< 士師記 16 >

1 サムソンはガザへ行って、そこでひとりの遊女を見、その女のところにはいった。
এদিন চিমচোন গাজালৈ গৈছিল আৰু তাত এজনী বেশ্যা তিৰোতা দেখি তাইৰ ওচৰলৈ গ’ল।
2 「サムソンがここにきた」と、ガザの人々に告げるものがあったので、ガザの人々はその所を取り囲み、夜通し町の門で待ち伏せし、「われわれは朝まで待って彼を殺そう」と言って、夜通し静かにしていた。
তাতে “চিমচোন এই ঠাইলৈ আহিছে” বুলি ঘচাতীয়াহঁতে যেতিয়া জানিব পাৰিলে, তেতিয়া তেওঁলোকে সেই ঠাইখন বেৰি ধৰি নগৰৰ দুৱাৰত ওৰে ৰাতি তেওঁলৈ খাপ দি লুকাই থাকিল। “আহাঁ আমি ৰাতিপুৱালৈকে থাকো আৰু দিন হ’লে আমি তাক বধ কৰিম এইবুলি কৈ ওৰে ৰাতি মনে মনে থাকিল।”
3 サムソンは夜中まで寝たが、夜中に起きて、町の門のとびらと二つの門柱に手をかけて、貫の木もろともに引き抜き、肩に載せて、ヘブロンの向かいにある山の頂に運んで行った。
কিন্তু চিমচোন মাজ নিশালৈকে তাতে থাকি, মাজনিশা উঠি নগৰৰ দুৱাৰৰ দুখলপা আৰু খুঁটা দুটা হাতেৰে ধৰি উঘালি ডাঙেৰে সৈতে কান্ধত তুলি হিব্ৰোণৰ আগত থকা পৰ্ব্বতৰ টিঙলৈ লৈ গ’ল।
4 この後、サムソンはソレクの谷にいるデリラという女を愛した。
তাৰ পাছত চোৰেক উপত্যকাত থকা দলীলা নামেৰে এজনী তিৰোতাৰ প্ৰেমত মোহ গ’ল।
5 ペリシテびとの君たちはその女のところにきて言った、「あなたはサムソンを説きすすめて、彼の大力はどこにあるのか、またわれわれはどうすれば彼に勝って、彼を縛り苦しめることができるかを見つけなさい。そうすればわれわれはおのおの銀千百枚ずつをあなたにさしあげましょう」。
তাতে পলেষ্টীয়াসকলৰ অধিপতিসকল তাইৰ ওচৰলৈ আহিল আৰু তাইক ক’লে, “তই তাক ফুচুলাই তাৰ এই গোপণ ৰহস্য জানিবলৈ চেষ্টা কৰ। তেতিয়া তাক কি দৰে ধৰি বান্ধিব পাৰিম, সেই বিষয়ে জানিব পাৰিম আৰু আমি তাক ইচ্ছামতে চলাব পাৰিম। যদি তই এইটো কাম কৰি দিয়, আমি প্রত্যেকে তোক এঘাৰ শ চেকল ৰূপৰ মুদ্ৰা দিম।”
6 そこでデリラはサムソンに言った、「あなたの大力はどこにあるのか、またどうすればあなたを縛って苦しめることができるか、どうぞわたしに聞かせてください」。
পাছত দলীলাই চিমচোনক ক’লে, “বিনয় কৰোঁ তোমাৰ এনে মহাবল কিহত আছে আৰু দুৰ্গতি কৰিবলৈ তোমাক কিহেৰে বান্ধিব লাগে সেই বিষয়ে মোক কোৱা।”
7 サムソンは女に言った、「人々がもし、かわいたことのない七本の新しい弓弦をもってわたしを縛るなら、わたしは弱くなってほかの人のようになるでしょう」。
তেতিয়া চিমচোনে তাইক ক’লে “নতুন সাত খন ধনুৰ নুশুকুৱা গুণেৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
8 そこでペリシテびとの君たちが、かわいたことのない七本の新しい弓弦を女に持ってきたので、女はそれをもってサムソンを縛った。
পাছত পলেষ্টীয়াসকলৰ অধিপতিসকলে সাতডাল নুশুকুৱা ধনুৰগুণ আনি সেই মহিলাক দিলে; তেতিয়া তাই তাৰে চিমচোনক বান্ধিলে।
9 女はかねて奥のへやに人を忍ばせておいて、サムソンに言った、「サムソンよ、ペリシテびとがあなたに迫っています」。しかしサムソンはその弓弦を、あたかも亜麻糸が火にあって断たれるように断ち切った。こうして彼の力の秘密は知れなかった。
সেই সময়ত তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই চিমচোনক ক’লে, “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া।” তাতে জুইৰ তাপত শণ সূতা যেনেকৈ ছিগে, তেনেকৈ তেওঁ সেই ধনুৰ গুণবোৰ বোৰ ছিঙি পেলালে; এইদৰে তেওঁৰ শক্তিৰ বিষয়ে একো বুজি পোৱা নগ’ল।
10 デリラはサムソンに言った、「あなたはわたしを欺いて、うそを言いました。どうしたらあなたを縛ることができるか、どうぞ今わたしに聞かせてください」。
১০পাছত দলীলাই চিমচোনক ক’লে “চোৱা, তুমি মোক ঠগিলা আৰু মিছা কথা ক’লা; এতিয়া বিনয় কৰোঁ, তুমি কোৱাচোন তোমাৰ এই মহাশক্তি কৰ পৰা হয়।”
11 サムソンは女に言った、「もし人々がまだ用いたことのない新しい綱をもって、わたしを縛るなら、弱くなってほかの人のようになるでしょう」。
১১তেতিয়া তেওঁ তাইক ক’লে, “যি ৰছীৰে কোনো লোকে কোনো কাম কৰা নাই, এনে কেইবাডালো নতুন ৰছীৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
12 そこでデリラは新しい綱をとり、それをもって彼を縛り、そして彼に言った、「サムソンよ、ペリシテびとがあなたに迫っています」。時に人々は奥のへやに忍んでいたが、サムソンはその綱を糸のように腕から断ち落した。
১২তাতে দলীলাই নতুন ৰছী কেইডালমান লৈ তাৰে তেওঁক বান্ধিলে; তেতিয়া তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই তেওঁক ক’লে “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া;” তেতিয়া তেওঁ নিজৰ হাতেৰে সেইবোৰক সূতাৰ নিচিনাকৈ ছিঙি পেলালে।
13 そこでデリラはサムソンに言った、「あなたは今まで、わたしを欺いて、うそを言いましたが、どうしたらあなたを縛ることができるか、わたしに聞かせてください」。彼は女に言った、「あなたがもし、わたしの髪の毛七ふさを機の縦糸と一緒に織って、くぎでそれを留めておくならば、わたしは弱くなってほかの人のようになるでしょう」。そこで彼が眠ったとき、デリラはサムソンの髪の毛、七ふさをとって、それを機の縦糸に織り込み、
১৩পাছত দলীলাই চিমচোনক ক’লে, “তুমি এতিয়াও মোক ঠগিলা আৰু মিছা কথা কৈছা; কিহেৰে তোমাক বান্ধিব পৰা যায় সেই বিষয়ে মোক কোৱা।” চিমচোনে তাইক ক’লে, “তই যদি মোৰ চুলি সাতকোঁচা তাঁতৰ লগত বৱ, তেতিয়া হ’লে মই আন মানুহৰ দৰে হৈ পৰিম।”
14 くぎでそれを留めておいて、彼に言った、「サムソンよ、ペリシテびとがあなたに迫っています」。しかしサムソンは目をさまして、くぎと機と縦糸とを引き抜いた。
১৪তেতিয়া তাই তাঁতৰ খুটিৰ লগত তাক বান্ধি তেওঁক ক’লে, “হেৰা চিমচোন, পলেষ্টীয়াসকলে তোমাক ধৰেহে এতিয়া;” তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই, তাঁতেৰে সৈতে তাঁতৰ খুটি উঘালি পেলালে।
15 そこで女はサムソンに言った、「あなたの心がわたしを離れているのに、どうして『おまえを愛する』と言うことができますか。あなたはすでに三度もわたしを欺き、あなたの大力がどこにあるかをわたしに告げませんでした」。
১৫পাছত দলীলাই তেওঁক ক’লে, “তুমি মোক বিশ্বাস কৰা নাই; অথচ তুমি মোক ভাল পাওঁ বুলি কোৱা। তোমাৰ মহাশক্তিৰ গোপন ৰহস্যৰ কথা তুমি মোক নক’লা; কিন্তু এই বিষয়লৈ তুমি মোক তিনিবাৰকৈ ঠগিলা।”
16 女は毎日その言葉をもって彼に迫り促したので、彼の魂は死ぬばかりに苦しんだ。
১৬এইদৰে তাই প্রতিদিনে তেওঁক ইমানকৈ ধৰিলে যে, তেওঁৰ নিজ প্ৰাণত বেজাৰ লাগিল আৰু মৰিবলৈ ইচ্ছা কৰিলে।
17 彼はついにその心をことごとく打ち明けて女に言った、「わたしの頭にはかみそりを当てたことがありません。わたしは生れた時から神にささげられたナジルびとだからです。もし髪をそり落されたなら、わたしの力は去って弱くなり、ほかの人のようになるでしょう」。
১৭তেতিয়া তেওঁ নিজৰ মনৰ সকলো কথা ভাঙি-পাতি এইদৰে ক’লে যে, “মোৰ মূৰত কেতিয়াও খুৰ লগোৱা হোৱা নাই, কিয়নো মাৰ গৰ্ভৰে পৰা মই ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় মানুহ; মুৰ খুৰালেই মোৰ শক্তিয়ে মোক এৰি যাব; তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
18 デリラはサムソンがその心をことごとく打ち明けたのを見、人をつかわしてペリシテびとの君たちを呼んで言った、「サムソンはその心をことごとくわたしに打ち明けましたから、今度こそ上っておいでなさい」。そこでペリシテびとの君たちは、銀を携えて女のもとに上ってきた。
১৮এইদৰে তেওঁ মনৰ সকলো কথা ভাঙি ক’লে বুলি দলীলাই বুজি পোৱাৰ পাছত, মানুহ পঠিয়াই পলেষ্টীয়াসকলৰ অধিপতি সকলক মাতি আনি ক’লে, “এইবাৰ আহাঁ কিয়নো তেওঁ মোক নিজৰ মনৰ সকলো কথা ভাঙি-পাতি ক’লে।” তেতিয়া ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ধন হাতত লৈ তাইৰ ওচৰলৈ আহিল।
19 女は自分のひざの上にサムソンを眠らせ、人を呼んで髪の毛、七ふさをそり落させ、彼を苦しめ始めたが、その力は彼を去っていた。
১৯পাছত তাই নিজৰ কোলাত তেওঁক শুৱাই ল’লে আৰু এটা মানুহ মাতি আনি তেওঁৰ মূৰৰ সাতকোঁচা চুলি খুৰুৱালে; আৰু তেওঁক দুখ দিবলৈ ধৰিলে। তাতে তেওঁৰ শক্তিয়ে তেওঁক এৰি গ’ল।
20 そして女が「サムソンよ、ペリシテびとがあなたに迫っています」と言ったので、彼は目をさまして言った、「わたしはいつものように出て行って、からだをゆすろう」。彼は主が自分を去られたことを知らなかった。
২০পাছত তাই ক’লে, “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া।” তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই মনতে ভাবিলে আন আন সময়ৰ নিচিনাকৈ বাহিৰলৈ গৈ গা জোকাৰিম; কিন্তু যিহোৱাই যে তেওঁক ত্যাগ কৰিলে সেই বিষয়ে হ’লে তেওঁ নাজানিলে।
21 そこでペリシテびとは彼を捕えて、両眼をえぐり、ガザに引いて行って、青銅の足かせをかけて彼をつないだ。こうしてサムソンは獄屋の中で、うすをひいていたが、
২১পাছত পলেষ্টীয়াহঁতে তেওঁক বন্দী কৰিলে। তাৰ পাছত তেওঁৰ চকু দুটা কাঢ়িলে; তেওঁক গাজালৈ আনি পিতলৰ দুডাল শিকলিৰে বান্ধিলে আৰু তেওঁ কাৰাগাৰত জাঁত পিহিলে।
22 その髪の毛はそり落された後、ふたたび伸び始めた。
২২তথাপি খুৰুৱাৰ পাছত তেওঁৰ মুৰৰ চুলি আকৌ বাঢ়িবলৈ ধৰিলে।
23 さてペリシテびとの君たちは、彼らの神ダゴンに大いなる犠牲をささげて祝をしようと、共に集まって言った、「われわれの神は、敵サムソンをわれわれの手にわたされた」。
২৩পাছত পলেষ্টীয়াসকলৰ অধিপতিসকলে তেওঁলোকৰ দেৱতা দাগোনৰ উদ্দেশ্যে মহা-যজ্ঞ আৰু ৰং ধেমালি কৰিবলৈ গোট খালে; কিয়নো সিহঁতে ক’লে, “আমাৰ দেৱতাই আমাৰ শত্রু চিমচোনক আমাৰ হাতত দিলে।”
24 民はサムソンを見て、自分たちの神をほめたたえて言った、「われわれの神は、われわれの国を荒し、われわれを多く殺した敵をわれわれの手にわたされた」。
২৪আৰু তেওঁক দেখি লোকসকলে তেওঁলোকৰ দেৱতাৰ প্ৰশংসা কৰিলে; কিয়নো তেওঁলোকে ক’লে “আমাৰ অনেকক বধ কৰি, দেশ বিনষ্ট কৰা শত্রুক আমাৰ দেৱতাই আমাৰ হাতত সমৰ্পণ কৰিলে।”
25 彼らはまた心に喜んで言った、「サムソンを呼んで、われわれのために戯れ事をさせよう」。彼らは獄屋からサムソンを呼び出して、彼らの前に戯れ事をさせた。彼らがサムソンを柱のあいだに立たせると、
২৫পাছত সিহঁতে আনন্দ উৎসৱ পাতি ক’লে, “চিমচোনক বাহিৰলৈ মাতি আনা, সি আমাৰ আগত ৰং দেখুৱাওঁক।” তেতিয়া লোকসকলে বন্দীশালৰ পৰা চিমচোনক উলিয়াই আনিলে আৰু তেওঁ সিহঁতৰ আগত ৰং দেখুৱালে; পাছত সিহঁতে স্তম্ভ দুটাৰ মাজত তেওঁক থিয় কৰালে।
26 サムソンは自分の手をひいている若者に言った、「わたしの手を放して、この家をささえている柱をさぐらせ、それに寄りかからせてください」。
২৬তেতিয়া চিমচোনে তেওঁৰ হাতত ধৰি থকা ল’ৰাটোক ক’লে, “মোক এৰি দে, যি দুটা স্তম্ভৰ ওপৰত ঘৰৰ ভৰ আছে, সেই দুটা মোক চুবলৈ দে, মই তাত আঁউজি থিয় হওঁ।”
27 その家には男女が満ち、ペリシテびとの君たちも皆そこにいた。また屋根の上には三千人ばかりの男女がいて、サムソンの戯れ事をするのを見ていた。
২৭সেই সময়ত পুৰুষ-মহিলাৰে সেই ঘৰ ভৰি আছিল আৰু পলেষ্টীয়াসকলৰ সকলো অধিপতিও তাত আছিল। ঘৰৰ চালৰ ওপৰত প্রায় তিনি হাজাৰ পুৰুষ-মহিলাই চিমচোনে দেখুউৱা ৰং চাই আছিল।
28 サムソンは主に呼ばわって言った、「ああ、主なる神よ、どうぞ、わたしを覚えてください。ああ、神よ、どうぞもう一度、わたしを強くして、わたしの二つの目の一つのためにでもペリシテびとにあだを報いさせてください」。
২৮তেতিয়া চিমচোনে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে প্ৰভু যিহোৱা মই যেন মোৰ চকু দুটাৰ কাৰণে পলেষ্টীয়াসকলৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰোঁ, ইয়াৰ বাবে মোক অনুগ্ৰহ কৰি সোঁৱৰণ কৰা: হে ঈশ্বৰ, এইবাৰ মাথোন মোক বলৱান কৰা।”
29 そしてサムソンは、その家をささえている二つの中柱の一つを右の手に、一つを左の手にかかえて、身をそれに寄せ、
২৯তাতে মাজত থকা স্তম্ভ দুটাৰ ওপৰত ঘৰৰ ভৰ আছিল, চিমচোনে তাৰ এটাক সোঁহাতেৰে, আনটোক বাওঁ-হাতেৰে ধৰি চাপৰি ক’লে “পলেষ্টীয়াহঁতৰ সৈতে মোৰ প্ৰাণ যাওক।”
30 「わたしはペリシテびとと共に死のう」と言って、力をこめて身をかがめると、家はその中にいた君たちと、すべての民の上に倒れた。こうしてサムソンが死ぬときに殺したものは、生きているときに殺したものよりも多かった。
৩০এইবুলি কৈ, নিজৰ সকলো বলেৰে তেওঁ ভৰ দিলে; তেতিয়া সেই ঘৰ, তাৰ ভিতৰত থকা অধিপতি আদি সকলো লোকৰ ওপৰত পৰিল; এইদৰে তেওঁ জীৱনৰ কালত বধ কৰা লোকতকৈ মৰণৰ কালত বধ কৰা লোক অধিক হ’ল।
31 やがて彼の身内の人たちおよび父の家族の者がみな下ってきて、彼を引き取り、携え上って、ゾラとエシタオルの間にある父マノアの墓に葬った。サムソンがイスラエルをさばいたのは二十年であった。
৩১পাছত তেওঁ ভাইসকলৰ লগতে আদি কৰি সকলো পিতৃ-বংশই নামি আহি, তেওঁক লৈ গৈ চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত তেওঁৰ পিতৃ মানোহৰ মৈদামত তেওঁকো মৈদাম দিলে। তেওঁ বিশ বছৰ ইস্ৰায়েলৰ বিচাৰ কৰিছিল।

< 士師記 16 >