< ネヘミヤ 記 2 >

1 アルタシャスタ王の第二十年、ニサンの月に、王の前に酒が出た時、わたしは酒をついで王にささげた。これまでわたしは王の前で悲しげな顔をしていたことはなかった。
ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ বিশ বছৰৰ নীচান মাহত, তেওঁ দ্ৰাক্ষাৰস বাছি ল’লে, আৰু মই সেই দ্ৰাক্ষাৰস লৈ ৰজাক দিলোঁ। তাৰ আগেয়ে মই ৰজাৰ আগত কেতিয়াও মুখ মলিন কৰা নাই।
2 王はわたしに言われた、「あなたは病気でもないのにどうして悲しげな顔をしているのか。何か心に悲しみをもっているにちがいない」。そこでわたしは大いに恐れて、
কিন্তু ৰজাই মোক ক’লে, “তোমাৰ মুখ কিয় মলিন হৈছে? তোমাক অসুখীয়া যেন লগা নাই জানো। নিশ্চয় এয়া আন্তৰিক বেদনা।” তেতিয়া মোৰ অতিশয় ভয় লাগিল।
3 王に申しあげた、「どうぞ王よ、長生きされますように。わたしの先祖の墳墓の地であるあの町は荒廃し、その門が火で焼かれたままであるのに、どうしてわたしは悲しげな顔をしないでいられましょうか」。
মই ৰজাক ক’লোঁ, “মহাৰাজ চিৰজীৱি হওক! মোৰ মুখ কিয় মলিন নহ’ব? যিহেতু মোৰ পিতৃসকলৰ মৈদামৰ ঠাই উছন্ন কৰা হ’ল আৰু সেই ঠাইৰ দুৱাৰবোৰ জুইৰে পুৰি ধংস কৰা হ’ল।
4 王はわたしにむかって、「それでは、あなたは何を願うのか」と言われたので、わたしは天の神に祈って、
তেতিয়া ৰজাই মোক ক’লে, “মই কি কৰাটো তুমি বিচাৰিছা?” সেয়ে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ।
5 王に申しあげた、「もし王がよしとされ、しもべがあなたの前に恵みを得ますならば、どうかわたしを、ユダにあるわたしの先祖の墳墓の町につかわして、それを再建させてください」。
মই ৰজাক উত্তৰ দি কলোঁ, “যদি মহাৰাজে ভাল দেখে, আৰু আপোনাৰ এই দাসে যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তেন্তে আপুনি মোক মোৰ পিতৃসকলৰ মৈদামৰ নগৰ যিহূদালৈ পঠিয়াই দিয়ক, মই তাক পুনৰাই সাজিম।”
6 時に王妃もかたわらに座していたが、王はわたしに言われた、「あなたの旅の期間はどれほどですか。いつごろ帰ってきますか」。こうして王がわたしをつかわすことをよしとされたので、わたしは期間を定めて王に申しあげた。
ৰজাই মোক উত্তৰ দিলে, (আৰু তেওঁৰ ৰাণীও তেওঁৰ কাষত বহি আছিল), “তুমি কিমান দিনৰ বাবে যাবা আৰু কেতিয়া উভতি আহিবা?” মই যেতিয়া তেওঁক নিৰূপিত সময়ৰ কথা দিলোঁ, তেতিয়া ৰজাই আনন্দেৰে মোক পঠিয়াই দিলে।
7 わたしはまた王に申しあげた、「もし王がよしとされるならば、川向こうの州の知事たちに与える手紙をわたしに賜わり、わたしがユダに行きつくまで、彼らがわたしを通過させるようにしてください。
তাৰ পাছত মই ৰজাক ক’লোঁ, “যদি ৰজা এই কথাত সন্তোষ পাইছে, তেনেহলে নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ বাবে লিখা চিঠি মোক দিব পাৰে, যাতে যিহূদালৈ যাওঁতে তেওঁলোকৰ দেশ পাৰ হ’বলৈ তেওঁলোকে মোক অনুমতি দিয়ে।
8 また王の山林を管理するアサフに与える手紙をも賜わり、神殿に属する城の門を建てるため、また町の石がき、およびわたしの住むべき家を建てるために用いる材木をわたしに与えるようにしてください」。わたしの神がよくわたしを助けられたので、王はわたしの願いを許された。
ৰজাৰ বনাঞ্চল ৰখীয়া আচফলৈও এখন চিঠি দিব পাৰে, যাতে মন্দিৰৰ কাষত থকা দুৰ্গৰ দুৱাৰৰ চৌকাঠ, নগৰৰ দেৱাল, আৰু যি গৃহত মই থাকিম সেই সকলোৰ বাবে তেওঁ মোক যেন কাঠ দিয়ে।” মোৰ ওপৰত ঈশ্বৰৰ মঙ্গলময় হাত থকাত, ৰজাই মোৰ অনুৰোধবোৰ গ্রহণ কৰিলে।
9 そこでわたしは川向こうの州の知事たちの所へ行って、王の手紙を渡した。なお王は軍の長および騎兵をわたしと共につかわした。
মই নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ ওচৰলৈ আহিলোঁ আৰু ৰজাৰ পত্ৰবোৰ তেওঁলোকক দিলোঁ। ৰজাই মোৰ লগত সৈন্য সমূহৰ কৰ্মচাৰী আৰু অশ্বাৰোহী পঠাইছিল।
10 ところがホロニびとサンバラテおよびアンモンびと奴隷トビヤはこれを聞き、イスラエルの子孫の福祉を求める人が来たというので、大いに感情を害した。
১০ইস্ৰায়েলৰ লোকসকলক সহায় কৰিবলৈ কোনো এজন ব্যক্তি আহি থকা কথা যেতিয়া, হোৰোণীয়া চনবল্লট আৰু অম্মোনীয়া টোবিয়া দাসে শুনিলে, তেতিয়া তেওঁলোকে অতিশয় বেজাৰ পালে।
11 わたしはエルサレムに着いて、そこに三日滞在した後、
১১মই যিৰূচালেমলৈ আহিলোঁ, আৰু তাত তিনি দিন থাকিলোঁ।
12 夜中に起き出た。数人の者がわたしに伴ったが、わたしは、神がエルサレムのためになそうとして、わたしの心に入れられたことを、だれにも告げ知らせず、またわたしが乗った獣のほかには、獣をつれて行かなかった。
১২মই ৰাতিয়ে উঠিলো, তাতে মই আৰু কেইজন মান পুৰুষ মোৰ সৈতে আছিল। যিৰূচালেমৰ অৰ্থে যি কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ মনত উদগণি দিলে, সেই কথা মই কাৰো আগত নক’লোঁ। মই উঠি অহা জন্তুটোৰ বাহিৰে আন কোনো জন্তু মোৰ লগত নাছিল।
13 わたしは夜中に出て谷の門を通り、龍の井戸および糞の門に行って、エルサレムのくずれた城壁や、火に焼かれた門を調査し、
১৩মই ৰাতিতে উপত্যকাৰ দুৱাৰেদি বাহিৰ ওলাই গৈ, যিৰূচালেমৰ ভগা দেৱাল আৰু জুয়ে পোৰা দুৱাৰবোৰ পৰীক্ষণ কৰি নাগ নাদ আৰু গোবৰ-দুৱাৰলৈকে গ’লোঁ।
14 また泉の門および王の池に行ったが、わたしの乗っている獣の通るべき所もなかった。
১৪তাৰ পাছত মই ভুমুক-দুৱাৰ আৰু ৰজাৰ পুখুৰীলৈকে গ’লোঁ। মই উঠি যোৱা জন্তুটো যাবৰ বাবে সেই ঠাই অতি ঠেক আছিল।
15 わたしはまたその夜のうちに谷に沿って上り、城壁を調査したうえ、身をめぐらして、谷の門を通って帰った。
১৫সেয়ে মই ৰাতি উপত্যকায়েদি ওপৰলৈ উঠি গৈ দেৱাল চালোঁ, আৰু উপত্যকাৰ দুৱাৰেদি সোমাই মই উভতি আহিলোঁ।
16 つかさたちは、わたしがどこへ行ったか、何をしたかを知らなかった。わたしはまたユダヤ人にも、祭司たちにも、尊い人たちにも、つかさたちにも、その他工事をする人々にもまだ知らせなかった。
১৬মই ক’লৈ গৈছিলোঁ, আৰু কি কৰিলোঁ, সেই বিষয়ে শাসনকৰ্ত্তাসকলে জনা নাছিল। তেতিয়ালৈকে মই যিহুদীসকলক, বা পুৰোহিতসকলক, বা প্ৰধান লোকসকলক, বা শাসনকৰ্ত্তাসকলক, বা অৱশিষ্ট যিসকল লোকে কাম কৰিছিল, তেওঁলোককো একো কোৱা নাছিলোঁ।
17 しかしわたしはついに彼らに言った、「あなたがたの見るとおり、われわれは難局にある。エルサレムは荒廃し、その門は火に焼かれた。さあ、われわれは再び世のはずかしめをうけることのないように、エルサレムの城壁を築こう」。
১৭মই তেওঁলোকক ক’লো, “আমি কেনে দুৰৱস্থাত আছোঁ, যিৰূচালেম কেনেকৈ উচ্ছন্ন হৈ পৰি আছে, আৰু তাৰ দুৱাৰবোৰ কেনেকৈ জুয়ে পুৰিলে, সেইবোৰ আপোনালোকে দেখিছে। আহক, আমি যিৰূচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰোঁ, তেতিয়া আমি পুনৰ অপমানিত হ’বলৈ কোনো কাৰণ নাথাকিব।”
18 そして、わたしの神がよくわたしを助けられたことを彼らに告げ、また王がわたしに語られた言葉をも告げたので、彼らは「さあ、立ち上がって築こう」と言い、奮い立って、この良きわざに着手しようとした。
১৮মই তেওঁলোকক ইয়াকো ক’লো যে, “ঈশ্বৰৰ মঙ্গলময় হাত মোৰ ওপৰত আছে;” আৰু ৰজাই মোক যি কথা কৈছিল, সেই কথাও তেওঁলোকক জনালোঁঁ। তেওঁলোকে ক’লে, “আহক আমি নিৰ্ম্মাণ কাৰ্যৰ বাবে সাজোঁ হওঁহক।” সেয়ে তেওঁলোকে সেই উত্তম কাৰ্যৰ অৰ্থে নিজৰ হাত সবল কৰিলে।
19 ところがホロニびとサンバラテ、アンモンびと奴隷トビヤおよびアラビヤびとガシムがこれを聞いて、われわれをあざけり、われわれを侮って言った、「あなたがたは何をするのか、王に反逆しようとするのか」。
১৯কিন্তু হোৰোণীয়া চনবল্লট, অম্মোনীয়া টোবিয়া দাস আৰু আৰবীয়া গেচমে এই কথা শুনি আমাক উপহাস কৰিলে; আৰু আমাক হেয়জ্ঞান কৰি ক’লে, “তোমালোকে কি কৰি আছা? তোমালোকে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছা নে?”
20 わたしは彼らに答えて言った、「天の神がわれわれを恵まれるので、そのしもべであるわれわれは奮い立って築くのである。しかしあなたがたはエルサレムに何の分もなく、権利もなく、記念もない」。
২০তেতিয়া মই তেওঁলোকক উত্তৰ দি ক’লো, “স্বৰ্গৰ ঈশ্বৰেই আমাক কৃতকাৰ্য কৰিব। আমি তেওঁৰ দাস আৰু আমি নিৰ্ম্মাণ কাৰ্য কৰিম। কিন্তু যিৰূচালেমত তোমালোকৰ ভাগ কি অধিকাৰ নাই আৰু যিৰূচালেমত ইতিহাসতো তোমালোকৰ কোনো স্বত্ব নাছিল।

< ネヘミヤ 記 2 >