< ヨエル書 2 >

1 あなたがたはシオンでラッパを吹け。わが聖なる山で警報を吹きならせ。国の民はみな、ふるいわななけ。主の日が来るからである。それは近い。
তোমালোকে চিয়োনত শিঙা বজোৱা, আৰু মোৰ পবিত্ৰ পৰ্ব্বতখনত সতৰ্ক-ধ্বনি কৰা! দেশ-নিবাসী সকলোৱেই ভয়ত কঁম্পমান হওঁক, কিয়নো যিহোৱাৰ দিন আহি আছে; হয়, সঁচাই সেয়ে ওচৰ পাইছেহি;
2 これは暗く、薄暗い日、雲の群がるまっくらな日である。多くの強い民が暗やみのようにもろもろの山をおおう。このようなことは昔からあったことがなく、後の代々の年にも再び起ることがないであろう。
সেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘেৰে হোৱা অন্ধকাৰৰ দিন। পৰ্ব্বতবোৰৰ ওপৰত ব্যাপি থকা অৰুণ যেন ব্যাপ্ত, মহৎ আৰু যেন পৰাক্ৰমী এক জাতি আহিছে। তাৰ নিচিনা কেতিয়াও হোৱা নাই, আৰু তাৰ পাছত পুনৰ কেতিয়াও নহ’ব, আনকি পুৰুষানুক্ৰমে অনেক বছৰলৈকে পুনৰ নহ’ব।
3 火は彼らの前を焼き、炎は彼らの後に燃える。彼らのこない前には、地はエデンの園のようであるが、その去った後は荒れ果てた野のようになる。これをのがれうるものは一つもない。
তাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে, আৰু তাৰ পাছত অগ্নিশিখা জ্বলিছে। তাৰ আগত দেশখন এদন বাৰীৰ নিচিনা, আৰু তাৰ পাছত ধ্বংস কৰা মৰুভূমিৰ নিচিনা। এনেকি একোৱেই তাৰ পৰা ৰক্ষা নাপায়।
4 そのかたちは馬のかたちのようであり、その走ることは軍馬のようである。
সিহঁতৰ আকৃতি ঘোঁৰাৰ আকৃতিৰ নিচিনা, আৰু সিহঁত অশ্বাৰোহী সকল দৰে যোৱাৰ দৰে বেগেৰে যায়।
5 山の頂でとびおどる音は、戦車のとどろくようである。また刈り株を焼く火の炎の音のようであり、戦いの備えをした強い軍隊のようである。
সিহঁতে জপিওৱা শব্দ পৰ্ব্বতবোৰৰ টিঙত চলা ৰথসমূহৰ শব্দৰ নিচিনা, সিহঁত খোৱা শব্দ নৰা গ্ৰাসকাৰী অগ্নিশিখাৰ শব্দৰ নিচিনা, সিহঁত যুদ্ধলৈ বেহু পতা পৰাক্ৰমী এক জাতিৰ সদৃশ।
6 その前にもろもろの民はなやみ、すべての顔は色を失う。
সিহঁতৰ আগত জাতিবোৰে যাতনা পায়, আৰু সিহঁতৰ আটাইৰে মুখ বিবৰ্ণ হয়।
7 彼らは勇士のように走り、兵士のように城壁によじ登る。彼らはおのおの自分の道を進んで行って、その道を踏みはずさない。
সিহঁতে বীৰসকলৰ দৰে লৰ মাৰে; সিহঁতে যুদ্ধাৰু নিচিনাকৈ গড়ত উঠে; সিহঁতে নিজ নিজ শাৰীত থাকে, আৰু তাক নভঙাকৈ নিজ নিজ পথত যাত্ৰা কৰে।
8 彼らは互におしあわず、おのおのその道を進み行く。彼らは武器の中にとびこんでも、身をそこなわない。
সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে; প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে; সিহঁতে নিৰাপত্তা ব্যৱস্থাত বলপূৰ্বক প্ৰবেশ কৰে, আৰু সিহঁতে পৰিলেও যাত্ৰাপথৰ পৰা বাহিৰ নহয়।
9 彼らは町にとび入り、城壁の上を走り、家々によじ登り、盗びとのように窓からはいる。
সিহঁতে নগৰত ভ্ৰমি ফুৰে, গড়ৰ ওপৰত লৰ মাৰে, উঠি ঘৰৰ ভিতৰত সোমায়, আৰু চোৰৰ দৰে খিড়িকিয়েদি সোমায়।
10 地は彼らの前におののき、天はふるい、日も月も暗くなり、星はその光を失う。
১০সিহঁতৰ আগত পৃথিৱী কঁপে, আকাশ-মণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয়, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে।
11 主はその軍勢の前で声をあげられる。その軍隊は非常に多いからである。そのみ言葉をなし遂げる者は強い。主の日は大いにして、はなはだ恐ろしいゆえ、だれがこれに耐えることができよう。
১১যিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ কন্ঠধ্বনি শুনাইছে, কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক; কাৰণ তেওঁৰ আজ্ঞা পালন কৰোঁতাসকল বলৱান। কিয়নো যিহোৱাৰ দিন মহৎ আৰু অতি ভয়ানক। কোনে তাক সহন কৰিব পাৰে?
12 主は言われる、「今からでも、あなたがたは心をつくし、断食と嘆きと、悲しみとをもってわたしに帰れ。
১২যিহোৱাই কৈছে, “তথাপি এতিয়াও”, “তোমালোকৰ সমস্ত মনেৰে সৈতে মোলৈ ঘূৰা। লঘোন, ক্ৰন্দন আৰু শোক কৰা।”
13 あなたがたは衣服ではなく、心を裂け」。あなたがたの神、主に帰れ。主は恵みあり、あわれみあり、怒ることがおそく、いつくしみが豊かで、災を思いかえされるからである。
১৩আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা। কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।
14 神があるいは立ち返り、思いかえして祝福をその後に残し、素祭と灌祭とをあなたがたの神、主にささげさせられる事はないとだれが知るだろうか。
১৪কোনে জানে? তেওঁ ঘূৰি মন পালটাব পাৰে, আৰু নিজৰ পাছত আশীৰ্ব্বাদ দি যাব পাৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে।
15 シオンでラッパを吹きならせ。断食を聖別し、聖会を召集し、
১৫তোমালোকে চিয়োনত শিঙা বজোৱা, পবিত্ৰ উপবাস নিৰূপণ কৰা, পবিত্র সমাজ গোট খাবলৈ ঘোষণা কৰা।
16 民を集め、会衆を聖別し、老人たちを集め、幼な子、乳のみ子を集め、花婿をその家から呼びだし、花嫁をそのへやから呼びだせ。
১৬লোকসকলক গোটোৱা, সমাজখন পবিত্ৰ কৰা, পৰিচাৰকসকলক গোটোৱা, শিশুসকলক গোটোৱা আৰু পিয়াহ খোৱাসকলক গোটোৱা। দৰা নিজৰ কোঁঠালিৰ পৰা, আৰু কন্যা নিজৰ বিয়াৰ তম্বুৰ পৰা ওলাই আহক।
17 主に仕える祭司たちは、廊と祭壇との間で泣いて言え、「主よ、あなたの民をゆるし、あなたの嗣業をもろもろの国民のうちに、そしりと笑い草にさせないでください。どうしてもろもろの国民に、『彼らの神はどこにいるのか』と言わせてよいでしょうか」。
১৭যিহোৱাৰ পুৰোহিত, পৰিচাৰকসকল, যজ্ঞ-বেদী আৰু বাৰাণ্ডাৰ মাজৰ ঠাইত ক্ৰন্দন কৰক। তেওঁলোকক ক’বলৈ দিয়া, “হে যিহোৱা, তোমাৰ লোকসকলক দয়া কৰা, আৰু তোমাৰ আধিপত্যক ধিক্কাৰৰ বিষয় হ’বলৈ নিদিবা, যাতে তেওঁলোকৰ ওপৰত জাতি সমূহে শাসন কৰিব। কিয় তেওঁলোকে জাতি সমূহৰ মাজত ক’ব, কত তেওঁলোকৰ ঈশ্বৰ?”
18 その時主は自分の地のために、ねたみを起し、その民をあわれまれた。
১৮তেতিয়া যিহোৱা নিজ দেশৰ বাবে উদ্যোগী আৰু নিজ লোকসকললৈ দয়ালু হ’ল।
19 主は答えて、その民に言われた、「見よ、わたしは穀物と新しい酒と油とをあなたがたに送る。あなたがたはこれを食べて飽きるであろう。わたしは重ねてあなたがたにもろもろの国民のうちでそしりを受けさせない。
১৯যিহোৱাই উত্তৰ দি তেওঁৰ লোকসকলক ক’লে: “চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস, আৰু তেল পঠিয়াম। তোমালোক তাৰেই তৃপ্ত হবা, মই পুনৰ জাতি সমূহৰ মাজত তোমালোকক ধিক্কাৰৰ বিষয় নকৰিম।
20 わたしは北から来る者をあなたがたから遠ざけ、これをかわいた荒れ地に追いやり、その前の者を東の海に、その後の者を西の海に追いやる。その臭いにおいは起り、その悪しきにおいは上る。これは大いなる事をしたからである。
২০মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য-সামন্তক দূৰ কৰিম, আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। তাৰ আগ-ভাগ পূৱ সাগৰত, আৰু তাৰ পাছ-ভাগ পশ্চিম সাগৰত পেলাই দিম; তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব। কাৰণ সি মহৎ কাৰ্য কৰিলে।”
21 地よ恐るな、喜び楽しめ、主は大いなる事を行われたからである。
২১হে দেশ ভয় নকৰিবা, উল্লাসিত হৈ আনন্দ কৰা, কিয়নো যিহোৱাই মহৎ কাৰ্য কৰিলে।
22 野のもろもろの獣よ、恐るな。荒野の牧草はもえいで、木はその実を結び、いちじくの木とぶどうの木とは豊かに実る。
২২হে পথাৰৰ পশুবিলাক, ভয় নকৰিবা, কিয়নো মৰুভূমিত থকা চৰণীয়া ঠাইত ঘাঁহ গজিছে, গছে গুটি ধৰিছে, ডিমৰু গছ আৰু দ্ৰাক্ষালতাই নিজ নিজ ফল উৎপন্ন কৰিছে।
23 シオンの子らよ、あなたがたの神、主によって喜び楽しめ。主はあなたがたを義とするために秋の雨を賜い、またあなたがたのために豊かに雨を降らせ、前のように、秋の雨と春の雨とを降らせられる。
২৩হে চিয়োনৰ সন্তানসকল, তোমালোক আনন্দিত হোৱা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাত উল্লাস কৰা; কিয়নো তেওঁ তোমালোকক উচিত পৰিমাণে আগতীয়া বৰষুণ দিছে, আৰু আগৰ দৰে জাকে জাকে আগতীয়া আৰু শেষতীয়া বৰষুণ বৰষাইছে।
24 打ち場は穀物で満ち、石がめは新しい酒と油とであふれる。
২৪মৰণা মৰা খলাবোৰ শস্যৰে পূৰ হ’ব, দ্ৰাক্ষাৰস আৰু তেলেৰে কুণ্ডবোৰ উপচি পৰিব।
25 わたしがあなたがたに送った大軍、すなわち群がるいなご、とびいなご、滅ぼすいなご、かみ食らういなごの食った年をわたしはあなたがたに償う。
২৫“আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্যসামন্তই, কাকতী ফৰিং, চেলেকা ফৰিং, বিনাশকাৰী ফৰিং, আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰায় তোমালোকক দিম।
26 あなたがたは、じゅうぶん食べて飽き、あなたがたに不思議なわざをなされたあなたがたの神、主のみ名をほめたたえる。わが民は永遠にはずかしめられることがない。
২৬তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হবা, যিহোৱাৰ নাম প্ৰশংসা কৰিবা, আৰু তোমালোকলৈ আচৰিতৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ, মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব।
27 あなたがたはイスラエルのうちにわたしのいることを知り、主なるわたしがあなたがたの神であって、ほかにないことを知る。わが民は永遠にはずかしめられることがない。
২৭তেতিয়া মই যে ইস্ৰায়েলৰ মাজত আছোঁ, মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, আৰু আন কোনো যে নাই, তাক তোমালোকে জানিবা; মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব।
28 その後わたしはわが霊をすべての肉なる者に注ぐ。あなたがたのむすこ、娘は預言をし、あなたがたの老人たちは夢を見、あなたがたの若者たちは幻を見る。
২৮তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।
29 その日わたしはまたわが霊をしもべ、はしために注ぐ。
২৯আৰু দাস-দাসীসকলৰ ওপৰতো সেই কালত মোৰ আত্মা বাকি দিম।
30 わたしはまた、天と地とにしるしを示す。すなわち血と、火と、煙の柱とがあるであろう。
৩০মই তেজ, অগ্নি, ধূঁৱাস্তম্ভৰে আকাশ-মণ্ডল আৰু পৃথিৱীত অদ্ভুত লক্ষণ দেখুৱাম।
31 主の大いなる恐るべき日が来る前に、日は暗く、月は血に変る。
৩১যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে সূৰ্য অন্ধকাৰত পৰিণত হ’ব, আৰু চন্দ্ৰ তেজলৈ পৰিৱৰ্তন হ’ব।
32 すべて主の名を呼ぶ者は救われる。それは主が言われたように、シオンの山とエルサレムとに、のがれる者があるからである。その残った者のうちに、主のお召しになる者がある。
৩২যিকোনোৱে যিহোৱাৰ নাম ল’ব, তেওঁ উদ্ধাৰ পাব। কিয়নো যিহোৱাই এইদৰে কৈছে, ‘পৰিত্ৰাণ আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা পৰিত্ৰাণ পোৱা আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা যিহোৱাই যিসকলক আহ্বান কৰিলে।

< ヨエル書 2 >