< 士師記 4 >

1 エホデが死んだ後、イスラエルの人々がまた主の前に悪をおこなったので、
এহূদৰ মৃত্যুৰ পাছত, ইস্ৰায়েলৰ সন্তান সকলে পুনৰ যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিলে।
2 主は、ハゾルで世を治めていたカナンの王ヤビンの手に彼らを売りわたされた。ヤビンの軍勢の長はハロセテ・ゴイムに住んでいたシセラであった。
তেতিয়া যিহোৱাই হাচোৰত শাসন কৰা যাবীন নামৰ এজন কনানীয়া ৰজাৰ হাতত তেওঁলোকক তুলি দিলে; তেওঁৰ সেনাপতিজনৰ নাম আছিল চীচৰা। চীচৰাই অনা-ইস্রায়েলী লোক বাস কৰা হৰোচৎ হোহোইমত বাস কৰিছিল।
3 彼は鉄の戦車九百両をもち、二十年の間イスラエルの人々を激しくしえたげたので、イスラエルの人々は主に向かって呼ばわった。
সেই সেনাপতিৰ নশ লোহাৰ ৰথ আছিল আৰু তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলীয়া লোক সকলৰ ওপৰত অতিশয় উৎপীড়ন চলাইছিল। সেয়ে, ইস্রায়েলবাসীয়ে যিহোৱাৰ ওচৰত সহায় বিচাৰি কাতৰোক্তি কৰিবলৈ ধৰিলে।
4 そのころラピドテの妻、女預言者デボラがイスラエルをさばいていた。
সেই সময়ত লপ্পীদোতৰ ভাৰ্যা দবোৰা নামৰ এগৰাকী মহিলা ভাববাদী আছিল। তেওঁ তেতিয়া ইস্ৰায়েলৰ বিচাৰকর্তা আছিল।
5 彼女はエフライムの山地のラマとベテルの間にあるデボラのしゅろの木の下に座し、イスラエルの人々は彼女のもとに上ってきて、さばきをうけた。
তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ ৰামা আৰু বৈৎএলৰ মাজৰ দবোৰাৰ খাজুৰ গছ নামেৰে জনাজাত খাজুৰ গছৰ তলত বহে আৰু ইস্ৰায়েলৰ সন্তান সকলে নিজৰ কাজিয়া-পেচালৰ মীমাংসাৰ কাৰণে তেওঁৰ গুৰিলৈ আহে।
6 デボラは人をつかわして、ナフタリのケデシからアビノアムの子バラクを招いて言った、「イスラエルの神、主はあなたに、こう命じられるではありませんか、『ナフタリの部族とゼブルンの部族から一万人を率い、行って、タボル山に陣をしけ。
তেওঁ নপ্তালী দেশৰ কেদচৰ পৰা অবীনোৱমৰ পুত্ৰ বাৰাকক মাতি আনি ক’লে, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই আপোনাক এই আজ্ঞা দিছে, ‘তুমি নপ্তালীৰ আৰু জবূলূনৰ বংশৰ দহ হাজাৰ লোক লগত লৈ তাবোৰ পৰ্ব্বতৰ ফালে যোৱা।
7 わたしはヤビンの軍勢の長シセラとその戦車と軍隊とをキション川に引き寄せて、あなたに出あわせ、彼をあなたの手にわたすであろう』」。
মই যাবীনৰ সেনাপতি চীচৰাক, তেওঁৰ ৰথ আৰু সৈন্যদলৰ সৈতে কীচোন নদীৰ ওচৰলৈ লৈ যাম আৰু মই তোমাক তেওঁৰ ওপৰত জয়যুক্ত কৰিম’।”
8 バラクは彼女に言った、「あなたがもし一緒に行ってくだされば、わたしは行きます。しかし、一緒に行ってくださらないならば、行きません」。
তেতিয়া বাৰাকে দাবোৰাক ক’লে, “আপুনি যদি মোৰ লগত যায়, তেতিয়াহে মই যাম; কিন্তু যদি আপুনি নাযায়, তেনেহ’লে মই নাযাওঁ।”
9 デボラは言った、「必ずあなたと一緒に行きます。しかしあなたは今行く道では誉を得ないでしょう。主はシセラを女の手にわたされるからです」。デボラは立ってバラクと一緒にケデシに行った。
তেওঁ ক’লে, “ঠিক আছে, মই আপোনাৰ লগত নিশ্চয়ে যাম। কিন্তু এই যুদ্ধ-যাত্ৰাৰ গৌৰৱ হ’লে আপুনি নাপাব; কিয়নো যিহোৱাই এগৰাকী মহিলাৰ শক্তিৰ দ্বাৰাই চীচৰাক পৰাস্ত কৰিব।” তাৰ পাছত দবোৰাই উঠি বাৰাকেৰে সৈতে কেদচলৈ গ’ল।
10 バラクはゼブルンとナフタリをケデシに呼び集め、一万人を従えて上った。デボラも彼と共に上った。
১০বাৰাকে জবূলূন আৰু নপ্তালী বংশৰ লোক সমূহক কেদচলৈ একলগে মাতি আনিলে। দহ হাজাৰ লোক তেওঁৰ লগত গ’ল আৰু দবোৰাও তেওঁৰ লগত গ’ল।
11 時にケニびとヘベルはモーセのしゅうとホバブの子孫であるケニびとから分れて、ケデシに近いザアナイムのかしの木までも遠く行って天幕を張っていた。
১১সেই সময়ত হেবৰ নামৰ কেনীয়া সম্প্রদায়ৰ এজন লোক আছিল; তেওঁ অন্যান্য কেনীয়াসকলক এৰি নিজে পৃথকে আছিল। কেনীয়াসকল আছিল মোচিৰ শহুৰেক হোববৰ উত্তৰপুৰুষ। হেবৰে কেদচৰ ওচৰৰ চনন্নীমত থকা ওক গছৰ দাঁতিত নিজৰ তম্বু তৰিছিল।
12 アビノアムの子バラクがタボル山に上ったと、人々がシセラに告げたので、
১২চীচৰাই এই খবৰ পালে যে, অবীনোৱমৰ পুত্ৰ বাৰাক তাবোৰ পৰ্ব্বতলৈ উঠি গৈছে।
13 シセラは自分の戦車の全部すなわち鉄の戦車九百両と、自分と共におるすべての民をハロセテ・ゴイムからキション川に呼び集めた。
১৩চীচৰাই তেতিয়া নিজৰ নশ লোহাৰ ৰথ আৰু তেওঁৰ লগত থকা সকলো সৈন্যকে গোটাই লৈ অনা-ইস্রায়েলী জাতিৰ হৰোচৎৰ পৰা কীচোন নদীৰ পাৰলৈ আহিল।
14 デボラはバラクに言った、「さあ、立ちあがりなさい。きょうは主がシセラをあなたの手にわたされる日です。主はあなたに先立って出られるではありませんか」。そこでバラクは一万人を従えてタボル山から下った。
১৪তেতিয়া দবোৰাই বাৰাকক ক’লে, “আপুনি আগবাঢ়ি যাওঁক! কিয়নো চীচৰাক পৰাজয় কৰিবৰ কাৰণে যিহোৱাই আজিয়েই এই সময় আপোনাক দিছে; যিহোৱাই জানো আপোনাক পথ দেখুৱাই নিয়া নাই?” তেতিয়া বাৰাক আৰু তেওঁৰ পাছে পাছে যোৱা দহ হাজাৰ লোক তাবোৰ পৰ্ব্বতৰ পৰা নামিল।
15 主はつるぎをもってシセラとすべての戦車および軍勢をことごとくバラクの前に撃ち敗られたので、シセラは戦車から飛びおり、徒歩で逃げ去った。
১৫বাৰাকৰ লোকসকলে যেতিয়া তেওঁলোকক আক্রমণ কৰিলে, তেতিয়া যিহোৱাই চীচৰা, তেওঁৰ সকলো ৰথবোৰ আৰু সৈন্যসামন্তক বিভ্রান্ত কৰি তুলিলে; তাতে চীচৰাই ৰথৰ পৰা নামি দৌৰি পলাই গ’ল।
16 バラクは戦車と軍勢とを追撃してハロセテ・ゴイムまで行った。シセラの軍勢はことごとくつるぎにたおれて、残ったものはひとりもなかった。
১৬কিন্তু বাৰাকে অনা-ইস্রায়েলীৰ হৰোচৎ পর্যন্ত তেওঁলোকৰ ৰথ আৰু সৈন্যসামন্তৰ পাছে পাছে খেদি গ’ল; চীচৰাৰ সকলো সৈন্যকে তৰোৱালেৰে আঘাত কৰি বধ কৰা হ’ল, এজন লোকো বাচি নাথাকিল।
17 しかしシセラは徒歩で逃げ去って、ケニびとヘベルの妻ヤエルの天幕に行った。ハゾルの王ヤビンとケニびとヘベルの家とは互にむつまじかったからである。
১৭কিন্তু চীচৰাই দৌৰি পলাই গৈ সেই কেনীয়া হেবৰৰ ভার্য্যা যায়েলৰ তম্বুলৈ আহিল; কাৰণ সেই সময়ত হাচোৰৰ ৰজা যাবীন আৰু কেনীয়া হেবৰৰ বংশৰ মাজত বন্ধুত্ব আছিল।
18 ヤエルは出てきてシセラを迎え、彼に言った、「おはいりください。主よ、どうぞうちへおはいりください。恐れるにはおよびません」。シセラが天幕にはいったので、ヤエルは毛布をもって彼をおおった。
১৮যায়েলে চীচৰাক আগবঢ়ায় আনিবলৈ ওলাই গৈ তেওঁক ক’লে, “হে মোৰ প্ৰভু, ভিতৰলৈ আহঁক, মোৰ ভিতৰলৈকে আহঁক, ভয় নকৰিব।” তাতে চীচৰা যায়েলৰ তম্বুৰ ভিতৰলৈ গ’ল আৰু যায়েলে এখন কম্বলেৰে চীচৰাক ঢাকি দিলে।
19 シセラはヤエルに言った、「どうぞ、わたしに水を少し飲ませてください。のどがかわきましたから」。ヤエルは乳の皮袋を開いて彼に飲ませ、また彼をおおった。
১৯চীচৰাই তেওঁক ক’লে, “মোৰ পিয়াহ লাগিছে, অনুগ্রহ কৰি মোক অলপ পানী পিবলৈ দিয়া।” যায়েলে এটা গাখীৰৰ মোট মেলি তেওঁক পান কৰিবলৈ দি পাছত আকৌ তেওঁক ঢাকি ৰাখিলে।
20 シセラはまたヤエルに言った、「天幕の入口に立っていてください。もし人がきて、あなたに『だれか、ここにおりますか』と問うならば『おりません』と答えてください」。
২০চীচৰাই তেওঁক ক’লে, “তুমি তম্বুৰ দুৱাৰ মুখত থিয় হৈ থাকা; যদি কোনো মানুহে আহি তোমাক সোধে, ইয়াতে কোনো মানুহ আছেনে? তুমি ‘নাই’ বুলি কবা।”
21 しかし彼が疲れて熟睡したとき、ヘベルの妻ヤエルは天幕のくぎを取り、手に槌を携えて彼に忍び寄り、こめかみにくぎを打ち込んで地に刺し通したので、彼は息絶えて死んだ。
২১পাছত চীচৰা তাতে গভীৰ নিদ্রা গ’ল; এনে সময়তে হেবৰৰ ভার্য্যা যায়েলে তম্বুৰ এটা খুটি আৰু হাতুৰী হাতত ল’লে আৰু তাৰ পাছত মনে মনে তেওঁৰ ওচৰলৈ গৈ তেওঁৰ মূৰৰ একাষে সেই খুটি হাতুৰিৰে সুমুৱাই দিলে; খুটিটো মূৰৰ মাজেদি ওলাই মাটিত গৈ হানিলে। এইদৰে চীচৰাৰ মৃত্যু হ’ল।
22 バラクがシセラを追ってきたとき、ヤエルは彼を出迎えて言った、「おいでなさい。あなたが求めている人をお見せしましょう」。彼がヤエルの天幕にはいって見ると、シセラはこめかみにくぎを打たれて倒れて死んでいた。
২২বাৰাকে চীচৰাৰ পাছে পাছে খেদি আহি সেই ঠাই পালে। যায়েলে তেওঁক মাতি আনিবলৈ বাহিৰলৈ ওলাই গৈ ক’লে, “আহঁক, আপুনি বিচাৰি ফুৰা মানুহজনক মই দেখুৱাই দিম।” তাতে বাৰাকে তেওঁৰ লগত তম্বুৰ ভিতৰলৈ সোমাই দেখিলে যে, চীচৰা মৰি পৰি আছে আৰু তেওঁৰ মূৰৰ কাষেদি তম্বুৰ খুটি সোমোৱা আছে।
23 こうしてその日、神はカナンの王ヤビンをイスラエルの人々の前に撃ち敗られた。
২৩এইদৰে যিহোৱাই সেইদিনা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখত কনানৰ ৰজা যাবীনক পৰাস্ত কৰিলে।
24 そしてイスラエルの人々の手はますますカナンびとの王ヤビンの上に重くなって、ついにカナンの王ヤビンを滅ぼすに至った。
২৪শেষত যাবীন ৰজাৰ বিনাশ নোহোৱালৈকে ইস্ৰায়েলৰ সন্তান সকল দিনে দিনে তেওঁৰ বিৰুদ্ধে অধিক শক্তিশালী হৈ উঠিল।

< 士師記 4 >