう」。
পাছত তেওঁলোকে ইজনে সিজনক ক’লে, “আহাঁ, আমি কোনো এজনক প্ৰধান কৰি লৈ মিচৰ দেশলৈ উলটি যাওঁ ব’লা।”
5 そこで、モーセとアロンはイスラエルの人々の全会衆の前でひれふした。
তেতিয়া মোচি আৰু হাৰোণে ইস্ৰায়েলৰ সন্তান সকলৰ সমাজৰ, আৰু তেওঁলোকৰ গোটেই গোট খোৱা সমাজৰ আগত উবুৰি হৈ পৰিল।
6 このとき、その地を探った者のうちのヌンの子ヨシュアとエフンネの子カレブは、その衣服を裂き、
দেশ গুপুতে চাই অহাসকলৰ মাজত নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেবে নিজ নিজ কাপোৰ ফালিলে।
7 イスラエルの人々の全会衆に言った、「わたしたちが行き巡って探った地は非常に良い地です。
ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজক ক’লে, “আমি যি দেশ চাবলৈ দেশৰ মাজেদি গৈছিলোঁ সেয়ে যাৰ পাৰ নাই উত্তম দেশ।
8 もし、主が良しとされるならば、わたしたちをその地に導いて行って、それをわたしたちにくださるでしょう。それは乳と蜜の流れている地です。
যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব, গাখীৰ আৰু মৌজোল বোৱা সেই দেশ আমাক দিব।
9 ただ、主にそむいてはなりません。またその地の民を恐れてはなりません。彼らはわたしたちの食い物にすぎません。彼らを守る者は取り除かれます。主がわたしたちと共におられますから、彼らを恐れてはなりません」。
কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোক আমাৰ ভক্ষ্যনস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।”
10 ところが会衆はみな石で彼らを撃ち殺そうとした。そのとき、主の栄光が、会見の幕屋からイスラエルのすべての人に現れた。
১০কিন্তু গোটেই সমাজে তেওঁলোকক শিল দলিয়াই বধ কৰিবলৈ ক’লে, তাতে সাক্ষাৎ কৰা তম্বুত যিহোৱাৰ প্ৰতাপ ইস্ৰায়েলৰ সন্তান সকলৰ আগত প্ৰকাশিত হ’ল।
11 主はモーセに言われた、「この民はいつまでわたしを侮るのか。わたしがもろもろのしるしを彼らのうちに行ったのに、彼らはいつまでわたしを信じないのか。
১১পাছত যিহোৱাই মোচিক ক’লে, “এই লোকসকলে কিমান দিন মোক হেয়জ্ঞান কৰিব? আৰু তেওঁলোকৰ মাজত মই দেখুউৱা আটাইবোৰ চিন দেখিও, তেওঁলোকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব?
12 わたしは疫病をもって彼らを撃ち滅ぼし、あなたを彼らよりも大いなる強い国民としよう」。
১২মই মহামাৰীৰ দ্বাৰাই তেওঁলোকক আঘাত কৰিম আৰু তেওঁলোকৰ আধিপত্য গুচাম আৰু তেওঁলোকতকৈ তোমাকেই ডাঙৰ আৰু বলৱান জাতি কৰিম।”
13 モーセは主に言った、「エジプトびとは、あなたが力をもって、この民を彼らのうちから導き出されたことを聞いて、
১৩মোচিয়ে যিহোৱাক ক’লে, “তেনে কৰিলে, মিচৰীয়াসকলে তাক শুনিবলৈ পাব; কিয়নো সিহঁতৰেই মাজৰ পৰা তুমি নিজ শক্তিৰ দ্বাৰাই এই লোকসকলক উলিয়াই আনিলা।
14 この地の住民に告げるでしょう。彼らは、主なるあなたが、この民のうちにおられ、主なるあなたが、まのあたり現れ、あなたの雲が、彼らの上にとどまり、昼は雲の柱のうちに、夜は火の柱のうちにあって、彼らの前に行かれるのを聞いたのです。
১৪আৰু তেওঁলোকে এই দেশ নিবাসীসকলকো সম্বাদ দিব। তেওঁলোকে শুনিছে, যে, তুমি যিহোৱা এই লোকসকলৰ মাজত আছা, তুমি যিহোৱাই সন্মুখা-সন্মুখিকৈ তেওঁলোকক দৰ্শন দি থাকা, তোমাৰ মেঘ তেওঁলোকৰ ওপৰত আছে আৰু তুমি দিনত মেঘ-স্তম্ভ আৰু ৰাতি অগ্নি স্তম্ভত তেওঁলোকৰ আগে আগে যোৱা।
15 いま、もし、あなたがこの民をひとり残らず殺されるならば、あなたのことを聞いた国民は語って、
১৫এতিয়া যদি তুমি এই লোকসকলক এজনক মৰাৰ দৰে মাৰা, তেন্তে এই যি আন জাতি সমূহে তোমাৰ যশস্যাৰ কথা শুনিছে, সিহঁতে ক’ব,
16 『主は与えると誓った地に、この民を導き入れることができなかったため、彼らを荒野で殺したのだ』と言うでしょう。
১৬‘যিহোৱাই এই লোকসকলক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁলোকক নিবলৈ তেওঁ অসমৰ্থ হ’ল, এই কাৰণে অৰণ্যত তেওঁলোকক মাৰিলে।
17 どうぞ、あなたが約束されたように、いま主の大いなる力を現してください。
১৭এতিয়া মই এই নিবেদন কৰোঁ, যে, যিহোৱা ক্ৰোধত ধীৰ আৰু দয়াতো মহান, অপৰাধ আৰু আজ্ঞা-লঙ্ঘন ক্ষমা কৰোঁতা, তথাপি তেওঁ অৱশ্যে দোষীক নিৰ্দ্দোষী নকৰে আৰু তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তান সকলক পিতৃসকলৰ অপৰাধৰ প্ৰতিফল দিওঁতা,
18 あなたはかつて、『主は怒ることおそく、いつくしみに富み、罪ととがをゆるす者、しかし、罰すべき者は、決してゆるさず、父の罪を子に報いて、三、四代に及ぼす者である』と言われました。
১৮তুমি এই কথা কোৱামতে প্ৰভুৰ মহৎ প্ৰভাৱ দেখা যাওঁক।
19 どうぞ、あなたの大いなるいつくしみによって、エジプトからこのかた、今にいたるまで、この民をゆるされたように、この民の罪をおゆるしください」。
১৯বিনয় কৰোঁ, তুমি মিচৰ দেশৰ পৰা এতিয়ালৈকে এই লোকসকলক যেনেকৈ ক্ষমা কৰি আহিছা, তেনেকৈ তোমাৰ মহৎ কৃপাৰ দৰে তেওঁলোকৰ এই অপৰাধ ক্ষমা কৰা।”
20 主は言われた、「わたしはあなたの言葉のとおりにゆるそう。
২০তেতিয়া যিহোৱাই ক’লে, “তোমাৰ বাক্যমতে মই তেওঁলোকক ক্ষমা কৰিলোঁ।
21 しかし、わたしは生きている。また主の栄光が、全世界に満ちている。
২১তথাপি মই যদি সঁচাকৈ জীৱন্ত ঈশ্বৰ হওঁ আৰু গোটেই পৃথিৱী যদি যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হয়,
22 わたしの栄光と、わたしがエジプトと荒野で行ったしるしを見ながら、このように十度もわたしを試みて、わたしの声に聞きしたがわなかった人々はひとりも、
২২তেন্তে তেওঁলোকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিচৰত ও মৰুভূমিত দেখুউৱা মোৰ চিন দেখিও, এই দহবাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে।
23 わたしがかつて彼らの先祖たちに与えると誓った地を見ないであろう。またわたしを侮った人々も、それを見ないであろう。
২৩তেওঁলোকৰ পূৰ্বপুৰুষ সকলক মই যি দেশ দিবলৈ শপত কৰিছিলোঁ, তেওঁলোকৰ কোনেও সেই দেশ দেখিবলৈ নাপাব, মোক হেয়জ্ঞান কৰা সকলৰ কোনেও তাক দেখা নাপাব,
24 ただし、わたしのしもべカレブは違った心をもっていて、わたしに完全に従ったので、わたしは彼が行ってきた地に彼を導き入れるであろう。彼の子孫はそれを所有するにいたるであろう。
২৪কিন্তু মোৰ দাস কালেবৰ মন বেলেগ, তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে; এতেকে কেৱল তেওঁ যি দেশত সোমাল, সেই দেশৰ ভিতৰলৈ মই তেওঁক নিম আৰু তেওঁৰ বংশই তাক অধিকাৰ কৰিব।
25 谷にはアマレクびととカナンびとが住んでいるから、あなたがたは、あす、身をめぐらして紅海の道を荒野へ進みなさい」。
২৫অমালেকীয়া আৰু কনানীয়া লোকসকলে উপত্যকাত বাস কৰিছে; কাইলৈ তোমালোকে মুখ ঘূৰাই চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাবা।”
26 主はモーセとアロンに言われた、
২৬পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে। তেওঁ ক’লে,
27 「わたしにむかってつぶやくこの悪い会衆をいつまで忍ぶことができようか。わたしはイスラエルの人々が、わたしにむかってつぶやくのを聞いた。
২৭“মোৰ বিৰুদ্ধে নিন্দা কৰি থকা এই দুষ্ট সমাজৰ ভাৰ মই কিমান কাল সহিম? ইস্ৰায়েলৰ সন্তান সকলে মোৰ বিৰুদ্ধে যি যি বকিছিল, তাক মই শুনিলোঁ।
28 あなたは彼らに言いなさい、『主は言われる、「わたしは生きている。あなたがたが、わたしの耳に語ったように、わたしはあなたがたにするであろう。
২৮তুমি তেওঁলোকক কোৱা, যিহোৱাই এই কথা কৈছে, ‘মোৰ জীৱনৰ শপত’, ‘তোমালোকে মোৰ কাণত যি ক’লা, অৱশ্যে মই তোমালোকলৈ তাক কৰিম
29 あなたがたは死体となって、この荒野に倒れるであろう。あなたがたのうち、わたしにむかってつぶやいた者、すなわち、すべて数えられた二十歳以上の者はみな倒れるであろう。
২৯তোমালোকৰ সম্পূৰ্ণ সংখ্যা অনুসাৰে গণিত হোৱা বিশ বছৰ আৰু তাতকৈয়ো অধিক বয়সীয়া তোমালোকৰ যি সকলো লোকে মোৰ অহিতে বকিছিল, তোমালোকৰ সেই সকলোৰ শৱ এই মৰুভূমিত পতিত হ’ব।
30 エフンネの子カレブと、ヌンの子ヨシュアのほかは、わたしがかつて、あなたがたを住まわせようと、手をあげて誓った地に、はいることができないであろう。
৩০মই তোমালোকক যি দেশত বাস কৰাবলৈ শপত কৰিছিলোঁ, সেই দেশত তোমালোকে সোমাবলৈ নাপাবা; কেৱল যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱা সোমাব।
31 しかし、あなたがたが、えじきになるであろうと言ったあなたがたの子供は、わたしが導いて、はいるであろう。彼らはあなたがたが、いやしめた地を知るようになるであろう。
৩১কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগ্ৰাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব।
32 しかしあなたがたは死体となってこの荒野に倒れるであろう。
৩২কিন্তু তোমালোকৰ বিষয়ে হ’লে, তোমালোকৰ শৱ এই মৰুভূমিত পতিত হ’ব।
33 あなたがたの子たちは、あなたがたの死体が荒野に朽ち果てるまで四十年のあいだ、荒野で羊飼となり、あなたがたの不信の罪を負うであろう。
৩৩আৰু তোমালোকৰ সন্তান সকলে চল্লিশ বছৰ এই মৰুভূমিত ভ্ৰমি ফুৰি, মৰুভূমিত তোমালোকৰ শৱৰ সংখ্যা পূৰ নহয়মানলৈকে তোমালোকৰ ব্যভিচাৰৰ ফল সিহঁতে ভোগ কৰিব।
34 あなたがたは、かの地を探った四十日の日数にしたがい、その一日を一年として、四十年のあいだ、自分の罪を負い、わたしがあなたがたを遠ざかったことを知るであろう」。
৩৪তোমালোকে যি চল্লিশ দিন দেশ চাই ফুৰিছিলা সেই দিনৰ লেখ অনুসাৰে চল্লিশ বছৰ অৰ্থাৎ এক এক বছৰ তোমালোকে নিজ নিজ অপৰাধৰ ফল ভোগ কৰিবা; আৰু মোৰ বিপক্ষতা কেনে তাক জানিবলৈ পাবা।
35 主なるわたしがこれを言う。わたしは必ずわたしに逆らって集まったこの悪い会衆に、これをことごとく行うであろう。彼らはこの荒野に朽ち、ここで死ぬであろう』」。
৩৫মই যিহোৱাই ইয়াক ক’লোঁ। মোৰ বিপৰীতে গোট খোৱা এই গোটেই দুষ্ট সমাজলৈ মই ইয়াক অৱশ্যে কৰিম; এই অৰণ্যত তেওঁলোক নিচেইকৈ বিনষ্ট হ’ব, এই ঠাইতে তেওঁলোক মৰিব’।”
36 こうして、モーセにつかわされ、かの地を探りに行き、帰ってきて、その地を悪く言い、全会衆を、モーセにむかって、つぶやかせた人々、
৩৬পাছত দেশ চাবলৈ মোচিয়ে পঠোৱা যি লোকসকলে উলটি আহি সেই দেশৰ কুযশ কৰি তেওঁৰ অহিতে গোটেই সমাজক বকাইছিল,
37 すなわち、その地を悪く言いふらした人々は、疫病にかかって主の前に死んだが、
৩৭দেশৰ কুযশ কৰা সেই লোকসকল যিহোৱাৰ আগত মহামাৰীৰ দ্বাৰাই মৰিল।
38 その地を探りに行った人々のうち、ヌンの子ヨシュアと、エフンネの子カレブとは生き残った。
৩৮দেশ চাবলৈ যোৱা সেই লোক সকলৰ মাজত কেৱল নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেব জীয়াই থাকিল।
39 モーセが、これらのことを、イスラエルのすべての人々に告げたとき、民は非常に悲しみ、
৩৯মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক সেই সকলো কথা যেতিয়া জনালে, লোকসকলে অতিশয় শোক কৰিলে।
40 朝早く起きて山の頂きに登って言った、「わたしたちはここにいる。さあ、主が約束された所へ上って行こう。わたしたちは罪を犯したのだから」。
৪০পাছত তেওঁলোকে ৰাতিপুৱাতে ওলাই পৰ্ব্বতৰ টিঙলৈ উঠিবলৈ উদ্যত হৈ ক’লে, “চোৱা, এইয়া আমি আছোঁ, যিহোৱাই যি ঠাইৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল, আমি সেই ঠাইলৈ যাওঁ; কিয়নো আমি পাপ কৰিলোঁ।”
41 モーセは言った、「あなたがたは、それをなし遂げることもできないのに、どうして、そのように主の命にそむくのか。
৪১তাতে মোচিয়ে ক’লে, এতিয়া যিহোৱাৰ আজ্ঞা কিয় লঙ্ঘন কৰিছা? তোমালোকৰ সেই কাৰ্য সাম্ফল নহ’ব।
42 あなたがたは上って行ってはならない。主があなたがたのうちにおられないから、あなたがたは敵の前に、撃ち破られるであろう。
৪২তোমালোকে উঠি নাযাবা, কাৰণ যিহোৱা তোমালোকৰ মাজত নাই; গ’লে শত্ৰুৰ আগত পৰাজয় হ’বা।
43 そこには、アマレクびとと、カナンびとがあなたがたの前にいるから、あなたがたは、つるぎに倒れるであろう。あなたがたがそむいて、主に従わなかったゆえ、主はあなたがたと共におられないからである」。
৪৩কিয়নো অমালেকীয়া আৰু কনানীয়া লোকসকল সেই ঠাইত তোমালোকৰ আগত আছে আৰু তোমালোক তৰোৱালৰ ধাৰত পতিত হ’বা। তোমালোক যিহোৱাৰ পাছত চলিবলৈ বিমুখ হোৱাত যিহোৱা তোমালোকৰ লগত নাথাকিব।”
44 しかし、彼らは、ほしいままに山の頂に登った。ただし、主の契約の箱と、モーセとは、宿営の中から出なかった。
৪৪তথাপি তেওঁলোকে কুসাহ কৰি, পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; কিন্তু যিহোৱাৰ নিয়ম চন্দুক আৰু মোচি ছাউনিৰ পৰা নগ’ল।
45 そこで、その山に住んでいたアマレクびとと、カナンびとが下ってきて、彼らを撃ち破り、ホルマまで追ってきた。
৪৫তেতিয়া সেই পৰ্ব্বতত থকা অমালেকীয়া আৰু কনানীয়া লোকসকল নামি আহি তেওঁলোকৰ কিছুমানক বধ কৰিলে, আৰু হৰ্মালৈকে তেওঁলোকক আঘাত কৰি কৰি খেদিলে।

< 民数記 14 >