< ナホム書 3 >

1 わざわいなるかな、血を流す町。その中には偽りと、ぶんどり物が満ち、略奪はやまない。
পৰিপূৰ্ণ ৰক্তৰে নগৰীৰ সন্তাপ হওঁক! তাই মিছা কথা আৰু লুন্ঠনৰ সম্পত্তিৰে পৰিপূৰ্ণ; তাইৰ ওচৰত ক্ষতিগ্ৰস্তসকল সদায় থাকে।
2 むちの音がする。車輪のとどろく音が聞える。かける馬があり、走る戦車がある。
কিন্তু এতিয়া চাবুকৰ শব্দ, চকাৰ ঘৰ্ঘৰণিৰ শব্দ, জপিয়াই থকা ঘোঁৰা আৰু জপিওৱা ৰথৰ শব্দ শুনা যায়।
3 騎兵は突撃し、つるぎがきらめき、やりがひらめく。殺される者はおびただしく、しかばねは山をなす。死体は数限りなく、人々はその死体につまずく。
আক্ৰমণকাৰী অশ্বাৰোহী, চিকমিকোৱা তৰোৱাল, জিলিকা বৰছা, হত হোৱা লোক সমূহ আৰু দ’ম হৈ থকা বৃহৎ মৃত-দেহবোৰ; মৰা শৱবোৰৰ সীমা নাই, তেওঁলোকৰ শৱৰ ওপৰত তেওঁলোকৰ আক্ৰমাণকাৰীসকলে উজুটি খায়।
4 これは皆あでやかな遊女の恐るべき魔力と、多くの淫行のためであって、その淫行をもって諸国民を売り、その魔力をもって諸族を売り渡したものである。
এইবোৰ সংঘটিত হোৱাৰ কাৰণ হ’ল, যি মায়াবিনী সুন্দৰী বেশ্যাই নিজৰ বেশ্যা কৰ্মৰ দ্বাৰাই জাতি সমূহক আৰু নিজৰ মায়াকাৰ্য্যৰ দ্বাৰাই প্রজাসকলক বিক্রী কৰিলে; তাইৰ অধিক বেশ্যাকৰ্মৰ কাৰণে এইবোৰ ঘটিছে।
5 万軍の主は言われる、見よ、わたしはあなたに臨む、わたしはあなたのすそを顔の上まであげ、あなたの裸を諸民に見せ、あなたの恥じる所を諸国に見せる。
বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমাৰ বিপক্ষে; মই তোমাৰ কাপোৰৰ আঁচল তোমাৰ মুখৰ ওপৰলৈকে দাঙি তোমাক অনাবৃতা কৰিম; মই জাতি সমূহক তোমাৰ বিবস্ত্ৰতা আৰু ৰাজ্যক তোমাৰ লাজ দেখুৱাম।
6 わたしは汚らわしい物を、あなたの上に投げかけて、あなたをはずかしめ、あなたを見ものとする。
মই তোমাৰ ওপৰত মলিয়ন ঘিণলগীয়া বস্তু পেলাই তোমাক ঘৃণনীয় কৰিম; মই তোমাক মানুহে ঠৰ লাগি চাই থকা বস্তুৰ দৰে স্থাপন কৰিম।
7 すべてあなたを見るものは、あなたを避けて逃げ去って言う、「ニネベは滅びた」と。だれがこのために嘆こう。わたしはどこから彼女を慰める者を、尋ね出し得よう。
তেতিয়া এনে ঘটিব, যে যি জনে তোমালৈ চাব, তেওঁ তোমাৰ পৰা পলাব আৰু ক’ব, ‘নীনবি বিনষ্ট হ’ল; কোনে তাইৰ কাৰণে বিলাপ কৰিব?’ মই ক’ৰ পৰা তোমাৰ কাৰণে শান্ত্বনা দিওঁতা লোক বিচাৰি আনিম?”
8 あなたはテーベにまさっているか。これはナイル川のかたわらに座し、水をその周囲にめぐらし、海をとりでとなし、水をその垣としている。
হে নীনবি, তুমি জানো যি থিব্‌চ (নো-আমোন নগৰ) নীল নদীবোৰৰ মাজত সজা আছিলা, যাৰ চাৰিওফালে জল সমূহ আছিল, যাৰ কোঁঠ সাগৰ আৰু গড় সমুদ্ৰ, সেই থিব্‌চতকৈ তুমি জানো উত্তম?
9 その力はエチオピヤ、またエジプトであって、限りがない。プトびと、リビヤびともその助け手であった。
কুচ আৰু মিচৰ তাইৰ ক্ষমতা আছিল আৰু সেয়ে অসংখ্য আছিল; পূটীয়া আৰু লুবীয়া তাইৰ মিত্র আছিল।
10 しかし、これもとりことなって捕えられて行き、その子供もすべてのちまたのかどで打ち砕かれ、その尊い人々はくじで分けられ、その大いなる人々は皆、鎖につながれた。
১০তথাপি তাইক নিয়া হৈছিল, তাই বন্দী-অৱস্থালৈ গ’ল, তাইৰ আটাই শিশুক আলিৰ মূৰত আছাৰি ডোখৰ ডোখৰ কৰা হ’ল; শত্ৰুবোৰে তাইৰ সম্ভ্ৰান্ত লোকসকলৰ বাবে চিঠি খেলিলে আৰু তাইৰ আটাই বৰ লোকসকলক শিকলিৰে বন্ধা হ’ল।
11 あなたもまた酔わされて気を失い、あなたは敵を避けて逃げ場を求める。
১১তুমিও মতলীয়া হ’বা; নিজকে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিবা; তুমি শত্ৰুৰ ভয়ত আশ্রয় লবলৈ এটা দুৰ্গ বিচাৰিবা।
12 あなたのとりでは皆初なりの実をもつ、いちじくの木のようだ。これをゆすぶればその実は落ちて、食べようとする者の口にはいる。
১২তোমাৰ আটাই কোঁঠ আগতিয়া গুটি লগা ডিমৰু গছৰ নিচিনা হ’ব; যেতিয়া সেইবোৰত জোকাৰণি লাগে, তেতিয়া সেইবোৰ খাওঁতাৰ মুখত পৰে।
13 見よ、あなたのうちにいる兵士は女のようだ。あなたの国の門はあなたの敵の前に広く開かれ、火はあなたの貫の木を焼いた。
১৩চোৱা, তোমাৰ মাজত থকা প্ৰজাসকল মহিলাসকলৰ নিচিনা; তোমাৰ দেশৰ দুৱাৰবোৰ শত্ৰুবোৰৰ কাৰণে বহলকৈ মেলা আছে; অগ্নিয়ে তোমাৰ দুৱাৰবোৰৰ ডাংবোৰ গ্ৰাস কৰিলে।
14 籠城のために水をくめ。あなたのとりでを堅めよ。粘土の中にはいって、しっくいを踏み、れんがの型をとれ。
১৪অৱৰোধ কালৰ কাৰণে তুমি পানী তুলি থোৱা; তোমাৰ কোঁঠবোৰ দৃঢ় কৰা, বোকালৈ গৈ বোকা খচা; ইটাৰ ভাটাবোৰ মেৰামতি কৰা।
15 その所で火はあなたを焼き、つるぎはあなたを切る。それはいなごのようにあなたを食い滅ぼす。あなたはいなごのように数を増せ。ばったのようにふえよ。
১৫সেই ঠাইতে অগ্নিয়ে তোমাক গ্ৰাস কৰিব আৰু তৰোৱালে তোমাক ছেদন কৰিব। ফৰিঙৰ দৰে তোমাক খাই পেলাব; তুমি ফৰিঙ আৰু কাকতী ফৰিঙৰ নিচিনা বহুসংখ্যক হোৱা।
16 あなたは自分の商人を天の星よりも多くした。いなごは羽をはって飛び去る。
১৬তুমি আকাশৰ তৰাবোৰতকৈ তোমাৰ বণিকসকলক অধিক কৰিলা; কিন্তু তেওঁলোক ফৰিংবোৰৰ নিচিনা: তেওঁলোকে দেশ লুন্ঠণ কৰি তাৰ পাছত উড়ি গুচি যাই।
17 あなたの君たちは、ばったのように、あなたの学者たちは、いなごのように、寒い日には垣にとまり、日が出て来ると飛び去る。そのありかはだれも知らない。
১৭তোমাৰ ৰাজকুমাৰসকল কাকতী ফৰিঙৰ সংখ্যাবোৰৰ নিচিনা আৰু তোমাৰ সেনাপতিসকল এনে ফৰিঙৰ নিচিনা যি ফৰিঙে জাৰৰ দিনা বেৰাত আশ্ৰয় লয় - কিন্তু যেতিয়া বেলি উদয় হয়, তেতিয়া তেওঁলোকে যি ঠাইলৈ উড়ি যায়, সেই ঠাইৰ বিষয়ে কোনেও নাজানে।
18 アッスリヤの王よ、あなたの牧者は眠り、あなたの貴族はまどろむ。あなたの民は山の上に散らされ、これを集める者はない。
১৮হে অচূৰৰ ৰজা, তোমাৰ মেৰ-ছাগ ৰখীয়াবোৰ টোপনিত আছে; তোমাৰ প্ৰধান লোকসকলে বিশ্ৰাম কৰি আছে। তোমাৰ প্ৰজাবোৰ পৰ্ব্বতৰ ওপৰত গোট গোট হ’ল, কিন্তু তেওঁলোকক একেলগে গোট খোৱাবলৈ কোনো নাই।
19 あなたの破れは、いえることがなく、あなたの傷は重い。あなたのうわさを聞く者は皆、あなたの事について手を打つ。あなたの悪を常に身に受けなかったような者が、だれひとりあるか。
১৯তোমাৰ ঘা সুস্থ হ’বলৈ কোনো সম্ভাৱনা নাই। তোমাৰ ঘা অত্যন্ত। তোমাৰ বিষয়ে বাৰ্ত্তা শুনা সকলোৱে তোমালৈ হাত-তালি দিব; কাৰণ কোনে তোমাৰ অনৰ্গল দুষ্কৰ্মৰ পৰা মুক্তি পাইছে?

< ナホム書 3 >