< レビ記 21 >

1 主はまたモーセに言われた、「アロンの子なる祭司たちに告げて言いなさい、『民のうちの死人のために、身を汚す者があってはならない。
পাছত যিহোৱাই মোচিক ক’লে: “তুমি পুৰোহিতসকলক অৰ্থাৎ হাৰোণৰ পুত্ৰসকলক কোৱা, ‘নিজ লোকসকলৰ মাজৰ কোনো মানুহ মৰিলে, তেওঁৰ বাবে কোনেও নিজকে অশুচি কৰিব নালাগে।
2 ただし、近親の者、すなわち、父、母、むすこ、娘、兄弟のため、
কেৱল নিজৰ ওচৰ সম্বন্ধীয়া একে তেজৰ, অৰ্থাৎ নিজৰ মাক, বাপেক, পুতেক, জীয়েক, ককায়েক আৰু ভায়েকৰ বাবে নিজকে অশুচি কৰিব পাৰে।
3 また彼の近親で、まだ夫のない処女なる姉妹のためには、その身を汚してもよい。
আৰু যি কন্যা ছোৱালী বিয়া হোৱা নাই, এনে ওচৰ সম্বন্ধীয়া নিজৰ বায়েক কি ভনীয়েক মৰিলে, তেওঁৰ বাবেও নিজকে অশুচি কৰিব পাৰে।
4 しかし、夫にとついだ姉妹のためには、身を汚してはならない。
নিজ লোকসকলৰ মাজত এজন প্ৰধান লোক হোৱাৰ কাৰণে, তেওঁ আন লোকৰ বাবে নিজকে অপবিত্ৰ কৰিবৰ অৰ্থে নিজকে অশুচি কৰিব নোৱাৰে।
5 彼らは頭の頂をそってはならない。ひげの両端をそり落してはならない。また身に傷をつけてはならない。
পুৰোহিতসকলে নিজ নিজ মুৰৰ কোনো ঠাই খুৰাই টকলা নকৰিব, দাড়িৰ চুক নুখুৰাব আৰু নিজ গা কাট-কুট নকৰিব।
6 彼らは神に対して聖でなければならない。また神の名を汚してはならない。彼らは主の火祭、すなわち、神の食物をささげる者であるから、聖でなければならない。
তেওঁলোক তেওঁলোকৰ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ হ’ব, নিজৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিব। কিয়নো তেওঁলোকে যিহোৱাৰ অগ্নিকৃত উপহাৰ, নিজৰ ঈশ্বৰৰ “ভক্ষ্য” উৎসৰ্গ কৰে, এই হেতুকে তেওঁলোক পবিত্ৰ হ’ব লাগে।
7 彼らは遊女や汚れた女をめとってはならない。また夫に出された女をめとってはならない。祭司は神に対して聖なる者だからである。
পুৰোহিতে বেশ্যা বা ভ্ৰষ্টা মহিলা গ্ৰহণ নকৰিব আৰু স্বামীয়ে ত্যাগ কৰা মহিলা গ্ৰহণ নকৰিব, কিয়নো তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ।
8 あなたは彼を聖としなければならない。彼はあなたの神の食物をささげる者だからである。彼はあなたにとって聖なる者でなければならない。あなたがたを聖とする主、すなわち、わたしは聖なる者だからである。
এই কাৰণে তুমি তেওঁক পবিত্ৰ কৰি ৰাখিবা; কিয়নো তেওঁ তোমাৰ ঈশ্বৰৰ ‘ভক্ষ্য দ্ৰব্য’ উৎসৰ্গ কৰে। তেওঁ তোমাৰ পক্ষে পবিত্ৰ হ’ব লাগে, কিয়নো তোমালোকক পবিত্ৰ কৰোঁতা যিহোৱা যি মই, মই পবিত্ৰ।
9 祭司の娘である者が、淫行をなして、その身を汚すならば、その父を汚すのであるから、彼女を火で焼かなければならない。
কোনো পুৰোহিতৰ জীয়েকে যদি বেশ্যা কৰ্ম কৰি নিজক অপবিত্ৰ কৰে, তেন্তে তাই নিজ বাপেককো অপবিত্ৰ কৰা হয়; তাইক জুইত পোৰা যাব।
10 その兄弟のうち、頭に注ぎ油を注がれ、職に任ぜられて、その衣服をつけ、大祭司となった者は、その髪の毛を乱してはならない。またその衣服を裂いてはならない。
১০আৰু নিজ ভাইসকলৰ মাজত যি প্ৰধান পুৰোহিতৰ মুৰত যি অভিষেকাৰ্থক তেল ঢলা গ’ল আৰু পবিত্ৰ বস্তুবোৰ পিন্ধিবৰ কাৰণে নিযুক্ত কৰা হ’ল, তেওঁ নিজৰ মুৰৰ চুলি মুকলিকৈ নাৰাখিব আৰু নিজৰ কাপোৰ নাফালিব।
11 死人のところに、はいってはならない。また父のためにも母のためにも身を汚してはならない。
১১তেওঁ কোনো মৰা শৱৰ ওচৰলৈ নাযাব; নিজ পিতৃ কি মাতৃৰ কাৰণেও তেওঁ নিজকে অশুচি নকৰিব।
12 また聖所から出てはならない。神の聖所を汚してはならない。その神の注ぎ油による聖別が、彼の上にあるからである。わたしは主である。
১২ধৰ্মধামৰ পৰা বাহিৰ হৈ নাযাব আৰু নিজ ঈশ্বৰৰ ধৰ্মধাম অপবিত্ৰ নকৰিব, কিয়নো নিজ ঈশ্বৰৰ অভিষেকাৰ্থক তেল কিৰীটি স্বৰূপে তেওঁৰ মুৰত আছে। মই যিহোৱা।
13 彼は処女を妻にめとらなければならない。
১৩প্রধান পুৰোহিতে কেৱল পুৰুষে স্পৰ্শ নকৰা ছোৱালীহে বিয়া কৰিব।
14 寡婦、出された女、汚れた女、遊女などをめとってはならない。ただ、自分の民のうちの処女を、妻にめとらなければならない。
১৪বিধৱা বা স্বামীয়ে ত্যাগ কৰা, ভ্ৰষ্টা বা বেশ্যা এনে মহিলা তেওঁ বিয়া নকৰিব। কিন্তু নিজ লোকসকলৰ মাজৰ পুৰুষে স্পৰ্শ নকৰা কোনো ছোৱালী বিয়া কৰিব।
15 そうすれば、彼は民のうちに、自分の子孫を汚すことはない。わたしは彼を聖別する主だからである』」。
১৫তেওঁ নিজ লোকসকলৰ মাজত নিজ বংশ অপবিত্ৰ নকৰিব, কিয়নো মই তেওঁক পবিত্ৰ কৰোঁতা যিহোৱা’।”
16 主はまたモーセに言われた、
১৬যিহোৱাই মোচিক আৰু ক’লে, বোলে,
17 「アロンに告げて言いなさい、『あなたの代々の子孫で、だれでも身にきずのある者は近寄って、神の食物をささげてはならない。
১৭“তুমি হাৰোণক কোৱা, পুৰুষানুক্ৰমে তোমাৰ বংশৰ মাজত যিজনৰ গাত ঘুণ থাকিব, তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
18 すべて、その身にきずのある者は近寄ってはならない。すなわち、目しい、足なえ、鼻のかけた者、手足の不つりあいの者、
১৮কিয়নো যিকোনো লোকৰ ঘুণ থাকিব, সি ওচৰ নাচাপিব; যেনে কণা, খোৰা, ফেঁচা-নকা,
19 足の折れた者、手の折れた者、
১৯অধিক অঙ্গ থকা, কি ভৰি ভগা, কি হাত ভগা,
20 せむし、こびと、目にきずのある者、かいせんの者、かさぶたのある者、こうがんのつぶれた者などである。
২০কি কুজাঁ, কি বাওনা বা চকুৰ ৰোগী বা খজুলি থকা, কি নিকৰি বন্ধা, কি অণ্ডকোষ কঢ়া।
21 すべて祭司アロンの子孫のうち、身にきずのある者は近寄って、主の火祭をささげてはならない。彼は身にきずがあるから、神の食物をささげるために、近寄ってはならない。
২১আদি কৰি কোনো ঘুণ থকা যি পুৰুষ হাৰোণ পুৰোহিতৰ বংশৰ মাজত থাকিব, তেওঁ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। তেওঁৰ ঘুণ আছে; তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
22 彼は神の食物の聖なる物も、最も聖なる物も食べることができる。
২২ঈশ্বৰৰ ‘ভক্ষ্য’, অৰ্থাৎ অতি পবিত্ৰ আৰু পবিত্ৰ বস্তু দুয়োকো তেওঁ ভোজন কৰিব পাৰিব।
23 ただし、垂幕に近づいてはならない。また祭壇に近寄ってはならない。身にきずがあるからである。彼はわたしの聖所を汚してはならない。わたしはそれを聖別する主である』」。
২৩কেৱল প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ নোসোমাব আৰু যজ্ঞবেদীৰ ওচৰ নাচাপিব, কিয়নো তেওঁৰ ঘুণ আছে; তাতে তেওঁ মোৰ পবিত্ৰ ঠাইবোৰ অপবিত্ৰ নকৰিব। কিয়নো মই সেই সকলোকে পবিত্ৰ কৰোঁতা যিহোৱা’।”
24 モーセはこれをアロンとその子ら及びイスラエルのすべての人々に告げた。
২৪এইদৰে মোচিয়ে হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ আটাই সন্তানসকলক এই কথাবোৰ ক’লে।

< レビ記 21 >