< マラキ書 3 >

1 「見よ、わたしはわが使者をつかわす。彼はわたしの前に道を備える。またあなたがたが求める所の主は、たちまちその宮に来る。見よ、あなたがたの喜ぶ契約の使者が来ると、万軍の主が言われる。
বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ যুগুত কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।”
2 その来る日には、だれが耐え得よう。そのあらわれる時には、だれが立ち得よう。彼は金をふきわける者の火のようであり、布さらしの灰汁のようである。
কিন্তু তেওঁৰ আগমনৰ দিন কোনে সহিব পাৰিব? তেওঁ উপস্থিত হ’লে কোনে থিয় হৈ থিৰেৰে থাকিব পাৰিব? কিয়নো তেওঁ শোধন কৰা একুৰা জুইৰ তুল্য আৰু ধোবাৰ চাবোনৰ তুল্য।
3 彼は銀をふきわけて清める者のように座して、レビの子孫を清め、金銀のように彼らを清める。そして彼らは義をもって、ささげ物を主にささげる。
তেওঁ ৰূপ পৰিস্কাৰ আৰু বিশুদ্ধ কৰা লোকৰ দৰে বিচাৰ কৰিবলৈ বহিব। তেওঁ লেবীৰ সন্তান সকলক শুচি কৰিব; সোণ আৰু ৰূপৰ দৰে তেওঁলোকক বিশুদ্ধ কৰিব। পাছত তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে ধাৰ্মিকতাৰ নৈবেদ্য উৎসৰ্গ কৰিব।
4 その時ユダとエルサレムとのささげ物は、昔の日のように、また先の年のように主に喜ばれる。
তেতিয়া যেনেকৈ পূর্বৰ দিনবোৰত আৰু আদিকালৰ বছৰবোৰত হৈছিল, তেনেকৈ যিহূদা আৰু যিৰূচালেমৰ লোকসকলৰ উৎসর্গৰ নৈবেদ্যৰে যিহোৱাক সন্তুষ্ট কৰিব।
5 そしてわたしはあなたがたに近づいて、さばきをなし、占い者、姦淫を行う者、偽りの誓いをなす者にむかい、雇人の賃銀をかすめ、やもめと、みなしごとをしえたげ、寄留の他国人を押しのけ、わたしを恐れない者どもにむかって、すみやかにあかしを立てると、万軍の主は言われる。
বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অন্যায় কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, সেই লোকসকলৰ বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
6 主なるわたしは変ることがない。それゆえ、ヤコブの子らよ、あなたがたは滅ぼされない。
“কিয়নো মই, যিহোৱা, মোৰ কোনো পৰিবৰ্ত্তন নাই; সেয়ে, হে যাকোবৰ বংশধৰ, তোমালোক বিনষ্ট হোৱা নাই।
7 あなたがたは、その先祖の日から、わが定めを離れて、これを守らなかった。わたしに帰れ、わたしはあなたがたに帰ろうと、万軍の主は言われる。ところが、あなたがたは『われわれはどうして帰ろうか』と尋ねる。
তোমালোকৰ পূর্ব-পুৰুষসকলৰ দিনৰে পৰা তোমালোকে মোৰ বিধিবোৰ ত্যাগ কৰি আহিছা, সেইবোৰ পালন কৰা নাই। মোৰ ওচৰলৈ ঘূৰি আহাঁ আৰু ময়ো তোমালোকৰ কাষলৈ ঘূৰি আহিম; কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ ঘূৰি আহিম?’
8 人は神の物を盗むことをするだろうか。しかしあなたがたは、わたしの物を盗んでいる。あなたがたはまた『どうしてわれわれは、あなたの物を盗んでいるのか』と言う。十分の一と、ささげ物をもってである。
মানুহে ঈশ্বৰক ঠগাব নেকি? কিন্তু তোমালোকেতো মোক ঠগাইছা। তথাপিও তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাক ঠগাইছোঁ?’ আয়ৰ দশম ভাগত আৰু দানৰ বিষয়ত তোমালোকে মোক ঠগাইছা।
9 あなたがたは、のろいをもって、のろわれる。あなたがたすべての国民は、わたしの物を盗んでいるからである。
তোমালোক এক অভিশাপত অভিশপ্ত; কিয়নো তোমালোকে মোকেই ঠগাইছা, এনে কি গোটেই জাতিয়েই ঠগাইছে।
10 わたしの宮に食物のあるように、十分の一全部をわたしの倉に携えてきなさい。これをもってわたしを試み、わたしが天の窓を開いて、あふるる恵みを、あなたがたに注ぐか否かを見なさいと、万軍の主は言われる。
১০তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে।
11 わたしは食い滅ぼす者を、あなたがたのためにおさえて、あなたがたの地の産物を、滅ぼさないようにしよう。また、あなたがたのぶどうの木が、その熟する前に、その実を畑に落すことのないようにしようと、万軍の主は言われる。
১১“মই তোমালোকৰ বিৰুদ্ধে গ্ৰাসকাৰী পোকক ধমকি দিম যাতে সেইবোৰে তোমালোকৰ ভূমিৰ শস্য নষ্ট নকৰিব; তোমালোকৰ বাৰীৰ দ্ৰাক্ষালতাৰ ফল সময়ৰ আগেয়ে সৰি নপৰিব।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে।
12 こうして万国の人は、あなたがたを祝福された者ととなえるであろう。あなたがたは楽しい地となるからであると、万軍の主は言われる。
১২“সকলো জাতিয়ে তোমালোকক ধন্য বুলিব; কিয়নো, তোমালোক আনন্দপূর্ণ দেশৰ লোক হ’বা।” বাহিনীগণৰ যিহোৱাই এই কথা কৈছে।
13 主は言われる、あなたがたは言葉を激しくして、わたしに逆らった。しかもあなたがたは『われわれはあなたに逆らって、どんな事を言ったか』と言う。
১৩যিহোৱাই পুনৰ কৈছে, “তোমালোকে মোৰ অহিতে টান টান কথা কৈছা।” কিন্তু তোমালোকে কৈছা, ‘আমি তোমাৰ অহিতে কি কলোঁ?’
14 あなたがたは言った、『神に仕える事はつまらない。われわれがその命令を守り、かつ万軍の主の前に、悲しんで歩いたからといって、なんの益があるか。
১৪তোমালোকে ক’লা, ‘ঈশ্বৰৰ ভজনা কৰা অনর্থক। তেওঁৰ আজ্ঞা পালন কৰা বা শোক প্রকাশ কৰি বাহিনীসকলৰ যিহোৱাৰ সাক্ষাতে চলা-ফুৰা কৰাৰ দ্বাৰাই আমাৰ কি লাভ হ’ল?
15 今われわれは高ぶる者を、祝福された者と思う。悪を行う者は栄えるばかりでなく、神を試みても罰せられない』」。
১৫আমি এতিয়া গৰ্ব্বী লোকসকলক ধন্য বোলোঁ; হয়, দুষ্টাচাৰীসকল প্রতিষ্ঠিত হৈছে আৰু তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিও ৰক্ষা পাইছে।”
16 そのとき、主を恐れる者は互に語った。主は耳を傾けてこれを聞かれた。そして主を恐れる者、およびその名を心に留めている者のために、主の前に一つの覚え書がしるされた。
১৬তেতিয়া যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোকে এজনে আন জনৰ সৈতে আলাপ কৰিলে আৰু যিহোৱাই তাক মনোযোগেৰে শুনিলে; যিহোৱালৈ ভয় ৰাখোঁতা আৰু তেওঁৰ নামক সন্মান কৰোঁতা সকলৰ কাৰণে তেওঁলোকৰ সন্মুখত এখন স্মৰণাৰ্থক পুথি লিখা হ’ল।
17 「万軍の主は言われる、彼らはわたしが手を下して事を行う日に、わたしの者となり、わたしの宝となる。また人が自分に仕える子をあわれむように、わたしは彼らをあわれむ。
১৭বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোক মোৰেই হ’ব; মই কাৰ্য কৰাৰ দিনা তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ’ব; মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম।
18 その時あなたがたは、再び義人と悪人、神に仕える者と、仕えない者との区別を知るようになる。
১৮তেতিয়া পুনৰায় তোমালোক ঘূৰি আহিবা; ধাৰ্মিক আৰু দুষ্টৰ মাজত, অর্থাৎ ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।”

< マラキ書 3 >