< ヨシュア記 4 >

1 民が皆、ヨルダンを渡り終った時、主はヨシュアに言われた、
পাছত সকলো লোকে যেতিয়া যৰ্দ্দনৰ ওপৰেৰে পাৰ হ’ল, তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে,
2 「民のうちから、部族ごとにひとりずつ、合わせて十二人を選び、
“তোমালোকে লোকসকলৰ এক এক ফৈদৰ এজন এজন কৈ ক্ৰমে বাৰ ফৈদৰ পৰা বাৰ জনক লোৱা,
3 彼らに命じて言いなさい、『ヨルダンの中で祭司たちが足を踏みとどめたその所から、石十二を取り、それを携えて渡り、今夜あなたがたが宿る場所にすえなさい』」。
আৰু তেওঁলোকক আজ্ঞা কৰি কোৱা যে, ‘যৰ্দ্দনৰ মাজত, যি ঠাইত পুৰোহিতসকলৰ ভৰি থিৰ হৈ আছে, সেই শুকান ঠাইৰ পৰা বাৰটা শিল তোমালোকে লগত লৈ পাৰলৈ যোৱা আৰু আজি ৰাতি তোমালোকে যি ঠাইত থাকিবা, সেই ঠাইতে সেই শিলকো থ’বা’৷”
4 そこでヨシュアはイスラエルの人々のうちから、部族ごとに、ひとりずつ、かねて定めておいた十二人の者を召し寄せ、
তেতিয়া যিহোচূৱাই বাৰ জন লোকক মাতি আনিলে৷ এই লোককেইজন ইস্ৰায়েলৰ প্ৰত্যেক গোষ্ঠীৰ সন্তান সকলৰ মাজৰ পৰা এজন এজনকৈ যুগুত কৰি থোৱা লোক৷
5 ヨシュアは彼らに言った、「あなたがたの神、主の契約の箱の前に立って行き、ヨルダンの中に進み入り、イスラエルの人々の部族の数にしたがって、おのおの石一つを取り上げ、肩にのせて運びなさい。
যিহোচূৱাই তেওঁলোকক এই কথা ক’লে, “তোমালোকে যৰ্দ্দনৰ মাজলৈ নামি আহা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মুখলৈ যোৱা; তাৰ পৰা ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে প্ৰতিজনে এটা এটা শিল তুলি কান্ধত লৈ যোৱা৷
6 これはあなたがたのうちに、しるしとなるであろう。後の日になって、あなたがたの子どもたちが、『これらの石は、どうしたわけですか』と問うならば、
সেয়ে তোমালোকৰ মাজত চিন হ’ব অৰ্থাৎ যেতিয়া তোমালোকৰ সন্তান সকলে শিলবোৰৰ বিষয়ে ‘তোমালোকে কি বুজা বুলি সুধিব?’
7 その時あなたがたは彼らに、むかしヨルダンの水が、主の契約の箱の前で、せきとめられたこと、すなわちその箱がヨルダンを渡った時、ヨルダンの水が、せきとめられたことを告げなければならない。こうして、それらの石は永久にイスラエルの人々の記念となるであろう」。
তেতিয়া তোমালোকে তেওঁলোকক ক’বা যে, ‘যিহোৱাৰ নিয়ম-চন্দুকৰ আগত যৰ্দ্দনৰ পানী ছিগিছিল আৰু নিয়ম-চন্দুক পাৰ হোৱা কালত যৰ্দ্দনৰ পানী ছিগিছিল। সেয়ে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে এই শিলবোৰ সৰ্ব্বদায় সোঁৱৰণৰ চিন হৈ থাকিব’।”
8 イスラエルの人々はヨシュアが命じたようにし、主がヨシュアに言われたように、イスラエルの人々の部族の数にしたがって、ヨルダンの中から十二の石を取り、それを携えて渡り、彼らの宿る場所へ行って、そこにすえた。
তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যিহোচূৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে৷ যিহোৱাই যিহোচূৱাক যেনেকৈ কৈছিল তেনেকৈ, ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে তেওঁলোকে যৰ্দ্দনৰ মাজৰ পৰা বাৰটা শিল তুলি পাৰলৈ লৈ গ’ল আৰু তেওঁলোকে ৰাতি থকা ঠাইতে শিলবোৰ হ’ল।
9 ヨシュアはまたヨルダンの中で、契約の箱をかく祭司たちが、足を踏みとどめた所に、十二の石を立てたが、今日まで、そこに残っている。
আৰু নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলৰ ভৰি থিৰে থকা ঠাইত, যৰ্দ্দনৰ মাজত যিহোচূৱাই বাৰটা শিল স্থাপন কৰিলে৷ সেই শিল স্মৃতিচিহ্ন হৈ আজিলৈকে সেই ঠাইতে আছে।
10 箱をかく祭司たちは、主がヨシュアに命じて、民に告げさせられた事が、すべて行われてしまうまで、ヨルダンの中に立っていた。すべてモーセがヨシュアに命じたとおりである。民は急いで渡った。
১০যিহোৱাই লোকসকলক যিবোৰ কথা ক’বলৈ আজ্ঞা দিছিল, সেই সকলো কথা মোচিয়ে যিহোচূৱাক পালন কৰিবলৈ কৈছিল৷ পাছত এই কথাবোৰ সিদ্ধ নোহোৱালৈকে নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজত থিয় হৈ ৰৈ আছিল আৰু লোকসকলে বেগাই পাৰ হৈ গৈছিল।
11 民がみな渡り終った時、主の箱と祭司たちとは、民の見る前で渡った。
১১এইদৰে সকলো লোক পাৰ হোৱাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক লৈ পুৰোহিতসকল লোক সকলৰ সাক্ষাতে পাৰ হৈ গ’ল।
12 ルベンの子孫とガドの子孫、およびマナセの部族の半ばは、モーセが彼らに命じていたように武装して、イスラエルの人々に先立って渡り、
১২ৰূবেণৰ ফৈদৰ সন্তানসকল, গাদ ফৈদৰ সন্তানসকল আৰু মনচি ফৈদৰ আধাখিনি লোক মোচিয়ে কোৱাৰ দৰে ৰণলৈ সাজু হৈ ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখেৰে পাৰ হৈ গ’ল৷
13 戦いのために武装したおおよそ四万の者が戦うため、主の前に渡って、エリコの平野に着いた。
১৩যুদ্ধৰ বাবে যুগুত হোৱা প্ৰায় চল্লিশ হাজাৰ লোক যিহোৱাৰ সাক্ষাতে ওলাই গ’ল৷ তেওঁলোকে যিৰীহোৰ সমথললৈ যুদ্ধ কৰিবৰ বাবে পাৰ হৈ গ’ল।
14 この日、主はイスラエルのすべての人の前にヨシュアを尊い者とされたので、彼らはみなモーセを敬ったように、ヨシュアを一生のあいだ敬った。
১৪সেইদিনা যিহোৱাই গোটেই ইস্ৰায়েলৰ সাক্ষাতে যিহোচূৱাক গৌৰৱান্বিত কৰিলে; সেয়েহে ইস্ৰায়েলৰ সন্তান সকলে মোচিক যেনেকৈ সন্মান কৰিছিল, তেনেকৈ তেওঁকো তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকে সন্মান কৰিলে।
15 主はヨシュアに言われた、
১৫পাছত যিহোৱাই যিহোচূৱাক ক’লে,
16 「あかしの箱をかく祭司たちに命じて、ヨルダンから上がってこさせなさい」。
১৬“সাক্ষ্যফলি থকা নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলক যৰ্দ্দনৰ পৰা উঠি আহিবলৈ আদেশ কৰা।”
17 ヨシュアは祭司たちに命じて言った、「ヨルダンから上がってきなさい」。
১৭তেতিয়া যিহোচূৱাই পুৰোহিতসকলক “যৰ্দ্দনৰ পৰা উঠি আহাঁ” বুলি আজ্ঞা দিলে।
18 主の契約の箱をかく祭司たちはヨルダンの中から上がってきたが、祭司たちの足の裏がかわいた地にあがると同時に、ヨルダンの水はもとの所に流れかえって、以前のように、その岸にことごとくあふれた。
১৮তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক কঢ়িয়াই নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজৰ পৰা উঠি আহি শুকান ভূমিত ভৰি দিয়াৰ লগে লগে যৰ্দ্দনৰ পানী নিজ ঠাইলৈ উলটি আহিল আৰু পূৰ্বৰ দৰে গোটেই পাৰ ওফন্দি উঠি বাগৰি গ’ল।
19 民は正月の十日に、ヨルダンから上がってきて、エリコの東の境にあるギルガルに宿営した。
১৯এইদৰে লোকসকলে প্ৰথম মাহৰ দশম দিনত যৰ্দ্দনৰ পাৰৰ পৰা উঠি আহিল আৰু যিৰীহোৰ পূব সীমাত থকা গিলগলত ছাউনি পাতিলে।
20 そしてヨシュアは、人々がヨルダンから取ってきた十二の石をギルガルに立て、
২০পাছত তেওঁলোকে যৰ্দ্দনৰ পৰা লৈ অহা সেই বাৰটা শিল যিহোচূৱাই গিলগলত স্থাপন কৰিলে।
21 イスラエルの人々に言った、「後の日にあなたがたの子どもたちが、その父に『これらの石は、どうしたわけですか』とたずねたならば、
২১তেওঁ ইস্ৰায়েলৰ সন্তান সকলক ক’লে, “আগলৈ তোমালোকৰ সন্তান সকলে নিজ নিজ পিতৃসকলক যদি সোধে, বোলে, ‘এই শিলবোৰ কিহৰ বাবে?’
22 『むかしイスラエルがこのヨルダンを、かわいた地にされて渡ったのだ』と言って、その子どもたちに知らせなければならない。
২২তেতিয়া তোমালোকে নিজ নিজ সন্তান সকলক ক’বা যে, ‘এইবোৰ সেই ঠাইৰ, যেতিয়া ইস্ৰায়েলসকলে শুকান ভূমিয়েদি যৰ্দ্দন পাৰ হৈ আহিছিল’।
23 すなわちあなたがたの神、主はヨルダンの水を、あなたがたのために干しからして、あなたがたを渡らせてくださった。それはあたかも、あなたがたの神、主が、われわれのために紅海を干しからして、われわれを渡らせてくださったのと同じである。
২৩কিয়নো আমি পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই যি চূফ সাগৰক আমাৰ সন্মুখত শুকুৱাইছিল, সেই সাগৰক শুকুৱাৰ দৰে তোমালোক পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগতো যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিছিল,
24 このようにされたのは、地のすべての民に、主の手に力のあることを知らせ、あなたがたの神、主をつねに恐れさせるためである」。
২৪এইদৰে পৃথিবীৰ সকলো জাতিয়ে যেন জানিবলৈ পায় যে, যিহোৱাৰ হাত বলৱান আৰু তোমালোকেও যেন চিৰকাল ঈশ্বৰ যিহোৱাক সন্মান কৰা।”

< ヨシュア記 4 >